হৰণ | অধ্য়ায়-৩ | অনুশীলনী ৩ (খ) | Class 4 Maths AJB School Question Answer | Class 4 Maths AJB School Question Answer And Solutions For Assam |

পাঠঃ- ৩ 

হৰণ 

অনুশীলনী ৩(খ) 

(১) ২৫ খন চকীৰ মুঠ দাম ৭১২৫ টকা। একোখন চকীৰ দাম কিমান? 

উত্তৰঃ- দিয়া আছে, 

            ২৫ খন চকীৰ মুঠ দাম = ৭১২৫ টকা 

            ∴ একোখন চকীৰ দাম হ’ব = (২৫÷ ৭১২৫) টকা 

                                                       = ২৮৫ টকা 

(২) ৩ ডজন কলমৰ মুঠ দাম ৫০৪ টকা। একোটা কলমৰ দাম কিমান? (১ ডজন = ১২ টা) 

উত্তৰঃ- দিয়া আছে, 

            ৩ ডজন কলমৰ মুঠ দাম = ৫০৪ টকা 

            ∴ একোটা কলমৰ দাম = (৫০৪ ÷ ৩৬) টকা 

                                                = ১৪ টকা 

(৩) এজন মানুহৰ ৩০ দিনৰ হাজিৰা ১১,২৫০ টকা। মানুহজনৰ দৈনিক হাজিৰা কিমান? 

উত্তৰঃ- দিয়া আছে, 

            মানুহজনৰ ৩০ দিনৰ হাজিৰা = ১১,২৫০ টকা 

            ∴ মানুহজনৰ দৈনিক হাজিৰা হ’ব = (১১,২৫০ ÷ ৩০)

                                                                   = ৩৭৫ টকা 

(৪) এখন আমৰ বাগানত ৭৫ শাৰী আম গছ আছে। মুঠ আমগছৰ সংখ্যা ১০৮৭৫ জোপা। একোটা শাৰীত কিমান জোপাকৈ আমগছ আছে? 

উত্তৰঃ- দিয়া আছে, 

            এখন আমৰ বাগানত আম গছৰ শাৰী আছে = ৭৫ জোপা 

            মুঠ আমগছৰ সংখ্যা আছে = ১০৮৭৫ জোপা 

            ∴ একোটা শাৰীত আমগছ আছে = ১৪৫ জোপাকৈ 

(৫) এজন দোকানীয়ে ৯ ৰীম কাগজ ৩২৪০ টকাৰে কিনে। প্ৰতি দিস্তা কাগজৰ দাম কিমান? (১ ৰীম = ২০ দিস্তা)

উত্তৰঃ- দিয়া আছে, 

            এজন দোকানীয়ে ৯ ৰীম কাগজ কিনে = ৩২৪০ টকাৰে 

            ∴ প্ৰতি দিস্তা কাগজৰ দাম হ’ব = (১৮০ ÷ ৩২৪০) 

                                                       = ১৮ টকা 

(৬) ১২ খন গণিতৰ কিতাপ আৰু ১৫ খন বিজ্ঞানৰ কিতাপৰ মুঠ দাম ১১৪০ টকা। যদি একোখন গণিতৰ কিতাপৰ দাম ৪৫ টকা, তেন্তে একোখন বিজ্ঞানৰ কিতাপৰ দাম কিমান ?

উত্তৰঃ- দিয়া আছে, 

            ১২ খন গণিতৰ কিতাপ আৰু ১৫ খন বিজ্ঞানৰ কিতাপৰ মুঠ দাম = ১১৪০ টকা 

            একোখন গণিতৰ কিতাপৰ দাম = ৪৫ টকা 

            মুঠ গণিতৰ কিতাপৰ দাম = (১২ ✖ ৪৫)

                                                      = ৫৪০ টকা 

        ∴ মুঠ কিতাপৰ দাম = (১১৪০ – ৫৪০) টকা 

                                        = ৬০০ টকা 

            ∴ একোখন বিজ্ঞানৰ কিতাপৰ দাম হ’ব = (৬০০ ÷ ১৫) 

                                                                          = ৪০ টকা 

(৭) একোটা বাকচত ৩০ টাকৈ চকলেট ভৰাব পাৰি। ১৩৫০ টা চকলেট ভৰাবলৈ কিমানটা বাকচ লাগিব? 

উত্তৰঃ- দিয়া আছে, 

            একোটা বাকচত চকলেট ভৰাব পাৰি = ৩০ টাকৈ 

            ∴ ১৩৫০ টা চকলেট ভৰাবলৈ বাকচ লাগিব = (১৩৫০ ÷ ৩০)

                                                                                  = ৪৫ টা বাকচ লাগিব 

(৮) এখন বিদ্যালয়ৰ ৮৯০ গৰাকী ছাত্ৰ-ছাত্ৰী বাছেৰে বনভোজ খাবলৈ যাব। এখন বাছত ৩২ জনকৈ ছাত্ৰ-ছাত্ৰী যাব পাৰে। মুঠতে কিমানখন বাছ লাগিব? (মন কৰিবা: হৰণ কৰাৰ পাছত যদি ভাগশেষ থাকে, সেইখিনিৰ বাবে এখন বাছ বেছিকৈ ধৰিব লাগিব?) 

উত্তৰঃ- দিয়া আছে, 

            বনভোজ খাবলৈ যোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা = ৮৯০ গৰাকী 

            এখন বাছত ছাত্ৰ-ছাত্ৰী যাব পাৰে = ৩২ জনকৈ 

            মুঠতে বাছ লাগিব = (৮৯০ ÷ ৩২) খন 

                                         = ২৮ খন 

(৯) কেইজনমান মানুহৰ মাজত ৬৮০ টা কমলা সমানকৈ ভগোৱাত প্ৰত্যেকে ১৬ টাকৈ কমলা পালে আৰু ৮ টা কমলা ৰৈ গ’ল। মানুহ কিমানজন আছিল ?

উত্তৰঃ- দিয়া আছে, 

            কমলা আছিল = ৬৮০ টা 

            সমানকৈ ভগোৱাত প্ৰত্যেকে পালে = ১৬ টাকৈ 

            আৰু কমলা ৰৈ গ’ল = ৮ টা 

            ∴ মানুহ আছিল = (৬৮০ ÷ ১৬)

                                    = ৪২ জন 

(১০) ২০ গণ্ডা তামোলৰ দাম ২৪০ টকা। একোটা তামোলৰ দাম কিমান? (১ গণ্ডা = ৪ টা)

উত্তৰঃ- দিয়া আছে, 

            ২০ গণ্ডা তামোলৰ দাম = ২৪০ টকা 

            ∴ একোটা তামোলৰ দাম হ’ব = (২৪০ ÷ ৮০) টকা 

                                                           = ৩ টকা 

(১১) ১২ যোৰ হাঁহৰ দাম ২৮৮০ টকা। একোটা হাঁহৰ দাম কিমান ? (১ যোৰ =২ টা)

উত্তৰঃ- দিয়া আছে, 

            ১২ যোৰ হাঁহৰ দাম = ২৮৮০ টকা 

            ∴ একোটা হাঁহৰ দাম হ’ব = (২৮৮০ ÷ ২৪) টকা 

                                                    = ১২০ টকা 

(১২) একোটা পাত্ৰত ২৫ লিটাৰকৈ পানী ভৰাব পাৰি। ৮০০ লিটাৰ পানী ভৰাবলৈ কিমানটা তেনে পাত্ৰ লাগিব ? 

উত্তৰঃ- দিয়া আছে, 

            একোটা পাত্ৰত ২৫ লিটাৰকৈ পানী ভৰাব পাৰি। 

            ∴ ৮০০ লিটাৰ পানী ভৰাবলৈ পাত্ৰ লাগিব = (৮০০ ÷ ২৫) লি: 

                                                                               = ৩২ টা তেনে পাত্ৰ লাগিব 

Type: Pompi Hazarika