SVN Class 3 Social Science। Chapter 10। আমাৰ উৎসৱসমূহ । Question Answer |

Chapter 10

আমাৰ উৎসৱসমূহ

১। কৃষিৰ লগত জড়িত উৎসৱমূহৰ নাম লিখা।

উত্তৰঃ কৃষিৰ লগত জড়িত উৎসৱসমূহৰ নাম হৈছে- ব’হাগ বিহু, কাতি বিহু, মাঘ বিহু, বিচু, বাইখু, আলি-আয়ে-লিগাং আদি।

২। নিকেতনত পালন কৰা উৎসৱসমূহৰ নাম লিখা।

উত্তৰঃ নিকেতনত পালন কৰা উৎসৱসমূহৰ নাম হৈছে- গান্ধী জয়ন্তী, শিল্পী দিৱস, ৰাভা দিৱস, শংকৰদেৱৰ তিথি, সৰস্বতী পূজা, শিক্ষক দিৱস, শিশু দিৱস আদি।

৩। ৰাষ্ট্ৰীয় উৎসৱসমূহৰ নাম লিখা।

উত্তৰঃ ৰাষ্ট্ৰীয় উৎসৱসমূহৰ নাম হৈছে- গণৰাজ্য় দিৱস, গান্ধী জয়ন্তী, স্বাধীনতা দিৱস আদি।

৪। উৎসৱৰ জৰিয়তে কিদৰে আমাৰ মাজত একতাৰ ভাব বৃদ্ধি হয়?

উত্তৰঃ সমাজৰ সকলো শ্ৰেণীৰ লোকে উৎসৱসমূহ পালন কৰে। উৎসৱৰ যোগেদি আমি মিলা-প্ৰীতি আৰু বন্ধুত্ব গঢ়িব পাৰোঁ। উৎসৱ পালনৰ যোগেদি আমাৰ সমাজত চলি অহা সংস্কৃতি ৰক্ষা কৰিব পাৰোঁ। উৎসৱে আমাৰ মনত আনন্দ দিয়ে। এই উৎসৱে সমাজৰ ধনী-দুখীয়া, উচ্চ-নীচৰ ভেদ-ভাব পোহৰাই সকলোৰে মাজত একতাৰ ভাব জগাই তোলাত সহায় কৰে।

Type: Pompi Hazarika