ছাত্ৰ-জীৱন আৰু সমাজসেৱা । অধ্যায় ৬ । Chapter 6 | Class 10 Assamese Lesson 6 Question and Answer | SEBA Class X Assamese Chapter 6 Solution | Class 10 Assamese |

ছাত্ৰ-জীৱন আৰু সমাজসেৱা

ভাব – বিষয়ক

১। অতি চমুকৈ উত্তৰ লিখা ?

(ক) লিখকৰ মতে ছাত্র – জীৱনৰ প্ৰকৃত উদ্দেশ্য কি কি ?

উত্তৰঃ লিখকৰ মতে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য হল – ছাত্ৰ-ছাত্ৰীয়ে কি কি কাম কৰিলে মানুহ জনম ধৰা সাৰ্থক হয়, সাংসাৰিক জীৱনত কি উপায়েৰে কাম কৰিলে কৃতকাৰ্য হ’ব পাৰি, এনেবিলাক বিষয়ৰ জ্ঞান অৰ্জন কৰাই হৈছে ছাত্ৰ জীৱনৰ মূল উদ্দেশ্য।

(খ) বর্তমান প্রচলিত শিক্ষাৰ দোষ কি কি ?

উত্তৰঃ প্ৰচলিত শিক্ষা কামৰ শিক্ষা নহয়, এয়ে ইয়াৰ ঘাই দোষ। বৰ্তমান সময়ৰ শিক্ষা কেৱল কিতাপৰ পাঠতে সীমাবদ্ধ হৈ থাকে, ব্যৱহাৰিক জীৱনৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই বুলি ক’ব পাৰি। উদাহৰণস্বৰূপে – বৰ্তমান সময়ৰ শিক্ষাৰ্থীয়ে পাঠ্যপুথি পঢ়ি `দুখীয়াক মৰম কৰিব’, `দুখীয়াক সহায় কৰিব’ আদিৰ দৰে বহুতো বাক্য আজিৰ দিনৰ শিক্ষাৰ্থীয়ে আতৰাই থয়। তেওঁলোকৰ লৰা – ছোৱালীয়ে পঢ়ি শুনি প্ৰকৃততে কিবা জ্ঞান লাভ কৰিছেনে নাই সেইটো নহয়, তেওঁলোকে বছৰি পৰীক্ষাত উত্তীৰ্ণ হৈছেনে বা শ্ৰেণীত প্ৰথম বা দ্বিতীয় হৈ উত্তৰ্ণী হব পাৰিছেনে নাই, সেইটোহে। এইয়াই হৈছে প্ৰচলিত শিক্ষাৰ দোষ।

(গ) ছাত্ৰসকলে কি কি বিষয়ত জ্ঞান লাভ কৰি দেশসেৱাত ব্ৰতী হ’ব লাগে ?

উত্তৰঃ ছাত্ৰসকলে দেশৰ ভৱিষ্যত, আশা- ভৰসাৰ কলি। সেয়েহে ছাত্ৰসকলে যিমান দূৰ সম্ভৱ হয় জ্ঞানকাৰী, অৰ্থকৰী আৰু কাৰ্যকৰী জ্ঞান লাভ কৰি দেশসেৱা আৰু সমাজসেৱাত ব্ৰতী হ’ব লাগে।

(ঘ) ছাত্ৰসকল কার্যকৰী শিক্ষা কৰ পৰা কিদৰে লাভ কৰিব পাৰে ?

উত্তৰঃ ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা গাঁৱৰ পৰা লাভ কৰিব পাৰে।

গাঁৱৰ অঞ্চলসমূহত বৰ্তমান সময়তো অন্ধবিশ্বাস, কু – সংস্কাৰ আদিয়ে নিৰ্বিবাদে ৰাজত্ব চলাই আছে। সেয়েহে আমি গাঁৱত থকা লোকসকলক শিক্ষিত কৰি তুলিব লাগিব। তেতিয়াহে গাওঁ অঞ্চলসমূহৰ পৰা আমি অন্ধবিশ্বাস, কু – সংস্কাৰ আদি আঁতৰাব পাৰিম।এনেদৰে আমি কাৰ্যকৰী শিক্ষা লাভ কৰিব পাৰিম।

(ঙ) লিখকৰ মতে দেশৰ প্ৰকৃত উন্নতি কৰা মানে কিহৰ উন্নতি কৰা ?

উত্তৰঃ

২। ছাত্র – জীৱনৰ প্রকৃত উদ্দেশ্য সফল কৰিবলৈ ছাত্ৰসকলে শিক্ষাৰ সময়ছােৱাত কেনেবােৰ পন্থা অবলম্বন কৰিব পাৰে ? দেশ সেৱাত ব্ৰতী হ’বলে ছাত্র – জীৱনত বহুমুখী শিক্ষাৰ প্রয়ােজনীয়তা সম্বন্ধে আলােচনা কৰা ।

উত্তৰঃ ছাত্ৰ জীৱন শিক্ষাৰ সময়। জ্ঞান আহৰণেই ছাত্ৰ-জীৱনৰ মূল উদ্দেশ্য। ছাত্ৰ জীৱনক মূল উদ্দেশ্যক সফল কৰিবলৈ হলে ছাত্ৰ-ছাত্ৰীসকলে একাগ্ৰতাৰে শিক্ষা আহৰণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা উচিত। মনোযোগ আৰু একাদ্ৰতাৰ অভাৱ হলে ছাত্ৰৰ ছাত্ৰত্ব শক্তি লোপ পাব পাৰে। সেয়েহে জ্ঞান আহৰণৰ কালত কেৱল জ্ঞান আহৰণতেই গুৰুত্ব দিয়া উচিত। সাঁতুৰ শিকিবলৈ যেনেকৈ পানীত ননমাকৈ নহয়, তেনেকৈ ছাত্ৰ জীৱনৰ শিক্ষাও কাপ-কাকতৰ দূৰৰ পৰা বহি ৰং চোৱা শিক্ষা নহয়। নিৰ্দিষ্ট পাঠ্যক্ৰমৰ লগতে শিক্ষাৰ শাৰীৰিক, মানসিক, নৈতিক, আধ্যাত্মিক আদি যিবোৰ ভাগ আছে সেই সকলোবোৰৰ অনুশীলন কৰিলেহে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য় সফল হব বুলি কব পাৰি। দেশ সেৱাত ব্ৰতী হবলৈ ছাত্ৰ জীৱনত বহুমুখী শিক্ষাৰ প্ৰয়োজনীয়তা আছে। সমাজ আৰু দেশক বাদ দি আমাৰ অস্তিত্বৰ কথা আমি ভাবিব নোৱাৰো। ছাত্ৰসকল দেশৰ ভৱিষ্যত, আশা-ভৰষাৰ কলি। এওঁলোকে ভৱিষ্যতে দেশৰ দায়িত্বভাৰ লব লাগিব। ছাত্ৰসকলৰ মুকলি মনেৰে শিক্ষা গ্ৰহণৰ সুবিধা প্ৰদান কৰি যিমানদূৰ সম্ভৱ জ্ঞানকাৰী, অৰ্থকাৰী আৰু কাৰ্যকৰী শিক্ষা লাভৰ সুযোগ দিয়া উচিত, যাতে তেওঁলোক পৰিপুষ্ট হৈ দেশ সেৱাত উপযুক্ত হব পাৰে।

৩। এইখিনি কাম তেওঁলোকৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ মাথােন । — কোনখিনি কাম তেওঁলােকৰ ( ছাত্র – ছাত্রীসকলৰ ) কার্যকৰী শিক্ষাৰ একোটি পাঠ বুজাই লিখা ।

উত্তৰঃ ছাত্ৰ জীৱনৰ সময়খিনি বৰ অমূল্য সময়। এই সময়খিনিত অকল পুথিগত শিক্ষা আহৰণ কৰিলেই জীৱন সুখকৰ হোৱা বুলি কব নোৱাৰি। কাৰণ বৰ্তমান এই সময়তো আমাৰ সমাজত অজ্ঞানতাই নিৰ্বিবাদে ৰাজত্ব কৰি আছে। গাঁওবোৰত পুৰণি সভ্যতা, শিক্ষা আৰু সাধনাত অলপ অৱশেষ দেখিবলৈ পোৱা যায়, কিন্ত বহু বছৰৰ অজ্ঞানতাই সেই সভ্যতাক অসভ্যতা, সেই শিক্ষাক অশিক্ষা আৰু সাধনাক কপটতাত পৰিণত কৰিছে। ঋষি মুনিসকলৰ পূজনীয় গাঁৱত আমি নীট স্বাৰ্থপৰতা, কপটতাৰ বাহিৰে অইন একো দেখিবলৈ নাপাওঁ। মানুহৰ হীদয়ত মৰম নাই আছে হিংসা, কাজিয়া ইত্যাদি। এজনৰ উন্নতি দেখিলে আনজনে কেনেকৈ সেইজনক অৱনমিত কৰিব পাৰে তাৰে চিন্তাত ৰাতি টোপনি খতি কৰে। ছাত্ৰ- ছাত্ৰীসকলে গাঁৱত সোমাই নিজৰ ঘৰত বা গাঁৱত আন আন মানুহৰ গাঁৱত সোমাই সেই ঠাইৰ অশিক্ষিত লোকসকলৰ মাজত শিক্ষা বিস্তাৰ কৰি তেওঁলোকৰ অজ্ঞানতা দূৰ কৰিব লাগিব, গাঁৱৰ মানুহৰ মাজত থকা নানা সমস্যা দূৰ কৰিবলৈ যত্ন কৰিব লাগিব।

৪। আমাৰ দেশৰ অধিকাংশ লােক আজিও কেনে অৱস্থাত আছে পাঠটোৰ আধাৰত বুজাই লিখা ।

উত্তৰঃ

৫। গাঁও একধাৰে নাৰ সনক – জননী ।’— কথাষাৰৰ তাৎপর্য বুজাই লিখা ।

উত্তৰঃ

৬। ব্যাখ্যা কৰাঃ

(ক) পঢ়াই , পঢ়ে , বোৱে পাণ ।

এই তিনিয়ে নিচিত্তে আন ।।

উত্তৰঃ উক্ত প্ৰবাদফাকি আমাৰ অসমীয়া লোক সমাজত প্ৰচলিত এক অতি জনপ্ৰিয় প্ৰবাদ। ইয়াৰ দ্বাৰা ইয়াকে বুজাবলৈ চেষ্টা কৰা হৈছে যে নিষ্ঠা আৰু একাগ্ৰতাৰে নিজৰ কৰ্ম কৰিলে তাৰ সুফল নিশ্চিতভাৱে লাভ কৰিব পাৰি।

ছাত্ৰ এজনৰ প্ৰধান কাম হল অধ্যয়ন। যিসকল ছাত্ৰই জীৱনৰ উন্নতিৰ পথত আগুৱাই যাবলৈ বিচাৰে, তেওঁলোকে কেতিয়াও বাহিৰা হৈ – চৈ কোলাহলত ভাগ নলয়। ভাল ছাত্ৰই নিজকে অধ্যয়নত ব্যস্ত ৰাখে আৰু বাহিৰা কথাত কেতিয়াও কাণ নিদিয়ে। ঠিক তেনেদৰে শিক্ষকৰ প্ৰধান কাম হৈছে পঢুৱা। একে কথা পাণ ৰোপণৰ ক্ষেত্ৰতো প্ৰযোজ্য। পাণ খেতি কৰা ব্যক্তিয়ে যদি পাণ গছডাল কেনেকৈ লহপহকৈ বাঢ়িব পাৰে, সেই কথা চিন্তা নকৰি অন্য়মনস্ক হয়, তেতিয়া পাণগছ ঠন ধৰি নুঠে, মৰহি যায়। পঢ়াৰ সময়ত যেনেদৰে অন্য চিন্তা নিজৰ মগজুত আনিব নেলাগে। ইয়াৰ অৰ্থ এয়াই হল যে একাগ্ৰতা বা নিষ্ঠা অবিহনে পঢ়া, পঢুওৱা বা অন্য কোনো কৰ্ম ক্ষেত্ৰতে সফলতা লাভ কৰিব পৰা নাযায়।

(খ) কমাবশালত গঢ়িবলৈ হলে অগিতে জুইশালত গঢ়ি চাব লাগিব । সাঁতুৰিবলৈ শিকিবলৈ হ’লে পানীত ননমাকৈ নহয় ।

উত্তৰঃউক্ত গদ্যাংশ আমাৰ পাঠ্যপুঠি অসমীয়া সাহিত্য অন্তৰ্গত ডিম্বেশ্বৰ নেওগদেৱৰ দ্বাৰা ৰচিত ‘ছাত্ৰজীৱন আৰু মানৱ সেৱা’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

উক্ত বাক্যশাৰীৰ জৰিয়তে লেখকে কোনো এটা কামেই যে অভ্যাসৰ অবিহনে সম্ভৱ নহয় এই এই প্ৰসংগতে লিখকে উক্ত গদ্যাংশৰ অৱতাৰণা কৰিছে।

জীৱনত কোনো এটা কাম সুন্দৰকৈ তথা সুচাৰুৰূপে পালন কৰিবলৈ যথেষ্ট কষ্টৰ প্ৰয়োজন। আমি ব্যৱহাৰ কৰা সকলো লো – সামগ্ৰী কমাৰ শালত গঢ়িহে তৈয়াৰ কৰা হয়। কমাৰশাল এটা উদ্যোগ আৰু জুইশাল সকলোৰে ঘৰত থকা বস্ত। জুইশালত কিন্ত কোনো লো বস্ত বা অস্ত্ৰ তৈয়াৰ কৰিব পৰা নাযায়। কমাৰশালত লো জুইত প্ৰথমে পুৰি লৈ তাক কোবাই ভাজ দি অস্ত্ৰ তৈয়াৰ কৰা হয়। সেইদৰে এজন ছাত্ৰয়ো প্ৰথম অৱস্থাৰ পৰাই ভালদৰে পঢ়ি নিজকে প্ৰতিষ্ঠা কৰিব পাৰে। ছাত্ৰই সু-শিক্ষাৰে শিক্ষিত হবলৈ হলে শিক্ষাৰ শাৰীৰিক, নৈতিক, মানসিক, আধ্যাত্মিক আদি যিবোৰ ভাগ আছে, সেই সকলো বিধৰে অনুশীলন ভালদৰে কৰিব লাগিব। তেতিয়াহে ছাত্ৰসকল একো একোজনে দেশৰ উপযুক্ত নাগৰিক হৈ দেশসেৱা কৰাৰ ক্ষমতা আৰ্জিব পাৰিব।

(গ) এই কলি সময়ত বিকশিত হৈ ফুল আৰু তাৰ পাছত ফল হৈ মাতৃপূজাত লাগে । কাইট কলিতে এইসকলক পূজাৰ উপচাৰ স্বৰূপে মাতৃয়ে গ্রহণ নকৰে ।

উত্তৰঃ

(ঘ) নৰ সেৱাই প্রকৃত নাৰায়ণ সেৱা ।

উত্তৰঃ উক্ত গদ্যাংশ আমাৰ পাঠ্যপুথি ‘সাহিত্য সুবাসৰ’ অন্তৰ্গত ডিম্বেচৰ নেওগ ডাঙৰীয়াৰ ‘ছাত্ৰজীৱন আৰু মানৱ সেৱা’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

মানুহক সেৱা শুশ্ৰূষা কৰিলেই যে ভগৱানক পাব পাৰি – এই প্ৰসংগত উক্ত গদ্যাংশৰ লিখকে অৱতাৰণা কৰিছে।

নৰ সেৱা শব্দটোৰ জৰিয়তে মানৱ সেৱা অৰ্থাৎ মানুহৰ সেৱা কৰা অৰ্থক বুজাইছে। মানুহক সেৱা কৰাৰ জৰিয়তে আমি প্ৰকৃত ধৰ্ম পালন কৰিব পাৰো। নৰ বা মানুহ হল ভগৱানৰ এটা অংশ। সেয়ে শুদ্ধ তত্ত্ব তথা মুকলি মনেৰে মানুহক সেৱা কৰিলে ভগৱানৰ সেৱা কৰা হয়। ভগৱানক বিচাৰি মন্দিৰ, মছজিদলৈ নগৈ মানুহৰ সেৱা কৰিলেই ভগৱানক বিচাৰি পোৱা যায় অৰ্থাৎ নৰ সেৱাই প্ৰকৃত নাৰায়ণ সেৱা।

ভাষাবিষয়কঃ

১। বিপৰীত শব্দ লিখাঃ

নিষ্কর্মা , ত্রুটি , সহযােগিতা , দেশহিতৈষিতা , প্রৌঢ় ।

উত্তৰঃ নিস্কৰ্মা – কৰ্মী

ক্ৰটি – শুদ্ধ, সঠিক

সঠিকসহযোগিতা – প্ৰতিযোগিতা।

দেশহিতৈষিতা – দেশদ্ৰোহিতা

প্ৰৌঢ় – যুৱ।

২। সমার্থক শব্দ লিখাঃ

কার্যকৰী , প্রকৃত , সাম্য , আনমনা , অর্থকৰী , কাপ , কাকত ।

উত্তৰঃ কাৰ্যকৰী – কৰ্মমুখী, কাৰ্যোপযোগী

প্ৰকৃত – আচল, যথাৰ্থ

সাম্য – সমানআনমনা – অমনোযোগী, অন্যমনস্ক

অৰ্থকৰী – লাভজনক,

ধন অৰ্জনকাৰী

কাপ – কলম

কাকত – কাগজ, তুলাপাত

৩। বাক্য ৰচনা কৰা ।

নীতি – বচন , কাপ – কাকত , কুচুট – কপট , জনক – জননী , লােণ – তেল ।

উত্তৰঃ নীতি- বচন:- মহৎলোকৰ নীতি- বচন আমি মানি চলিব লাগে।

কাপ-কাকত:- মধুই শিক্ষকে দিয়া কথাবোৰ কাপ-কাকতত লিখি ৰাখিছে।

কুৰ্চুট-কপট:- মানুহে নিজৰ মনত কুৰ্চুট-কপট পখিলে কেতিয়াও জীৱনত প্ৰকৃত সুখ লাভ নকৰে।

জনক-জননী:- গাঁও একেধাৰে নগৰৰ জনক-জননী।

লোণ-তেল:- ৰমেনে অত বছৰৰ মূৰত ঘৰলৈ আহি লোণ-তেল দি খোৱা ভাত কেইটাতো পৰম তৃপ্তি পালে।