Class 6 General Science Chapter 5 | দ্ৰব্যৰ পৃথকীকৰণ | MCQ

Chapter 5

দ্ৰব্যৰ পৃথকীকৰণ

১। গধুৰ শস্যৰ পৰা পাতল বাকলিখিনি কি প্ৰক্ৰিয়াৰ দ্বাৰা আঁতৰোৱা হয় ?

(ক) জৰা প্ৰক্ৰিয়াৰে

(খ) পৰিস্ৰাৱণ প্ৰক্ৰিয়াৰে

উত্তৰঃ (ক) জৰা প্ৰক্ৰিয়াৰে

২। মিশ্ৰণত থকা উপাদানবিলাকৰ আকাৰ যদি বেলেগ হয়, তেতিয়া কি প্ৰক্ৰিয়াৰ দ্বাৰা দ্ৰব্যবোৰ পৃথক কৰিব পাৰি ?

(ক) চালনি

(খ) পৰিস্ৰাৱণ

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (গ) ওপৰৰ দুয়োটা

৩। খেতি চপোৱাৰ সময়ত ঠাৰিডালৰ পৰা কি পৃথক কৰা হয় ?

(ক) শস্যৰ গুটি

(খ) পতান

(গ) এটাও নহয়

উত্তৰঃ (ক) শস্যৰ গুটি

৪। ঠাৰিৰ পৰা শস্য পৃথক কৰা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় ?

(ক) চালনীৰে চলা

(খ) জৰা প্ৰক্ৰিয়া

(গ) মৰণা মৰা

উত্তৰঃ (গ) মৰণা মৰা

৫। তলৰ ছবিখনত থকা মানুহজনে কি কৰিছে ?

(ক) বলধ গৰুৱে মৰণা মাৰিছে

(খ) ঠাৰিবোৰ কোবাই শস্য পৃথক কৰিছে

(গ) ধানৰ পৰা পতান পৃথক কৰিছে

উত্তৰঃ (খ) ঠাৰিবোৰ কোবাই শস্য পৃথক কৰিছে

৬। পানী ঢালি দিয়াৰ পাছত যেতিয়া এটা মিশ্ৰণত থকা গধুৰ উপাদানবিলাক পাত্ৰৰ তলিত জমা হয়, তেতিয়া এই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় ?

(ক) অৱক্ষেপণ

(খ) আস্ৰাৱণ

(গ) পৰিস্ৰাৱণ

উত্তৰঃ (ক) অৱক্ষেপণ

৭। যেতিয়া পানীখিনি (ধূলিৰ সৈতে) আঁতৰোৱা হয় সেই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় ?

(ক) অৱক্ষেপণ

(খ) আস্ৰাৱণ

(গ) পৰিস্ৰাৱণ

উত্তৰঃ (খ) আস্ৰাৱণ

৮। পানীৰ ভাপ জুলীয়া পৰ্দাথলৈ পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় ?

(ক) ঘনীভৱণ

(খ) সংপৃক্ত দ্ৰৱ

(গ) বাষ্পীভৱণ

উত্তৰঃ (ক) ঘনীভৱণ

৯। বালি কি প্ৰক্ৰিয়াৰ দ্বাৰা পৃথক কৰিব পাৰি ?

(ক) অৱক্ষেপণ আৰু পৰিস্ৰাৱণ

(খ) আস্ৰাৱণ আৰু বাষ্পীভৱণ

(গ) আস্ৰাৱণ আৰু পৰিস্ৰাৱণ

উত্তৰঃ (গ) আস্ৰাৱণ আৰু পৰিস্ৰাৱণ

১০। পানী ভাপলৈ পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় ?

(ক) ঘনীভৱণ

(খ) বাষ্পীভৱণ

(গ) পৰিস্ৰাৱণ

উত্তৰঃ (খ) বাষ্পীভৱণ

১১। ‘মৰণা মৰা’ শব্দৰ ইংৰাজী ৰূপ কি ?

(ক) Threshing

(খ) Solution

(গ) Filtration

উত্তৰঃ (ক) Threshing

১২। ঘৰত ছানা (পনীৰ) প্ৰস্তুত কৰিবলৈ কি প্ৰণালী ব্যৱহাৰ কৰা হয় ?

(ক) অৱক্ষেপণ

(খ) আস্ৰাৱণ

(গ) পৰিস্ৰাৱণ

উত্তৰঃ (গ) পৰিস্ৰাৱণ

১৩। ছানা প্ৰস্তুত কৰিবলৈ উতলি থকা গাখীৰত কি দিয়াটো প্ৰয়োজন ?

(ক) চেনী

(খ) নেমুৰ ৰস

(গ) তেতেলী ৰস

উত্তৰঃ (খ) নেমুৰ ৰস

১৪। সাগৰৰ পানীত কি মিহলি হৈ থাকে ?

(ক) নিমখ

(খ) সৰিয়হ

(গ) ধাম বা মাহ

উত্তৰঃ (ক) নিমখ

১৫। বালি আৰু পানীক ইহঁতৰ মিশ্ৰণৰ পৰা কেনেকৈ পৃথক কৰিব পাৰি ?

(ক) অৱক্ষেপণ প্ৰক্ৰিয়াৰে

(খ) আস্ৰাৱণ প্ৰক্ৰিয়াৰে

(গ) পৰিস্ৰাৱণ প্ৰক্ৰিয়াৰে

উত্তৰঃ (ক) অৱক্ষেপণ প্ৰক্ৰিয়াৰে

১৬। আটা গুড়িৰ লগত মিহলি হৈ থকা চেনী কি প্ৰক্ৰিয়াৰ দ্বাৰা পৃথক কৰিব পাৰি ?

(ক) জৰা প্ৰক্ৰিয়াৰে

(খ) মৰণা মাৰি

(গ) চালনীৰে চালি

উত্তৰঃ (গ) চালনীৰে চালি

১৭। সাগৰৰ পানীৰ পৰা নিমখ কি প্ৰক্ৰিয়াৰে পৃথক কৰা হয় ?

(ক)অৱক্ষেপণ

(খ) বাষ্পীভৱণ

(গ) ঘনীভৱণ

উত্তৰঃ (খ) বাষ্পীভৱণ

১৮। চাহৰ পৰা চেনি পৰিস্ৰাৱণ প্রক্রিয়াৰ দ্বাৰা পৃথক কৰিব পাৰি।

(ক) অশুদ্ধ

(খ) শুদ্ধ

(গ) এটাও নহয়

উত্তৰঃ (ক) অশুদ্ধ

১৯। পৰিস্ৰাৱণ শব্দৰ ইংৰাজী ৰূপ কি ?

(ক) Sieving

(খ) Solution

(গ) Filtration

উত্তৰঃ  (গ) Filtration

২০। জুলীয়া পদাৰ্থত দ্ৰৱীভূত হৈ থকা গোটা পদাৰ্থ কি প্ৰক্ৰিয়াৰ দ্বাৰা পৃথক কৰা হয় ?

(ক) বাষ্পীভৱণ

(খ) ঘনীভৱণ

(গ) অৱক্ষেপণ

উত্তৰঃ (ক) বাষ্পীভৱণ

Type: Pompi Hazarika