দৃশ্যান্ত । অধ্যায় ৫ । Chapter 5 | Class 10 Assamese Lesson 5 Question and Answer | SEBA Class 10 Assamese Chapter 5 Solution | দশম মান শ্ৰেণীৰ অসমীয়া অধ্যায় ৫ দৃশ্যান্ত পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

দৃশ্যান্ত

১। চমু উত্তৰ দিয়াঃ

(ক) কবিয়ে কিমান বছৰৰ আগতে মানুহজনক লগ পাইছিল?

উত্তৰঃ কবিয়ে পঁচিশ বছৰৰ আগতে মানুহজনক লগ পাইছিল।

(খ) মানুহজন কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল?

উত্তৰঃ মানুহজন কুকুৰীকণা আছিল বাবে সন্ধিয়া পৰত নিজৰ ঘৰ বিচাৰি পোৱা নাছিল।

(গ) মানুহজন নিজৰ ঘৰৰ পদূলি ক’ত বিচাৰিছিল?

উত্তৰঃ মানুজনে নিজৰ ঘৰৰ পদূলি নিজৰে নঙলামুখত বিচাৰিছিল।

(ঘ) মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমস্কাৰৰ ভংগিত আছিল ?

উত্তৰঃ মানুহজনৰ ঘৰৰ দাঁতিত আগলি বাহেঁ নমস্কাৰ ভংগীত আছিল।

(ঙ) কবিয়ে কেনে সময়ত মানুহজনক লগ পাইছিল ?

উত্তৰঃ কবিয়ে গধূলি সময়ত মানুহজনক লগ পাইছিল।

২। সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ স’তে কি কি কথা পাতিছিল তােমাৰ নিজৰ কথাৰে লিখা ।

উত্তৰঃ পঁচিশ বছৰ আগতে কবিয়ে এজন মানুহ লগ পাইছিল। সেই মানুহজন আছিল কুকুৰীকণা। তেখেতে নিজৰ ঘৰতো বিচাৰি পোৱা নাছিল। কবিয়ে তেওঁক সহায়ৰ অৰ্থে ঘৰটোলৈ আগবঢ়াই দিওঁতে ব্যক্তিজনে খুব সন্তোষ প্ৰকাশ কৰিছিল। কিন্ত পঁচিশ বছৰ পাছত যেতিয়া দৃশ্যটো সলনি হল তেতিয়া পুনৰবাৰ একে ঠাইতে ব্যক্তিজনক লগ পাওঁতে কবিক মানুহজনে চিনিব নোৱাৰি ভাড়াঘৰ বিচাৰি অহা মানুহ বুলি ভাবিছিল। তেতিয়াই তেখেতে কংক্ৰীটৰ পৃথিৱীখনৰ বিষয়ে দুখ কৰি কৈছিল যে ইয়াত মানুহ মৰিলেও দাহ কৰিবলৈ কাৰো সময় নাই।

৩। দৃশ্যান্তৰ কবিতাটোৰ মূলভাৱ লিখা ।

উত্তৰঃ কবি সাহিত্যিক হৰেকৃষ্ণ ডেকাদেৱৰ দ্বাৰা ৰচিত দৃশান্তৰ কবিতাটিৰ মাজেৰে কবিয়ে মানৱ সমাজৰ পৰিৱৰ্তিত আৰু ক্ৰমান্বয়ে স্খলন হবলৈ ধৰা মানৱতাৰ দৃশ্য প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছে। পঁচিশ বছৰৰ আগত আৰু পঁচিশ বছৰৰ পাছত দৃষ্টিগোচৰ হোৱা দুটা ভিন্ন দৃশ্য কথা কবিয়ে অৱতাৰণা কৰিছে। পঁচিশ বছৰ আগতে এটা কেঁচা আলি কেঁকুৰিত সন্ধিয়া কবিয়ে লগ পাইছিল কুকুৰীকণা মানুহ। কুকুৰীকণা মানুহজনে তেওঁ নিজৰ ঘৰটো বিচাৰি পোৱা নাছিল। সেই সময়ত তেওঁক সহায় কৰিবলৈ কোনো নাছিল। কবিয়ে তেওঁক হাতত ধৰি নিজৰ ঘৰটোৰ বিচাৰি পোৱাত সহায় কৰিছিল। পঁচিশ বছৰৰ মুৰত একে ঠাইতে কবিয়ে ব্যক্তিজনক লগ পাইছে। পঁজাঘৰৰ পৰিৱৰ্তে এটি সাতমহলীয়া অট্টালিকাৰ সন্মুখত তেওঁ থিয় হৈ আছিল। অন্য মানুহৰ বাবে চিন্তা কৰিবলৈ বৰ্তমান মানুহৰ সময় নাইকীয়া হল। মৰিলে দাহ কৰিবলৈ, বিপদে-আপদে এষাৰি মাত দিবলৈও সময়ৰ অভাৱ হল। সমাজৰ স্খলিত ৰূপ দেখি বৃদ্ধ ব্যক্তিজনে হতাশ হৈ বৰ্তমানৰ সমাজৰ লোকসকলক যশৰ সন্তান বুলি কবলৈয়ো সংকোচ কৰা নাই। নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি তেওঁ অট্টালিকাটোৰ ভিতৰলৈ সোমাই গল। কবিয়ে তেওঁক আৰু বিচাৰি নাপালে।

৪। “ বৰ শান্তিত আছে এই পঁজাটিত । ” — কোনে , কিয় এইদৰে কৈছিল ? কথাষাৰৰ অন্তর্নিহিত ভাৱ মােকলাই লিখা ।

উত্তৰঃ

৫। হেৰা অচিনাকি মানুহজন , তােমাক কি লাগেহে ইয়াত ? ‘ — কোনে কিয় কবিক এনেদৰে সুধিছে বুজাই লিখা ।

উত্তৰঃ

৬। দৃশ্যান্তৰ কবিতাটোত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে তােমাৰ ভাষাৰে বুজাই লিখা ।

উত্তৰঃ

৭। দৃশ্যান্তৰ কবিতাটোৰ কবিগৰাকীৰ এটা চমু পৰিচয় দিয়া ।

উত্তৰঃ হৰেকৃষ্ণ ডেকা জন্ম হৈছিল ১৯৪৩ চনত। তেখেতে ১৯৫৯ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত পঢ়িবলৈ লয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৬৫ চনত ইংৰাজী বিষয়ত এম.এ.পাচ কৰে। গুৱাহাটীৰ কমাৰ্চ কলেজত অধ্যাপনাৰে চাকৰি জীৱন আৰম্ভ কৰা ডেকাদেৱে পাছত ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰি আৰক্ষী সঞ্চালক হিচাবে অৱসৰ লয়। হৰেকৃষ্ণ ডেকা ‘The Sentinel’ কাকত আৰু ‘গৰীয়সী’ আলোচনীৰো সম্পাদক আছিল। তেওঁ ‘ৰাতিৰ শোভাযাত্ৰা’, ‘আন এজন’, ‘Sea – Scare’ আদি কবিতাৰ পুথি, ‘গল্প আৰু কল্প’, ‘মধুসূদনৰ দলং’, ‘বন্দীয়াৰ’, ‘মৃত্যুদণ্ড’ আদি গল্পৰ পুথি ৰচনা কৰিছিল। তেওঁৰ একমাত্ৰ উপন্যায়খন হল ‘আগন্তক’। তেওঁ ১৯৮৭ চনত সাহিত্য অকাডেমী বঁটা, ১৯৯৬ চনত ‘কথা বঁটা’ আৰু ২০১০ চনত ‘অসম উপত্যকা সাহিত্য বঁটা’ লাভ কৰিছিল।

৮। ব্যাখ্যা কৰাঃ

(ক) “ মৰিলে দাহ কৰিবলৈও

এজন মানুহ নাই ।

উত্তৰঃ প্ৰসংগঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য অন্তৰ্গত ‘দৃশ্যান্তৰ’ মানৰ কবিতাটোৰ পৰা তুলি অনা হৈছে।

সংগতিঃ উক্ত কবিতাংশত কবিয়ে মানৱৰ ধন – ঐশ্বৰ্য বৃদ্ধিৰ প্ৰতিযোগিতাত কিদৰে মানৱীয় মূল্যবোধৰ অৱক্ষয় ঘটিছে তাৰেই অৱতাৰণা কৰিছে।

ব্যাখ্যাঃ বৰ্তমান সমাজত মানুহৰ কথা-কথিত, শিক্ষা-দীক্ষাৰ উত্তৰণ ঘটিছে। সা-সম্পত্তিৰ অভিজ্ঞতাও বাঢ়িছে কিন্ত তাৰ বিপৰীতে মানৱীয় প্ৰমূল্যৰ অৱক্ষয় হৈছে। যাৰ ফলত মানুহৰ মৰম স্নেহ, ভাতৃত্ববোধ একতা আদি নিঃচিহ্ন হৈ পৰিছে। সেয়ে আজি সমাজত বিপদ-আপদৰ সময়তো মানুহৰ এষাৰি মাত শুনিবলৈ পোৱা নাযায়, আনকি মানুহ মৰিলেও শ দাহ কৰিবলৈয়ো আজি ওচৰ-চুবুৰীয়াই সহায় কৰিবলৈ নাহে।

(খ) যখৰ পােৱালিহঁতে কাক কোনে চায় ।

উত্তৰঃ

(গ) এই কংক্রীটৰ হাবিখনত তেওঁক

বিচাৰি নাপালোঁ আৰু ।

উত্তৰঃ

ভাষা বিষয়কঃ

১। বিপৰীত শব্দ লিখা ?

কেঁচা , গধূলি , পােহৰ , শান্তি , ৰূপ ।

উত্তৰঃ

কেঁচা – পকা।

গধূলি – পুৱা।

পোহৰ – আন্ধাৰ।

শান্তি – অশান্তি।

ৰূপ – অৰূপ।

২। এটাকৈ সমার্থক শব্দ লিখা ?

জোন , ঘৰ , চৰা , দাহ , উভতি।

উত্তৰঃ

জোন – চন্দ্ৰ।

ঘৰ – আবাস।

চৰা – অধিক।

দাহ – শোক।

উভতি – উলটি।

৩। নঞৰ্থক শব্দ গঠন কৰা ?

শান্তি , চিনাকি , সহায় ।

উত্তৰঃ

শান্তি – অ + শান্তি = অশান্তি

চিনাকি – অ + চিনাকি = অচিনাকি

সহায় – অ + সহায় = অসহায়

8। নমস্কাৰ ’ শব্দটো সন্ধি ভাঙিলে এনে হ’ব—

নমঃ + কাৰ । — এইদৰে আন চাৰিটা শব্দ লিখি সন্ধি ভাঙা ।

উত্তৰঃ

পৰিঃ + কাৰ = পৰিস্কাৰ

পুৰঃ + কাৰ = পুৰস্কাৰ

বহিঃ + কাৰ = বহিস্কাৰ।

নিঃ + কাৰ = নিৰাকাৰ