SVN Class 3 Social Science। Chapter 13। আজৰি সময়ৰ ব্যৱহাৰ। Question Answer |

Chapter 13

আজৰি সময়ৰ ব্যৱহাৰ

১। আজৰি সময়ত তুমি পঢ়া কিতাপ, আলোচনী আৰু বাতৰি-কাকত নামবোৰ লিখা।

উত্তৰঃ আজৰি সময়ত মই পঢ়া কিতাপৰ নাম হৈছে- গল্প, ভ্ৰমণ কাহিনী, মহৎলোকৰ জীৱনী আদি। আলোচনীৰ নাম হৈছে- জ্ঞান মঞ্জুৰী, সৃজনী আদি। বাতৰি-কাকতৰ নামবোৰ হৈছে- নিয়মীয়া বাৰ্তা, অসমীয়া প্ৰতিদিন, আমাৰ অসম আদি।

২। আজৰি সময়ত কি কি খেলিব পৰা যায়?

উত্তৰঃ আজৰি সময়ত কাবাদি, দবা, বেডমিণ্টন, ভলীবল, ফুটবল, কেৰম, দৌৰ আদি খেলিব পৰা যায়।

৩। আজৰি সময়ত কৰিব পৰা যিকোনো পাঁচটা কাম উল্লেখ কৰা।

উত্তৰঃ আজৰি সময়ত কৰিব পৰা যিকোনো পাঁচটা কাম হৈছে- ঘৰুৱা কাম-কাজ কৰা, খেলা-ধূলা কৰা, ছবি অঁকা, বাগিচাৰ কাম কৰা আৰু বাতৰি কাকত পঢ়া।

৪। বাতৰি-কাকত পঢ়াৰ ফলত কি কি লাভ হয়?

উত্তৰঃ বাতৰি কাকত পঢ়াৰ ফলত দেশ-বিদেশৰ বা-বাতৰি পাব পাৰি। তদুপৰি বাতৰি কাকতত থকা শিশু শিতানসমূহ পঢ়িলে বহুতো নজনা কথা জনাৰ উপৰি নিজৰ মনত সাধু, কাহিনী, কবিতা, প্ৰৱন্ধ আদি লিখাৰইচ্ছা জন্মে।

৫। ভ্ৰমণৰ উপকাৰিতাসমূহ লিখা।

উত্তৰঃ ভ্ৰমণৰ যোগেদি বহুত কথা শিকিব পৰাৰ উপৰি নিজ চকুৰে চাই আনন্দ উপভোগ কৰিব পাৰি। 

৬। আজৰি সময় বুলিলে কি বুজা? আজৰি সময়ত তুমি কি কি কৰি ভাল পোৱা?

উত্তৰঃ কোনো এটা কাম সম্পূৰ্ণ কৰাৰ পিছত আৰু আন এটা কাম আৰম্ভ কৰাৰ আগত যি সময়ৰ ব্য়ৱধান পোৱা যায় তাক আজৰি সময় বোলা হয়।

    মই আজৰি সময়ত কৰি ভাল পোৱা কামবোৰ হৈছে- খেলা-ধূলা কৰা, গান শুনা, বাতৰি কাকত পঢ়া, বাগিচাত কাম কৰা আদি।

Type: Pompi Hazarika