অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি । Class 10 Assamese Lesson 8 Question and Answer | SEBA Class X Assamese Chapter 8 Solution | Class 10 Assamese Chapter 8 | দশম মান শ্ৰেণীৰ অসমীয়া অধ্যায় ৮ অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি

ভাব বিষয়কঃ

১। অতি চমু উত্তৰ লিখা ?

(ক) ত্রয়ােদশ শতিকাত অসমলৈ অহা বহিৰাগত গােষ্ঠী কোনটো ?

উত্তৰঃ ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠীটো হ’ল- মংগোলীয় গোষ্ঠী।

(খ) প্রাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্রসিদ্ধ আছিল ?

উত্তৰঃ প্ৰাচীন কালৰে পৰা অসম দেশ যাদু – মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে প্ৰসিদ্ধ আছিল।

(গ) কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে ?

উত্তৰঃ ভাষিক সংমিশ্ৰণে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে।

(ঘ) সকলােকে বান্ধি থােৱা এনাজৰীডাল কি আছিল ?

উত্তৰঃ সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল – অসমীয়া ভাষা।

(ঙ) অসমৰ মঙ্গোলীয় গােষ্ঠীৰ লােক কোনবিলাক ?

উত্তৰঃ অসমৰ মঙ্গোলীয় গোষ্ঠীৰ লোক হল আহোমসকল।

২। চমু উত্তৰ লিখাঃ

(ক অসমীয়া জনগােষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায় ?

উত্তৰঃ অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে ঘাইকৈ কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদি অনাৰ্য জাতিক বুজায়।

(খ) কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল ?

উত্তৰঃ ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈ অসমৰ বিদ্যালয়ত বঙাল ভাষা চলিছিল।

(গ) চাহ – উদ্যোগৰ কৰ্মীসকল কোন ? তেওঁলােক ক’ৰ ক’ৰ পৰা অসমলৈ আহিছিল ?

উত্তৰঃ চাহ উদ্যোগৰ কৰ্মীসকল হৈছে – চাওঁতাল, কুৰ্মি, মোছহৰ, মুণ্ডা তেলেঙ্গা, হো, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি।

তেওঁলোক বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহিছিল।

(ঘ) পাঠটিত থকা খাদ্য-বস্তুৰ এখন তালিকা প্রস্তুত কৰা ।

উত্তৰঃ পাঠটিত থকা খাদ্য-বস্তুৰ এখন তালিকা হ’ল- পাৰাথা, পোলাও, কোৰ্মা-কোপ্তা, কে’ক-বিস্কুত, ৰুটি, ৰসগোল্লা, লাল-মোহন, চিঙ্গাৰা, লুচি-পুৰী, ডচা, চাম্বাৰ, ইড্লি।

৩। অসমৰ পুৰণি সাহিত্যৰ সমলবােৰ কি কি ?

উত্তৰঃ অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ হৈছে – অলিখিত গৰখীয়া নাম, নিচুকণি গীত, নাও খেলোৱা গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত, দেহ বিচাৰৰ গীত, মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচন আদি।

৪। অসমৰ বৈচিত্রপূর্ণ জনগােষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতি বৈশিষ্ট্য বা পৰিছে । -কথাষাৰৰ গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগােষ্ঠীৰ বৈচিত্র্যৰ কথা বর্ণনা কলা ।

উত্তৰঃ অসমৰ বৈচিত্ৰ্য়পূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে।

অসমদেশ হল বিভিন্ন জাতি-উপজাতি, ভাষা-ভাষীলোকৰ সমন্বয়স্থলী। আৰ্য-অনাৰ্য আটায়ে নিজৰ বিভিন্নতা পাহৰি সমন্বয়ৰ ডোলেৰে এনে ভাৱে বান্ধ খাই পৰিল যে অসম ভূমি হৈ পৰিল একতা আৰু সাম্যভাৱৰ ৰম্যভূমি। ত্ৰয়োদশ শতিকাৰ পৰাই অসম আছিল বিভিন্ন জাতি – গোষ্ঠীৰ লোকৰ প্ৰব্ৰজনৰ মূল ঠাই। সেইকালতেই সাত-সাগৰ, তেৰ-নদী পাৰ হৈ হুকং উপত্যকাৰ পৰা অহা আৰু চীন দেশৰ দক্ষিণ, পশ্চিম অংশৰ পৰা অহা মংগোলীয় বহিৰাগত গোষ্ঠীয়েই তাৰ সাক্ষ্যবহন কৰে। ইয়াৰ পাছৰে পৰা নানাটি দিশৰ পৰা অহা নানাটি প্ৰব্ৰজনে অসম বুৰাই পেলালে। কোনোবাই দেশজয় কৰিবলৈ আহিল, কোনোবা যুদ্ধবন্দীস্বৰূপে ৰল, কোনোবা বেপাৰ-বাণিজ্য সূত্ৰে বহি ললে। আন কোনোবা আকৌ পূজা – পাৰ্বন তথা তীৰ্থ সংক্ৰান্তত আহিল। সেই সময়ত বাহিৰৰ পৰা অহা মানুহবোৰে যি ঠাইৰ পৰা মূলতে আহিছিল সেই ঠাইৰ লগত সম্বন্ধ ছেদ কৰি এই দেশৰ ভাষা-সংস্কৃতি ক্ৰমান্বয়ে গ্ৰহণ কৰিবলৈ ধৰিলে। এয়া আছিল এটা সংস্কৃতিসম্পন্ন জাতি আন এটা সংস্কৃতিসম্পন্ন জাতিৰ লগত জাহ যোৱাৰ ব্যৱস্থা। ইয়াৰোপৰি আহোম, মুছলমান আৰু উত্তৰ ভাৰতীয় ব্ৰাক্ষণ ক্ষত্ৰিয়সকলৰ সংস্কৃতিগত অৱদানে প্ৰনিধানযোগ্য।

৫। বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰিও পৰিল । ইয়াত কি ঔদ্যোগিক আবেষ্টনীৰ কথা উঞ্চোখ কৰিছে আৰু কোনে , কিহৰ বালে আতৰি পৰাৰ কথা কৈছে — পাঠৰ আলমত বিচাৰ কৰা ।

উত্তৰঃ ঔদ্যোগিক আবেষ্টনী বুলি লেখকে ব্ৰিটিছসকলে অসমত প্ৰতিষ্ঠা কৰা চাহ উদ্যোগৰ কথা কৈছে।

ব্ৰিটিছসকলে অসমত চাহ উদ্যোগ স্থাপন কৰাৰ লগে লগে চাহ বাগানবিলাকত কাম কৰিবৰ বাবে বৃহৎ সংখ্যক কঠোৰ পৰিশ্ৰমী লোকৰ প্ৰয়োজন হৈছিল। এই লোকসকল আহিছিল বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা। জাতিত এওঁলোক আছিল চাওঁতাল, কুৰ্মি, তাঁতী ইত্যাদি। সময়ৰ সোঁতত এই লোকসকলে নিজৰ কৃষ্ট-সংস্কৃতি কিছু সংৰক্ষণ কৰি হলেও অসমীয়া মাত-কথা গ্ৰহণ কৰি থলুৱা লোকৰ আচাৰ-নীতি, সাজ-পাৰ গ্ৰহণ কৰি অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈ অসমৰ আৰ্থিক উন্নয়নত অৰিহণা যোগালে। কিন্ত এওঁলোকক শিক্ষা দিয়াৰ কাৰণে উপযুক্ত ব্যৱস্থা নোলোৱাৰ বাবে এওঁলোক অনগ্ৰসৰ হৈ ৰল। থলুৱা সংস্কৃতিৰ লগত খাপ খোৱাত যথেষ্ট পলম হল। এনেদৰে এটা বাগানীয়া পৰিসৰৰ মাজত থকাৰ বাবে তেওঁলোক থলুৱা সংস্কৃতিৰ পৰা আঁতৰি পৰিল।

৬। এটা সংমিশ্রিত -সংস্কৃতিসম্পন্ন জাতি , ইয়াক নই কৰাৰ কোনাে যুক্তি – তর্কন অবকাশ নাই ।’ ইয়াত লিখকে কাক আৰু কি সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে । নুই কৰাৰ কোনাে যুক্তি তর্কৰ অৱকাশ নাই বােলা কথাষাৰৰ সত্যাসত্য বিচাৰ কৰা ।

উত্তৰঃ ইয়াত লেখকে বৃহৎ অসমীয়া জাতিটোক এটা সংমিশ্ৰিত সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে।

অসমীয়া জাতীয় সংস্কৃতি প্ৰকৃততে বাৰে বৰণীয়া সাংস্কৃতিক উপাদানেৰে গঢ়ি উঠিছে। অসমলৈ বহিৰাগত হৈ অহা আহোম, মোগল, ভাৰতৰ অন্যান্য ৰাজ্যৰ লোকসকল একত্ৰিত হৈ পৰিল। একে ভৌগোলিক পৰিৱেষ্টনীত থাকি এটা সম্প্ৰদায়ে আনটো সম্প্ৰদায়ৰ দ্বাৰা পভাৱান্বিত হবলৈ ধৰিলে। এনেদৰে অসমীয়া জাতিটোৱে এটা সংস্কৃতিসম্পন্ন জাতিৰূপে পৰিচয় পালে। ভাষিক সংমিশ্ৰণে অসমীয়া জাতি আৰু সংস্কৃতি বেছি কটকটীয়াকৈ বান্ধি পেলালে। সেয়েহে অসমীয়া জাতিটোয়ে এটা সংমিশ্ৰিত সংস্কৃতিসম্পন্ন জাতি ইয়াক নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অৱকাশ নাই।

৭। লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল । ‘ – কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল ? এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা ।

উত্তৰঃ সংমিশ্ৰিত সংস্কৃতি সম্পন্ন জাতি বাবে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল।

ত্ৰয়োদশ শতিকাত হুকং উপত্যকাৰ পৰা অহা আৰু চীন দেশৰ দক্ষিণ-পশ্চিম ্ঞ্চলৰ পৰা অহা মংগোলীয় বহিৰাগত গোষ্ঠীৰ কাৰণে অসমেই আছিল স্থিতি লোৱা স্থান। ঘাইকৈ কছাৰী, চুটীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদিৰ বসতি স্থান। বাহিৰৰ পৰা অহা লোকসকল বিভিন্ন কাৰণত অসমলৈ আহিছিল। কোনোবা আহিছিল দেশ জয় কৰিবলৈ, কোনোবা বেপাৰ-বাণিজ্য সূত্ৰে, কোনোবা আকৌ পূজা-পাৰ্বণ আৰু তীৰ্থ সংক্ৰান্তত অসমলৈ আহিছিল। সকলোৱে নিজ নিজ ধৰ্ম আচৰণ কৰি নিজ নিজ সংস্কৃতি ৰক্ষা কৰিবলৈ ললে। সেই সময়ত বাহিৰৰ পৰা অহা মানুহবোৰ যি ঠাইৰপৰা মূলতে আহিছিল সেই ঠাইৰ লগত সম্বন্ধ ছেদ কৰি এি দেশৰ ভাষা সংস্কৃতি ক্ৰমান্বয়ে গ্ৰহণ কৰিবলৈ ধৰিলে। গতিকে এই সকলো লগলাগি বৃহৎ অসমীয়া জাতি গঢ়ি উঠিল। লগে লগে সংস্কৃতি ৰূপান্তৰ ঘঠিল। খোৱা বস্ত আৰু ৰন্ধন প্ৰকৰণৰো সাল-সলনি হল। পোছাক-পৰিচ্ছদতো পৰিৱৰ্তনে দেখা দিলে। এইয়া আছিল দিয়া-লোৱা আৰু এৰা-ধৰাৰ ব্যৱস্থা যিটো কোনোৱে কাকো জাপি দিয়া নাছিল।

৮ | তাৎপর্য ব্যাখ্যা কৰাঃ

(ক) দেখা যায় সকলােকে বান্ধি থােৱা এনাজৰীডাল আছিল অসমীয়া ভাষা ।

উত্তৰঃ ”দেখা যায় যে, সকলোকে বান্ধি থোৱা, এনাজৰীজাল আছিল – অসমীয়া ভাষা।”

– অসমীয়া ভাষাই যে অসমৰ সমূহ জাতি-উপজাতিক একত্ৰিত কৰি বান্ধি ৰাখিছে, সেই কথা উক্ত কথাফাঁকিৰ দ্বাৰা বুজোৱা হৈছিল।

অসমত নানা ধৰ্মৰ, নানা ভাষাগোষ্ঠীৰ লোকে বাস কৰে। মিচিং, কছাৰী, তিৱা, কাৰ্বি, দেউৰী, বড়ো আদি সম্প্ৰদায়ে নিজ নিজ দোৱান বা উপভাষা জীয়াই ৰাখিছে যদিও তেওঁলোকে উমৈহতীয়া ভাষাৰূপে গ্ৰহণ কৰিছিল। মেঘালয়, নাগালেণ্ড, অৰুণাচলকে ধৰি সমগ্ৰ অঞ্চলৰ সামূহিক ভাষাৰূপে অসমীয়া ভাষাই ভৌগোলিক, সামাজিক বিভিন্নতাৰ মাজত সেঁতু গঢ়িছিল। অসমত বাস কৰা সকলো লোকেই অসমীয়া আৰু তেওঁলোকৰ মাতৃভাষাও অসমীয়া। ভিন ভিন সংস্কৃতি সম্পন্ন হলেও একভাষিক চেতনাই সকলোকে এক কৰি ৰখাত মুখ্য ভূমিকা গ্ৰহণ কৰিছে।

(খ) এই গােটেইবােৰ হ’ল স্বতঃপ্রণােদিতভাৱে হােৱা প্রক্রিয়া ।

উত্তৰঃ উক্ত কথাফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্যঅন্তৰ্গত আব্দুছ ছাত্তাৰৰ ৰচিত অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি নামৰ পাঠটোৰ পৰা তুলি অনা হৈছে।

ব্ৰিটিছসকল অসমলৈ অহাৰ পিছৰে পৰা বিভিন্ন ধৰ্মাৱলম্বী আৰু ভাষাগোষ্ঠীৰ লোকৰ মাজত বিভিন্ন দিশত একতাৰ বান্ধোন কেনেদৰে সুদৃঢ় হৈছিল, সেই কথাখিনিতে উক্ত কথাফাঁকি মাজেদি লেখকে বুজাব বিচাৰিছে।

স্বতঃপ্ৰণোদিত অৰ্থাৎ কোনো জোৰ-জুলুম নোহোৱাকৈ নিজৰ ইচ্ছা অনুসৰি গ্ৰহণ কৰা প্ৰক্ৰিয়া। লিখকৰ মতে সংস্কৃতি হল স্বাভাৱিকভাৱে গঢ়ি উঠা বিভিন্ন কৃষ্টিৰ উমৈহতীয়া ৰূপ। বিভিন্ন সময়ত অসমলৈ নানা জাতি-জনগোষ্ঠীলোকৰ আগমন ঘটিছিল। সংস্কৃতি সম্পন্ন এই গোষ্ঠীবোৰে সময়ৰ সোঁতত নিজা ভাষা সংস্কৃতি এৰি অসমীয়া ভাষা সংস্কৃতি গ্ৰহণ কৰিছিল। ৰীতি-নীতি,আচাৰ-ব্যৱহাৰ, পোছাক-পৰিচ্ছদ সকলোতে পৰিৱৰ্তন আহিল। বংগদেশৰ ৰসগোল্লা, লালমোহন আদি নানা মিঠাইৰ প্ৰচলন হল। হিন্দু মুছলমান সকলোৱে অংশগ্ৰহণ কৰিবলৈ ধৰিলে।

(গ) এইয়া আছিল দিয়া – লােৱা আৰু এৰা – ধৰাৰ ব্যবস্থা ।

ভাষা বিষয়কঃ

১। সন্ধি ভাঙা ?

সংস্কৃতি , জলাঞ্জলি , স্বাধীন ।

উত্তৰঃ সংস্কৃতি = সম + কৃতি।

 জলাঞ্জলি = জল + অঞ্জলি।

 স্বাধীন = স্ব + অধীন।

২। প্র ’ উপসর্গ লগ লগাই তিনিটা শব্দ গঠন কৰা ।

উত্তৰঃ প্ৰ উপসৰ্গ তিনিটা শব্দ হল – প্ৰয়োগ, প্ৰগতি, আৰু প্ৰণাম।

৩। বাক্য ৰচনা কৰাঃ

ভাষা – সংস্কৃতি , পূজা – পার্বণ , বেপাৰ – বাণিজ্য , সহজ – সৰল , দিয়া – লােৱা , এৰা – ধৰা ।

উত্তৰঃ ভাষা-সংস্কৃতি:- অসমত বসবাস কৰা প্ৰতিটো জাতি-জনগোষ্ঠীৰ একোটাকৈ নিজা ভাষা-সংস্কৃতি আছে।

পুজা-পাৰ্বন :- হিন্দু সমাজৰ বাহ্মণসকলে পুজা-পাৰ্বনত মুখ্য ভূমিকা পালন কৰে।

বেপাৰ-বাণিজ্য :- বেপাৰ-বাণিজ্যিৰ বিস্তাৰে অৰ্থনৈতিক পৰিৱৰ্তন সূচনা কৰে।

সহজ-সৰল :- সহজ-সৰল লোকে আনৰ সুখত নিজৰ সুখ অনুভৱ কৰে।

দিয়া-লোৱা :- যেতিয়া এজনী ছোৱালীৰ বিবাহ কাৰ্য সম্পন্ন কৰা হয় তেতিয়া অসমীয়া সমাজত কিছুমান দিয়া-লোৱা কাৰ্য কৰা হয়।এৰা-ধৰা :- যিকোনো এটা সম্পৰ্ক দীঘলীয়া ভাৱে চলাই নিবলৈ হ’লে সৰু সৰু কথা কিছুমান এৰা-ধৰা কৰিবলগীয়া হয়।