অৰুণিমা সিন্হা । Lesson 10 | Class 10 Assamese Chapter 10 Question and Answer | SEBA Class X Assamese Lesson 10 Solution | দশম মান শ্ৰেণীৰ অসমীয়া অধ্যায় ১০ অৰুণিমা সিন্হা পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

অৰুণিমা সিন্হা

ভাব – বিষয়কঃ

১। চমুকৈ উত্তৰ লিখা ?

(ক) অৰুণিমা সিন্হাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল ?

উত্তৰঃ অৰুণিমা সিনহাৰ ভলীবল খেলত বিশেষ দক্ষতা আছিল।

(খ) অৰুণিমা সিন্হাৰ ঘৰ ক’ত ?

উত্তৰঃ অৰুণিমা সিনহাৰ ঘৰ উত্তৰ প্ৰদেশত।

(গ) হস্পিতালত থাকোতে অরুণিমাৰ মনত কি সপােনে তীব্র ৰূপ লৈছিল ?

উত্তৰঃ হস্পিতালত থাকোতে অৰুণিমাৰ মনত হিমালয়ৰ শৃংগলৈ উঠাৰ সপোনে তীব্ৰ ৰূপ লৈছিল।

(ঘ) চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল ?

উত্তৰঃ চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই পৰ্বতাৰোহনৰ প্ৰশিক্ষণৰ বাবে বাচেন্দ্ৰি পালক লগ ধৰিছিল কিয়নো অৰুণিমাৰ আছিল পৃথিৱীৰ শীৰ্ষতম স্থানত অৰ্থাৎ এভাৰেষ্টত থিয় হোৱাৰ তীব্ৰ হেঁপাহ । তেওৰ বিশ্বাস আছিল এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰী পালে তেঁওক সঠিক পথ দেখুৱাই পৰামৰ্শ দিব পাৰিব। 

(ঙ) মাউন্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰােহণ কৰিছিল ? তেওঁ তাত কিমান সময় ধৰি আছিল ?

উত্তৰঃ মাউণ্ট এভাৰেষ্টত অৰুণিমাই  ২০১৩ চনৰ ২১ মে তাৰিখে আৰোহণ কৰিছিল । তেওঁ তাত ডেৰ ঘণ্টা সময় ধৰি আছিল।

২। অৰুণিমা সিন্হাই ৰে’লযাত্ৰাৰ সময়ত কি দুর্ঘটনাৰ মুখামুখি হ’বলগীয়া হৈছিল ? এই দুর্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল ?

উত্তৰঃ অত্যন্ত সাহসী অৰুণিমা সিন্হাই ৰেলগাড়ীৰে লক্ষ্নৌৰ পৰা দিল্লীলৈ যাত্ৰা কৰোঁতে এদল ডকাইতৰ মুখামুখি হৈছিল। লক্ষ্নৌত ২৬ বছৰীয়া ভলীবল খেলুৱৈ অৰুণিমাৰ ডকাইতৰ দলটোৰ লগত তৰ্কাতৰ্কি হৈছিল। অৰুণিমাই হাতৰ আৰু কাণৰ মূল্যৱান সম্পদবোৰ দিবলৈ মান্তি হৈছিল যদিও যদিও ডিঙিত পিন্ধা চেইনডাল ডকাইতক দিবলৈ কোনো পধ্যেই মান্তি হোৱা নাছিল। শেষত এজন ডকাইতে তেওঁক ৰেলগাড়ীৰ পৰা বাহিৰৰ এন্ধাৰলৈ দলিয়াই দিছিল। এই দুৰ্ঘটনাত তেওঁ এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাবলগীয়া হয় আৰু আনখন ভৰি গুৰুত্বৰভাৱে আহত হয়।

৩। অৰুণিমাৰ সপােন পূৰণ কৰাৰ ক্ষেত্ৰত বাচেন্দ্রি পালে কেনেদৰে সহায় কৰিছিল ?

উত্তৰঃ ৰেলযাত্ৰাত দুৰ্বত্তৰ কবলত পৰি নিজৰ ভৰি হেৰুওৱা অৰুণিমা সিন্হাৰ মনত হস্পিতালৰ বিছনাত শুই থাকোঁতে তেওঁৰ মনত হিমালয়ৰ শৃংগলৈ উঠাৰ সপোন তীব্ৰ হবলৈ ধৰিলে। এভাৰেষ্ট বিজয়ৰ আকাংক্ষাত তেওঁ ভৰিৰ বিষ আৰু বিকলাঙ্গতাৰ কথা পাহৰি গল। বৰং কত কেনেকৈ এই বিষয়ৰ প্ৰশিক্ষণ ললে কৃতকাৰ্য্য হব পাৰিব, সেই বিষয়েহে চিন্তা কৰিবলৈ ধৰিলে। এনেতে তেওঁ গম পালে – এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰি পালে তেওঁক সঠিক পথ দেখুৱাই পৰামৰ্শ দিব পাৰিব। চাৰি মাহৰ মূৰত তেওঁ হস্পিতালৰপৰা ওলাই ঘৰলৈ নগৈ পোনে পোনে বাচেন্দ্ৰি পালৰ ওচৰ পালেগৈ। তেওঁৰ দুচুকত তেতিয়া এভাৰেষ্ট বিজয়ৰ সপোন। পৃথিৱীৰ শীৰ্যতম স্থানত থিয় হোৱাৰ তীব্ৰ হেঁপাহ।

বাচেন্দ্ৰি পালে তেওঁৰ সকলো কথা সহমৰ্মিতাৰে শুনিলে। ছোৱালীজনীৰ দুচুকৰ সপোন, প্ৰত্যাহ্বান আৰু আত্মপ্ৰত্যয়ৰ ভাবে তেওঁৰ মনতো বিশ্বাস জগালে যে সঠিক প্ৰশিক্ষণ আৰু সাহস পালে এইগৰাকী ছোৱালীয়ে নিশ্চয় এদিন লক্ষ্যত উপনীত হব পাৰিব। অৱশেষত টাটা ষ্টীল এডভেঞ্ছাৰ ফাউণ্ডেচনে চলোৱা অনুশীলন কেম্পত এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰী পালৰ তত্বাবধানত অনুশীলন চলিল আৰু ২০১৩ চনৰ ২১ মেত তেওঁ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিবলৈ সক্ষম হ’ল।

৪। এভাৰেষ্ট বিজয়ৰ সপােন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল ?

উত্তৰঃ এভাৰেষ্ট বিজয়ৰ সপোন পূৰণ কৰিবলৈ অৰুণিমাই কঠোৰ অনুশীলন কৰিছিল। টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেচনে চলোৱা অনুশীলন কেম্পত এভাৰেষ্ট বিজয়ীৰ বাচেন্দ্ৰি পালৰ তত্ত্বাৱধানত অনুশীলন চলিল। শাৰীৰিক, মানসিক দুয়ো দিশতে দৃঢ়তা আৰু অধ্যৱসায় একোৰে অভাৱ নাছিল অৰুণিমাৰ। ভৰিখন হেৰুওৱাৰ দুৰ্ভাগ্যক সৌভাগ্যলৈ ৰূপান্তৰিত কৰাৰ প্ৰতিজ্ঞা সফল কৰিবলৈ উঠি – পৰি লাগিছিল তেওঁ। প্ৰায় এবছৰ কাল একে লেথাৰিয়ে উৎসাহ – উদ্য়মেৰে অহৰহ চেষ্টা অব্যাহত ৰাখি অনুশীলনতে আত্মসমৰ্পণ কৰিছিল তেওঁ। কেতিয়াবা এনেকুৱাও হৈছিল যে আন স্বাভাৱিক মানুহে যিটো খোজ দিওঁতে দুই মিনিটতে শিকিব পাৰে, তেওঁৰ ক্ষেত্ৰত সেয়া তিনিঘণ্টাও লাগিছিল। তথাপিও আশা এৰি দিয়া নাছিল অৰুণিমাই। এনেদৰে কঠোৰ অনুশীলনৰ পিছত অৰুণিমাই ২০১৩ চনৰ ২১ মেত পৃথিৱীৰ শীৰ্ষতম স্থান অৰ্থাৎ এভাৰেষ্টত পদাৰ্পন কৰাৰ সপোন সাকাৰ হৈছিল।

৫। অৰুণিমা সিন্হাই কিয় লাডাখত থকা মাউন্ট চামছে কাংৰিৰ অভিযান সম্পূর্ণ কৰিব নােৱাৰিলে ?

উত্তৰঃ লাডাখত থকা মাউণ্ট চামছেৰ কাংৰিৰ ২১,১০৮ ফুট উচ্চতালৈ আৰোহণ কৰিবলৈ সক্ষম হল তেওঁ। পিছে চামছেৰ কাংৰিৰ উচ্চতম শিখৰলৈ উচ্চতা আছিল ২১,৭৯৮ ফুট। সেই সময়ত বতৰো আছিল অত্যন্ত প্ৰতিকূল। এনে প্ৰতিকূল বতৰত অভিযান চলোৱা অসম্ভৱ হৈ পৰাত শিখৰত মাত্ৰ ৬৯০ ফুট অতিক্ৰম কৰিবলৈ বাকী থাকোঁতে তেওঁলোকে অভিযান সামৰি তললৈ নামি আহিবলগীয়া হল।

৬। অৰুণিমা সিন্হাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া ।

উত্তৰঃ এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবৰ বাবে অৰুণিমাই কঠোৰ ভাৱে অনুশীলন কৰিছিল। ভৰিখন হেৰুৱাৰ দুৰ্ভাগ্যক সুভাগ্যলৈ ৰুপান্তৰিত কৰাৰ প্ৰতিজ্ঞা সফল কৰিবলৈ উঠি পৰি লাগিছিল অৰুণিমা। কেতিয়াবা এনেকুৱা হৈছিল যে আন সাধাৰণ মানুহে যিটো খোজ দুই বা তিনি মিনিটত শিকিব পাৰিছিল তেওঁৰ ক্ষেত্ৰত সেই খোজটো শিকিবৰ বাবে দুই তিনি ঘণ্টা সময় লাগিছিল। তথাপিও অৰুণিমাই আশা এৰি দিয়া নাছিল। লাডাখত থকা মাউণ্ট চামছেৰ কাংৰিৰ ২১,১০৮ ফুট উচ্চতালৈ আৰোহণ কৰিবলৈ সক্ষম হল। চামছেৰ কাংৰিৰ উচ্চতম শিখৰলৈ উচ্চতা আছিল ২১,৭৯৮ ফুট। সেই সময়ত বতৰো আছিল অত্যন্ত প্ৰতিকূল। এনে প্ৰতিকূল বতৰত অভিযান চলোৱা অসম্ভৱ হৈ পৰাত শিখৰলৈ মাত্ৰ ৬৯০ ফুট অতিক্ৰম কৰিবলৈ বাকী থাকোতে তেওঁলোকে অভিযান সামৰি তললৈ নামি আহিবলগীয়া হল।

মাউণ্ট চামছেৰ কাংৰিৰ শিখৰত উপস্থিত হব নোৱৰাৰ বেদনাই অৰুণিমাৰ মনোবল কমাই পেলাব নোৱাৰিলে। বৰং তেনে অৱস্থাৰে ২১,১০৮ ফুট ওপৰলৈ যাব পৰা কথাষাৰে মাউণ্ট এভাৰেষ্টলৈ যাব পৰাটো যে সম্ভৱপৰ সেইটো অধিক দৃঢ়তাৰে সাব্যস্ত কৰিলে। এইবাৰ মাউণ্ট এভাৰেষ্ট বগাবলৈ সাজু হল অৰুণিমা। মাউণ্ট এভাৰেষ্টৰ শৃংগত থিয় হৈ ফটো তোলাৰ, ভিডিঅৰ জৰিয়তে বিশ্ববাসিক নিজৰ বিৰল অভিজ্ঞতাৰ বিষয়ে জনোৱাৰ অভিপ্ৰায়েৰে তেওঁ দুটাকৈ কেমেৰা লগত লৈ গৈছিল। লৈছিল পানী আৰু অক্সিজেন। অদম্য সহস আৰু উৎসাহেৰে তেওঁ আগবাঢ়ি গৈ আছিল। তেজ নিগৰি থকা আঁঠু দুটাৰপৰা ৰুমালেৰে তেজ মছি মছি আগুৱাই গৈ থাকোঁতে বাটত বহুতো অভিযাত্ৰীৰ মৃতদেহ দেখা পাইছিল তেওঁ। কাঠমাণ্ডুৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ বাৱন দিনৰ অন্তত নিশা প্ৰায় আঠ বজাত তেওঁ ৮৮৪৮ মিটাৰ উচ্চতাত অৱস্থিত মাউণ্ট এভাৰেষ্টৰ শৃঙ্গত পদাৰ্পণ কৰিবলৈ সক্ষম হল। বহুতো অভিযাত্ৰীৰে সেইখিনি পোৱালৈকে লগত নিয়া অক্সিজেন প্ৰায় শেষ হওঁ হওঁ হয়গৈ। সেয়ে এভাৰেষ্টৰ বুকুত ভৰি থৈ তেওঁলোকে খৰখেদাকৈ নামি আহিবলৈ বাধ্য হয়। কাৰণ, অক্সিজেন শেষ হোৱা আগতে ওপৰৰ নামি অহা বাটৰ প্ৰথমটো কেম্প পাবলৈ লাগিব। অৰুণিমাৰো অক্সিজেন শেষ হবলগীয়া হৈছিল। শ্বেৰপাজনক মাউণ্ট এভাৰেষ্টৰ শিখৰত থিয় হৈ থকা অৱস্থাত তেওঁৰ তেওঁৰ ফটো আৰু ভিডিঅ লবলৈ অনুৰোধ কৰিছিল। শ্বেৰপাজনে পিছে তাত বেছি সময় থাকিলে প্ৰাণৰ সংশয় হব বুলি তেওঁক বুজাই ভাৰতৰ জাতীয় পতাকা সাৱটি ধৰা অৰুণিমাৰ ফটো তুলি দিছিল। প্ৰায় ডেৰ ঘণ্টাকাল তেওঁ এভাৰেষ্টত আছিল। তাৰিখটো আছিল ২১ মে, ২০১৩ চন।

৭। একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে । কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিন্হাৰ জীৱনৰ আধাৰত বুজাই লিখা ।

উত্তৰঃ

৮। ক্রিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্রাণিত কৰিছিল ?

উত্তৰঃ ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক এভাৰেষ্ট বিজয়ৰ সপোন সাকাৰ কৰাত অনুপ্ৰেৰণা যোগাইছিল। কৰ্কট ৰোগত আক্ৰান্ত যুৱৰাজ সিঙে নিজৰ অদম্য মানসিক শক্তিৰে সেই বেমাৰৰ পৰা আৰোগ্য লাভ কৰি নিজৰ লক্ষ্য পূৰণৰ বাটত আগুৱাই যাবলৈ সক্ষম হোৱাটো অৰুণিমাই দেখিবলৈ পাইছিল। যুৱৰাজে দেখুৱাই দিছিল, মনৰ বল আৰু আত্মবিশ্বাস থাকিলে শাৰীৰিক বাধাই কোনো প্ৰতিৰোধৰ সৃষ্টি কৰিব নোৱাৰে আৰু জীৱনৰ উত্তৰণৰ বাটত ই হেঙাৰ হ’ব নোৱাৰে। যুৱৰাজ সিঙৰ দ্বাৰা অণুপ্ৰাণিত হৈ দুৰন্ত সাহস আৰু আত্মবিশ্বাসক সাৰথি কৰি অৰুণিমাই নিজৰ শাৰীৰিক প্ৰতিবন্ধকতা নেওচি এভাৰেষ্ট বিজয় কৰিবৰ বাবে সক্ষম হয়।

৯। চমুটোকা লিখাঃ

বাচেন্দ্রি পাল , টেনজিং নৰগে , ষ্টিফেন হকিং ।

উত্তৰঃ বাচেন্দ্ৰি পালঃ বাচেন্দ্ৰি পালৰ জন্ম হয় উত্তৰাখণ্ডৰ নাকুৰি গাৱঁত। প্ৰথম মহিলা এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰি পালে প্ৰথমে পৰ্বতাৰোহন কৰিছিল ১২ বছৰ বয়সত। উচ্চতা আছিল ১৩,১২৩ ফুট। ১৯৮৪ চনত তেওঁ মাউণ্ট এভাৰেষ্টৰ শীৰ্ষত অৱতৰণ কৰিবলৈ সক্ষম হয়। ইয়াৰ বাবে তেওঁ শ্ৰেষ্ঠ পৰ্বতাৰোহী হিচাপে ১৯৮৪ চনত সোণৰ পদক লাভ কৰে। 

টেনজিং নৰগেঃ  টেনজিং নগৰে জন্ম হয় নেপালৰ খোলোখুম জিলাত। হিউ ৰাটলেজৰ নেতৃত্বত ১৯৩৬ চনত ব্ৰিটিচ মাউণ্ট এভাৰেষ্ট অভিযান আৰু দ্বিতীয় মাউণ্ট এভাৰেষ্ট অভিযান। প্ৰতিকূল বতৰৰ বাবে তেওঁলোকে এই অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে। এনেদৰে কেইবাবাৰো অভিযান চলোৱাৰ অন্তত ১৯৫৩ চনৰ ২৯ মে’ তাৰিখে তেওঁ এভাৰেষ্টত পদাৰ্পণ কৰে।

ষ্টিফেন হকিংঃ

ভাষা বিষয়কঃ

১। সন্ধি ভাঙাঃ

সংশয় , পর্বতাৰােহণ , উৎসাহ , হিমালয় , প্রত্যাহ্বান , বিপদাপন্ন ।

উত্তৰঃ সংশয়- সম+শয়           

পৰ্বতাৰোহণ- পৰ্বত+আৰোহণ             

উতসাহ-  উত+সাহ           

 হিমালয়- হিম+আলয়             

প্ৰত্যাহ্বান- প্ৰত্য+আহ্বান             

বিপদাপন্ন- বিপদ+আপন্ন

২। তলৰ শব্দকেইটাৰ উপসর্গ ভাঙি দেখুওৱাঃ

অনুৰাগ , অনুভৱ , অভিনয় , প্রতিফল ।

উত্তৰঃ অনুৰাগ- অনু+ৰাগ           

অনুভৱ- অনু+ভৱ           

অভিনয়- অভি+নয়           

প্ৰতিকূল- প্ৰতি+কূল