SVN Class 3 Social Science। Chapter 7। আমাৰ ৰাজ্য় অসম । Question Answer |

Chapter 7

আমাৰ ৰাজ্য় অসম

১। অসমৰ মানচিত্ৰখন ভালদৰে অধ্য়য়ন কৰি চাৰিসীমা লিখা।

উত্তৰঃ অসমৰ চাৰিসীমা হৈছে- পূবে অৰুণাচল, নাগালেণ্ড আৰু মণিপুৰ; পশ্চিমে পশ্চিমবংগ আৰু বাংলাদেশ; উত্তৰে ভূটান আৰু অৰুণাচল প্ৰদেশ আৰু দক্ষিণে মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰা।

২। তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা- 

(ক) তুমি বাস কৰা জিলাখনৰ নাম লিখা ?

উত্তৰঃ মই বাস কৰা জিলাখনৰ নাম- মৰিগাঁও।

(খ) অসমৰ প্ৰধান নদী কি কি?

উত্তৰঃ অসমৰ প্ৰধান নদী হৈছে- বৰাক আৰু ব্ৰক্ষ্মপুত্ৰ।

(গ) ‘কামৰূপ’ নামটোৰ উৎপত্তি কেনেকৈ হ’ল?

উত্তৰঃ প্ৰবাীদ মতে মহাদেৱৰ ক্ৰোধত কামদেৱ ভষ্মীভূত হৈছিল। কামদেৱৰ পত্নী ৰতি দেৱীৰ স্তুতিত সন্তুষ্ট হৈ মহাদেৱে এই ৰাজ্য়তে কামদেৱক পুনৰ জীৱন দান দিছিল। তেতিয়াৰ পৰাই কামৰূপ নামটোৰ উৎপত্তি হয়।

(ঘ) ব্ৰক্ষ্মপুত্ৰৰ কেইখনমান উপনৈৰ নাম লিখা।

উত্তৰঃ ব্ৰক্ষ্মপুত্ৰৰ কেইখনমান উপনৈৰ নাম হ’ল- সোৱনশিৰী, দুধনৈ, দিচাং, দিখৌ, কপিলী, ভোগদৈ, মানাহ, পুঠিমাৰী, বৰনদী, দিক্ৰং, ৰঙানদী, আই, গদাধৰ আদি।

(ঙ) অহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল?

উত্তৰঃ আহোমসকলে অসমত প্ৰায় ছয়শ বছৰ ৰাজত্ব কৰিছিল।

৩। শুদ্ধ উত্তৰত ‘√’ চিন দিয়া-

(ক) অসম ভাৰতৰ উত্তৰ-পশ্চিমৰ/উত্তৰ-দক্ষিণ/উত্তৰ-পূব কোণত অৱস্তিত ।

উত্তৰঃ উত্তৰ-পূব কোণত । 

(খ) অসমৰ মুঠ জিলা ২৭/২৯/৩৩ খন ।

উত্তৰঃ ৩৩ খন।

(গ) মহাদেৱে নৰকাসুৰ / কামদেৱ / ৰতিদেৱীক ভষ্মীভূত কৰিছিল ।

উত্তৰঃ কামদেৱক।

(ঘ) ভাৰতৰ ভিতৰত অসমত চাহপাত/ধান বেছি উৎপন্ন হয়।

উত্তৰঃ চাহপাত।

(ঙ) বৰাক উপত্য়কাত ৩/৫ খন জিলা আছে।

উত্তৰঃ ৩ খন।

৪। অসমৰ তিনিবিধ খনিজ সম্পদৰ নাম লিখা।

উত্তৰঃ অসমৰ তিনিবিধ খনিজ সম্পদৰ নাম হ ‘ল- খাৰুৱা তেল, প্ৰাকৃতিক গেছ আৰু কয়লা।

৫। অসমৰ তিনিবিধ বনজ সম্পদৰ নাম লিখা।

উত্তৰঃ অসমৰ তিনিবিধ বনজ সম্পদ হৈছে- শাল, চেগুণ আৰু গমাৰি।

৬। অসমৰ শিল্পজাত সামগ্ৰী তিনিবিধৰ নাম লিখা।

উত্তৰঃ অসমৰ শিল্পজাত সামগ্ৰী তিনিবিধ হৈছে- কাঁহ-পিতল, বাহ-বেত আৰু কাঠ।

৭। বৰাক নদী ক’ত আছে? ইয়াৰ তিনিখন উপনৈৰ নাম লিখা।

উত্তৰঃ বৰাক নদী কাছাৰ জিলাৰ মাজেদি বৈ গৈছে। ইয়াৰ তিনিখন উপনৈ হৈছে- সোণাই, জিৰি আৰু কুশিয়াৰা।

৮। অসমৰ প্ৰধান অভয়াৰণ্য় দুখন কি কি?

উত্তৰঃ অসমৰ প্ৰধান দুখন অভয়াৰণ্য় হৈছে – মৰিগাঁও জিলাৰ পবিতৰা অভয়াৰণ্য় আৰু দৰং জিলাৰ ওৰাং অভয়াৰণ্য়।

Type – Boby Bora