SVN Class 6 Computer Course | Chapter 12 | এম-এচ-ৱৰ্ড | Question Answer Assamese Medium | অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 12

এম-এচ-ৱৰ্ড

অনুশীলনীঃ

১| MS word কি ?
উত্তৰঃ MS word হৈছে বৰ্তমান বিশ্বৰ আটাইতকৈ জনপ্ৰিয় আৰু বহুল ব্যৱহাৰ word processing চফটৱেৰ।

২| MS word ত কম্পিউটাৰ খোলাৰ স্তৰ কেইটা কি কি ?
উত্তৰঃ MS wordত কম্পিউটাৰ খোলাৰ স্তৰ চাৰিটা সেইকেইটা হ’ল
Start – All program – Ms-Office – Ms-Word.

৩| MS wordত কি কি কাম কৰিব পৰা যায় ?
উত্তৰঃ MS wordত চিঠি,তথ্য,দৰ্খাস্ত আদি টাইপ কৰিব পাৰি। জন্মদিনৰ কাৰ্ড, বিয়াৰ কাৰ্ড, শিক্ষক দিৱসৰ কাৰ্ড বনাব পাৰি।

৪| MS word ৰ File ৰ extension টো কি ?
উত্তৰঃ MS word ৰ File ৰ extension টো doc.

৫| Document এখন Print তুমি কনেদৰে কৰিবা ?
উত্তৰঃ Document এখন Print কৰিবলৈ হ’লে প্ৰথমে Office buttonত click কৰিব লাগিব। office buttonৰ ভিতৰত থকা print option ত click কৰিব লাগিব। এনে ক্ষেত্ৰত যিখন print window ওলাব তাত page range ৰ অধীনত page box ত print কৰিব লগা পৃষ্ঠাৰ নম্বৰ দিব লাগিব। যদি গোটেই file টো print কৰিব লগা হয় তেন্তে All ত click কৰিব লাগিব। যদি কাম কৰি থকা page টো print কৰিব লগা হয়, তেন্তে current page ত click কৰিব লাগিব। ইয়াৰ property লৈ গৈ paper size ত, পৃষ্ঠাপ আকাৰ A4, Legal নাইবা সুবিধা অনুসৰি জোখ দিব লাগিব। সকলো option প্ৰত্রোজন পূৰোৱাৰ পিছত OK button ত click কৰিলে print কৰিব খোজা পৃষ্ঠাকেইটা print হৈ ওলাই আহিব।

৬| MS wordত প্ৰথমবাৰৰ বাবে File save কৰাৰ পদ্ধতিটো লিখা |
উত্তৰঃ MS wordত প্ৰথমবাৰৰ বাবে File save কৰাৰ পদ্ধতিটো হ’ল এটা নতুন file বনোৱাৰ পাছত তাক ভৱিষ্যতে ব্যৱহাৰ কৰিবলৈ save কৰি ৰাখিব লাগে। ইয়াৰ বাবে office button ত click কৰি save as option ত click কৰিব লাগে। লগে লগে save as dialog box খোল খাব আৰু file name box ত file ৰ নাম এটা টাইপ কৰিব লাগে আৰু save button ত click কৰিলে file টো উপযুক্ত স্থানত save হৈ থাকিব।

৭| MS word ত আখৰ style সলাবলৈ তুমি কি কৰিবা |
উত্তৰঃ MS word ত আখৰ style সলাবলৈ প্ৰথমে আখৰ সমূহ select কৰি লৈ style button ত click কৰি প্ৰয়োজনীয় আখৰৰ style দিলৈ হ’ল।

৮| MS word ৰ document ত ছবি insert কৰিব পাৰিনে ? যদি পাৰি কেনেদৰে কৰিবা ?
উত্তৰঃ MS word ৰ document ত ছবি insert কৰিব পাৰি । insert কৰিব হ’লে প্ৰথমে insert tap ত click কৰি picture ত গৈ clip art ত click কৰিলে লগে লগে task page ৰ স্থানত insert clip art window ত দেখা পোৱা যাব।

৯| আখৰৰ ৰং কেনেদৰে সলনি কৰিবা ?
উত্তৰঃ আখৰৰ ৰং সলনি কৰিব হ’লে প্ৰথমে আখৰ সমূহ select কৰি লৈ text color button ত click কৰিলে এখন color pallet ওলাব। এই colour palette ৰ যিকোনো এটা ৰং select কৰিলে select কৰি থোৱা আখৰসমূহ ৰঙীন হৈ পৰিব।

Type: Pompi Hazarika