SEBA Class 9 Maths Solution Chapter 12। হিৰণৰ সূত্ৰ । অনুশীলনী 12.2 Question Answer

অনুশীলনী 12.2

1. চতুৰ্ভূজ আকৃতিৰ এখন উদ্য়ানৰ ABCD ৰ ∠C = 90°, AB = 9 m, BC = 12 m, CD = 5 m আৰু AD = 8 m। ই কিমান মাটিকালি আগুৰি আছে?

2. এটা চতুৰ্ভূজ ABCD ৰ AB = 3cm , BC = 4cm, CD = 4cm আৰু DA = 5cm আৰু AC = 5cm। ইয়াৰ কালি উলিওৱা।

3. চিত্ৰত দেখুৱাৰ দৰে ৰাধাই ৰঙীন কাকতেৰে এৰোপ্লেনৰ এটা চিত্ৰ তৈয়াৰ কৰিলে। তেওঁ ব্যৱহাৰ কৰা কাকতৰ মুঠ কালি উলিওৱা।

4. এটা ত্ৰিভূজ আৰু এটা সামান্তৰিকৰ ভূমি একে আৰু কালিও একে। যদি ত্ৰিভূজটোৰ বাহুকেইটা 26cm, 28cm আৰু 30cm আৰু সামান্তৰিকটো 28cm ভূমিৰ ওপৰত অৱস্থিত তেন্তে সামন্তৰিকটোৰ উচ্চতা নিৰ্ণয় কৰা।

5. এখন ৰম্বাচ আকৃতিৰ পথাৰত 18 জনী গাই গৰুৱে খাবৰ কাৰণে সেউজীয়া ঘাঁহ আছে। যদি ৰম্বাচটোৰ প্ৰতিটো বাহুৱেই 30 মি আৰু ইয়াৰ দীৰ্ঘতম কৰ্ণটো 48 মি, তেন্তে প্ৰতিজনী গাই গৰুৱে ঘাঁহনিখনৰ মুঠ কালিৰ অংশ কিমানকৈ পাব?

6. দুটা বেলেগ ৰঙৰ ত্ৰিভূজ আকৃতিৰ 10 টা কাপোৰৰ টুকুৰা সী এটা ছাতি তৈয়াৰ কৰা হৈছে। প্ৰতিটো কাপোৰৰ টুকুৰাৰ জোখ 20cm, 50cm আৰু 50cm। ছাতিটোৰ বাবে পৰতিটো ৰঙৰ কাপোৰ কিমানকৈ লাগিছে।

7. বৰ্গ আকৃতিৰ এখন চিলাৰ কৰ্ণ 32cm আৰু ইয়াৰ লগত 8 cm ভূমি আৰু 6cm জোখৰ দুটা বাহুৰে এটা সমদ্বিবাহু ত্ৰিভূজ সংযুক্ত কৰা আছে। যদি চিলাখনক চিত্ৰত দেখুওৱাৰ ধৰণেৰে তিনিটা বিভিন্ন ৰং দি ৰং কৰা হয়, তেন্তে প্ৰতিটো ৰঙৰে কিমানকৈ কাকত ইয়াত ব্য়ৱহাৰ হ’ব?

8. এখন মজিয়াত থকা এটা ফুলৰ চানেকী 16 খন ত্ৰিভূজ আকৃতিৰ টাইলেৰে গঠিত। প্ৰতিটো ত্ৰিভূজৰ বাহুবোৰ 9 চেমি., 28 চেমি আৰু 35 চেমি প্ৰতি বৰ্গ চেণ্টিমিটাৰত 50 পইচা হাৰত টাইলচবোৰ পালিচ কৰিবলৈ খৰছ কিমান পৰিব লিখা।

9. ট্ৰেপিজিয়াম আকৃতিৰ এখন পথাৰৰ সমান্তৰাল বাহুবোৰ 25 মি. আৰু 10 মি.। অ-সমান্তৰাল বাহু দুটা 14 মি. আৰু 13 মি.। পথাৰখনৰ কালি উলিওৱা।

Type – Boby Bora