Class 6 General Science Chapter 2 | খাদ্যৰ উপাদান | MCQ

Chapter 2

খাদ্যৰ উপাদান

১। স্নেহপদাৰ্থ আৰু কাৰ্ব’হাইড্ৰেট থকা খাদ্যসমূহক কি বুলি কোৱা হয় ?

(ক) শক্তিদায়ক খাদ্য

(খ) শৰীৰ বৰ্দ্ধক খাদ্য

(গ) ভিটামিন

উত্তৰঃ (ক) শক্তিদায়ক খাদ্য

২। বিভিন্ন ৰোগৰ পৰা আমাৰ শৰীৰক ৰক্ষা কৰিবলৈ কিহৰ প্ৰয়োজন হয় ?

(ক) চৰ্বিৰ

(খ) ভিটামিনৰ

(গ) এটাও নহয়

উত্তৰঃ (খ) ভিটামিনৰ

৩। আমাৰ শৰীৰৰ ছাল আৰু চকু ভালে ৰাখিবলৈ কি ভিটামিনৰ প্ৰয়োজন হয় ?

(ক) ভিটামিন A

(খ) ভিটামিন C

(গ) ভিটামিন E

উত্তৰঃ (ক) ভিটামিন A

৪। ভিটামিন Dৰ অভাৱত কি ৰোগ হয় ?

(ক) বেৰিবেৰি

(খ) স্কাৰ্ভি

(গ) ৰিকেট

উত্তৰঃ (গ) ৰিকেট

৫। কাৰ্ব’হাইড্ৰেট আৰু স্নেহপদাৰ্থই প্ৰধানকৈ আমাৰ দেহত                      যোগায় ।

(ক) খনিজ দ্ৰব্য

(খ) শক্তি

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) শক্তি

৬। ‘পৰিপোষক’ শব্দৰ ইংৰাজী ৰূপটো কি ?

(ক) Nutrients

(খ) Minerals

(গ) Roughage

উত্তৰঃ (ক) Nutrients

৭। পঞ্জাৱৰ প্ৰধান আহাৰ কি ?

(ক) ভাত

(খ) মাছ-মাংস

(গ) ৰুটি

উত্তৰঃ (গ) ৰুটি

৮। তলৰ ছবিখনত থকা ল’ৰাজনে কিহৰ পৰীক্ষা কৰি আছে ?

(ক) আয়ডিনৰ পৰীক্ষা

(খ) প্ৰ’টিনৰ পৰীক্ষা

(গ) স্নেহপদাৰ্থৰ পৰীক্ষা

উত্তৰঃ (খ) প্ৰ’টিনৰ পৰীক্ষা

৯। ভিটামিন Bৰ অভাৱত কি ৰোগ হয় ?

(ক) বেৰিবেৰি

(খ) কুকুৰীকণা

(গ) ৰিকেট

উত্তৰঃ (ক) বেৰিবেৰি

১০। প্ৰ’টিন থকা খাদ্যবস্তুবোৰক সাধাৰণতে কি বুলি কোৱা হয় ?

(ক) শক্তিদায়ক খাদ্য

(খ) সুষম খাদ্য

(গ) শৰীৰ বৰ্দ্ধক খাদ্য

উত্তৰঃ (গ) শৰীৰ বৰ্দ্ধক খাদ্য

১১। বেঙুনীয়া ৰঙে খাদ্যবস্তুত কি থকাটো সূচায় ?

(ক) প্ৰ’টিন

(খ) চৰ্বি

(গ) স্নেহপদাৰ্থ

উত্তৰঃ (ক) প্ৰ’টিন

১২। হাড় সুস্থ ৰাখিবলৈ প্ৰয়োজন হোৱা খনিজ পদাৰ্থবিধ কি ?

(ক) আয়’ডিন

(খ) কেলছিয়াম

(গ) লো

উত্তৰঃ (খ) কেলছিয়াম

১৩। আমাৰ শৰীৰত কি ভিটামিনৰ অভাৱৰ বাবে হাড় ঠুনুকা হয় ?

(ক) ভিটামিন B

(খ) ভিটামিন D

(গ) ভিটামিন E

উত্তৰঃ (খ) ভিটামিন D

১৪। আমাৰ খাদ্যত মূল পৰিপোষক থকাৰ উপৰিও আৰু কি কি থাকে ?

(ক) আঁহজাতীয় খাদ্য আৰু পানী

(খ) প্ৰ’টিন আৰু চৰ্বি

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (ক) আঁহজাতীয় খাদ্য আৰু পানী

১৫। আমাৰ শৰীৰে সূৰ্যৰ পোহৰৰ উপস্থিতিত কি প্ৰস্তুত কৰে ?

(ক) খনিজ লৱণ

(খ) সুষম আহাৰ

(গ) ভিটামিন D

উত্তৰঃ (গ) ভিটামিন D

১৬। তলৰ ছবিখনত থকা খাদ্যবোৰ কি ভিটামিনৰ কিছু উৎস ?

(ক) ভিটামিন A

(খ) ভিটামিন B

(গ) ভিটামিন C

উত্তৰঃ (ক) ভিটামিন A

১৭। আঁহযুক্ত খাদ্যক কি বুলি কোৱা হয় ?

(ক) স্নেহপদাৰ্থ

(খ) ৰুক্ষাহাৰ

(গ) এটাও নহয়

উত্তৰঃ (খ) ৰুক্ষাহাৰ

১৮। ৰুক্ষাহাৰ বা আঁহ আমাৰ খাদ্যত প্ৰধানকৈ                       যোগান ধৰে ।

(ক) সুষম আহাৰে

(খ) পানীয়ে

(গ) উদ্ভিদে

উত্তৰঃ (গ) উদ্ভিদে

১৯। ‘খনিজ লৱণ’ শব্দৰ ইংৰাজী ৰূপটো কি ?

(ক) Minerals

(খ) Nutrients

(গ) Proteins

উত্তৰঃ (ক) Minerals

২০। ভিটামিন C ৰ অভাৱত এটা বেমাৰ হয় যাক                     বুলি কোৱা হয়।

(ক) কুকুৰীকণা

(খ) স্কাৰ্ভি

(গ) ৰিকেট

উত্তৰঃ (খ) স্কাৰ্ভি

Type: Pompi Hazarika