AJB Class 4 Burha Burhi aru Siyala Chapter 5 ভেকুলীৰ বিয়া। Question Answer

Chapter 5

ভেকুলীৰ বিয়া

[১] একোটিকৈ বাক্য়ত উত্তৰ লিখাঁঃ

ক) মাছলৈ যাওঁতে বুঢ়া আৰু বুঢ়ীয়ে মাছৰ কি কি যতন নিছিল ?

উত্তৰঃ মাছলৈ যাওঁতে বুঢ়া পল এটা আৰু বুঢ়ীয়ে ভগা জকাই এখন যতন নিছিল।

খ) ভেকুলী কাৰ জাকৈত উঠিছিল ?

উত্তৰঃ ভেকুলী বুঢ়ীৰ জাকৈত উঠিছিল।

গ) ৰজাক কোনে গালি পাৰিছিল ?

উত্তৰঃ  ৰজাক ভেকুলীয়ে গালি পাৰিছিল।

[২] চমু উত্তৰ দিয়াঁঃ

ক) বুঢ়াই ভেকুলীটো মাৰিবলৈ ধৰোঁতে ভেকুলীয়ে বুঢ়াক কি বুলি কৈছিল ?

উত্তৰঃ বুঢ়াই ভেকুলীটো মাৰিবলৈ ধৰোঁতে ভেকুলীয়ে বুঢ়াক ক’লে ” ককা মোক নামাৰিবা, মই তোমালোকৰ ঘৰত বহতীয়া হৈ থাকি যি কৰিবলৈ কোৱা তাকে কৰিম  বুলি কৈছিল।

খ) ৰজাক ভেকুলীয়ে কিয় গালি পাৰিছিল ?

উত্তৰঃ ৰজাক ভেকুলীয়ে হাস বাই আলি দিয়া মাটিডৰাৰ ওপৰেডি গচকি আলিটো ভাঙি তহিলং কৰি যোৱা বাবে ভেকুলীয়ে গালি পাৰিছিল।

গ) ৰজাৰ ঘৰলৈ যাওঁতে ভেকুলীৰ লগ কোনে কোনে লৈছিল ?

উত্তৰঃ ৰজাৰ ঘৰত ভেকুলী যাওঁতে ভেকুলীৰ লগত সিংহ, বাঘ, ভালুক আদি বনৰীয়া জন্তু আনকি, মৌ, বৰল, কোঁদো প্ৰভৃতিও গৈছিল।

[৩] কোনে কৈছিল, কাক কৈছিল ঃ

ক) “যা-চোন গৰুহাল লৈ পথাৰলৈ, তইনো কি হাল বাৱ চাওঁ ।”

উত্তৰঃ  বুঢ়াই ভেকুলীক কৈছিল।

খ) ” তই গোটকৰাই কি কৰিবা ?”

উত্তৰঃ বুঢ়ীয়ে ভেকুলীক কৈছিল।

Type – Boby Bora