নিয়ন্ত্ৰণ আৰু সমন্ধয় । Chapter 7 | Class 10 General Science Lesson 7 Question and Answer Assam | SEBA Class 10 General Science Lesson 7 Solution | Assamese Medium Class 10 Science Lesson 7 Answer | দশম মান শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৭ নিয়ন্ত্ৰণ আৰু সমন্ধয় পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

অধ্যায়ঃ ৭

নিয়ন্ত্ৰণ আৰু সমন্ধয়


প্ৰশ্নাৱলীঃ

1. প্ৰতীপ ক্ৰিয়া আৰু খোজ কঢ়াৰ মাজত পাৰ্থক্য কি?

উত্তৰঃ প্ৰতীপ ক্ৰীয়া এটা অনৈচ্ছিক ক্ৰিয়া। আনহাতে, খোজ কঢ়া এটা ঐচ্ছিক ক্ৰিয়া। অৰ্থাৎ খোজ কঢ়াৰ লগত ব্যক্তি এজনৰ ইচ্ছা জড়িত থাকে।


2. দুটা নিউৰনৰ মাজৰ সংযোগী পথ বা চাইনেপছত কি ঘটে ?

উত্তৰঃ দুটা নিউৰনৰ মাজৰ সংযোগী পথ বা চাইনেপছৰ মাজেদি স্নায়ু সংবেদন আমাৰ দেহত প্ৰেৰণ হয়।


3. মগজুৰ কোন অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয় ?

উত্তৰঃ চেৰিবেলামে (Cerebellum) দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয়।


4. আমি ধূপকাঠিৰ গোন্ধ কেনেকৈ লওঁ ?

উত্তৰঃ প্ৰমস্তিষ্ক হ’ল মস্তিস্কৰ মুখ্য চিন্তা–ভাৱনাৰ অংগ। ইয়াৰ অংশই শৰীৰৰ বিভিন্ন সংগ্ৰাহী ইন্দ্ৰিয়ৰ পৰা অহা সংবেদী স্নায়ু প্ৰেৰণা গ্ৰহণ কৰে। এই অংশত শ্ৰৱণ, ঘ্ৰাণ, দৃষ্টি আদি এলেকা থাকে। এই অংশৰ দ্বাৰাই আমি ধূপকাঠিৰ গোন্ধ চিনাক্ত কৰিব পাৰো।


5. প্ৰতীপ ক্ৰিয়াত মগজুৰ ভূমিকা কি?

উত্তৰঃ প্ৰতীপ ক্ৰিয়া হ’ল উদ্দীপনাৰ প্ৰতি কাৰ্যকৰী অংগসমূহৰ অনৈচ্চচিক প্ৰতিক্ৰিয়া। সাধাৰণ প্ৰতীপ ক্ৰিয়া যেনে- চকুৰমণিৰ আকাৰ সলনি কৰা, চকীখন ঘূৰাই দিওঁতে চিন্তাৰ অনুভূতি আদি কাৰ্যত আন এবিধ পেশী চিন্তা নকৰাকৈ চালিত হৈ থকে। এনেধৰণৰ কাৰ্যবোৰ মধ্য মস্তিক আৰু পশ্চাৎ মস্তিষ্কই নিয়ন্ত্ৰণ কৰি থাকে।


প্ৰশ্নাৱলীঃ

1. উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ (Plant Hormone) বিলাক কি কি ?উত্তৰঃ জিবাৰেলিন ( Gibberelin ) আৰু চাইট’কাইনিন ( Cytokine ) ।


2. নিলাজী বনৰ পাতৰ চলন পৰিঘটনাটো কাণ্ডৰ কুমলীয়া আগৰ পোহৰৰ দিশত গতি কৰা পৰিঘটনাটোৰ মাজত কি পাৰ্থক্য আছে ?

উত্তৰঃ নিলাজী বনৰ বিকাশ বা বৃদ্ধিৰ কোনো সম্পৰ্ক নাই। আনহাতে, বীজৰ অংকুৰণৰ গতি বা চলনৰ দিশটো বিকাশ বা বৃদ্ধিৰ লগত জড়িত। নিলাজী বনৰ ক্ষেত্ৰত স্পৰ্শ কৰা অংশৰ পৰা গতি লাভ কৰা অংশৰ সংযোগ স্থাপনত বৈদ্যুতিক ৰাসায়নিক মাধ্যমৰ যোগেদি এটা কোষৰ পৰা আন এটা কোষলৈ সংযোগ হৈ থাকে। এই চলাচল দ্ৰুতিগতিত সংঘটিত হয়। আনহাতে, কাণ্ডৰ কুমলীয়া আগ পোহৰৰ দিশত মন্থৰ গতিত সংঘটিত হয়।


3. উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা এবিধ সঞ্জীৱনী পদাৰ্থৰ উদাহৰণ দিয়া।

উত্তৰঃ অক্সিন (Aunin) ।


4. কোনো এক আধাৰত চাৰিওপাশে আকৰ্ষৰ বৃদ্ধিত অক্সিনে কেনেকৈ সহায় কৰে

উত্তৰঃ অক্সিনে উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগায়। উদ্ভিদৰ আকৰ্ষত অক্সিনৰ গাঢ়তা বৃদ্ধিয়ে ইয়াৰ কোষবোৰৰ দৈৰ্ঘ্য বৃদ্ধি কৰে । ইয়াৰ বাবে আকৰ্ষডাল বেকা হয় আৰু বস্তু এটাৰ চাৰিওফালে মেৰাই ধৰি তাত লাগি ধৰে।
5. জলানুবেগী (Hydrotropism) ৰ পৰীক্ষা মূলক আৰ্হি এটা প্ৰস্তুত কৰা ।

উত্তৰঃ উদ্ভিদৰ শিপাই সদায় আৰ্দ্ৰতা বা পানীৰ দিশত গতি কৰে আৰ্দ্ৰতা বা পানীৰ দিশত উদ্ভিদৰ শিপাৰ এই চলাচলক জলানুবেগী বা হাইড্ৰ’ট্ৰ’পিজিম পিজিম বোলা হয়।পৰীক্ষাঃ বালিৰে পূৰ্ণ এটা ডাঙৰ পাত্ৰত এটা মটৰ মাহৰ পুলি ৰোপন কৰা হ’ল। বালিত পুলিটোৰ পৰা কিছু দূৰত পানীৰে পূৰ্ণ এটা ৰন্ধ্ৰযুক্ত পাত্ৰ ৰখা হ’ল। কিছুদিনৰ পাছত দেখা যাব যে পুলিটোৰ শিপাডাল পানীৰ পানীৰ উৎসৰ ফালে বেকা হৈছে। এই পৰীক্ষাটোৱে দেখুওৱায় যে উদ্ভিদৰ শিপাই সদায় পানীৰ দিশত গতি কৰে।


প্ৰশ্নাৱলীঃ1. প্ৰাণীদেহৰ ৰাসায়নিক সমন্বয় কেনেকৈ সংঘটিত হয়?

উত্তৰঃ প্ৰাণীদেহত হ’ৰমনৰ দ্বাৰা ৰায়ায়নিক সমন্বয় সংঘটিত হয়। প্ৰাণীৰ শৰীৰত থকা অন্তঃস্ৰাৱী গ্ৰন্থিয়ে হৰমV নিঃসৰণ কৰে। এই গ্ৰন্থিবোৰে ক্ষৰণ কৰা হৰম’নসমূহ প্ৰত্যক্ষভাৱে তেজত মিহলি হৈ যায় আৰু এই হৰম’ন ক্তিয়া কৰা স্থান সমূহহলৈ পৰিৱাহিত হয় ।
2. আয়দিন পুষ্ট লৱন খোৱাটো কিয় আৱশ্যক ?

উত্তৰঃ আয়ডিনৰ সহায়ত আমাৰ শৰীৰত থকা থাইৰড গ্ৰন্থিয়ে থাইৰ’ক্সিন নামৰ হৰম’নবিধ তৈয়াৰ কৰে। থাইৰ’ক্সিনে আমাৰ শৰীৰত কাৰ্ব’হাইড্ৰেট, প্ৰটিন আৰু চৰ্বীৰ বিপাক নিয়ন্ত্ৰণ কৰি বৃদ্ধিৰ বাবে এক উপযুক্ত সমতাৰ যোগান ধৰে। গতিকে আয়ডিন পুষ্টি লৱন খোৱাটো আৱশ্যক ।
3. আমাৰ দেহৰ তেজত এড্ৰিনেলিনৰ নিঃসৰন ঘটিলে দেহত কেনে প্ৰতিক্ৰিয়া হয় ?

উত্তৰঃ এড্ৰিনেলিনৰ পোন পটীয়াকৈ তেজত নিঃসৰণ হয় আৰু দেহৰ বিভিন্ন অংশলৈ প্ৰৱাহিত হয়। অড্ৰিনেলিনে নিৰ্দিষ্ট কোষকালত ক্ৰিয়া কৰে । ইয়াৰ ফলত আমাৰ হৃদযন্ত্ৰৰ ধপধপনি বাঢ়ি যায় ফলত পেশীসমূহত অক্সিজেনৰ যোগান বৃদ্ধি হয়। ইয়াৰ কাৰণে কংকাল পেশীলৈ তেজ প্ৰৱাহিত হয়। মধ্যচ্ছদা আৰু কামিহাড়ৰ পেশী সংকোচনৰ ফলত শ্বাস-প্ৰশ্বাসৰ হাৰ বৃদ্ধি পায়। এই সকলোবিলাক একেলগ হৈ কোন এটা কাৰ্য সম্পাদন হয়।
4. কিছুমান ডায়েবেটিচ ৰোগীক ইনচুলিনৰ বেজী দিয়া হয় কিয় ?

উত্তৰঃ  ইনচুলিন হ’ল আমাৰ শৰীৰৰ অগ্নাশয় গ্ৰন্থিয়ে ক্ষৰণ কৰা এবিধ হৰম’ণ, যিয়ে আমাৰ তেজৰ শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰে যদি এই হৰম’নবিধ উপযুক্ত পৰিমাণত ক্ষৰণ কৰা নাযায়, তেনেহ’লে আমাৰ তেজত শৰ্কৰাৰ স্তৰৰ বৃদ্ধি হয়, যাৰ ফলত শৰীৰত নানা হানিকাৰক প্ৰভাৱে দেখা দিব পাৰে। আমাৰ তেজত শৰ্কৰাৰ স্তৰৰ বৃদ্ধিয়ে ডায়েবেটিছ ৰোগৰ সৃষ্টি কৰে, যাৰ বাবে এই ৰোগৰ কিছুমান ৰোগীক ইনচুলিনৰ বেজী দিয়া হয়।


অনুশীলনীঃ

1. তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ ?(a) ইনচুলিন(b) থাইৰ’ক্সিন(c) অ’ৱেষ্ট্ৰজেন(d) চাইট’কাইনিনউত্তৰঃ (d) চাইট’কাইনিন
2. দুটা নিউৰণৰ খালী ঠাইক কি বুলি কয়-(a) ডেনড্ৰাইট(b) চাইনেপচ(c) এক্সন(d) প্ৰেৰণাউত্তৰঃ (b) চাইনেপচ
3. মগজুৱে কি কাম কৰে-(a) ভাৱ আৰু চিন্তা কৰা(b) হৃদপিন্দু স্পন্দন নিয়ন্ত্ৰণ(c) দেহৰ সমতা ৰক্ষা(d) ওপৰৰ আটাইকেইটাউত্তৰঃ (d) ওপৰৰ আটাইকেইটা


4. আমাৰ দেহৰ গ্ৰাহক অংগৰ কাম কি ? গ্ৰাহক অংগই যথোপযুক্তভাৱে কাম নকৰিলে কেনে পৰিস্থিতি হ’ব ভাবাচোন। ইয়াৰ ফলত কি সমস্যা হ’ব পাৰে ?

উত্তৰঃ গ্ৰাহকবোৰ হ’ল নিউৰ’ণৰ ডেনড্ৰাইটৰ অগ্ৰ অংশ আৰু ইহঁত জ্ঞানেন্ত্ৰিয়সমূহত থাকে। ইহঁতৰ কাম হ’ল পৰিৱেশৰ পৰা বিভিন্ন তথ্য আহৰণ কৰা। যেতিয়া আমাৰ চৰ্দি হয় আৰু আমাৰ নাক বন্ধ থাকে, তেতিয়া এই পৰিস্থিতিত আমাৰ নাকৰ ভিতৰত থকা গ্ৰাহকসমূহে ঠিক মতে কাম নকৰে। এনে পৰিস্থিতিত উদ্ভৱ হ’ব পৰা সমস্যাসমূহ হ’লঃ(1) আমি গোন্ধ চিনাক্ত কৰিবলৈ অসক্ষম।(2) আমি এনে ক্ষেত্ৰত সোৱাদো চিনাক্ত কৰিবলৈ অক্ষম। কাৰণ জিভাৰ গ্ৰাহকৰ পৰা পোৱা সোৱাদৰ বাৰ্তা প্ৰমস্তিষ্কৰ এটা অংশত নাকৰ ঘ্ৰাণ গ্ৰাহকৰ পৰা যোৱা বাৰ্তাৰ লগালগি হয় আৰু মস্তিষ্কত আগৰে পৰা সঞ্চিত তথ্যৰ সহায়ত সোৱাদৰ বাৰ্তাৰ বিশ্লেষণ কৰা হয়। এই ক্ষেত্ৰত গোন্ধৰ বাৰ্তাৰ অনুপস্থিতিত আমি সোৱাদৰ চিনাক্ত কৰাত অক্ষম হ’ম।


5. নিউৰন গঠনৰ এটা চিত্ৰ আঁকা। ইয়াৰ কাৰ্য বৰ্ণনা কৰা।

উত্তৰঃ নিউৰণঃ

কাৰ্যঃ নিউৰণৰ মুখ্য কাৰ্য হ’ল নিউৰণৰ সহায়ত স্নায়ুপ্ৰেৰণা আমাৰ দেহত সঞ্চালিত হয়। নিউৰনে পৰিৱেশৰ পৰা তথ্য আহৰণ কৰি তাক বৈদ্যুতিক প্ৰেৰণাৰ ৰূপত শৰীৰৰ এটা অংশৰ পৰা আন এটা অংশলৈ সঞ্চালিত কৰে।


6. উদ্ভিদৰ দীপ্তিকাল প্ৰতিক্ৰিয়া কেনেকৈ সংঘটিত হয় ?

উত্তৰঃ উদ্ভিদৰ কাণ্ড পোহৰৰ দিসত বেকা হয় আৰু শিপাই পোহৰৰ পৰা আঁতৰলৈ গতি কৰে। পোহৰৰ দিসত উদ্ভিদৰ কাণ্ড বেকা হোৱাৰ লগত অক্সিনৰ প্ৰভাৱ জড়িত থাকে। অক্সিন কাণ্ডৰ অগ্ৰাংশত সংশ্লেষিত হয় আৰু যেতিয়া উদ্ভিদৰ কাণ্ডৰ অগ্ৰাংশই পোহৰ লাভ কৰে, অক্সিনে কাণ্ডৰ ছাঁত থকা অংশলৈ গতি কৰে, আৰু এই অঞ্চলৰ কোষসমূহৰ দৈৰ্য্য বৃদ্ধিত অৰিহণা যোগায়। ইয়াৰ বাবে উদ্ভিদৰ কাণ্ড পোহৰৰ দিশত বেকা হৈ পৰে। 


7. স্নায়ুৰজ্জুত আঘাট হ’লে কেনে বাৰ্তাত ব্যাঘাট ঘটে ?

উত্তৰঃ স্নায়ুৰজ্জুৰ দ্বাৰা গোটেই শৰীৰৰ পৰা মস্তিষ্কলৈ আৰু মস্তিষ্কৰ পৰা শৰীৰৰ অংগ সমূহলৈ সকলো বৰ্তা সঞ্চালিত হয়। গতিকে স্নায়ুৰজ্জুত আঘাট হ’লে শৰীৰৰ সকলো ধৰণৰ সংকেতেই বাধাগ্ৰস্ত হ’ব।


8. উদ্ভিদৰ ৰাসায়নিক সমন্বয় কেনেদৰে সংঘটিত হয় ?

উত্তৰঃ উদ্ভিদ দেহত হৰম’ণ নামৰ এবিধ ৰাসায়নিক যৌগৰ সহায়ত ৰাসায়নিক সমন্বয় সধিত হয়। উদ্ভিদ হৰম’ণসমূহে উদ্ভিদদেহৰ বৃদ্ধি, বিকাশ আৰু পৰিৱেশৰ প্ৰতি সঁহাৰিৰ সমন্বয় সাধন কৰে।

 
9. জীৱদেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ কাৰণে কি প্ৰয়োজন ? 

উত্তৰঃ জীৱদেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ কাৰণে এক তন্ত্ৰৰ প্ৰয়োজন আকৌ বহুকোষী জীৱই নিয়ন্ত্ৰণ আৰু সমন্বয় ৰক্ষাত ব্যৱহাৰ কৰা হৰম’ণবোৰৰ বিচিত্ৰতা আমি ভৱাতকৈ বহুগুনে বেছি। জীৱৰ শৰীৰত বিভিন্ন ক্ৰিয়া-কলাপ চলাই নিয়াৰ বাবে অনবৰতে চলাচলৰ প্ৰয়োজন হয়। এই ক্ৰিয়া-কলাপসমূহ হ’ল পৰিপুষ্টি, শ্বসন, পৰিৱহণ, ৰেচন আদিৰ দৰে অত্যাৱশ্যকীয় জীৱন প্ৰক্ৰিয়াসমূহ এই সকলো ধৰণৰ চলাচলৰ বাবে তন্ত্ৰৰ আৱশ্যক।


10. ঐচ্ছিক ক্ৰিয়া আৰু প্ৰতীপ ক্ৰিয়াৰ মাজত পাৰ্থক্য কেনেকৈ উলিয়াবা?

উত্তৰঃ 1) প্ৰতাপ ক্ৰিয়া কোনো উদ্দীপনাৰ বিপৰীতে আমাৰ শৰীৰৰ হঠাতে আৰু স্বতঃস্ফুৰ্তভাৱে সংঘটিত এক প্ৰক্ৰিয়া। আনহাতে, যিবোৰ ক্ৰিয়াৰ লগত ব্যক্তি এজনৰ ইচ্ছা জড়িত থাকে সেইবোৰ ঐচ্ছিক ক্ৰিয়াৰ অৰ্ন্তগত। যেনেঃখোজ কঢ়া হ’ল আমাৰ শৰীৰৰ এক ঐচ্ছিক ক্ৰিয়া।
2) প্ৰতীপ ক্ৰিয়া যেনে- চকুমণিৰ আকাৰ সলনি কৰা, চকীখন ঘূৰাই দিওঁতে চিন্তাৰ অনুভূতি আদি অনৈচ্ছিক কাৰ্য মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিস্কই নিয়ন্ত্ৰণ কৰি থাকে। আনহাতে, ঐচ্ছিক ক্ৰিয়াবোৰ নিয়ন্ত্ৰণ কৰে চেৰিবেলাম নামৰ অংশই।


11. প্ৰাণীৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ স্নায়ুতন্ত্ৰৰ আৰু হৰম’ণৰ ক্ৰিয়াৰ মাজত তুলনামূলক আলোকপাত কৰা ।

উত্তৰঃ প্ৰানীৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ স্নায়ুতন্ত্ৰৰ আৰু হৰম’ণৰ ক্ৰিয়াৰ মাজৰ তুলনা তলত উল্লেখ কৰা হ’লঃ 1) স্নায়ৱিক সমন্বয়ত বৈদ্যুতিক সংকেত হিচাপে বাৰ্তাৰ সঞ্চালন ঘটে। আনহাতে, হৰম’ণৰ দ্বাৰা সমন্বয়ৰ ক্ষেত্ৰত হৰম’ণৰ দ্বাৰা বাৰ্তাৰ সঞ্চালন ঘটে ।2) স্নায়ুৱিক সমন্বয় ক্ষিপ্ৰ গতিত সংঘটিত হয়, কাৰণ বৈদ্যুতিক সংকেতসমূহ দ্ৰুত গতিত সঞ্চালিত হয়। হৰম’ণৰ সমন্বয় তুলনামূলক ভাৱে মন্থৰ গতিত সংঘটিত হয়, কাৰণ হৰম’ণসমূহ তেজৰ দ্বাৰা কম দ্ৰুতিৰে পৰিৱাহিত হয়।
3) স্নায়ৱিক সমন্বয় কম প্ৰভাৱী, কাৰণ শৰীৰৰ প্ৰতীটো কোষেই স্নায়ু কলাৰ লগত সংলগ্ন হৈ নাথাকে আনহাতে হৰম’ণৰ সমন্বয় অতিকৈ প্ৰভাৱী, কাৰণ হৰম’ণসমূহ তেজৰ দ্বাৰা পৰিৱাহিত হোৱাৰ ফলত শৰীৰৰ সকলো কোষেই ঢুকি পায়।


12. নিলাজী বনৰ পাতৰ চলনৰ লগত আমাৰ ভৰিৰ চলনৰ আচৰণৰ মাজত পাৰ্থক্য কি ?

উত্তৰঃ নিলাজী বন উদ্দীপনৰ প্ৰভাৱত সহাৰী দিয়ে। ইয়াৰ লগত বিকাশ বা বৃদ্ধিৰ কোনো সম্পৰ্ক নাই। ইয়াৰ ক্ষেত্ৰত স্নায়ুৰ কোনো প্ৰভাৱ নাই। আনহাতে, ভৰিৰ চলনৰ ক্ষেত্ৰত উদ্দীপকৰ প্ৰভাৱত সামগ্ৰিকভাৱে স্থান পৰিৱৰ্তন কৰে। এই ক্ষেত্ৰত  স্নায়ুৰো প্ৰভাৱ থাকে। অংগ প্ৰতংগ চালনাৰ বাবে বিশেষ প্ৰটিনৰ প্ৰয়োজন।


Kaberi Barman(M.Sc in Chemistry)