SVN Class 4 Science Chapter 21 উদ্ভিদৰ আহাৰ । Question Answer

Chapter 21

উদ্ভিদৰ আহাৰ

১। তলত দিয়া উদ্ভিদবোৰে কোন অংশত খাদ্য় জমা ৰাখে লিখাঃ

তিচি, ধান, বাদাম, ওলকবি, চালগোম, বেঙেনা, পাতে-গজা, আদা, নহৰু।

উত্তৰঃ 

তিচি    –    বীজ

ধান    –    বীজ

বাদাম    –    বীজ

ওলকবি    –    শিপা

চালগোম    –    শিপা

বেঙেনা    –    ফল

পাতে-গজা    –    পাত

আদা    –    শিপা

নহৰু    –    শিপা।

২। কাঠফুলা, ভেকুৰ আদিয়ে কিয় আহাৰ তৈয়াৰ কৰিব নোৱাৰে ?

উত্তৰঃ কাঠফুলা, ভেকুৰ আদিত পত্ৰহৰিৎ নথকাৰ বাবে সিহঁতে আহাৰ প্ৰস্তুত কৰিব নোৱাৰে।

৩। তিনিবিধ পতংগভোজী উদ্ভিদৰ নাম লিখা।

উত্তৰঃ তিনিবিধ পতংগভোজী উদ্ভিদৰ নাম হৈছে 一 কলচি, ৰদ মকুতা আৰু দ্ৰ’ছেৰা।

৪। পত্ৰৰন্ধ্ৰ কাক বোলে? ইয়াৰ কাম কি?

উত্তৰঃ পাতত কিছুমান সৰু সৰু চকুৰে মনিব নোৱাৰা বিন্ধা থাকে। সেই বিন্ধাবোৰক পত্ৰৰন্ধ বোলে।

৫। কেকটাছৰ পাত নাথাকে যদিও ই খাদ্য় প্ৰস্তুত কৰিব পাৰে কিয় ?

উত্তৰঃ কেকটাছৰ পাত নাথাকে যদিও ইয়াৰ কাণ্ডত হৰিৎকণা থাকে। সেয়েহে ই খাদ্য় প্ৰস্তুত কৰিব পাৰে।

৬। এবিধ পৰজীৱী আৰু এবিধ মূতজীৱী উদ্ভিদৰ উদাহৰণ দিয়া ? 

উত্তৰঃ এবিধ পৰজীৱী উদ্ভিদৰ উদাহৰণ হৈছে – স্বৰ্ণলতা আৰু এবিধ মূতজীৱী উদ্ভিদৰ উদাহৰণ হৈছে – কাঠফুলা।

৭। শিপাত খাদ্য় জমা কৰি ৰখা দুবিধ উদ্ভিদৰ নাম লিখা।

উত্তৰঃ শিপাত খাদ্য় জমা কৰি ৰখা দুবিধ উদ্ভিদৰ নাম হৈছে 一 আদা আৰু আলু।

৮। খালী ঠাই পূৰ কৰাঃ

ক) পাতে খাদ্য় তৈয়াৰ কৰোঁতে কাৰ্বন-ডাই-অক্সাইড গেছ বায়ুৰ পৰা শুহি লয় আৰু অক্সিজেন গেছ এৰি দিয়ে।

খ) হৰিৎকণা থকা বাবে পাতৰ ৰং সেউজীয়া হয়।

গ) পাতৰ পৰা কাণ্ডৰে গোটাই গছজোপালৈ খাদ্য যায়।

Type – Boby Bora