SEBA Class 10 Geography Chapter 6 ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল । Question Paper 2010 – 2023

Chapter 6

ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল 

অতি চমু প্রশ্নাবলী :

শুদ্ধ উত্তৰটো বাছি উলিওৱা : মূল্যাংক :

1 (a) মাটিকালি হিচাপত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান – [HSLC’10]

(i) সপ্তম

(ii) প্রথম

(iii) তৃতীয়

(iv) চতুর্থ

(b) পৃথিৱীৰ দেশবোৰৰ ভিতৰত আকাৰ হিচাপত ভাৰতৰ স্থান- [HSLC’11]

(i) সপ্তম

(ii) দ্বিতীয়

(iii) চতুর্থ

(iv) পঞ্চম

(c) মেনগ্রাভ উদ্ভিদ প্ৰধানকৈ পোৱা অঞ্চলটো হ’ল— [HSLC’12]

(i) উপকূলীয় অঞ্চল

(ii) মৰুভূমি অঞ্চল

(iii) পার্বত্য অঞ্চল

(iv) মালভূমি অঞ্চল

(d) মুম্বাই – পুনা অঞ্চলটো তলৰ কোনটোৰ বাবে প্রখ্যাত —[HSLC’12]

(i) কপাহী বস্ত্ৰ উদ্যোগ

(ii) সাৰ উদ্যোগ

(iii) জাহাজ নির্মাণ উদ্যোগ

(iv) লো – তীখাৰ উদ্যোগ

(e) তলৰ কোনখন ৰাজ্যত জনসংখ্যাৰ ঘনত্ব ভাৰতৰ || ভিতৰতে সর্বনিম্ন? [HSLC’12]

(i) মিজোৰাম

(ii) ছিকিম

(iii) জম্মু আৰু কাশ্মীৰ

(iv) অৰুণাচল প্ৰদেশ

(f) পৃথিৱীৰ দেশসমূহৰ ভিতৰত মাটিকালি হিচাপত ভাৰতৰ স্থান- [HSLC’13]

(i) দ্বিতীয়

(ii) চতুর্থ

(iii) সপ্তম

(iv) পঞ্চম

(g) ভাৰতবৰ্ষৰ মুঠ ৰাজ্যৰ সংখ্যা হ’ল- [HSLC’14]

(i) 27 খন

(ii) 28 খন

(iii) 25 খন

(iv) 29 খন 

(h) ভাৰতবৰ্ষৰ পূবত অৱস্থিত দেশখন হ’ল—[HSLC’15]

(i) চীনদেশ

(ii) পাকিস্তান

(iii) ম্যানমাৰ

(iv) থাইলেণ্ড

(i) ভাৰতবৰ্ষই পৃথিৱীৰ মুঠ মাটিকালি শতাংশ হিচাবত আবৰি আছে । [HSLC’16]

(i) 3.2%

(ii) 4.3%

(iii) 5.4%

(iv) 2.2%

(j) ভাৰতবৰ্ষৰ পশ্চিমত অৱস্থিত দেশখন হ’ল— [HSLC’17]

(i) চীনদেশ

(ii) পাকিস্তান

(iii) ম্যানমাৰ

(iv) থাইলেণ্ড

(k) তলত দিয়া ভাৰতবৰ্ষৰ হৃদসমূহৰ ভিতৰত কোনটো ৰাজস্থানত অৱস্থিত ? [HSLC’18]

(i) ল’কটক

(ii) পুষ্কৰ

(iii) চিল্কা

(iv) পুলিকট

(I) ভাৰতবৰ্ষৰ স্থলসীমাৰ মুঠ দৈৰ্ঘ্য হ’ল [HSLC’19]

(i) ১৮,৪০০ কিলোমিটাৰ

(ii) ১৬,৮০০ কিলোমিটাৰ

(iii) ১৫,২০০ কিলোমিটাৰ

(iv) ১৩,২০০ কিলোমিটাৰ

(m) ভাৰতবৰ্ষত উৎপাদিত তলৰ কোনবিধ শস্য ৰবি শস্যৰ অন্তর্গত নহয় ? [HSLC 20]

(i) ঘেহু

(ii) সৰিয়হ

(iii) বুটমাহ

(iv) বাদাম

2 . ভাৰতৰ কোনখন ৰাজ্যত ল’কটক হ্ৰদটো অৱস্থিত ? [HSLC 12]

3 . ভাৰতৰ অক্ষাংশৰ বিস্তৃতি উল্লেখ কৰা । [HSLC ’11]

4. ভাৰতৰ কোন অংশত থৰ মৰুভূমি অৱস্থিত ? [HSLC’12]

5 . উত্তৰ-পূব ভাৰতৰ এটা প্ৰখ্যাত হ্ৰদৰ নাম লিখা।[HSLC’10]

6. ভাৰতৰ কোনখন ৰাজ্যত চিল্কা হ্ৰদটো অৱস্থিত ? [HSLC’13]

7. গঙ্গা নদীৰ দক্ষিণ পাৰৰ উপনদী এখনৰ নাম লিখা । [HSLC’14]

8. কোনডাল অক্ষৰেখাই ভাৰতক সমানে উত্তৰ আৰু দক্ষিণ ভাগত বিভক্ত কৰিছে ? [HSLC’17]

9. বর্তমানে অসমৰ জিলা কিমানখন ? [HSLC ’16]

10 . কিহৰ বাবে ভাৰতৰ ছোটনাগপুৰ মালভূমি অঞ্চলটো বিখ্যাত ? | [HSLC’15]

11. ভাৰতৰ মৰুভূমিটোৰ নাম কি ? [HSLC 20]

12. ভাৰতবৰ্ষৰ কোন অঞ্চলত মেনগ্র’ভ উদ্ভিদ পোৱা যায় ? | [HSLC’19]

13. ভাৰতবৰ্ষৰ স্থলসীমাৰ দৈৰ্ঘ্য কিমান ? [HSLC’18]

B. চমু প্রশ্নাৱলী : মূল্যাংক : 2/3

1 .1991 চনৰ পিয়ল অনুযায়ী ভাৰতৰ এক কোটিৰ অধিক জনসংখ্যাৰ দুখন মহানগৰৰ নাম লিখা । [HSLC’11]

2. ভাৰতৰ প্ৰধান দুই প্ৰকাৰৰ অৰণ্য উল্লেখ কৰা। [HSLC’11]

3 .উত্তৰ ভাৰতৰ নদীসমূহৰ দুটা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা । [HSLC 10]

4. ভাৰতৰ দুখন পশ্চিমবাহিনী নদীর নাম লিখা। [HSLC 12]

5 . ভাৰতৰ পূব অংশৰ দুটা উপকূলৰ নাম লিখা। [HSLC’12]

6. ভাৰতৰ দুখন পূব-বাহিনী নদীৰ নাম লিখা [HSLC 13 ]

7. মৌসুমী অঞ্চলৰ খেতি কৰা তিনিবিধ প্ৰধান শস্যৰ নাম লিখা । [HSLC’13]

8 . ভাৰতৰ দুখন নিযুত জনসংখ্যাৰ নগৰৰ নাম লিখা । [HSLC’13]

9. ৰাজস্থানৰ দুটা হ্ৰদৰ নাম লিখা । [HSLC ’14]

10. পশ্চিম ভাৰতৰ দুটা শিল্পাঞ্চলৰ নাম লিখা। [HSLC’14]

11. “কপাহ অঞ্চল” ভাৰতবৰ্ষৰ ক’ত? [HSLC ’16]

12. ভাৰতৰ দাক্ষিণাত্য মালভূমি অঞ্চলৰ দুখন নদীর নাম লিখা । [HSLC ’15,’17]

13. ভাৰতবৰ্ষত কিমান প্ৰকাৰৰ মৌচুমী বতাহ বয়? নামবোৰ দিয়া । [HSLC ’16]

14. মেনগ্রাভ উদ্ভিদ থকা ভাৰতবৰ্ষৰ দুটা অঞ্চলৰ নাম লিখা। [HSLC 15]

15. চিৰ সেউজীয়া উদ্ভিদ থকা ভাৰতবৰ্ষৰ দুটা অঞ্চলৰ নাম লিখা। [HSLC’17

16. ভাৰতৰ ছোটানাগপুৰ ঔদ্যোগিক অঞ্চলটো গঢ়ি উঠাৰ দুটা গুৰুত্বপূৰ্ণ কাৰক উল্লেখ কৰা । [HSLC’19]

17. ভাৰতবৰ্ষৰ দুটা অতি বেছি বৃষ্টিপাত হোৱা অঞ্চলৰ নাম লিখা।[HSLC’18]

18. দক্ষিণ ভাৰতৰ দুখন প্ৰধান নদীৰ নাম লিখা । [ HSLC ’19]

19. ভাৰতবৰ্ষৰ দাক্ষিণাত্য মালভূমি অঞ্চলত অৱস্থিত দুটা প্ৰধান পৰ্বতৰ নাম লিখা । HSLC’18]

20. ভাৰতৰ পঞ্জাৱ ৰাজ্যৰ মাজেদি প্ৰৱাহিত তিনিখন নদীৰ নাম উল্লেখ কৰা । [HSLC ’19]

21. ভাৰতবৰ্ষৰ দ্ৰুত জনসংখ্যা বৃদ্ধিৰ তিনিটা কাৰণ লিখা । [HSLC’19]

22. ভাৰতৰ পশ্চিম উপকূল অঞ্চলতকৈ পূৱ উপকূল অঞ্চলটো কিয় তুলনামূলকভাৱে বেছি বহল আৰু সাৰুৱা চমুকৈ বাখ্যা কৰা । [HSLC 20]

23. ভাৰতবৰ্ষত বছৰটোৰ ভিতৰত অনুভূত হোৱা ঋতুকেইটা উল্লেখ কৰা । [HSLC 20]

24. ভাৰতবৰ্ষৰ যিকোনো তিনিটা শিল্প অঞ্চলৰ নাম লিখা । [HSLC ’20]

25. ভাৰতৰ দক্ষিণাংশ ইয়াৰ উত্তৰাংশতকৈ আপেক্ষিকভাৱে গৰম বেছি কিয় ? [HSLC 20]

C. ৰচনাধর্মী প্রশ্নাবলী :

মূল্যাংক : 4/5/6 |

1. ভাৰতৰ উত্তৰ অংশৰ সমভূমি অঞ্চলৰ এটি আভাস দিয়া । [HSLC’11]

2. ভাৰতৰ এখন মানচিত্র আঁকি তলত দিয়াবোৰ নামসহ বহুওৱাঃ [HSLC’10]

(a) এটা মালভূমি (b) এখন উপকূলীয় মহানগৰ (c) মিজোৰামৰ ৰাজধানী ।

3. ভাৰতৰ বনজ সম্পদৰ এটি বিৱৰণ দিয়া । [HSLC’10]

4. ভাৰতৰ হিমালয় অঞ্চলৰ এটি আভাস দিয়া। [HSLC 10]

5. ঔদ্যোগিক অঞ্চলৰ সংজ্ঞা দিয়া আৰু ভাৰতৰ তিনিটা ঔদ্যোগিক অঞ্চলৰ নাম লিখা ৷ [HSLC ’11]

6. ভাৰতৰ জলবায়বিক ঋতুকেইটা উল্লেখ কৰা। তাৰে যি কোনো এটা ঋতুৰ বৈশিষ্ট্য দাঙি ধৰা ৷ [HSLC ’13]

7. ভাৰত আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ মাজত থকা ছয়টা প্রধান পার্থক্যৰ বিষয়ে আলোচনা কৰা । [HSLC’12]

৪. ব্রহ্মপুত্র উপত্যকা অঞ্চলৰ (ক) অৱস্থান, (খ) নদ-নদী | আৰু (গ) অৰ্থনৈতিক উন্নয়নৰ বিষয়ে এটি বর্ণনা দিয়া। । [HSLC’12]

9. ভাৰতৰ কৃষি অঞ্চলবোৰৰ এটি চমু আভাস দিয়া ৷ [HSLC’11]

10. ভাৰতক ভূ-প্রাকৃতিক বিভাগত বিভক্ত কৰা আৰু তাৰে যি কোনো এটা বিভাগৰ বিতং বর্ণনা দিয়া। [HSLC’13]

11. ভাৰতৰ আৰ্হি-মানচিত্ৰ এখন আঁকা আৰু তাত যি কোনো দুটা পৰ্বতৰ অৱস্থান দেখুওৱা ৷ [HSLC’13]

12. ভাৰতৰ নদীসমূহৰ এটি আভাস দিয়া । [HSLC’13]

13. ভাৰতবৰ্ষৰ দাক্ষিণাত্য মালভূমি অঞ্চলৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা । [HSLC’14]

14. ভাৰতৰ আৰ্হি-মানচিত্ৰ আঁকা আৰু তাত আৰাৱলী পর্বতশ্রেণী আৰু চেন্নাইৰ অৱস্থান দেখুওৱা । [HSLC ’14]

15 . ভাৰতৰ জলবায়ুৰ প্ৰধান কাৰকসমূহ কি কি? দেশখনৰ জলবায়ুৰ মৌলিক বৈশিষ্ট্যসমূহ উল্লেখ কৰা। [HSLC’14]

16. ভাৰতবৰ্ষৰ জলবায়ুৰ চাৰিটা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা । [HSLC’15]

17. 1901 চনৰ পৰা ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধিৰ ধাৰা সম্পৰ্কে চমুকৈ লিখা। দেশৰ স্বাধীনতাৰ পিছত জনসংখ্যা বৃদ্ধি দ্রুত | হোৱাৰ দুটা কাৰণ উল্লেখ কৰা । [HSLC’15]

18. স্বাধীনতাৰ পিচৰ পৰা ভাৰতৰ জনসংখ্যা বৃদ্ধি হোৱাৰ কাৰণ কি ? পৰিণাম ব্যাখ্যা কৰা ৷ [HSLC’16]

19. ভাৰতবৰ্ষৰ এখন আৰ্হি মানচিত্র আঁকা আৰু তাত ছিক্কিম ৰাজ্য, নর্মদা নদী আৰু বিন্ধ্য

পর্বতমালাৰ অৱস্থান দেখুওৱা । [HSLC’15]

20. ভাৰতৰ প্ৰাকৃতিক ভাগ কেইটা কি কি? যি কোনো এটা ভাগ ব্যাখ্যা কৰা। (HSLC ’16]

21. ভাৰতৰ এখন আৰ্হি-মানচিত্র আঁকা আৰু তলত দিয়া বোৰ বহুৱা (মি কোনো চাৰিটা) : [HSLC’16]

(i) বিন্ধ্য পাহাৰ

(ii) গোদাবৰী নদী

(iii) ডিব্ৰুগড়

(iv) থাকা

(v) মেঘালয় মালভূমি

(vi) আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ

22. “জনসংখ্যাৰ বিতৰণ ভাৰতৰ সকলো ঠাইতে সমান নহয়” ব্যাখ্যা কৰা। [HSLC’17]

23. ভাৰতৰ শিল্প উদ্যোগৰ অঞ্চল চাৰিটাৰ নাম লিখা। তাৰে যি কোনো এটা অঞ্চলৰ বিষয়ে ব্যাখ্যা কৰা। (HSLC’17)

24. ভাৰতৰ এখন আৰ্হি-মানচিত্র আঁকা আৰু তলত দিয়া বোৰৰ যি কোনো চাৰিটা বহুৱা : [HSLC’17]

(a) সাতপুৰা পৰ্ব্বত

(b) তাণ্ডী নদী

(c) ডিগবৈ

(d) ইটানগৰ

(e) সুন্দৰবন

(f) পাটনা

25. ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্যবোৰ চমুকৈ আলোচনা কৰা। [HSLC’18]

26. ভাৰতৰ মৌচুমী বতাহৰ এটি চমু বর্ণনা দিয়া। [HSLC 20]

27. ভাৰতবৰ্ষৰ এখন আৰ্হি-মানচিত্র আঁকা আৰু তলত দিয়াবোৰৰ যি কোনো চাৰিটা তাত বহুওৱা : [HSLC’18]

(i) আৰাবল্লী পর্বত

(ii) ব্ৰহ্মপুত্র নদী

(iii) শিলং

(iv) ছিমলা

(v) গোৱা

(vi) আইজল

28. ভাৰতবৰ্ষৰ এখন আৰ্হি-মানচিত্র অংকন কৰা আৰু তলত দিয়াবোৰৰ যিকোনো দুটা তাত বহুওৱা : [HSLC’19]

(a) চেন্নাই

( c) চিক্কিম

(b) আইজল

(d) নর্মদা নদী

29. ভাবৰ্ষক প্ৰধান ভূ-প্রাকৃতিক বিভাগত বিভক্ত কৰা আৰু যি কোনো এটা বিভাগৰ দুটা

গুৰুত্বপূৰ্ণ বৈশিষ্ট্য উল্লেখ কৰা।

[HSLC ’19]

30. ভাৰতবৰ্ষত কৃষির গুরুত্ব সম্পর্কে ব্যাখ্যা কৰা। [HSLC’18]

31. ভাৰতবৰ্ষৰ এখন আৰ্হি মানচিত্র অংকন কৰা আৰু তলত দিয়াবোৰৰ যিকোনো দুটা তাত বহুওৱা : [HSLC 20]

(a) দিল্লী

(b) ইফ

(c) আরাবল্লী পর্বত

(d) গংগা নদী

(c) চিক্কিম

Type – Boby Bora