বংশগতি আৰু ক্ৰমবিকাশ । Chapter 9 | Class 10 General Science Lesson 9 Question and Answer Assam | SEBA Class 10 General Science Lesson 9 Solution | Assamese Medium Class 10 Science Lesson 9 Question and Answer | দশম মান শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৯ বংশগতি আৰু ক্ৰমবিকাশ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

বংশগতি আৰু ক্ৰমবিকাশ

1. প্ৰভাৱী আৰু অপ্ৰভাৱী চৰিত্ৰ কাক বোলে ? উদাহৰনৰ সৈতে বুজাই লিখা।
উত্তৰঃ পিতৃপুৰুষত দুটা বিপৰীতধমী চৰিত্ৰৰ মাজত সংকৰন যটালে F1 জনুৰ প্ৰকাশ পোৱা চৰিত্ৰৰ বোৰক প্ৰভাৱী চৰিত্ৰ আৰু প্ৰকাশ নোপোৱা বৈশিষ্টটোক অপ্ৰভাৱী চৰিত্ৰ বোলে । মটৰমাহ গছৰ ওখ আৰু চাপৰ বিপৰীতধমী চৰিত্ৰৰ মাজত সংকৰন ঘটালে F1 জনুৰ সকলোবিলাক ওখ চৰিত্ৰৰ বিশিষ্ট মটৰমাহ গছ পোৱা যায়। F1 জনুৰ ওখৰ আৰু চাপৰ দুয়োটা চাৰিত্ৰিক বৈশিষ্টই প্ৰবাহ ঘটিছিল কিন্ত ওখ চাৰিত্ৰিক বৈশিষ্টটোহে প্ৰকাশ পাইছিল।গতিকে ওখ চৰিত্ৰটো প্ৰভাৱী চৰিত্ৰ আৰু চাপৰটো হৈছে অপ্ৰভাৱী চৰিত্ৰ।

2. আজিত চৰিত্ৰ আৰু বংশানুক্ৰমিক চৰিত্ৰ মানে কি ?উত্তৰঃ যিবোৰ চৰিত্ৰ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মৰ সতি সন্ততিলৈ প্ৰবাহ নঘটে তেনেবোৰ চৰিত্ৰগত বৈশিষ্টক আজিত চৰিত্ৰ বোলে।উদাহৰণ স্বৰুপে এটা প্ৰজন্ম সতি সন্ততি কম ওজন বিশিষ্ট হলে তাৰ পিছৰ প্ৰজন্মত সেই চৰিত্ৰটো বংশানুক্ৰমিক প্ৰবাহ নঘটে। আকৌ যিবোৰ চৰিত্ৰ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মৰ সতি সন্ততিলৈ প্ৰবাহ ঘটে তেনেবোৰ চৰিত্ৰক বংশানুক্ৰমিক চৰিত্ৰ বোলে।বংশানুক্ৰমিক চৰিত্ৰক DNA ৰ প্ৰভাৱ পৰে

3. সমসংস্হ আৰু সমবৃওিক অংগ কাক বোলে ?উত্তৰঃ যিবোৰ অংগৰ উংপত্তিৰ স্হান একে কিন্ত কায বেলেগ বেলেগ তেনেবোৰ বৈশিষ্টক সমসংস্হ অংগ বোলে । Ex- মানুহৰ হাত আৰু জেঠীৰ আগঠেং ।
যিবোৰ অংগৰ উংপত্তিৰ স্হান বেলেগ যদিও কায একে। তেনেবোৰ বৈশিষ্টক সমবৃত্তিক অংগ বোলে।উদাহৰণ চৰাইৰ পাখি আৰু বাদুলীৰ ডেউকা।

4.জীৱাষ্ম কাক বোলে ?উত্তৰঃ জীৱৰ মৃত্যু হলে ইহঁতৰ দেহৰ কিছু অংগ গেলি পছি নাইকিয়া হৈ যায় আৰু কিছু অংগ পৰিৱেশত সম্পূন ভাৱে গেলি পছি নোযোৱাকৈ ৰৈ যায় এইবোৰক জীৱাষ্ম বোলে। উদাহৰন-মাছৰ জীৱাষ্ম

4. পাথক্য লিখা-ক)সমসংস্হ আৰু সমবৃত্তি অংগউত্তৰঃ

11) কেনেকৈ পিতৃপুৰুষ আৰু মাতৃপুৰুষ সমান জিনীয় অৱদান অপত্যজনুলৈ হস্তান্তৰ কৰে?উত্তৰঃ যৌন প্ৰজননত পিতৃপুৰুষ আৰু মাতৃপুৰুষৰ ক্ৰমজমৰ সংখ্যা 2n।পুংজনন কোষ আৰু স্ত্ৰীজনন কোষৰ n সংখ্যক ক্ৰমজম মাতৃকোষ পৰা মিঅচিচ প্ৰক্ৰিয়াৰে স্হানান্তৰ হয়।
নিষেচনৰ ফলত সৃষ্টি হোৱা যোজন কোষৰ আধাসংখ্যক ক্ৰমজম পিতৃফালৰ আৰু আধা সংখ্যক ক্ৰমজম মাতৃফালৰ অথাং যোজন কোষটো 2n হয়। অৰ্থাৎ মিঅচিচৰ ফলত পিতৃফালৰ আৰু মাতৃপুৰুষ সমান জিনীয় অৱদান অপত্যজনুৰ হস্তান্তৰ কৰে।

1) কি কি প্ৰকাৰে কোনো এটা জীৱৰ নিদ্দিষ্ট এটা চাৰিত্ৰিক বৈশিষ্ট তাৰ জনসংখ্যাত ক্ৰমাগতভাৱে বাঢ়ি যায়?উত্তৰঃ কোনো এক আবাদীৰ প্ৰকাৰৰ ঘটিলে আৰু এই প্ৰকাৰনে জীৱক পৰিৱেশৰ লগত নিজকে খাপ খুৱাই লবলৈ সময় কৰে আৰু এইবোৰেই যোগ্য হিচাপে জীয়াই থাকে। উপকাৰী প্ৰকাৰন সম্পন্ন জীৱাই বেলেগৰ তুলনাত অধিক বংশ বিস্তাৰ কৰে আৰু অধিক সংখ্যক জীয়াই থাকে।এনে জীৱসমূহক প্ৰকৃতিয়ে নিবাচন কৰে।

2)জীৱৰ জীৱন কালত আজিত চৰিত্ৰবিলাক তাৰ সতি সন্ততিলৈ বংশানুক্ৰমিক প্ৰবাহ নঘট?উত্তৰঃ পৰিৱেশে জীৱৰ ওপৰত প্ৰত্যক্ষভা্ৱে প্ৰভাৱ পেলাই ফলত কিছুমান প্ৰকাৰণ হয়। এনে পৰিৱেশত প্ৰকাৰন বংশগতি মাধ্যমত সতি সন্ততিলৈ প্ৰৱাহিত নহয়। এনে পৰিৱেশৰ প্ৰকাৰনে জীৱৰ ওপৰত বাহ্যিকভাৱে প্ৰভাৱ পেলায়।

10. অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা বেছি বিকাশসহ ভিন্নতা সৃষ্টি হয় কেনেকৈ ব্যাখ্যা কৰা? ই বিবতন কিদৰে প্ৰভাৱ পেলায়?উত্তৰঃ যৌন প্ৰজননত দুটা প্ৰানী – পুৰুষ আৰু মহিলা জড়িত থাকে । জনন কোষ গঠনত সময়ত মিয়চিচ কোষ বিভাজনত হয়। জনন কোষ গঠনত জিনৰ বিনিময় হয়। প্ৰানীবোৰত জিনীয়  চৰিত্ৰ পিতৃ আৰু মাতৃতকৈ বেলেগ হয়।
অযৌন প্ৰজনন কেৱল এটা পিতৃ পুৰুষ পৰা সম্তান জন্ম হয়।ইয়াত হ্ৰাসাত্মক বা মিঅচিচ কোষবিভাজন নহয়, ই বিৱতনত কোনো ধৰণৰ প্ৰভাৱ নেপেলায়।

1. নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ কাৰণে কি কি উপাদানে অৰিহনা যোগায়?উত্তৰঃ পুৰণি প্ৰজাতিৰ লাহে লাহে পৰিৱতন ঘটি নতুন প্ৰজাতিৰ সৃষ্টি হয়। কোনো প্ৰজাতিৰ বংশানুক্ৰমে নতুন নতুন চৰিত্ৰৰ সৃষ্টি আহি পূৱপূৰুষৰ পৰা বেলেগ হৈ যায় আৰু তাক নতুন প্ৰজাতি হিচাপে চিনাক্ত কৰা হয়।
এই পৰিৱতন প্ৰাকৃতিকভাৱে হয় আৰু বহু সময় লাগে। ইয়াক বহুগুণতা বোলে।

2. স্বপৰাগযোগ ঘটা উদ্ভিদৰ প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাৱে পৃথকীকৰণ হৈ থকা অৱস্হাটো প্ৰধান কাৰক হব পাৰেনে ?  যদি পাৰে কিয় পাৰে আৰু যদি নোৱাৰে কিয় নোৱাৰে  ?উত্তৰঃ স্ব-পৰাগযোগ হোৱা উদ্ভিদৰ প্ৰজাতিৰ উৎপত্তিত ভৌগোলিক বিচ্চিনতাই কোনো ধৰনৰ প্ৰভাৱ নেপেলায়। আনহাতে ইতৰপৰাগযোগ হোৱা উদ্ভিদ প্ৰজাতিৰ উৎপত্তিত ভৌগোলিক বিচ্চিনতাই প্ৰভাৱ পেলায় ফলত বিভিন্নতাই হয় আৰু বাধা জন্মে অথাৎ স্ব-পৰাগযোগত উদ্ভিদৰ প্ৰজাতিকৰণৰ ক্ষেত্ৰত ভৌগোলিকভাৱে পৃথকীকৰণ হৈ থকা অৱস্হাটো প্ৰধান কাৰক হব নোৱাৰে।