SVN Class 5 Assamese Book। Chapter 23। ভোগালী বিহু । MCQ Question Answer।

 Chapter 23

ভোগালী বিহু

১) দন্দ অৰ্থ কি ?

1) কাজিয়া

2) খৰিয়াল

3) ওপৰৰ দুয়োটায়ে হয়

Ans: ওপৰৰ দুয়োটায়ে হয়

২) দুনাই অৰ্থ কি ?

1) পুনৰায়

2) পীড়িত

3) ইয়াৰ পৰা এটাও নহয়

Ans: পুনৰায়

৩। মে়জি কেতিয়া জ্বলোৱা হয় ?

1) ৰাতি

2) সন্ধিয়া

3) ৰাতিপুৱা

Ans: ৰাতিপুৱা

৪। ভোগালী বিহুক কি  বিহু বুলি কোৱা হয় ?

1) মাঘৰ বিহু

2) কাতি বিহু

3) বহাগ বিহু

Ans: মাঘৰ বিহু

৫। ভোগালী বিহু কবিতাটোৰ কবিজনৰ নাম কি ?

1) দেৱকান্ত বৰুৱা

2) শৈলধৰ ৰাজখোৱা

3) ইয়াৰ পৰা এটাও নহয়

Ans: শৈলধৰ ৰাজখোৱা

৬। বিহু মই বৰ ভাল পাঁও এই কথাষাৰ কোনে কৈছে ?

1) কবিয়ে

2) শৈলধৰে

3) ইয়াৰ পৰা এটাও নহয়

Ans: কবিয়ে

৭। বিহুৰ দিনা কবিয়ে কাক কাক সেৱা  কৰিব ?

1) আইতা, দেউতাক আৰু মাক

2) চাৰ-বাইদেউক

3) ইয়াৰ পৰা এটাও নহয়

Ans: আইতা, দেউতাক আৰু মাক

৮। কাতৰ মানে কি ?

1) দুখিত

2) অভিমান

3) ইয়াৰ পৰা এটাও নহয়

Ans: দুখিত

৯। ঠেহপেচ অৰ্থ কি ?

1) খং কৰি থকা

2) পীড়িত

3) ইয়াৰ পৰা এটাও নহয়

Ans: খং কৰি থকা

১০।  দুনাই শব্দৰ অৰ্থ কি ?

1) আকৌ

2) পুনৰায়

3) ওপৰৰ দুয়োটায়ে হয়

Ans: ওপৰৰ দুয়োটায়ে হয়

১১।  তলৰ ছবিখনত কিহৰ দৃশ্য প্ৰতিফলিত হৈছে ?

1) ৰঙালী বিহু

2) কঙালী বিহু

3) ভোগালী বিহু

Ans: ভোগালী বিহু

১২। ভোগালী বিহু কেতিয়া আহে ?

1) মাঘৰ শেষত

2) পুহৰ শেষত

3) বহাগৰ শেষত

Ans: পুহৰ শেষত

১৩। কবিয়ে ক’ত থাপনা পাতিম বুলি কবিতাটোত উল্লেখ কৰিছে ?

1) মেজিৰ কাষত

2) ঘৰৰ থানত

3) এটাও নহয়

Ans: মেজিৰ কাষত

১৪। কবিয়ে হৰিনাম গাই কি কৰিব বিচাৰিছে ?

1) মাহপ্ৰসাদ বিলাব বিচাৰিছে

2) থাপনা পাতিব বিচাৰিছে

3) জুই দিব বিচাৰিছে

Ans: জুই দিব বিচাৰিছে

১৫। তলৰ ছবিখনে কি বুজাইছে ?

1) ডাঙৰক সেৱা কৰা

2) সৰুক মৰম কৰা

3) এটাও নহয়

Ans: ডাঙৰক সেৱা কৰা

১৬। বাইদেউৱে যদি বিহুৰ দিনা কেতেৰা মাতেৰে মাতে তেনেহ’লে কোন বেজাৰত তলমুৱা হ’ব ?

1) দেইতা

2) আইতা

3) মা

Ans: আইতা 

১৭। কেটেৰা শব্দৰ অৰ্থ কি ?

1) দুখ

2) দুখ দিয়াকৈ গালি

3) পীড়িত

Ans: দুখ দিয়াকৈ গালি

১৮। বিহুৰ দিনা কবিয়ে বায়েকক কি খুজিব ?

1) গামোচা

2) পিঠা-পনা

3) ওপৰৰ দুয়োটা

 Ans: গামোচা

১৯। ________ পুৱা ।

1) শীতল

2) কোমল

3) নিচেই

Ans: নিচেই

২০। _______ মন ।

1) কোমল

2) মুকলি

3) সুন্দৰ

Ans: মুকলি

Type – Boby Bora