SVN Class 6 Social Science Chapter 25  স্থানীয় স্বায়ত্ত শাসন ব্য়ৱস্থা । Short Question Answer

Chapter 25

স্থানীয় স্বায়ত্ত শাসন ব্য়ৱস্থা

১) ভাৰতবৰ্ষৰ শাসন ব্য়ৱস্থাৰ গাঁথনিৰ নিম্নতম স্তৰত কি আছে?

উত্তৰঃ ভাৰতবৰ্ষৰ শাসন ব্য়ৱস্থাৰ গাঁখনিৰ নিম্নতম স্তৰত স্থানীয় চৰকাৰবোৰ আছে।

২) গাওঁ অঞ্চলৰ স্থানীয় শাসন ব্য়ৱস্থা কেনেকুৱা?

উত্তৰঃ গাওঁ অঞ্চলৰ স্থানীয় শাসন ব্য়ৱস্থা তিনিখলপীয়া।

৩) কিমান চনত গুৱাহাটী পৌৰ নিগম প্ৰথম গঠন কৰা হৈছিল?

উত্তৰঃ ১৯৪৭ চনত গুৱাহাটী পৌৰ নিগম প্ৰথম গঠন কৰা হৈছিল।

৪) মহানগৰ কাক বোলে?

উত্তৰঃ অতি ডাঙৰ নগৰক মহানগৰ বোলা হয়।

৫) স্থানীয় চৰকাৰবোৰ কেনেকুৱা অনুষ্ঠান?

উত্তৰঃ স্থানীয় চৰকাৰবোৰ গণতান্ত্ৰিক অনুষ্ঠান।

৬) পৌৰসভাৰ সভাপতিক কি বোলা হয়?

উত্তৰঃ পৌৰসভাৰ সভাপতিক পৌৰপতি বোলা হয়।.

৭) গ্ৰাম্য় আৰু পৌৰ স্থানীয় শাসন অনুষ্ঠানবোৰৰ কাৰ্যকাল কিমান বছৰ?

উত্তৰঃ গ্ৰাম্য় আৰু পৌৰ স্থানীয় সাসন ব্য়ৱস্থাবোৰৰ কাৰ্যকাল ৫ বছৰ।

৮) আঞ্চলিক পঞ্চায়তৰ কামকেইটামানৰ নাম উল্লেখ কৰা। 

উত্তৰঃ আঞ্চলিক পঞ্চায়তৰ কামকেইটামানৰ নাম হ’ল- সামাজিক-সাংস্কৃতিক  বিকাশৰ ব্য়ৱস্থা কৰা, শিশু আৰু পিছপৰা শ্ৰেণীৰ কল্য়াণৰ বাবে কাম কৰা, কৰ্মমুখী শিক্ষাৰ ব্য়ৱস্থা কৰা, ক্ষুদ্ৰ জলসিঞ্চন ব্য়ৱস্থাৰদ্বাৰা খেতিৰ পথাৰত পানীৰ যোগান ধৰা আদি।

৯) নগৰত কেতিয়া পৌৰসভা গঠন কৰা হয়?

উত্তৰঃ কোনো নগৰৰ জনসংখ্য়া দহ হাজাৰৰপৰা এক লাখৰ ভিতৰত হ’লেতেনে নগৰত পৌৰসভা গঠন কৰা হয়।

১০) জিলা এখনৰ সামগ্ৰিক উন্নয়নৰ দায়িত্ব কাৰ?

উত্তৰঃ জিলা এখনৰ সামগ্ৰিক উন্নয়নৰ দায়িত্ব জিলা পৰিষদৰ।

১১) আঞ্চলিক পঞ্চায়তৰ কামৰ তদাৰক কোনে কৰে?

উত্তৰঃ আঞ্চলিক পঞ্চায়তৰ কামৰ তদাৰক কৰে জিলা পৰিষদে।

১২) স্থানীয় চৰকাৰবোৰ কেনেকৈ গঠন কৰা হয়?

উত্তৰঃ স্থানীয় চৰকাৰবোৰ গণতান্ত্ৰিক পদ্ধতিৰে গঠন কৰা হয়।

১৩) নগৰৰ স্থানীয় চৰকাৰ বা অনুষ্ঠানবোৰৰ কাম গ্ৰাম্য় অনুষ্ঠানবোৰৰ লগত একেইনে?

উত্তৰঃ নগৰৰ স্থানীয় চৰকাৰ বা অনুষ্ঠানবোৰৰ কাম গ্ৰাম্য় অনুষ্ঠানবোৰৰ লগত কিছুমান ক্ষেত্ৰত বেলেগ।

১৪) নগৰ সমিতি ক’ত গঠন হয়?

উত্তৰঃ যিবোৰ নগৰৰ জনসংখ্য়া দহ হাজাৰতকৈ কম তেনেবোৰ নগৰত নগৰ সমিতি গঠন কৰা হয়।

১৫) মেয়ৰ বুলিলে কি বুজা?

উত্তৰঃ পৌৰ নিগমৰ সভাপতিক মেয়ৰ বুলি কোৱা হয়।

১৬) বৰ্তমান অসমত কি কি জনজাতিৰ বাবে সুকীয়া স্বায়ত্তসাশিত পৰিষদ গঠন কৰা হৈছে?

উত্তৰঃ বৰ্তমান অসমত কাৰ্বি জনজাতি, ডিমা হাচাও, বড়ো, মিচিং, ৰাভা, দেউৰী, তিৱা আদি জনজাতিৰ বাবে সুকীয়া স্বায়ত্তশাসিত পৰিষদ গঠন কৰা হৈছে।

১৭) বৰ্তমান গুৱাহাটীৰ জনসংখ্য়া কিমান?

উত্তৰঃ বৰ্তমান গুৱাহাটীৰ জনসংখ্য়া ১৫ লাখৰো অধিক।

১৮) গাওঁ পঞ্চায়তৰ সদস্য়ৰ সংখ্য়া কিমান?

উত্তৰঃ গাওঁ পঞ্চায়তৰ সদস্য়ৰ সংখ্য়া ১০ জন।

১৯) আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সদস্য়ৰ সংখ্য়া কিমান?

উত্তৰঃ আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সদস্য়ৰ সংখ্য়া নিৰ্দিষ্ট নহয়।

২০) কাউন্সিলৰ কাক বোলে?

উত্তৰঃ নিগমৰ সদস্য়সকলক কাউন্সিলৰ বোলা হয়।

Type – Boby Bora