পাৰস্যত এভুমুকি । Lesson 12 | Class 10 Assamese Chapter 12 Question and Answer | SEBA Class X Assamese Lesson 12 Solution | দশম মান শ্ৰেণীৰ অসমীয়া অধ্যায় ১২ পাৰস্যত এভুমুকি পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

পাৰস্যত এভুমুকি

ভাব – বিষয়কঃ

১। চমুকৈ উত্তৰ দিয়া ।

(ক) লেখকে উল্লেখ কৰা মতে তেওঁলােকৰ ৰিগটো ক’ত অৱস্থিত ?

উত্তৰঃ লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ৰিগটো পাৰস্য উপসাগৰত অৱস্থিত।

(খ) বুশ্বেৰ কি ?

উত্তৰঃ বুশ্বেৰ হ’ল ইৰাণৰ এখন বন্দৰ নগৰ।

(গ) বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত কোন কোন আছিল ?

উত্তৰঃ বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নামৰ সময়ত লেখকৰ লগত মেহদি আৰু খাছেম আছিল। 

(ঘ) বুশ্বেৰ বিমান বন্দৰটোক কিয় গুৰুত্বপূৰ্ণ বুলিছে ?

উত্তৰঃ বুশ্বেৰৰ বিমান বন্দৰটো বেছি ব্যস্ত নহয় তথাপিও ইয়াৰ কিছু বিশেষ গুৰুত্ব আছে –

(১) ই ইৰানৰ এটা সামৰিক ঘাটি।

(২) তদুপৰি বুশ্বেৰত এটি নিউক্লীয় ৰিয়েক্টৰ আছে, যি এই বিমান বন্দৰটোৰ গুৰুত্ব দুগুণে বঢ়াই তুলিছে।

(ঙ) লেখকে বুশ্বেৰত কি আছে বুলি শুনিছে ?

উত্তৰঃ লেখকে বুশ্বেৰত এটা নিউক্লীয় ৰিয়েক্টৰ আছে বুলি শুনিছে।

(চ) মেহদি আৰু ঘাছেম কোন ?

উত্তৰঃ মেহদি আৰু খাছেম হৈছে – ইৰাণী যুৱক। 

(ছ) মেহদি আৰু খাছেমে কাম কৰা কোম্পানিটোৰ নাম কি ?

উত্তৰঃ মেহদি আৰু খাছেম কাম কৰা কোম্পানিটোৰ নাম হ’ল – জিঅ’লগ।

(জ) ভেংকি ক’ত থাকে ?

উত্তৰঃ ভেংকি বুশ্বেৰত থাকে।

(ঝ) ভেংকিয়ে কি কৰে ?

উত্তৰঃ ভেংকিয়ে বুশ্বেৰৰ পৰা ৰিগলৈ যাব লগা হেলিকপ্টাৰ আৰু সামগ্ৰী যোগানকাৰী জাহাজৰ তদাৰক কৰে।

( ঞ) আবুজাৰ কোন ?

উত্তৰঃ আবুজাৰ এজন ট্ৰেভেল এজেণ্ট।

(ট) ‘ আগা ’ শব্দৰ অর্থ কি ?

উত্তৰঃ ‘আগা’ শব্দৰ অৰ্থ হ’ল শ্ৰীযুতৰ সমাৰ্থক শব্দ।

(ঠ) ইৰাণে কেতিয়া ইছলামিক গণতন্ত্র হিছাপে স্বীকৃতি লাভ কৰে ?

উত্তৰঃ ইৰাণে ১৯৭৯ চনৰ পহিলা এপ্ৰিলত ইছলামিক গণতন্ত্ৰ হিছাপে স্বীকৃতি লাভ কৰে।

(ড) ইৰাণৰ ইছলামিক গণতন্ত্র প্রতিষ্ঠাতা কোন ?

উত্তৰঃ ইৰাণৰ ইছলামিক গণতুিুন্ত্ৰ প্ৰতিষ্ঠাতা হ’ল ইমান আয়াতুল্লা খোমেনি।

(ঢ) ইৰাণৰ কোনটো বিষয়ে লেখকৰ কৌতুহল বৃদ্ধি কৰিছিল ?

উত্তৰঃ যেতিয়া লেখক হেলিকপ্টাৰেৰে বুশ্বেৰলৈ অহা যোৱা কৰে তেতিয়া গোলাকৃতিৰ স্থাপত্যটোৱে তেওঁক কৌতুহল বৃদ্ধি কৰিছিল।

(ণ) ইৰাণৰ ৰাজধানীৰ নাম কি ?

উত্তৰঃ ইৰাণৰ ৰাজধানীৰ নাম হ’ল টেহৰাণ।

(ত) টেহৰাণত বিমান বন্দৰ কেইটা ?

উত্তৰঃ টেহৰাণত বিমান বন্দৰ দুটা।

(থ) লেখক থকা টেহৰাণৰ হােটেলখনৰ নাম কি ?

উত্তৰঃ লেখক থকা টেহৰাণৰ হোটেলখনৰ নাম হ’ল- হোমা।

(দ) ভাৰতৰ প্রায়বােৰ তৈলক্ষেত্র কেনেকুৱা শিলাস্তৰত অৱস্থিত ?

উত্তৰঃ ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্ৰ নৱজীৱি মহাকল্পৰ শিলাস্তৰত অৱস্থিত।

(ধ) স্লমবার্জাৰ ’ কি ?

উত্তৰঃ স্লমবাৰ্জাৰ হৈছে এটা বহুৰাষ্ট্ৰীয় কোম্পানী।

(ন) ইৰাণীসকলে নৱবৰ্ষক কি বলে ?

উত্তৰঃ ইৰাণীসকলে নৱবৰ্ষক ন-ৰোজ বোলে।

(প) বেহেষ্ট – ই – জাহৰা কি ?

উত্তৰঃ বেহেষ্ট – ই – জাহাৰা হ’ল- টেহৰাণৰ মুখ্য সমাধিস্থল।

(ফ) শিৰীন ইবাডি কোন ?

উত্তৰঃ শিৰীন ইবাডি হ’ল- নবেল বঁটা বিজয়ী ইৰাণী মহিলা।

(ব) চেনি কোনে আৱিষ্কাৰ কৰিছিল ?

উত্তৰঃ কিংবদন্তি মতে সম্ৰাট জামছেদে কোনোবা এটা প্ৰৱিত্ৰ দিনত চেনি আবিষ্কাৰ কৰিছিল।

(ভ) লেখক ইৰাণলৈ কি দায়িত্ব লৈ গৈছিল ?

উত্তৰঃ লেখক ইৰাণলৈ তেলৰ অন্বেষণৰ দায়িত্ব লৈ গৈছিল।

(ম) ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম কি ?

উত্তৰঃ ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম হ’ল খোমেনি এন্টাৰনেশ্যনেল এয়াৰপৰ্ট।

(য) ‘ কেন্দ’ৰ অর্থ কি ?

উত্তৰঃ কেন্দৰ অৰ্থ চেনি।

২। তেলৰ বাবে চলােৱা খনন কার্যত ‘ মাডলগিং ’ আহিলাসমূহৰ ভূমিকা কি ?

উত্তৰঃ তেলৰ বাবে চলোৱা খনন কাৰ্যত মাডলগিং আহিলাসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। এইবোৰৰ জৰিয়তে সংগ্ৰহ কৰা তথ্যই এখন নতুন তৈলক্ষেত্ৰ আৱিষ্কাৰত আৰু কোনো বিপদজনক পৰিস্থিতি নোহোৱাকৈ খনন কাৰ্য চলোৱাত সহায় কৰিব পাৰে। ভূতত্ত্ববিদৰ বাবে ই এবিধ গুৰুত্বপূৰ্ণ সঁজুলি।

৩। বুশ্বেৰ চহৰৰ এটা বিৱৰণ দিয়া ।

উত্তৰঃ বুশ্বেৰ এখন সৰু চহৰ। কিন্ত ৰাস্তা, চহৰৰ পৰিকল্পনা দেখিলে কোনেও নকব ই এখন সৰু চহৰ। বুশ্বেৰত এটা ৰিয়েক্টৰ আছে। চাৰিটা লেনৰ ৰাস্তা, মাজত ডিভাইডাৰ। যথেষ্ট চাফা। নগৰ পৰিকল্পনাই যে বুশ্বেৰ চহৰখনত গুৰুত্ব লাভ কৰিছে সেয়া মই আকাশমাৰ্গৰ পৰাই বুজিব পাৰিছিলোঁ। প্ৰতিটো ঘৰ দেৱালেৰে ঘেৰা। প্ৰৱেশদ্বাৰত এখন মজবুত লোহাৰ গেট। আৱাসিক অঞ্চলৰ ঘৰবোৰ দুই বা তিনিমহলীয়া।

৪। ইৰাণৰ ইতিহাসৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ ইৰাণ মানৱ সভ্যতাৰ প্ৰাচীন ইতিহাসৰ ধ্বজাবাহক। প্ৰত্নতাত্ত্বিক, ঐতিহাসিক, সাংস্কৃতিক আৰু কীৰ্তিস্তম্ভৰ যোগেদি ইৰাণৰ প্ৰাচীন সভ্যতা আজিও সজীৱ হৈ আছে। প্ৰায় চাৰি হাজাৰ বছৰ পূৰ্বে ইৰাণলৈ আৰ্যগোষ্ঠীৰ লোকসকল আহি বসবাস কৰিবলৈ লৈছিল। খ্ৰীষ্টপূৰ্ব ছয় শতিকামান পূৰ্বে বিখ্যাত ৰজা ছাইৰাছে উত্তৰ ইৰাণৰ মেডেছসকলক পৰাস্ত কৰি ইৰাণবাসীক একগোট কৰিছিল। খ্ৰীষ্টপূৰ্ব ৫২৯ ত ছাইৰাছৰ মৃত্যু হোৱাত নতুন ৰজা দৰিয়াছে সাম্ৰাজ্য প্ৰসাৰৰ প্ৰয়াস কৰিছিল। খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকালৈকে চলা গ্ৰীক শাসনৰ পাছত পাৰ্থিয়ানসকলে ইৰাণৰ শাসনভাৰ লৈছিল। ৩৫০ বছৰীয়া পাৰ্থিয়ান শাসনৰ পাছত ছাজানিদসকলে চাৰিটা শতিকা ইৰাণ শাসন কৰিছিল।

৫। ইৰাণৰ ভূতত্ত্বৰ বিষয়ে লিখা ।
উত্তৰঃ
ইৰাণৰ ভূ-তত্ত্বৰ বিষয়টো সকলোৰে কৌতুহলৰ বিষয়ে। ইৰানৰ অৱস্থান ভূ-গহ্বৰৰ এটা জটিল বিৱৰ্তন অঞ্চলত অঞ্চলত। ইয়াৰ ফলত দেশখনক সঘনাই ভূমিকম্প হয়। ইয়াৰ ভূ-কম্পন মানচিত্ৰখন চালে জানিব পৰা যায় যে ইয়াৰ চাৰিসীমা কেৱল ভূমিকম্প দ্বাৰা প্ৰভাৱান্বিত। ইয়াৰ বাবে আৰৱ ফলক আৰু ইউৰোছি ভূ-গৰ্ভৰ ফলকৰ সংঘাতেই দায়ী। পাৰস্যৰ পেৰিছ বুলি খ্যাত টেহৰান হল ইৰানৰ ৰাজধানী। এই টেহৰান অঞ্চলো ভূ-কম্প পীড়িত অঞ্চলৰ অন্তৰ্গত।

৬। জাগ্লোস পর্বতমালাৰ বিষয়ে তােমাৰ পাঠ্য পুথিৰ সহায়ত লিখা ।

উত্তৰঃ যেতিয়া আৰৱ প্লেট আৰু ইউৰেছিয়া প্লেটৰ সংঘাত আৰম্ভ হৈছিল আৰু তাৰ ফলস্বৰূপে সাগৰৰ বুকুৰ পৰা জাগ্ৰত হৈ উঠিছিল জাগ্ৰছ পৰ্বত। জাগ্ৰছ আৰু হিমালয়ৰ জন্ম কাহিনী একে। এই জাগ্ৰছৰ দক্ষিণ – পশ্চিম দিশত সঞ্চিত হৈ আছে। বিৰাট তেল আৰু গেছৰ ভাণ্ডাৰ। জাগ্ৰছ পৰ্বত শৃংখলা ইৰানৰ উত্তৰ পশ্চিমৰ পৰা দক্ষিণ পূবলৈকে বিয়পি আছে। ইয়াৰ সৰ্বোচ্চ শৃংগৰ উচ্চতা প্ৰায় ৪৫০০ মিটাৰ। জাগ্ৰছৰ উপৰিও ইৰানত আৰু কেইবাটাও পৰ্বত শৃংখলা আছে।

৭ ইৰাণৰ কেইখনমান ঠাইৰ নাম লিখা ।

উত্তৰঃ ইৰাণৰ কেইখনমান ঠাইৰ নাম হল – চিৰাজ, আহৱাজ, ইছফাহান, নাট্যঞ্জ, মাছাদয়াজ, টাবৰিজ, হামাদান, কাৰমান, আৰডাবিল আদি।

৮। টেহৰাণৰ বিমান বন্দৰ কেইটা কি কি আৰু কোন কোন স্থানত ?

উত্তৰঃ টেহৰাণৰ বিমান বন্দৰ দুটা – মেহাৰাবাদ এয়াৰপৰ্ট আৰু খোমেনি ইণ্টাৰনেশ্যনেল এয়াৰ পৰ্ত। এই বিমান বন্দৰটো চহৰত, আনহাতে খোমেনি বিমান বন্দৰটো চহৰৰপৰা দূৰত।

৯। টেহৰাণৰ প্ৰাকৃতিক অবস্থা কেনেকুৱা লিখা ।

উত্তৰঃ টেইৰাণ এখন অতি সুন্দৰ চহৰ। ওখ ওখ পৰ্বতেৰে পৰিৱেষ্টিত টেহৰাণৰ প্ৰাকৃতিক পৰিৱেশ উপভোগ্য। টেইৰাণক বহুতে পেৰিছৰ লগত তুলনা কৰে। গ্ৰীষ্মৰ দুটা মাহৰ বাহিৰে বাকী সময়ছোৱাত ইয়াৰ বাহিিৰে বাকী সময়ছোৱাত ইয়াৰ জলবায়ু অতি আৰামদায়ক। শীতকালত ইয়াত বৰফ পৰে। টেহৰাণক এই দুন্দৰ জলবায়ু প্ৰদান কৰিছে এলব্ৰুজ পৰ্বতৰাশিয়ে। মহানগৰীখনৰ বাবে খোৱাপানী আহে পৰ্বতৰ ওপৰৰ হিমপ্ৰবাহৰ পৰা।

১০। স্লামবাৰ্জাৰ কোম্পানি কার্যালয় কত কত আছে ?

উত্তৰঃ স্লামবাৰ্জাৰ কোম্পানীটো এটা বহুৰাষ্ট্ৰীয় কোম্পানী। এই কোম্পানীটোৰ কাৰ্যালয়বোৰ নাজিৰাৰ পৰা নাইজেৰিয়ালৈকে, দুলীয়াজানৰ পৰা ডুবাইলৈকে, টেহৰানৰ পৰা টেক্সাছলৈকে পৃথিৱীৰ সকলো তৈলক্ষেত্ৰৰ ওচৰে-পাজৰে আছে। তৈল উদ্যোগৰ সৈতে এই কোম্পানীবোৰ অতি ঘনিষ্ঠভাৱে জড়িত।

১১। ইৰাণীসকলৰ নৱবৰ্ষ উৎসৱৰ বিৱৰণ দিয়া ।

উত্তৰঃ বসন্তৰ মনোৰম দিনৰ আৰম্ভণিতে ইৰাণীসকলে তেওলোকৰ নৱবৰ্ষ ‘ন’ ৰোজ উদযাপন কৰে। দুসপ্তাহ জুৰি উদযাপন কৰা এই উৎসৱ আৰম্ভ হয় বসন্ত প্ৰথম দিনত। যেতিয়া সূৰ্যই বিষুৱ ৰেখা অতিক্ৰম কৰে। সেই সময়ত বুশ্বেৰৰ হোটেলৰ কথা বাদেই কলেজৰ পৰা আৰম্ভ কৰি চৰকাৰী কাৰ্যালয়লৈকে সকলোতে শিবিৰ স্থাপন কৰা হয়, যাতে ইৰাণীসকলে নৱবৰ্ষ উদযাপন কৰিব পাৰে। নৱবৰ্ষৰ এই আনন্দোৎসৱত বহুতো বিষয় সামৰি লোৱা হয়। পৰিৱেশ আৰু নিজকে চাফ-চিকুণকৈ ৰখা, শত্ৰুভাৱ দূৰ কৰি বন্ধুত্ব গঢ়া, অগ্নিশিখা প্ৰজ্বলন কৰা, সীমান্ত নদী বা সাগৰৰ অভিমুখে যাত্ৰা ইত্যাদি।

১২। বেহেষ্ট – ই – জাহাৰাৰ লগত টেহৰাণবাসীৰ সম্পৰ্কৰ বিষয়ে লিখা ।

উত্তৰঃ টেহৰাণৰ অন্য এখন জনপ্ৰিয় স্থান হল বেহেষ্ট-ই-জাহাৰা। টেহৰাণক জানিব বা অনুভৱ কৰিবৰ বাবে হোনো বজাৰ বা আলিবাটত ঘূৰিব নালাগে। তাতোকৈ বেহেষ্ট-ই-জাহাৰা ভ্ৰমণ কৰা উচিত। টেহৰাণৰ এই মুখ্য সমাধিস্থলখন কেইবা কিলোমিটাৰ দীঘল। হয়তো স্থল যত খোৱা বোৱাৰ দোকানৰপৰা খেলপথাৰলৈকে সকলো আছে। নবেল বিজয়ী শ্বিৰীণ ইবাডিৰ পৰিয়ালৰ এজন সদস্যক এই সমাধিস্থলতে সমাধিস্থ কৰা হৈছিল।

১৩। শ্বিৰীণ ইবাড়ি কোন ? তেওঁৰ সংগ্ৰামৰ বিষয়ে পাঠ্যপুথিৰ সহায়ত লিখা ।

উত্তৰঃ নবেল বঁটা বিজয়ী ইৰাণী মহিলা।

ভাষা – বিষয়কঃ

১। তলত দিয়া শব্দকেইটা কি ভাষাৰ লিখাঃ

কেঁচি , দোৱাত , চিয়হী , চিচা , কেন্দি ।

২। তলত দিয়া শব্দকেইটাৰ অর্থ লিখাঃ

খেলে মামনুন , মিছি ছালাম ।

৩। তলত দিয়া শব্দকেইটাৰ প্ৰতীকী অর্থ কি ?
চৰজে , ছামানু , ছিব , জেনেজেভ , ছিৰ , ছমাক ছেকেহ ।

৪। তলত দিয়া শব্দকেইটাত য ’ আৰু ‘ ণ ’ কিয় প্রয়ােগ হৈছে লিখাঃ

সম্ভাষণ , অন্বেষণ , গৱেষণা , অৱতৰণ ।

৫ তলৰ শব্দকেইটাত কি প্রত্যয় প্রয়ােগ হৈছে লিখাঃ

ইৰাণী , আবাসিক , বাণিজ্যিক , শেহতীয়া , সােণালী , খৰচী ।