SVN Class 6 Computer Course | Chapter 3 | হাৰ্ডৱেৰ আৰু চফটৱেৰ | Question Answer Assamese Medium | অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 3

হাৰ্ডৱেৰ আৰু চফটৱেৰ

অনুশীলনীঃ
১। হাৰ্ডৱেৰ আৰু চফটৱেৰ বুলিলে কি বুজা ?
উত্তৰঃ হাৰ্ডৱেৰঃ হাৰ্ডৱেৰ হৈছে সেইখিনি অংশ, যাক চকুৰে দেখা যায় আৰু স্পৰ্শ কৰিব পৰা যায়। উদাহৰণ স্বৰূপে মনিটৰ, মাউচ, মাডাৰবৰ্ড, হাৰ্ড ডিস্ক ইত্যাদি। তাকে হাৰ্ডৱেৰ বুজা যায়।
চফটৱেপঃ কম্পিউটাৰৰ ভৌতিক অংগসমূহ হ’ল হাৰ্ডৱেৰ আৰু এই অংগসমূহ সূচাৰুৰূৰে চলিবলৈ যি নিৰ্দিশাৱলী দিয়া হয় তাক চফটৱেৰ বুজা যায়।

২। চফটৱেৰ কেইটা শ্ৰেণীত ভাগ কৰা হৈছে আৰু কি কি ?
উত্তৰঃ চৰ্ফটৱেৰ দুটা ভাগত ভাগ কৰা হৈছে।
সেইকেইটা হ’লঃ
(ক) চিষ্টেম চফটৱেৰ আৰু
(খ) এপ্লিকেশ্ব্যন চফটৱেৰ।

৩। চিষ্টেম চফটৱেৰৰ বিশেষত্ব কি ?
উত্তৰঃ চিষ্টেম চফটৱেৰৰ বিশেষত্ব হ’লঃ কম্পিউটাৰ এটাৰ আনুষংগিক সকলো অংগ বা হাৰ্ডৱেৰযোগ্য ব্যৱহাৰ আৰু সিহঁতৰ উপযুক্ত পৰিচালনাৰ বাবে যাৱতীয় সুবিধা প্ৰদান কৰা।
চিষ্টেম চফটৱেৰ বিশেষত্ব এটা হে লিখিচো আৰু আছে।

৪। এপ্লিকেশ্ব্যন চফটৱেৰৰ বিশেষত্ব কি ?
উত্তৰঃ এপ্লিকেশ্ব্যন চফটৱেৰৰ বিষেষত্ব হ’ল-
এপ্লিকেশ্ব্যন চফটৱেৰ কেৱল বেংকৰ হিচাপ, বতৰৰ আগজাননী দিয়া, ৰেলৰ টিকট কটা আদি কামত ব্যৱহাৰ কৰা হয় বেলেগ চফটৱেৰৰ ব্যৱহাৰ কৰা নহয়। কেৱল এপ্লিকেশ্ব্যন চফটৱেৰৰ ব্যৱহাৰ কৰা হয়।

৫। হার্ডৱেৰৰ দুটা উদাহৰণ দিয়া ?
উত্তৰঃ হাৰ্ডৱেৰৰ দুটা উদাহৰণ হ’লঃ মাউচ, মাডাৰবৰ্ড ।

৬। হার্ডৱেৰ আৰু চফটৱেৰৰ মাজৰ সম্পৰ্ক বহলাই লিখা।
উত্তৰঃ হাৰ্ডৱেৰৰ আৰু চফটৱেৰৰ মাজৰ সম্পৰ্ক হ’ল কম্পিউটাৰত হাৰ্ডৱেৰৰ নহলে চফটৱেৰৰ একো কাম কৰিব নোৱাৰি তেনেদৰে চউটৱেৰৰ নহলে হাৰ্ডৱেৰৰ একো কাম কৰিব নোৱাৰি। কম্পিউটাৰত কোনো কাৰ্য সমাধান কৰিব হ’লে হাৰ্ডৱেৰ আৰু চফটৱেৰ দুয়োটা প্ৰয়োজন হয় ইটোয়ে আনটোৰ অবিহনে চলিব নোৱাৰি। হাৰ্ডৱেৰ আৰু চফটৱেৰৰ মাজত এনেদৰে সম্পৰ্ক আছে।

৭। চিষ্টেম চফটৱেৰৰ মূল লক্ষ্য কি ?
উত্তৰঃ চিষ্টেম চৰ্ফটৱেৰৰ মূল লক্ষ্য হ’ল ব্যৱহাৰৰ কৰোঁতাক এপ্লিকেশ্ব্যন চফটৱেৰ লিখা কাৰ্যনিৰ্বাহ কৰাত সকসো পৰ্কাৰে সহায় কৰা আৰু হাৰ্ডৱেৰৰ সম্পদবোৰ যোগ্য ওপৰত চকু দিয়া।

৮। অপাৰেটিং চিষ্টেম (operating system) চিষ্টেম চফ্টৱেৰ নে এপ্লিকেশ্ব্যন চফ্টৱেৰ ? বর্ণনা কৰা ।
উত্তৰঃ অপাৰেটিং চিষ্টেমঃ অপাৰেটিং চিষ্টেম চফটৱেৰে কম্পিউটাৰ আৰু ব্য়ৱহাৰকাৰীজনৰ মাজত মধ্যস্থতাকাৰী হিচাপে কাম কৰে। অপাৰেটিং চিষ্টেম হ’ল পূৰ্বনিৰ্ধাৰিত কিছুমান প্ৰগেমৰ সমষ্টি। বিভিন্ন ধৰণৰ অপাৰেটিং চিষ্টেম বজাৰত পোৱা যায় আৰু আমি ইয়াৰ ভিতৰত আমৈৰ প্ৰয়োজনীয় অপৈৰেটিং চিষ্টেমটো বাছি লৈ ব্যৱহাৰ কৰিব লাগে। এইবোৰ ভিতৰত কিছুমান জনপ্ৰিয় অপাৰেটিং চিষ্টেম হ’ল- ms-dos, Windows, Windows 98,Windows 2000, Windows XP, Windows ME, UNIX, LINUX আদি। এইবোৰৰ ভিতৰত ms, Windows, LINUX ৰ ব্যৱহাৰ আটাইতকৈ বেছি। অপাৰেটিং চিষ্টেংৰ বিশেষত্ব হৈছে – ই কম্পিউটাৰটো ‘বুট’ কৰি নিদিয়ালৈকে তাক Application Software ৰ প্ৰয়োগ কৰিব নোৱাৰি।

৯। “চফটৱেৰ বিহীন কম্পিউটাৰ মৃত মানুহৰ দৰে” কথাষাৰ বুজাই লিখা ।
উত্তৰঃ “চফটৱেৰ বিহীন কম্পিউটাৰ মৃত মানুহৰ দৰে” কথাষাৰ সচা কাৰণ তাৰএটাৰ উদাহৰণ দিওঁ যেনেদৰে মানুহৰ পাণি আৰু খাদ্য নহলে জীয়াই থাকিব নোৱাৰি ঠিক তেনেদৰে কম্পিউটাৰট চফটৱেৰ নহলে একো কাম কৰিব নোৱাৰি কম্পিউটাৰ কাম বোৰ সূচাৰুৰূপে চলিবলৈ চফটৱেৰ প্ৰযোজন সেইবাবে চফটৱেৰ বিহীন কম্পিউটাৰ মৃত মানুহৰ দৰে।

১০। বতৰৰ আগজাননী, হিচাপ – নিকাচ, দোকানৰ সামগ্ৰীৰ হিচাপ আদিত কি চফটৱেৰ ব্যৱহাৰ কৰা হয় ?
উত্তৰঃ বতৰৰ আগজাননী,হিচাপ-নিকাচ,দোকানৰ সামগ্ৰীৰ হিচাপ আদিত এপ্লিকেশ্ব্যন চফটৱেৰ ব্যৱহাৰ কৰা হয়।

১১। সত্য / অসত্য লিখা ।
(ক) কম্পিউটাৰৰ হাৰ্ডৱেৰৰ অংশ আমি হাতেৰে চুব পাৰোঁ।
উত্তৰঃ সত্য।

(খ) মাউচ হ’ল কম্পিউটাৰৰ চফটৱেৰ ।
উত্তৰঃ অসত্য।

(গ) প্রগ্রেম হ’ল কম্পিউটাৰৰ হাৰ্ডৱেৰ ।
উত্তৰঃ অসত্য।

(ঘ) চফটৱেৰ হ’ল প্রগ্রেম আকাৰত লিখা তথ্য ।
উত্তৰঃ অসত্য।

(ঙ) এম. এচ. অফিচ (MS – Office) হ’ল হার্ডৱেৰৰ উদাহৰণ।
উত্তৰঃ অসত্য।

১২। অপাৰেটিং চিষ্টেম (operating system) মানে কি বুজা ?
উত্তৰঃ অপাৰেটিং চিষ্টেম মানে হৈছে এক চিষ্টেম ছফ্টৱেৰ যাক কম্পিউটাৰ ষ্টাট হোৱাৰ বাবে প্ৰয়োজন হয় আৰু ই হৈছে হাৰ্ডৱেৰ আৰু ব্যৱহাৰকৰ্তাৰ মাজৰ এক অনুবাদক।

১৩। অপাৰেটিং চিষ্টেমৰ (operating system) বিশেষত্ব কি ?
উত্তৰঃ অপাৰেটিং চিষ্টেংৰ বিশেষত্ব হৈছে – ই কম্পিউটাৰটো ‘বুট’ কৰি নিদিয়ালৈকে তাক Application Softwareৰ প্ৰয়োগ কৰিব নোৱাৰি।

Type: Pompi Hazarika