SVN Class 6 Social Science Chapter 18 আমাৰ মৌলিক প্ৰয়োজনসমূহ। Short Question Answer

Chapter 18

আমাৰ মৌলিক প্ৰয়োজনসমূহ

১) প্ৰাণীক আহাৰৰ প্ৰয়োজন কিয়?

উত্তৰঃ শৰীৰৰ বৃদ্ধি আৰু পুষ্টি সাধনৰ বাবে প্ৰাণীক আহাৰৰ প্ৰয়োজন।

২) আমাৰ মৌলিক প্ৰয়োজনবোৰৰ ভিতৰত অন্য়তম কি?

উত্তৰঃ আমাৰ মৌলিক প্ৰয়োোজনবোৰৰ ভিতৰত আহাৰ অন্য়তম।

৩) কিহৰ ওপৰত ভিত্তি কৰি মানুহৰ প্ৰধান আহাৰ ভিন ফভিন হ’ব পাৰে?

উত্তৰঃ ভৌগোলিক পৰিৱেশৰ ওপৰত ভিত্তি কৰি মানুহৰ প্ৰধান আহাৰ ভিন ভিন হ’ব পাৰে।

৪) অসমীয়া শিপিনীয়ে শালত সপোন ৰচে- এই কথাষাৰ কোনে কেতিয়া কৈছিল?

উত্তৰঃ অসমীয়া শিপিনীয়ে শালত সপোন ৰচে- কথাষাৰ মহাত্মা গান্ধীয়ে এবাৰ অসমলৈ আহোতে কৈছিল।

৫) বাসস্থানে আমাক কি দিয়ে?

উত্তৰঃ বাসস্থানে আমাক ৰ’দ-বতাহ-বৰষুণৰপৰা ৰক্ষা কৰাৰ উপৰি আশ্ৰয়, আৰাম আৰু নিৰাপত্তা প্ৰদান কৰে।

৬) আমাৰ মৌলিক প্ৰয়োজন কি?

উত্তৰঃ অন্ন, বস্ত্ৰ আৰু বাসস্তান- এই তিনিটা আমাৰ মৌলিক প্ৰয়োজন।

৭) মানুহক কিয় সাজ-পাৰৰ প্ৰয়োজন?

উত্তৰঃ লজ্জা নিবাৰণ আৰু শীত, ৰ’দ, বতাহ, ধূলি-মাকতিৰপৰা নিজক ৰক্ষা কৰিবলৈ সাজ-পাৰৰ প্ৰয়োজন।

৮) আদিম যুগৰ মানুহে কি খাই জীৱন নিৰ্বাহ কৰিছিল?

উত্তৰঃ আদিম যুগৰ মানুহে ফল-মূল, গছৰ আলু, জীৱ-জন্তুৰ মাংস, মাছ, পানী আদিকে খাই জীৱন নিৰ্বাহ কৰিছিল।

৯) খাদ্য় সামগ্ৰীৰ উৎপাদনত কিহে প্ৰভাৱ পেলায়?

উত্তৰঃ খাদ্য় সামগ্ৰীৰ উৎপাদনত প্ৰাকৃতিক পৰিৱেশ, জলবায়ু, মাটিৰ গুণাগুণ আৰু বৰষুণৰ প্ৰাচূৰ্যই প্ৰভাৱ পেলায়।

১০) আমাৰ কাপোৰৰ প্ৰধান উৎস কি?

উত্তৰঃ কপাহ, এৰী, মুগা, পাট, মৰাপাট আৰু ঊণ সূতা আমাৰ কাপোৰৰ প্ৰধান উৎস।

Typpe – Boby Bora