SVN Class 5 Science। Chapter 2।  সংক্ৰামক ৰোগ আৰু ইয়াৰ প্ৰতিৰোধ । Short Question Answer

 Chapter 2

সংক্ৰামক ৰোগ আৰু ইয়াৰ প্ৰতিৰোধ

১. আচাৰ্যই ক্ষতি কৰা কাৰণ সুধুতে ৰামে কি উত্তৰ দিলে ?

উত্তৰ :- আচাৰ্যই ক্ষতি কৰা কাৰণ সুধুতে ৰামে ক’লে মেলেৰিয়া ৰোগ ভুগিছিল ।

২. মেলেৰিয়া এবিধ কি ?

উত্তৰ :- মেলেৰিয়া এবিধ সংক্ৰামক ৰোগ ।

৩. মেলেৰিয়া ৰোগ কাৰ দ্বাৰা বিয়পে ?

উত্তৰ :- মেলেৰিয়া ৰোগ মহৰ দ্বাৰা বিয়পে ।

৪. মেলেৰিয়া বিয়পা মহটোৰ নাম কি ?

উত্তৰ :- মেলেৰিয়া বিয়পা মহটোৰ নাম এন’ফিলিছ ।

৫.  সংক্ৰামক ৰোগ কাক বোলে ? 

উত্তৰ :- ৰোগত আক্ৰান্ত ব্য়ক্তিৰ সংস্পৰ্শত থাকিলে সুস্থ ব্য়ক্তিও  সেই ৰোগত ভুগিব পাৰে

তাকে সংক্ৰামক ৰোগ বোলে ।

৬. সংক্ৰামক ৰোগৰ দুটা উদাহৰণ দিয়া ?

উত্তৰ :- সংক্ৰামক ৰোগৰ উদাহৰণ হ’ল কলেৰা, ডিছেন্ট্ৰী আদি ।

৭. মহৰ শৰীৰৰটো কেইটা ভাগত ভগাব পাৰি আৰু কি কি ?

উত্তৰ :- মহৰ শৰীৰৰটো তিনিটা ভাগত ভগাব পাৰি মুৰ, বুকু, উদৰ ।

৮. মহৰ মূৰৰ সন্মুখৰফালে কি আছে ?

উত্তৰ :- মহৰ মূৰৰ সন্মুখৰফালে মুখ আছে ।

৯. মুখৰ ওপৰত কি আছে ?

উত্তৰ :- মুখৰ ওপৰত দুটা চকু আছে ।

১০. মূৰত এডাল দীঘল নলী আছে তাক কি বোলে ?

উত্তৰ :- মূৰত এডাল দীঘল নলী আছে তাক শুং ।

১১. মহে শুং ডালৰ সহায়ত কি কৰে ?

উত্তৰ :- মহে শুং ডালৰ সহায়ত মানুহৰ পৰা তেজ শুহিঁ খায়।

১২. মহৰ বুকুত কেইযোৰ ঠেং আছে ?

উত্তৰ :- মহৰ বুকুত তিনিযোৰ ঠেং আছে ।

১৩. মহে উৰোতে কিহৰ গুণগুণ শব্দ হয় ?

উত্তৰ :- মহে উৰোতে বতাহত পাখি দুখন লাগি গুণগুণ শব্দ হয় ।

১৪. এজনী মাইকী মহে এবাৰত কি পৰ্যন্ত কণী পাৰিব পাৰে ?

উত্তৰ :- এজনী মাইকী মহে এবাৰত দুশৰ কৰা তিনিশ পৰ্যন্ত কণী পাৰিব পাৰে ।

১৫. মহে ক’ত কণী পাৰে ?

উত্তৰ :- মহে কানীৰ ওপৰত কণী পাৰে ।

১৬. মহে কণী পাৰা পিছত কণীৰ পৰা কি হয় ?

উত্তৰ :- মহে কণী পাৰা পিছত কণীৰ পৰা পলু হয় ।

১৭. পলু ক্ৰমশঃ কি হয় ?

উত্তৰ :- পলু ক্ৰমশঃ লেটালৈ পৰিৱৰ্তন হয় ।

১৮. লেটাৰ পৰা কি সৃষ্টি হয় ?

উত্তৰ :- লেটাৰ পৰা পূৰ্ণ মহৰ সৃষ্টি হয় ।

১৯. এটা কণীৰ পৰা মহ হব’লৈ কিমান কিন সময় লাগে ?

উত্তৰ :- এটা কণীৰ পৰা মহ হব’লৈ সাতৰ পৰা দহ দিন লাগে ।

২০. মহৰ জীৱনকাল কিমান দিন ?

উত্তৰ :- মহৰ জীৱনকাল দুই সপ্তাহ ।

Type – Boby Bora