SVN Class 6 Social Science। Chapter 3। পৃথিৱীৰ গতি । Short Question Answer

 Chapter 3

পৃথিৱীৰ গতি

১) আহ্নিক গতি কাক বোলে?

উত্তৰঃ পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত নিৰ্ভৰ কৰি পশ্চিমৰপৰা পূবলৈ ঘূৰাকে আহ্নিক গতি বোলে।

২) অপসূৰ কাক বোলে?

উত্তৰঃ পৃথিৱীয়ে পৰিভ্ৰমণ কৰোঁতে ৪ জুলাই তাৰিখে সূৰ্যৰপৰা আটাইতকৈ দূৰলৈ যায়। তেতিয়া সূৰ্য আৰু পৃথিৱীৰ মাজৰ দূৰত্ব হয় ১৫২ নিযুত কিলোমিটাৰ। এই দূৰত্বক অপসূৰ বুলি কোৱা হয়।

৩) জলবিষুৱ বুলি কাক কোৱা হয়?

উত্তৰঃ) ২৩ ছেপ্তেম্বৰৰ দিনটোক জলবিষুৱ বুলি কোৱা হয়।

৪) ২১ ডিচেম্বৰৰ দিনা দক্ষিণ গোলাৰ্ধত কি হয়?

উত্তৰঃ ২১ ডিচেম্বৰৰ দিনা দক্ষিণ গোলাৰ্ধত দিন আটাইতকৈ চুটি ্ৰআৰু ৰাতি আটাইতকৈ দীঘল হয়।

৫) বাৰ্ষিক গতি কাক বোলে?

উত্তৰঃ পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে নিজ কক্ষপথেৰে এক নিৰ্দিষ্ট গতিত ৩৬৫ দিন আৰু প্ৰায় ৬ ঘন্টাত এফাক ঘূৰাকে বাৰ্ষিক গতি বোলে।

৬) ২১ মাৰ্চৰ পিছত উত্তৰ গোলাৰ্ধ ক’লৈ আহে?

উত্তৰঃ ২১ মাৰ্চৰ পাছত উত্তৰ গোলাৰ্ধ সূৰ্যৰ কাষলৈ আহে।

৭) পৃথিয়ীৱে আৱৰ্তন আৰু পৰিভ্ৰমণ কৰোঁতে কিমান ডিগ্ৰী কোণত হেলনীয়াকৈ কৰে?

উত্তৰঃ পৃথিৱীয়ে আৱৰ্তন আৰু পৰিভ্ৰমণ কৰোঁতে চাৰে ৬৬ কোণত হেলনীয়াকৈ কৰে।

৮) মকৰ সংক্ৰান্তি বুলি কোনটো তাৰিখক কোৱা হয়?

উত্তৰঃ ২২ ডিচেম্বৰ তাৰিখটোক মকৰ সংক্ৰান্তি বুলি কোৱা হয়।

৯) ২০১৩ বৰ্ষটো অধিবৰ্ষ নোহোৱা কাৰণ কি?

উত্তৰঃ ২০১৩ চনটো অধিবৰ্ষ নহয়, কাৰণ ইয়াক চাৰিৰে ভাগ কৰাৰ পিছত ভাগশেষ ১ থাকি যায়। .

১০) মহাবিষুৱ বুলি কাক কোৱা হয়?

উত্তৰঃ ২১ মাৰ্চৰ দিনটোক মহাবিষূৱ বুলি কোৱা হয়।

১১) ৪ জুলাইৰ অপসূৰ কিমান?

উত্তৰঃ  ৪ জুলাইৰ অফসূৰ হ’ল সূৰ্য আৰু পৃথিৱীৰ মাজৰ আটাইতকৈ বেছি দূৰত্ব।

১২) কিমান দিনৰ মূৰে মূৰে অধিবৰ্ষ বা লিপ্ইয়েৰ হয়?

উত্তৰঃ প্ৰতি চাৰি বছৰৰ মূৰে মূৰে অধিবৰ্ষ বা লিপ্ইয়েৰ হয়।

১৩) কৰ্কট সংক্ৰান্তি বুলি কোনটো দিনক কোৱা হয়?

উত্তৰঃ কৰ্কট সংক্ৰান্তি বুলি ২১ জুন দিনটোক কোৱা হয়।

১৪) পৃথিৱীয়ে পৰিভ্ৰমণ কৰোঁতে ৪ জুলাই তাৰিখে কি হয়?

উত্তৰঃ পৃথিৱীয়ে পৰিভ্ৰমণ কৰোঁতে ৪ জুলাই তাৰিখে সূৰ্যৰপৰা আটাইতকৈ দূৰলৈ যায়।

১৫) আলোক বলয় বুলি কাক কোৱা হয়?

উত্তৰঃ পৃথিৱীয়ে আৱৰ্তন কৰোঁতে য়েতিয়া এখন ঠাই সূৰ্যৰ ফালে পৰে তেতিয়া ঠাইখন আলোকিত হয়, যাক দিন হোৱা বুলি কোৱা হয়। এনে হওঁতে গোলকৰ আধা অংশ আলোকিত হয় বাবে ইয়াক আলোক বলয় বুলি কোৱা হয়।

১৬) পৃথিৱীত কিহৰ কাৰণে দিন-ৰাতি চুটি-দীঘল আৰু জাৰ-জহৰ পাৰ্খক্য় আহে?

উত্তৰঃ পৃথিৱীত বাৰ্ষিক গতিৰ কাৰণে দিন-ৰাতিৰ চুটি-দীঘল আৰু জাৰ-জহৰ পাৰ্থক্য় আহে।

১৭) অনুসূৰ কাক বোলে?

উত্তৰঃ ৩ জানুৱাৰী তাৰিখে পৃথিৱী সূৰ্য়ৰ আটাইতকৈ ওচৰলৈ আহে। তেতিয়া পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব হয়হি ১৪৭.৫ নিযুত কিলোমিটাৰ। এই দূৰত্বক অনুসূৰ বোলা হয়।

১৮) ২০০০ চনটো অধিবৰ্ষ হয়নে?

উত্তৰঃ ২০০০ চনটো অধিবৰ্ষ হয়।

১৯) পৃথিৱীয়ে নিজ অক্ষত ঘূৰোঁতে কেনেকৈ ঘূৰে?

উত্তৰঃ পৃথিৱীয়ে নিজ অক্ষত ঘূৰোঁতে পশ্চিমৰপৰা পূবলৈ ঘূৰে।

২০) অধিবৰ্ষৰ ফেব্ৰুৱাৰী মাহটো কিমান দিনীয়া?

উত্তৰঃ অধিবৰ্ষৰ ফেব্ৰুৱাৰী মাহটো ২৯দিনীয়া।.

Type – Boby Bora