SCERT Class 8 General Science। Chapter 2 । অণুজীৱঃ মিত্ৰ আৰু শত্ৰু । Short Question Answer

Chapter 2

অণুজীৱঃ মিত্ৰ আৰু শত্ৰু

(১) অণুজীৱ কাক বোলে ?

উত্তৰঃ সাধাৰণতে চকুৰে মনিব নোৱাৰা আন কিছুমান জীৱ আমাৰ চাৰিওফালে আছে এইবোৰক অণুজীৱ বোলে।

(২) অণুজীৱবোৰক কেইটা ভাগত ভগাব পাৰি আৰু কি কি ?

উত্তৰঃ অণুজীৱবোৰক চাৰিটা ভাগত ভগাব পাৰি সেয়া হ’ল (i) বেক্টেৰিয়া (ii) ভেঁকুৰ (iii) প্ৰট’জ’ৱা আৰু (vi) শেলাই।

(৩) ভাইৰাছবোৰক কিহৰ দ্বাৰা দেখা পোৱা যায় ?

উত্তৰঃ ভাইৰাছবোৰক অণুবীক্ষণ যন্ত্ৰৰ দ্বাৰা দেখা পোৱা যায়।

(৪) চেনি সুৰালৈ ৰূপান্তৰিত কৰা প্ৰক্ৰিয়াটোক কি বোলে ?

উত্তৰঃ চেনি সুৰালৈ ৰূপান্তৰিত কৰা প্ৰক্ৰিয়াটোক কণ্বন বোলে।

(৫) এডাৱাৰ্ড জেনাৰে ১৭৯৮ চনত কি আৱিষ্কাৰ কৰিছিল ?

উত্তৰঃ এডাৱাৰ্ড জেনাৰে ১৭৯৮ চনত বসন্তৰ প্ৰতিবোধ ছিটা আৱিষ্কাৰ কৰিছিল ।

(৬) বাৰিষা দিনত পাউৰুটিবোৰ কি হয় ?

উত্তৰঃ বাৰিষা দিনত পাউৰুটিবোৰ নষ্ট  হয় ।

(৭) ঈষৎ ছাই বৰণীয়া কি আৱৰি থাকে?

উত্তৰঃ ঈষৎ ছাই বৰণীয়া চামনি আৱৰি থাকে। আৱৰি থাকে?

(৮) অণুজীৱবোৰ লৰচৰ কৰি______?

উত্তৰঃ অণুজীৱবোৰ লৰচৰ কৰি থাকে।

(৯) পানী আৰু মাটিত কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ কি থাকে?

উত্তৰঃ পানী আৰু মাটিত কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱ থাকে।

(১০) অণুজীৱবোৰ কেইটা শ্ৰেণীত ভাগ কৰা হৈছে ?

উত্তৰঃ অণুজীৱবোৰ চাৰিটা শ্ৰেণীত ভাগ কৰা হৈছে।

(১১) অণুজীৱ সমূহ এককোষী হ’ব ________?

উত্তৰঃ অণুজীৱ সমূহ এককোষী হ’ব পাৰে।

(১২) কিহৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয় ?

উত্তৰঃ ইষ্ট সহায়ত সুৰা প্ৰস্তুত কৰা হয়।

(১৩) কিহৰ দ্বাৰা কলেৰা হয় ?

উত্তৰঃ বেক্টেৰিয়া দ্বাৰা কলেৰা হয়।

(১৪) পৃথিৱীত অক্সিজেন গেছৰ পৰিমান কিমান শতাংশ ?  

উত্তৰঃ পৃথিৱীত অক্সিজেন গেছৰ পৰিমান ২১ শতাংশ।

(১৫) বায়ুমণ্ডলত নাইট্ৰ’জেন গেছৰ পৰিমান কিমান শতাংশ ?

উত্তৰঃ বায়ুমণ্ডলত নাইট্ৰ’জেন গেছৰ পৰিমান ৭৮ শতাংশ।

(১৬) শ্বাস প্ৰশ্বাসত কি গেছ উৎপন্ন হয় ?

উত্তৰঃ শ্বাস প্ৰশ্বাসতকাৰ্বন-ডাই-অক্সাইড গেছ উৎপন্ন হয়।

(১৭) আচাৰ নষ্ট নোহোৱাকৈ কি ব্য়ৱহাৰ কৰা হয় ?

উত্তৰঃ আচাৰ নষ্ট নোহোৱাকৈ ভিনেগাৰ ব্য়ৱহাৰ কৰা হয়।

(১৮) গাখীৰক দৈ হোৱাত কিহেৰে সহায় কৰে?

উত্তৰঃ গাখীৰক দৈ হোৱাত লেক্ট’বেছিলাছ সহায় কৰে।

(১৯) বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইড গেছৰ পৰিমান কিমান শতাংশ আছে ?

উত্তৰঃ বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইড গেছৰ পৰিমান ০.০৪% শতাংশ আছে।

(২০) উদ্ভিদত হোৱা ৰোগৰ অন্যতম কাৰক কি ?

উত্তৰঃ উদ্ভিদত হোৱা ৰোগৰ অন্যতম কাৰক হ’ল অণুজীৱ।

(২১) ৰাসায়নিক দ্ৰব্য বোৰে  অণুজীৱসমূহক কেনেদৰে  প্ৰতিৰোধ কৰিব পাৰে ?

উত্তৰঃ ৰাসায়নিক দ্ৰব্য বোৰে  অণুজীৱসমূহক ধ্বংস কৰি  প্ৰতিৰোধ কৰিব পাৰে।

(২২) অণুজীৱই আমাৰ খাদ্য  কি  কৰে ?

উত্তৰঃ অণুজীৱই আমাৰ খাদ্য নষ্ট কৰে। 

(২৩) ৰোগকাৰক বুলিলে কি বুজা ?

উত্তৰঃ কিছুমান অণুজীৱই মানুহ, উদ্ভিদ আৰু প্ৰাণীৰ ৰোগ সৃষ্টি কৰে । এনে ৰোগকাৰী অণুজীৱসমূহক ৰোগকাৰক বুলি কোৱা হয়।

(২৪) সংক্ৰামক ৰোগ কাক বোলে ?

উত্তৰঃ অণুজীৱৰ পৰা হোৱা ৰোগসমূহ বায়ু, পানী, আহাৰ বা ইজন সিজনৰ সংস্পৰ্শৰ দ্বাৰা ৰুগীয়া লোকৰ পৰা সুস্থ লোকলৈ বিয়পে বাবে ইহঁতক সংক্ৰামক ৰোগ বোলা হয়।

(২৫) সংক্ৰামক ৰোগৰ দুটা উদাহৰণ দিয়া ?

উত্তৰঃ সংক্ৰামক ৰোগৰ দুটা উদাহৰণ হ’ল  কলেৰা, চৰ্দি।

(২৬) ৰোগকাৰী অণুজীৱৰ বাহক এবিধৰ নাম লিখা ?

উত্তৰঃ ৰোগকাৰী অণুজীৱৰ বাহক এবিধৰ নাম হল মাখি।

(২৭) আন এবিধ বাহকৰ নাম কি ?

উত্তৰঃ আন এবিধ বাহকৰ নাম হল মাইকী এন’ফিলিছ মহ।

(২৮) ডেংগু ভাইৰাছৰ বাহক কি ?

উত্তৰঃ ডেংগু ভাইৰাছৰ বাহক হল মাইকী এইডিছ মহ।

(২৯) বেক্টেৰিয়াৰ দ্বাৰা মানুহ আৰু গৰু উভয়ৰে কি নামৰ এবিধ ৰোগ হয়।

উত্তৰঃ বেক্টেৰিয়াৰ দ্বাৰা মানুহ আৰু গৰু উভয়ৰে এনথ্ৰাক্স নামৰ এবিধ ৰোগ হয়।

(৩০) গৰু-ম’হৰ কি ৰোগ ভাইৰাছৰ দ্বাৰা হয়?

উত্তৰঃ গৰু-ম’হৰ চবকা ৰোগ ভাইৰাছৰ দ্বাৰা হয়।