SVN Class 4 Science Chapter 13 সৰল যন্ত্ৰ। Question Answer

Chapter 13

সৰল যন্ত্ৰ

১। যন্ত্ৰ কাক বোলে?

উত্তৰঃ অংগ-পতংগৰে বলে নোৱাৰা কামবোৰৰ বাবে কিছুমান আহিলাৰ সহায় লওঁ। এনে আহিলাবোৰক যন্ত্ৰ বোলে।

২। সৰল যন্ত্ৰ কেইবিধ কি কি?

উত্তৰঃ সৰল যন্ত্ৰ তিনিবিধ হৈছে 一 লিভাৰ, চকা আৰু হেলনীয়া তল।

৩। চকা ব্য়ৱহাৰ কৰা কেইবিধমান যন্ত্ৰৰ নাম লিখা।

উত্তৰঃ চকা ব্য়ৱহাৰ কৰা কেইবিধমান যন্ত্ৰৰ নাম হৈছে 一 চাইকেল, মটৰ চাইকেল, গাড়ী আদি।

৪। হেলনীয়া তল কি? এই তলে আমাক কেনেদৰে সহায় কৰে?

উত্তৰঃ এখন কাঠ বা তেনে কোনো কঠিন বস্তুৰ এটা মূৰ সমতলত বা মাটিত ৰাখি আনটো মূৰ ওখকৈ ৰাখিলে এখন হেলনীয়া তল পোৱা যায়। এনে তল ব্য়ৱহাৰ কৰি চাপৰ ঠাইৰ পৰা ওখ ঠাইলৈ কম বল প্ৰয়োগ কৰি গধুৰ বস্তু চোঁচৰাই নিব পাৰি।

৫। ঘৰত ব্য়ৱহাৰ কৰা কেইবিধমান লিভাৰ শ্ৰেণীৰ সৰল যন্ত্ৰৰ নাম লিখা?

উত্তৰঃ ঘৰত ব্য়ৱহাৰ কৰা কেইবিধমান লিভাৰ শ্ৰেণীৰ সৰল যন্ত্ৰৰ নাম হৈছে 一 কেঁচী, চেপেনা, বেলচা, তামোল কটা চৰ্তা আদি।

Type – Boby Bora