ইনটাৰনেটৰ তিতা-মিঠা । Lesson 9 | Class 10 Assamese Chapter 9 Question and Answer | SEBA Class 10 Assamese Lesson 9 Solution | দশম মান শ্ৰেণীৰ অসমীয়া অধ্যায় ৯ ইনটাৰনেটৰ তিতা-মিঠা পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

ইনটাৰনেটৰ তিতা-মিঠা

ভাব – বিষয়কঃ

১। চমুকৈ উত্তৰ লিখা ?

(ক) দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল ?

উত্তৰঃ নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হোৱা বাবে আৰু তাইৰ জ্ঞানৰ পৰিধি যাতে অসীমলৈ বিস্তাৰিত হয়। সেইবাবে দেউতাকে কুঁৱলীক কম্পিউটাৰ উপহাৰ দিছিল।

(খ) ইণ্টাৰনেট কি ?

উত্তৰঃ ইন্টাৰনেট হ’ল- কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী এক ব্যৱস্থা। ‘Interconnection of Networks’-এই শব্দকেইটাৰ প্ৰথম অংশৰ সংযোজন ঘটি ‘Internet’ শব্দৰ সৃষ্টি হৈছে। ইয়াক চমুকৈ নেট (Net) বুলিও কোৱা হয়।

(গ) কুঁৱলীয়ে প্রথমে কালৈ ই – মেইল কৰিছিল ?

উত্তৰঃ কুঁৱলীয়ে প্ৰথমে তাইৰ অন্তৰংগ বান্ধৱী শ্বেৰণলৈ ই-মেইল কৰিছিল।

(ঘ) পূজাৰ বন্ধত কুঁৱলীহঁতে ক’লৈ যােৱাৰ সিদ্ধান্ত লৈছিল ?

উত্তৰঃ পূজাৰ বন্ধত কুঁৱলীহঁতে দক্ষিণ ভাৰতৰ পিনে ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত লৈছিল।

(ঙ) ভাইৰাচ কি ?

উত্তৰঃ ভাইৰাছ হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰেম। Virus ৰ সম্পূৰ্ণ নাম হ’ল ‘Virus information resources under seize’.

২। WWW বা ৱেব কি ?

উত্তৰঃ পৃথিৱীজুৰি সিঁচৰিত হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰৰ সংলগ্ন বিভিন্ন তথ্য-পাতিৰ সামূহিক ভাণ্ডাৰ হৈছে ৱেব। ইয়াৰ WWW অৰ্থাৎ সম্পুৰ্ণ ৰূপ `ৱৰ্ল্ড ৱাইড ৱেব’ (World wide web) বোলে। WWW- ত তথ্যবোৰ পাঠ, গ্ৰাফিকছ, ভিদিঅ’ আৰু অদিঅ’ৰ মাধ্যমত থাকে আৰু সেইবোৰ সহজে ৱেবৰ পৰা আহৰণ কৰিব পাৰি।

৩। কুঁৱলীয়ে ই – মেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কি কথা জানিব পাৰিলে ?

উত্তৰঃ কুঁৱলীয়ে ই-মেইলৰ জৰিয়তে বন্ধু-বান্ধৱীৰ পৰা তেওঁলোকৰ দেশ ভ্ৰমণৰ চাক্ষুস অভিজ্ঞতা তথা নিজস্ব দৃষ্টিভংগীৰ এক ৰোমাঞ্চক সোৱাদ লাভ কৰিব পাৰিলে।

৪। ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি নতুন অভিজ্ঞতা আহৰণ কৰিলে ?

উত্তৰঃ ইন্টাৰনেটৰ সহায়ত কুঁৱলীয়ে ন ন অভিজ্ঞতা অৰ্জন কৰিলে। ইন্টাৰনেটৰ বিভিন্ন ৱেবচাইটসমূহৰ পৰা তাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বিষয়েও শিকি ল’লে। তাই ই-মেইলৰ আৰু ভিদিঅ’ কলিঙ আৰু বহুত ধৰণৰ অভিজ্ঞতা আহৰণ কৰিলে।

৫। ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে ?

উত্তৰঃ ভাইৰাছ (Virus) ৰ সম্পূৰ্ণ ৰূপ হৈছে `Vital information resources under seize’। ই হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰেম। ই নিজকে কম্পিউটাৰত থকা সুস্থ প্ৰগেম বা ফাইলৰ লগত সংযুক্ত কৰি সেইবোৰত বিজুতি ঘটাব পাৰে। আকৌ মূল ব্যৱহাৰকাৰীজনৰ অজ্ঞাতে বা অনুমতি নোলোৱাকৈ।

৬। ইণ্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে । ” কথাষাৰৰ বক্তা কোন ? ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা ।

উত্তৰঃ ”ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে।”- কথাষাৰৰ বক্তা হল শ্বাৱানা বাইদেউ।

ইণ্টাৰনেটৰ মিঠা সুবিধাসমূহ হৈছে – (১) ইণ্টানেটৰ জৰিয়তে বহুতো নজনা কথা শিকাৰ লগতে ঘৰতে বহি দেশ-বিদেশৰ বাতৰি নিমিষতে লাভ কৰিব পাৰি।

(২) ই-মেইল তথা ভিডিঅ কলিঙৰ জৰিয়তে বিভিন্ন ঠাইৰ মানুহৰ সৈতে যোগাযোগ তথা বন্ধুত্ব স্থাপন কৰিব পাৰি।

(৩) বহুতো শৈক্ষিক কাৰ্যক্ৰমৰ লগতে নীতিশিক্ষা পাব পৰা চিনেমা, চিৰযুগমীয়া গান, খেল আদি উপভোগ কৰি ইণ্টাৰনেটৰ পৰা মনোৰঞ্জন লাভ কৰিব পাৰি।

আৰু অসুবিধাসমূহ হৈছে – (১) ইণ্টাৰনেটৰ প্ৰতি অত্যাধিক আসক্তিয়ে ছাত্ৰ – ছাত্ৰীৰ পঢ়া – শুনাৰ প্ৰতি মনোযোগ কমাই আনিছে।

(২) ছচিয়েল মিডিয়াৰ অত্যাধিক প্ৰয়োগত ব্যস্ত থাকি আজিৰ প্ৰজন্মৰ বিভিন্ন কিতাপ-আলোচনী আৰু খেলা – ধূলাৰ লগত সম্পৰ্ক নোহোৱা হৈছে।

(৩) ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে আজিৰ প্ৰজন্মক পৰিয়াল তথা আপোনজনৰ পৰা বিচ্ছিন্ন কৰিছে। যিয়ে তেওঁলোকক অসুস্থ আৰু কৰ্মবিমুখ কৰি তুলিছে।

(৪) ইণ্টাৰনেটত প্ৰচাৰ হোৱা কিছুমান ভুৱা বাতৰিয়ে সমাজত ভয়ানক সমস্যাৰ সৃষ্টি কৰিছে।

৭। ইণ্টাৰনেটৰ তিতা – মিঠা ’ গল্পটোৰ নামকৰণৰ সার্থকতা বিচাৰ কৰা ।

উত্তৰঃ ড॰ প্ৰণয়ী দত্তৰ দ্বাৰা ৰচিত ইণ্টাৰনেটৰ তিতা – মিঠা নামৰ গল্পটোৰ নামাকৰণ সঠিকভাৱেই হৈছে বুলি কব পাৰি। পৃথিৱীৰ সমস্ত জ্ঞানৰ ভাণ্ডাৰৰূপে আধুনিক জগতত পৰিচিত ইণ্টাৰনেটৰ প্ৰয়োজনীয়তা মানৱ সভ্যতাৰ উন্নয়নৰ এক উল্লেখযোগ্য মাধ্যম। কুঁঁৱলীক সুদূৰ মস্কোত থকা তাইৰ বান্ধবী শ্বেৰণ আৰু শ্বেৰণৰ বন্ধু-বান্ধৱীৰ লগত চিনাকি হৈ ভাৱৰ আদান প্ৰদানৰ সুযোগ দিয়ে ইণ্টাৰনেটে। এই ইণ্টাৰনেটেই কুঁৱলীক ভিডিঅ কলিংৰ সোৱাদ দিয়ে। মুঠৰ ওপৰত জ্ঞান – বিজ্ঞান, গীত – মাত, ন-পুৰণি বোলছবি, খেলা – ধূলা আদিৰ উৰ্বৰ ভূমিত কুঁৱলীয়ে ঘৰতে বহি ঘূৰিবলৈ সক্ষম হয়। কুঁৱলীয়ে দেউতাকৰ বাবে দক্ষিণ ভাৰতৰফালে ফুৰিবলৈ যোৱাৰ টিকেট আদি সংগ্ৰহৰ অসুবিধাসমূহ তাই ঘৰতে ই-মেইলৰ জৰিয়তে সহজেই কৰি পেলাইছিল। প্ৰত্যেক বস্তৰ ভাল আৰু বেয়া দিশ থকাৰ দৰে ইণ্টাৰনেটো এই দোষৰ পৰা মুক্ত নহয় বুলি লিখকে অকপটে স্বীকাৰ কৰিছে। অৱশ্যে সকলো নিৰ্ভৰ কৰে ব্যৱহাৰকাৰীৰ ওপৰত। গল্পকাৰৰ মতে ইণ্টানেটৰ অনিয়ন্ত্ৰিত ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ মন মগজুৰ ওপৰত প্ৰভাৱ পেলায়। ইয়াৰ বাহিৰেও ইণ্টাৰনেট তথা ছচিয়েল মিডিয়াই ছাত্ৰ-ছাত্ৰীক আপোনজনৰ পৰা আঁতৰাই অকলশৰীয়া জীৱনৰ প্ৰতি আকৃষ্ট কৰে। ছচিয়েল মিডিয়াত প্ৰচাৰিত উৰা বাতৰিয়ে কেতিয়াবা কেতিয়াবা সমাজৰ বিশেষ ক্ষতি কৰাৰ কথাও গল্পটিত উল্লেখ কৰিছে। ইণ্টাৰনেটৰ তিতা-মিঠা নামৰ গল্পটিত ইণ্টাৰনেটৰ ব্যৱহাৰৰ ভাল-বেয়া, সুবিধা-অসুবিধা, ইতিবাচক-নেতিবাচক আদি সকলোবোৰ দিশ সমানে চিত্ৰিত কৰিছে।

৮। ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ – ছাত্ৰীৰ জীৱনত কেনে প্রভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা ।

উত্তৰঃ

৯। বাক্য ৰচনা কৰাঃ

চিনাকি – অচিনাকি , অলীক – সপােন , নাকে – মুখে , পৰীক্ষা – নিৰীক্ষা ।

উত্তৰঃ চিনাকি-অচিনাকিঃ ইন্টাৰনেটৰ জৰিয়তে চিনাকি-অচিনাকি বহুতো লোকক লগ পোৱা যায়।

অলীক-সপোনঃ ভালদৰে পঢ়া-শুনা নকৰি চৰকাৰী চাকৰি পাব বিচৰাটো অলীক-সপোনৰ লেখিয়া।

নাকে-মুখেঃ বিদ্যালয়লৈ যোৱাৰ সময়ত সদায় নাকে-মুখে এমুঠি গুজি যাবলগীয়া হয়।

পৰীক্ষা-নিৰীক্ষা :- ইন্টাৰনেটৰ জৰিয়তে মীনাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বিষয়ে শিকি ল’লে।

১১। অর্থ লিখা ( অভিধান চাই )ঃ

ক্ষতি, বিজুতি, গুণা – গঁথা, উদাস, পুঞ্জীভূত ।

উত্তৰঃ

ক্ষতি – ধ্বংস, অনিষ্ট।

বিজুতি – যন্ত্ৰ সমূহত ওলোৱা বোমাৰ।

গুণা-গঁথা – চিন্তা-চৰ্চা।

উদাস – অনুৰাগহীন।

পুঞ্জীভূত – সঞ্জিত।

_______________________________

বেলেগ বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ লিংকটো ক্লিক কৰক

Click Here Daily Assam

______________________________