SCERT Class 5 Assamese। Chapter 14 । সৰু ছোৱালী আৰু পখী । Short Question Answer

Chapter 14

সৰু ছোৱালী আৰু পখী

১/ সৰু ছোৱালীয়ে কি কি দিম বুলি পখীক মাটিছিলে ? 

উত্তৰঃ ফুল দিম কোঁচ ভৰি খুৱাম উদৰ পুৰি, সাজি দিম সোণোৱালী বাহ আহ পখী আহ পখী বুলি মাটিছিল ।

২/ পাঠটিত পখী শব্দ কেইতা আছে ? 

উত্তৰঃ ১১ টা শব্দ আছে । 

৩/ পদ্য়টোত ছন্দ মিলাবৰ বাবে ‘গা’ শব্দ সলনি কি শব্দ দিছে ? 

উত্তৰঃ ‘গাহ’ শব্দৰ ৰূপ দিছে । 

৪/ সৰু ছোৱালীয়ে পখীক কি বুলি কৈছিল ?

উত্তৰঃ গীত গাবি সুললিত শুনি হম হৰষিত ওচৰতে আছে এটি বাহ আহ পখী ততালিকে আহ । 

৫/ সৰু ছোৱালীয়ে পখীক কিয় দেখিলেই চাই ৰওঁ বুলি কৈছে ? 

উত্তৰঃ কাৰণ সৰু ছোৱালীয়ে পখীক ভাল পাই সেইকাৰনে দেখিলেই চাই ৰওঁ বুলি কৈছে ।

৬/ সৰু ছোৱালীয়ে পখীৰ লগত কি কৰিম বুলি কৈছিল ?

উত্তৰঃ পকা পকা ফল দিম তোৰ সতে ওমলিম, পাবি ৰং আহ পখী আহপখী  বুলি কৈছিল । 

৭/ পখীক কিহেৰে বাহ সাজি দিম বুলি কৈছিল ? 

উত্তৰঃ সোণেৰে সাজি দিম বুলি কৈছিল । 

৮/ সৰু ছোৱালীয়ে পখীক কেনেকৈ আহ বুলি  কৈছিল ?    

উত্তৰঃ গছে-বনে থাকি কিনো গাহ, আহ পখী আহ, ওকেচিপে আহ । 

৯/ সৰু ছোৱালীয়ে পখীক কি গাবলৈ মাটিছিল ? 

উত্তৰঃ গীত গাবলৈ মাটিছিল । 

১০/ কবিতাতিৰ কবি কোন ?

উত্তৰঃ কবি- ভৈৰৱ চন্দ্ৰ খাটনিয়াৰ ।  

Type – Boby Bora