SVN Class 6 Social Science Chapter 13 বৈদিক সভ্য়তা । Short Question Answer

 Chapter 13 

বৈদিক সভ্য়তা

১) আৰ্য শব্দৰ অৰ্থ কি?

উত্তৰঃ আৰ্য শব্দৰ অৰ্থ হ’ল শ্ৰেষ্ঠ।

২) বৈদিক সভ্য়তাৰ যুগক ঐতিহাসিকসকলে কেইটা ভাগত ভাগ কৰিছে আৰু কি কি?

উত্তৰঃ বৈদিক সভ্য়তাৰ যুগক ঐথিহাসিকসকলে দুটা ভাগত ভাগ কৰিছে। সেই কেইটা হৈছে- ‘ঋক্ বৈদিক যুগ’ আৰু ‘পৰৱৰ্তী বৈদিক যুগ’।

৩) সংহিতা বুলি কাক কোৱা হয়?

উত্তৰঃ দেৱ-দেৱীসকলৰ প্ৰাৰ্থনা আৰু স্তুতি লৈ যিবোৰ স্তোত্ৰ ৰচিত হৈছে তাক সংহিতা বুলি কোৱা হয়।

৪) আদি বৈদিক যুগৰ মানুহে কেনেকুৱা সাজ-পোছাক পৰিধান কৰিছিল?

উত্তৰঃ আদি বৈদিক যুগৰ মানুহে কপাহী আৰু ঊমেৰে তৈয়াৰী সাজ-পোছাক পৰিধান কৰিছিল।

৫) বৈদিক ধৰ্ম কেনেকুৱা?

উত্তৰঃ বৈাদিক ধৰ্ম অতি সহজ-সৰল।

৬) ‘পৰৱৰ্তী বৈদিক যুগ’টোক কেতিয়াৰপৰা ধৰা হয়?

উত্তৰঃ ‘পৰৱৰ্তী বৈদিক যুগ’টোকখ্ৰীঃ পূঃ ১২০০ ৰ পৰা ধৰা হয়। 

৭) সপ্তসিন্ধু কি?

উত্তৰঃ সপ্তসিন্ধু হ’ল সাতখন নদীৰ সমষ্টি।

৮) বৈদিক সভ্য়তা বুলি কোনটো সভ্য়তাক বুজা যায়?

উত্তৰঃ আৰ্যসকলে গঢ় দিয়া সভ্য়তাটোক বৈদিক সভ্য়তা বুলি বুজা যায়।

৯) বেদ শব্দৰ অৰ্থ কি?

উত্তৰঃ বেদ শব্দৰ অৰ্থ হ’ল জ্ঞান।

১০) আৰ্যসকলৰ কেনেকুৱা সমাজ আছিল?

উত্তৰঃ আৰ্যসকলৰ পিতৃপ্ৰধান সমাজ আছিল।

১১) আৰ্যসকলৰ পৰিয়ালক কি বুলি কোৱা হৈছিল?

উত্তৰঃ আৰ্যসকলৰ পৰিয়ালক ‘কুল’ বুলি কোৱা হৈছিল।

১২) আৰ্যসকলৰ পৰিয়ালৰ মুৰব্বীক কি বুলি কোৱা হৈছিল?

উত্তৰঃ আৰ্যসকলৰ পৰিয়ালৰ মুৰব্বীক ‘কুলাপা’ বুলি কোৱা হৈছিল।

১৩) আৰ্যসকলৰ প্ৰধান খেতি কি আছিল?

উত্তৰঃ আৰ্যসকলৰ প্ৰদান খেতি আছিল গম আৰু বাৰ্লি।

১৪) বেদ শব্দটো ক’ৰ পৰা আহিছে?

উত্তৰঃ সংস্কৃত ‘বিদ’ শব্দৰপৰাই বেদ শব্দটো আহিছে।

১৫) বৈদিক যুগত সমাজ আৰু ৰাষ্ট্ৰৰ মূল ভেঁটি কি আছিল?

উত্তৰঃ পৰপিয়ালেই আছিল বৈদক যুগত সমাজ আৰু ৰাষ্ট্ৰৰ মূল ভেঁটি।

১৬) ঋক্ বৈদিক যুগত জাতিভেদ প্ৰথা আছিলনে?

উত্তৰঃ নাই, ঋক বৈদিক যুগত জাতিবেদ প্ৰথা নাই।

১৭) বেদ কেইখন আৰু কি কি?

উত্তৰঃ বেদ চাৰিখন- ১) ঋকবেদ, ২) সামবেদ ৩) যৰ্জুবেদ আৰু ৪) অৰ্থব বেদ।

১৮) ঋক্ বৈদিক যুগত গাঁৱৰ মুখিয়ালজনক কি বোলা হৈছিল?

উত্তৰঃ ঋক্ বৈদিক যুগত গাঁৱৰ মুখিয়ালজনক ‘গ্ৰামণী’ বোলা হৈছিল।

১৯) সিন্ধু, শতদ্ৰু, বিপাশা, ইৰাৱতী, চন্দ্ৰভাগা, নিলম আৰু সৰস্বতী এই সাতখন নদীয়ে কি কি ঠাই সামৰি লৈছে?

উত্তৰঃ সিন্ধু, শতদ্ৰু, বিপাশা, ইৰাৱতী, চন্দ্ৰভাগা, নিলম আৰু সৰস্বতী এই সাতখন নদীয়ে কাশ্মীৰ, সিন্ধু প্ৰদেশ আৰু পঞ্জাবক সামৰি লৈছে।

২০) পূৰণি আৰ্যসকলে কাৰ লগত বাণিজ্য়িক লেন-দেন চলাইছিল?

উত্তৰঃ পূৰণি আৰ্যসকলে বেবিলনৰ লগতে বাণিজ্য়িক লেন-দেন চলাইচিল।

Type – Boby Bora