SVN Class 4 Social Science Chapter 11 ভাৰতৰ সংস্কাৰ আন্দোলন । Short Question Answer

Chapter 11

ভাৰতৰ সংস্কাৰ আন্দোলন

১। ব্ৰিটিছ শাসনৰ সময়ত ভাৰতৰ সমাজ ব্য়ৱস্থাত নানাধৰণৰ কি প্ৰচলন আছিল ?

উত্তৰঃ  ব্ৰিটিছ শাসনৰ সময়ত ভাৰতৰ সমাজ ব্য়ৱস্থাত নানাধৰণৰ কু-প্ৰথাৰ প্ৰচলন আছিল।

২। কিমান চনত ৰাজা ৰামমোহন ৰায়ে ব্ৰাহ্ম সমাজ স্থাপন কৰিছিল ?

উত্তৰঃ ১৮২৮ চনত ৰাজা ৰামমোহন ৰায়ে ব্ৰাহ্ম সমাজ স্থাপন কৰিছিল ।

৩। কিমান চনত মহাৰাষ্ট্ৰৰ পুণে চহৰত পোন প্ৰথমবাৰৰ বাবে মহিলাৰ কাৰণে পৃথক বিদ্য়ালয় স্থাপন কৰিছিল ?

উত্তৰঃ ১৯১৬ চনত মহাৰাষ্ট্ৰৰ পুণে চহৰত পোন প্ৰথমবাৰৰ বাবে মহিলাৰ কাৰণে পৃথক বিদ্য়ালয় স্থাপন কৰিছিল ।

৪। কিমান চনত কেশৱ চন্দ্ৰ সেনৰ আহোপুৰুষাৰ্থৰ ফলত মহাৰাষ্ট্ৰত প্ৰাৰ্থনা সমাজ গঠন কৰিছিল ?

উত্তৰঃ ১৮৬৭ চনত কেশৱ চন্দ্ৰ সেনৰ আহোপুৰুষাৰ্থৰ ফলত মহাৰাষ্ট্ৰত প্ৰাৰ্থনা সমাজ গঠন কৰিছিল।

৫। প্ৰাৰ্থনা সমাজৰ মুখ্য় পৃষ্ঠপোষকত কোন কোন আছিল ?

উত্তৰঃ প্ৰাৰ্থনা সমাজৰ মুখ্য় পৃষ্ঠপোষকত ৰামকৃষ্ণ গোপাল ভাণ্ডাৰকাৰ আৰু মহাদেৱ গোৱিন্দ ৰাণাডে আছিল ।

৬। কাৰ  চেষ্টাত আৰ্য সমাজ স্থাপন কৰা হৈছিল ?

উত্তৰঃ স্বামী দয়ানন্দ সৰস্বতীৰ চেষ্টাত আৰ্য সমাজ স্থাপন কৰা হৈছিল ।

৭। কোনে অহিন্দুসকলক হিন্দু ধৰ্ম গ্ৰহণ কৰিবলৈ অনুমতি দিছিল?

উত্তৰঃ আৰ্য সমাজে অহিন্দুসকলক হিন্দু ধৰ্ম গ্ৰহণ কৰিবলৈ অনুমতি দিছিল।

৮। দয়ানন্দ সৰস্বতীৰ সংস্কৃতৰ কি আছিল ?

উত্তৰঃ দয়ানন্দ সৰস্বতীৰ সংস্কৃতৰ এগৰাকী বিদগ্ধ পণ্ডিত আছিল।

৯। কিমান চনত স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন স্থাপন কৰিছিল ?

উত্তৰঃ ১৮৯৬ চনত স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন স্থাপন কৰিছিল ।

১০। কিহৰ ভিত্তিত মানুহৰ মাজত কোনো ধৰণৰ ভেদাভেদ থকা উচিত নহয় ?

উত্তৰঃ ধৰ্মৰ ভিত্তিত মানুহৰ মাজত কোনো ধৰণৰ ভেদাভেদ থকা উচিত নহয় ।

Type – Boby Bora