ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য । অধ্যায় ৫ । Class X Social Science Lesson 5 Question and Answer | Class 10 Social Science History Chapter 5 Solution Assam | Assamese Medium Class 10 Social Science History Lesson 5 Solution |

ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য

অতি চমু উত্তৰৰ প্রশ্নঃ

১। সিন্ধু সভ্যতাৰ পূব সীমা গাংগেয় উপত্যকাৰ কোন ঠাইলৈ বিস্তৃত আছিল ?

উত্তৰঃ মিৰাট।

২। সিন্ধু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ কেতিয়া হৈছিল ?

উত্তৰঃ প্ৰায় খ্ৰীষ্টপূৰ্ব ৪০০০ চনত।

৩। ঋকবেদৰ আনুমানিক ৰচনা কাল কি ? .

উত্তৰঃ খ্ৰীষ্টপূৰ্ব ১৫০০ চন আৰু খ্ৰীষ্টপূৰ্ব ১০০০ চনৰ মাজত।

৪। ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীকত থকা সত্যমেৱ জয়তে ‘ এই বাক্যশাৰী মূলতঃ কোনখন গ্ৰন্থৰ পৰা লােৱা হৈছে ?

উত্তৰঃ মুণ্ডক উপনিষদ।

৫। প্রাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্রন্থখনৰ নাম কি ?

উত্তৰঃ কৌটিল্য়ৰ দ্ৱাৰা ৰচিত অৰ্থশাস্ত্ৰ।

৬। বিবিধতাৰ মাজত একতা ’ ( Unity in Diversity ) এই বাক্যাংশ কোনখন গ্ৰন্থৰ জৰিয়তে স্থায়িত্ব লাভ কৰিলে ?

উত্তৰঃ পণ্ডিত জৱাহৰলাল নেহৰুৰ গ্ৰন্থ ‘ভাৰত সম্ভেদ'(Discovery of India ) ৰ জৰিয়তে।

৭। ভাৰতৰ ভাস্কর্য শিল্পকলাৰ কোনটো শৈলীত গ্রীক – ৰােমান কলা – কৌশলৰ প্ৰয়ােগ হৈছিল ?

উত্তৰঃ গান্ধাৰ শিল্পকলাত।

৮। ভৰত মুনিৰ নাট্যশাস্ত্র কেতিয়া ৰচিত হৈছিল ?

উত্তৰঃখ্ৰীষ্টপূৰ্ব ২০০ চনৰ পৰা দ্ৱিতীয় শতিকালৈ।

৯। ভৰতৰ নাট্যশাস্ত্ৰত কিমানটা শ্লোক আছে ?

উত্তৰঃ প্ৰায় ৬০০ টা শ্লোক।

১০। হেৰাকা আন্দোলন কি ?

উত্তৰঃ নাগালেণ্ডৰ বিভিন্ন জনজাতীয় গোটৰ পৰম্পৰাগত ধৰ্মীয় বিশ্ৱাস আৰু সাংকৃতিৰ ঐতিহ্য়ৰ সংৰক্ষণ তথা পুনৰ প্ৰৱৰ্তন কৰাৰ উদ্দেশ্য়ে স্ৱাধীনতা সংগ্ৰামী ৰাণী গাইডালুৱে গঢ়ি তোলা আন্দোলনটোকে হেৰাকা আন্দোলন বুলি জনা যায়।

১১। নগালেণ্ডৰ হৰ্ণবিল ’ উৎসৱ কি জীৱৰ নামত উৎসর্গিত ?

উত্তৰঃ ধনেশ পক্ষী।

১২। চপছৰ কুট ’ কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ ?

উত্তৰঃ মিজোৰাম।

১৩। মিজো শব্দৰ অর্থ কি ?
উত্তৰঃ মিজোৰাম অৰ্থ হৈছে ‘পাহাৰৰ বাসিন্দা

১৪। উত্তৰ – পূৰ্বাঞ্চলৰ কোন ৰাজ্যত মাতৃতান্ত্রিক সমাজ ব্যৱস্থা প্রচলিত ?

উত্তৰঃ মেঘালয়।

১৫। মণিপুৰী নৃত্য কি মূল বিষয়বস্তুক আলম কৰি গঢ়ি উঠিছে ?

উত্তৰঃ চৈতন্য় মহাপ্ৰভুৰ শৈশৱ, কৃষ্ণলীলা আদিক আলম কৰি মণিপুৰী নৃত্য় গঢ়ি উঠিছে।

১৬। অসমৰ প্রাচীন নাম কি আছিল ?

উত্তৰঃ প্ৰাগজ্য়োতিষপুৰ আৰু কামৰূপ।

১৭। কি বড়ােমূলীয় শব্দৰপৰা অসম নামটোৰ উৎপত্তি হােৱা বুলি অনুমান কৰা হয় ?
উত্তৰঃ ‘হা – চোম’

১৮। চর্যাপদ মানে কি ?

উত্তৰঃ চৰ্যাপদ মানে হৈছে খ্ৰীষ্টিয় দশম শতিকাৰ পৰা চতুৰ্দশ শতিকাৰ সময়ছোৱাত লিখা কেইটামান অসমীয়া গীতক চৰ্যাপদ হিচাপে জনা যায়।

১৯। চর্যাপদ কেতিয়া ৰচিত হৈছিল ?

উত্তৰঃ খ্ৰীষ্টিয় দশম শতিকাৰ পৰা চতুদৰ্শ শতিকাৰ সময়ছোৱাক।

২০। মাধৱ কন্দলিয়ে কাৰ পৃষ্ঠপােষকতা লাভ কৰি সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল ?

উত্তৰঃ বৰাহী ৰজা মহামাণিক্য়।

২১। অসমৰ গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল ?

উত্তৰঃ শংকৰদেৱে।

২২। জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল ?

উত্তৰঃ আজানপীৰ (চাহ মিলন)।

২৩। আজানপীৰ কোন ?

উত্তৰঃ আজানপীৰ ইছলামধৰ্মীয় সংগীত জিকিৰ আৰু জাৰিৰ ৰচক আছিল। তেওঁ অন্য় নাম আছিল চাহ মিলন।

২৪। আজানপীৰ কেতিয়া অসমলৈ আহিছিল ?

উত্তৰঃ ত্ৰয়োদশ শতিৰকাত।

২৫। দ – পৰ্বতীয়াৰ শিলৰ তােৰণখন কেতিয়া নির্মিত হৈছিল ?

উত্তৰঃ খ্ৰীষ্টিয় ষষ্ঠ শতিকাত।

২৬। চাংৰুং ফুকন কি দায়িত্বত ন্যস্ত আছিল ?

উত্তৰঃ চাং ৰুং ফুকনৰ প্ৰধান দায়িত্ৱ আছিল ৰাস্তা-ঘাট, প্ৰসাদ , মঠ – মন্দিৰ, ঘৰ – দুৱাৰ আদিৰ নিৰ্মাণ আৰু জোখ-মাখৰ তদাৰক কৰা।

২৭। লােক সংগীতত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ কোন শিল্পীক পদ্মশ্রী সম্মান প্রদান কৰা হৈছিল ?

উত্তৰঃ প্ৰতিমা পাণ্ডে বৰুৱা।

২৮। অসমৰ প্রথম বার্তালােচনীখনৰ নাম কি ?

উত্তৰঃ ১৮৪৬ খ্ৰীষ্টাব্দত আমেৰিকান ব্য়াপ্তিষ্ট মিছনেৰিৰ দ্ৱাৰা প্ৰকাশিত ‘অৰুণোদয়।’

২৯। উত্তৰ – পূৰ্বাঞ্চলৰ অষ্ট্রিক নৃ – গােষ্ঠীৰ অন্তর্ভূক্ত জনজাতিটো কি ?

উত্তৰঃ মেঘালয়ৰ খাছী জনজাতী

৩০। ৰচয়িতাসকলৰ নাম লিখাঃ

(ক) অর্থশাস্ত্র (খ) হক্তিবিদ্যার্ণৱ ।

(গ) কীৰ্ত্তন (ঘ) নামঘােষা ।

(ঙ) চোৰধৰা পিম্পৰা গুচোৱা । (চ) কালিয় দমন ।

( ছ ) ৰামবিজয়। (জ) কথাগীতা ।

(ঝ) ৰাজৰঙ্গিনী । (ঞ) ভাৰত সম্ভেদ ।

উত্তৰঃ (ক) কীৰ্ত্তন ঃকৌটিল্য়।
(খ) হস্তী বিদ্য়াৰ্ণৱ ঃসুকুমাৰৰ বৰকাইথ।
(গ) কীৰ্তন ঃশংকৰদেৱ।
(ঘ) নামঘোষা ঃমাধৱদেৱ।
(ঙ) চোৰধৰা পিম্পৰা গুচোৱা ঃমাধৱদেৱ
(চ) কালিয় দমন ঃশংকৰদেৱ
(ছ) ৰামবিজয় ঃশমকৰদেৱ
(জ) কথাগীতা ঃভট্টদেৱে
(ঝ)ৰাজতৰঙ্গিনী ঃকলহন
(ঞ) ভাৰত সম্ভেদ ঃজৱাহৰলাল নেহৰু

চমু উত্তৰৰ প্রশ্নঃ

১। খ্রীষ্টিয় ষষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম লিখা ?

উত্তৰঃ খ্ৰীষ্টিয় যষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতি হৈছে গ্ৰীক আৰু হুন।

২। সিন্ধু উপত্যকাত আবিষ্কৃত হােৱা ধর্মীয় উদ্দেশ্যত ব্যৱহৃত হােৱা দুটা মূৰ্ত্তিৰ নাম লিখা ?

উত্তৰঃ সিন্দু উপত্য়াত আৱিষ্কৃত হোৱা ধৰ্মীয় উদ্দেশ্য়ত ব্য়ৱহৃত হোৱা দূটা। মূৰ্তি হৈছে পশুপতি সদৃশ মূৰ্তি, মাতৃদেৱীৰ মূৰ্ত।

৩। অষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান উল্লেখ কৰা ।

উত্তৰঃ অষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান হৈছেঃ
(ক) ধান খেতি ।
(খ) কুঁহিয়াৰৰ পৰা গুৰ প্ৰস্তুতকৰণ।

৪। ভাৰতীয় সংস্কৃতিত বর্ণাঢ্যতা সৃষ্টিৰ ক্ষেত্ৰত ভৌগােলিক পৰিস্থিতিয়ে কি দৰে ভূমিকা গ্রহণ কৰিছে ?

উত্তৰঃ বিশ্ৱৰ বিভিন্ন প্ৰান্তৰ পৰা আগমন ঘটা ভিন্ন নৃগোষ্টীৰ প্ৰভাৱত ভাৰতীয় সমাজখন গঢ়ি উঠিছে। ইয়াৰ জৰিয়তে ভাৰতত সাংস্কৃতিক বৰ্ণাঢ্য়তাৰ সূচনা হৈছে। এই বৰ্ণাঢ্য়তাৰ সৃষ্টি আৰু ধাৰাবাহিকতাত ভৌগোলিক পৰিস্থিতিয়ে স্ৱকীয় ভূমিকা পালন কৰিছে। ভাৰতৰ ভূপ্ৰাকৃতিক বৈশিষ্ট্য়ৰ অন্তৰ্গত এহাতে বিশাল সমভূমি থকাৰ বিপৰীতে আনহাতে পাৰ্বত্য় অঞ্চল বিৰাজ কৰিছে,আৰু মৰুভূমি থকাৰ বিপৰীতে আনহাতে ক্ৰান্তীয় অৰণ্য় বিৰাজ কৰিছে, এহাতে উপকূলৱৰ্তী অঞ্চল বিৰাজ কৰাৰ বিপৰীতে আনহাতে গভীৰতম অভ্য়ন্তৰীণ এলেকা বিৰাজ কৰিছে।

৫। বেদৰ চাৰিখন সংহিতাৰ নাম লিখা ।

উত্তৰঃ বেদৰ চাৰিখন সংহিতাৰ নাম হ’লঃ (ক) ঋগবেদ (খ) যজুৰ্বেদ (গ) সামবেদ (ঘ) অথৰ্ববেদ।

৬। অশােকৰ দ্বাদশ মুখ্য শিলা – লিপিত ধর্মীয় উদাৰতাৰ বিষয়ে কি কথা লিখা আছে ?

উত্তৰঃ ধৰ্মীয় সহিষ্ণুতাৰ পৰিশীলনৰ বাবে’প্ৰাচীন ভাৰতবৰ্ষৰ এক বিশেষ দিশ আছে। তৃতীয় শতিকাত গিৰ্ণাৰত থকা অশোকৰ দ্ৱাদশ মুখ্য় শিলা – লিপিত শিখা কথাখিলিৰ পৰা এয়া স্পষ্ট হয়। এই শিলালিপিত ব্য়ক্ত কৰা হৈছে যে নিজৰ ধৰ্মটো অন্য় ধৰ্মতকৈ শ্ৰেষ্ঠ বুলি বিবেচনা কৰিব নালাগে। ইয়াৰ পৰিৱৰ্তে আটাকইবোৰ ধৰ্মৰ সাৰ আহৰণ কৰি সমন্ৱয়ৰ পথ অনুসৰণ কৰিব লাগে।

৭। সাংস্কৃতিক , বহুত্ববাদ মানে কি ?

উত্তৰঃ যি ব্য়ৱস্থাৰ অন্তৰ্গত সদৃশ আৰু বিসদৃশ ভিন্ন সংস্কৃতিয়ে অন্য় সংস্কৃতিৰ ভাল উপাদানবিলাক গ্ৰহণেৰে শান্তিপূৰ্ণভাৱে সহাৱস্থান কৰে তাকে সাংস্কৃতিক বহুত্ৱবাদ বুলি জনা যায়। ভাৰত হৈছে সাংস্কৃতিক বহুত্ৱবাদ বিৰাজ কৰা দেশৰ উৎকৃষ্ট উদাহৰণ কিয়নো ইয়াত সংস্কৃতি, ভাষা, জাতি, ধৰ্ম, পৰম্পৰাগত ৰীতি – নীতি, সাজপোছাকৰ শৈলী, খাদ্য়াভাস, লোকসংস্কৃতি আদিৰ বিচিত্ৰ সমাহাৰ পৰিলক্ষিত হয়।

৮। ভাৰতৰ প্রাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম লিখা ।

উত্তৰঃ ভাৰতৰ প্ৰাচীন যুগৰ দুগৰাকী বিজ্ঞানী হৈছেঃ (ক) আৰ্যভট্ট। (খ) ব্ৰহ্মগুপ্ত। প্ৰাচা

৯। প্রাচীন ভাৰতৰ দুখন চিকিৎসাশাস্ত্ৰৰ নাম লিখা ।

উত্তৰঃ প্ৰাচীন ভাৰতৰ দুখন চিকিৎসা শাস্ত্ৰ হৈছেঃ
(ক) চৰক সংহিতা
(খ) সুশ্ৰুত সংহিতা

১০। ভাৰতীয় চিত্রকলাক কি কি ভাগত ভগাব পাৰি ?

উত্তৰঃ ভাৰতীয় চিত্ৰকলাক দুটা ভাগত ভগাব পাৰি সেই কেইটা হৈছেঃ
(ক) বৃদাকাৰ দেৱাল চিত্ৰ।
(খ) ক্ষুদ্ৰাকাৰ চিত্ৰ।

১১। চিত্রকলাৰ প্রতি পৃষ্ঠপােষকতা আগবঢ়োৱা দুগৰাকী মােগল বাদছাহৰ নাম লিখা ।

উত্তৰঃ চিত্ৰকলাৰ প্ৰতি পৃষ্ঠাপোষকতা আগবঢ়োৱা দুগৰাকী মোগল বাদছাহৰ নাম হৈছেঃ
(ক) জাহাংগীৰ
(থ) ছাহজাহন

১২। ক্ষুদ্রাকাৰ চিত্রযুক্ত অসমৰ দুখন সাঁচিপতীয়া পুথিৰ নাম লিখা ।

উত্তৰঃ ক্ষুদ্ৰাকাৰ চিত্ৰযুক্ত অসমৰ দুখন সাঁচিপতীয়া পুথিৰ নাম হ’লঃ
(ক) হস্তীবিদ্য়াৰ্ণৱ।
(খ) আনন্দ লহৰী।

১৩। হস্তিবিদ্যার্ণৱ গ্ৰন্থখনৰ চিত্ৰকৰ দুগৰাকীৰ নাম লিখা ।

উত্তৰঃ হস্তিবিদ্য়াৰ্ণৱ গ্ৰন্থখনৰ চিত্ৰকৰ দুগৰাকী নাম আছিল দিলবৰ আৰু দোচাই।

১৪। ঝুম খেতি মানে কি বুজা ?

উত্তৰঃ এটুকুৰা মাটি গছ – গছনি জ্ৱলাই লৈ তাত উৰ্বৰতা লুপ্ত নোহোৱালৈকে খেতি কৰাৰ পাছত অন্য় এচুকুৰা মাটিলৈ গৈ একে পদ্ধতি অনুসৰণে কৰা কৃষিকাৰ্যকে ঝুম খেতি বোলা হয়।

১৫। জেং বিহু মানে কি ?

উত্তৰঃ জেং বিহু মানে হৈছেঃ ব’হাগ বিহুত উজনী অসমৰ মহিলাসকলে পুৰুষৰ অবিহনে নিৰ্জন স্থানত অনুষ্ঠিত কৰা বিহু নৃত্য় – গীতৰ কাৰ্যসূচীকে জেং বিহু বুলি কোৱা হয়।

১৬। ওজাপালিৰ দুটা ভাগৰ নাম লিখা ।

উত্তৰঃ ওজাপালিৰ দুটা ভাগ হৈছেঃ
(ক) ব্য়াস ওজা।
(খ) সুকনান্নী ওজা।

১৭। প্রাচীন ভাৰতবৰ্ষৰ দুগৰাকী দার্শনিকৰ নাম লিখা ।

উত্তৰঃ প্ৰাচীন ভাৰতবৰ্ষৰ দুগৰাকী দাৰ্শনিকৰ নাম হ’লঃ
(ক) কপিল।
(খ) পতঞ্জলি।

১৮। আহােম ৰাজত্ব কালত ৰচিত দুখন বুৰঞ্জীৰ নাম লিখা ।

উত্তৰঃ আহোম ৰাজত্ৱ কালত ৰচিত দুখন বুৰঞ্জীৰ হৈছেঃ
(ক) দেওধাই বুৰঞ্জী।
(খ) তুংখুঙ্গীয়া বুৰঞ্জ।

১৯। বিহুৰ সমধর্মী হিচাপে নামনি অসমত উদ্যাপিত হােৱা দুটা স্থানীয় উৎসৱ উল্লেখ কৰা ।

উত্তৰঃ বিহুৰ সমধৰ্মী হিচাপে নামনি অসমত উদ্য়াপিত হোৱা দুটা স্থানীয় উৎসৱ হৈছেঃ
(ক) দৰং জিলাৰ দেউল।
(খ) বাঁস পুজা।

২০। দৰঙৰ দুবিধ লােক নৃত্যৰ নাম উল্লেখ কৰা ।

উত্তৰঃ দৰঙৰ দুবিধ লোক নৃত্য়ৰ হৈছেঃ
(ক) ঢেপা ঢুলীয়া।
(খ) বৰ ঢুলীয়া

২১। ভাৰতত থকা মূল নৃ – গােষ্ঠী কেইটা কি কি ?

উত্তৰঃ ভাৰত থকা মূল নৃ- গোষ্ঠীকেইটা হৈছে— প্ৰট’অষ্ট্ৰলয়ড বা অষ্ট্ৰিকসলক, নিগ্ৰো গোষ্ঠী, মংগোলীয় গোষ্ঠী, আৰ্যভাষী নৰ্ডিক, দ্ৰাবিড়সকল আৰু পশ্চিমৰ প্ৰশস্ত মস্তিস্কী (ৱেষ্টাৰ্ণ ব্ৰেচিচেফালিক)।

২২। ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টিকাৰী তিনিটা কাৰক উল্লেখ কৰা ।

উত্তৰঃ ভাৰতীয় সংস্কৃতিত অনৈক্য়ৰ মাজত একতা সৃষ্টিকাৰী তিনিটা কাৰক হৈছেঃ
(ক) সাংস্কৃতিক বহুত্ৱবাদ।
(খ) বিভিন্ন যুগৰ সাম্ৰাজ্য়ৰ দ্ৱাৰা সৃষ্টি হোৱা ৰাজনৈতিক একতা।
(গ) বিভিন্ন শাসকে অক্ষুণ্ণ ৰখা ধৰ্মীয় আৰু সাংস্কৃতিক একতা।

২৩। প্রাচীন ভাৰতৰ স্থাপত্য নিদর্শন সমূহক ঘাইকৈ কি কি ভাগত ভগােৱা হৈছে ।

উত্তৰঃ প্ৰাচীন ভাৰতৰ স্থাপত্য় নিদৰ্শন সমূহক ঘাইকৈ চাৰিভাগত ভগোৱা হৈছেঃ
(ক) মছজিদ। (খ) মিনাৰ (গম্বুজ অথবা কীৰ্তস্তম্ভ)
(গ) মঞ্জিল(ৰাজপ্ৰাসাদ) (ঘ) মাকোৱাৰা (মৃতকৰ সৌধ)

২৪। UNESCO ৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভূক্ত হােৱা ভাৰতৰ তিনিটা স্থাপত্য উল্লেখ কৰা ।

উত্তৰঃ UNESCO ৰ দ্ৱাৰা বিশ্ৱ ঐতিহ্য় ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হোৱা ভাৰতৰ তিনিটা স্থাপত্য় হৈছেঃ
(ক) তাজমহল।
(খ) অজন্তাৰ গুহাসমূহ।
(গ) সাঁচীৰ স্তুপ।

২৫৷ ভাৰতৰ ভাস্কর্য শিল্পৰ ক্ষেত্ৰত কি কি মূর্তি নির্মাণ কৰা হৈছিল ?

উত্তৰঃ ভাৰতৰ ভাস্কৰ্য শিল্পৰ ক্ষেত্ৰত কালক্ৰমত মানুহে গৌতম বুদ্ধ, মহাবীৰ, হিন্দুধৰ্মীয় বিভিন্ন দেৱ – দেৱী, যক্ষ – যক্ষিণী, অপেশ্ৱৰী, বৌদ্ধ ধৰ্মৰ লগত জড়িত বিভিন্ন জীৱ – জন্তুৰ মূৰ্তি নিৰ্মাণ কৰে।

২৬। ভাৰতৰ ভাস্কর্য শিল্পকলাৰ তিনিটা প্রধান শৈলী কি কি ?

উত্তৰঃ ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ তিনিটা প্ৰধান শৈলী হৈছেঃ
(ক) গান্ধাৰ শিল্পকলা
(খ) মথুৰা শিল্পকলা
(গ) অমৰাৱতী শিল্পকলা।

২৭৷ দেৱাল চিত্ৰৰ নিদর্শন থকা ভাৰতৰ তিনিখন ঠাইৰ নাম উল্লেখ কৰা ।

উত্তৰঃ দেৱাল চিত্ৰৰ নিদৰ্শন থকা ভাৰতৰ তিনিখন ঠাইৰ নাম হৈছে
(ক) অজন্তাৰ দেৱালৰ চিত্ৰসমূহ (মহাৰাষ্ট্ৰ)
(খ) বাঘৰ দেৱালৰ চিত্ৰসমূহ(মধ্য় প্ৰদেশ)
(গ) চিত্তনাৱাচলৰ দেৱালয় চিত্ৰসমূহ (তামিলনাডু)

২৮। মােগল যুগৰ ক্ষুদ্ৰাকাৰ চিত্র সম্বলিত তিনিখন গ্ৰন্থৰ নাম লিখা ।

উত্তৰঃ মোগল যুগৰ ক্ষুদ্ৰাকাৰ চিত্ৰ সম্ৱলিত তিনিখন গ্ৰন্থ হৈছেঃ
(ক) পাদছাহনামা।
(খ) জাহাংগীৰনামা।
(গ) তুতিনামা।

২৯। চিত্রকলাৰ ষড়াংগ মানে কি বুজা ?

উত্তৰঃ চিত্ৰকলাৰ ষড়াংগ মানে চিত্ৰ অংকনৰ বাবে প্ৰয়োজনীয় ছয়টা উপাদানেই হৈছে চিত্ৰকলাৰ ষড়াংগ। চিত্ৰকলাৰ ষড়াংগত তলত দিয়াকেইটা অন্তৰ্ভুক্তঃ
(ক) আকৃতি।
(খ) জোখ -মাখ।
(গ) আৱেগ অনুভূতি প্ৰকাশক কৌশল।
(ঘ) কলাত্মক উপস্থাপন।
(ঙ) সাদৃশ্য় জ্ঞান।
(চ) তুলিকা ব্য়ৱহাৰৰ নিয়ম।

৩০। ভাৰতৰ যােগবিদ্যাৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ যোগবিদ্য়া সমগ্ৰ বিশ্ৱলৈ প্ৰাচীন ভাৰতৰ এক মহৎ অৱদান। প্ৰাচীন মহৰ্ষি বা গুৰুসকলে যোগবিদ্য়াৰ বিকাশ সাধন কৰিছিল। সিন্ধু উপত্য়কাৰ সময়ছোৱাত ইয়াৰ উদ্ভৱ হৈছিল বুলি অনুমান কৰা হৈছে। কিন্তু মহিৰ্ষি পতঞ্জলিয়ে দ্ৱিতীয় শতিকাত যোগসূত্ৰ নামৰ এখন গ্ৰন্থ সংকলন কৰি এই বিদ্য়াক সুসংহত ৰূপত উপস্থাপন কৰে। তেতিয়াৰ পৰা যোগবিদ্য়া ভাৰতৰ জনপ্ৰিয় হৈ পৰে। যোগবিদ্য়াৰ গুৰুত্ৱ উপলব্ধি কৰি ৰাষ্ট্ৰসংঘই ২১ জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰিছে।

৩১। ভাৰতৰ স্থাপত্য কলাৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ ভাৰতৰ স্থাপত্য় কলাৰ তিনিতা বৈশিষ্ট্য় তলত উল্লেখ কৰা হ’লঃ
(ক) দক্ষিণ ভাৰতৰ মন্দিৰসমূহৰ উৰ্ধ্বাংশ আয়তাকাৰ গঠনেৰে উৰ্ধ্বদিশত ক্ৰমান্ৱয়ে ক্ষুদ্ৰাকৃতিৰ হৈ যোৱা পৰিলক্ষিত হয়।
(খ) মঠ – মন্দিৰ আদি ধৰ্মীয় উপাসনা গৃহসমূহ হিন্দু বাস্তুশাস্ত্ৰৰ আধাৰত নিৰ্মিত হৈছিল।
(গ) ভাৰতীয় স্থাপত্য় শিল্পৰ নিদৰ্শন মঠ-মন্দিৰৰ প্ৰধান শিখৰসমূহ আৰু সহযোগী শিখৰসমূহ পৰ্বতৰ শৃংগৰ আৰ্হিত নিৰ্মিত হৈছিল।

৩২। ৰঙালি বিহুৰ সাতদিনক কি কি নামেৰে জনা যায় ?

উত্তৰঃ ৰাঙালী বিহুৰ সাতদিনক ক্ৰমে গৰু বিহু, মানুহ বিহু, গোসাঁই বিহু, কুটুম বিহু, চেনেহী বিহু, মেলা বিহু, আৰু চেৰা বিহু বুলি জনা যায়।

৩৩। কামৰূপী লােকগীত আৰু গােৱালপৰীয়া লােকগীতৰ মূল বিষয়বস্তু কি ?

উত্তৰঃ কামৰূপৰী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ মূল বিষয় বস্তুসমূহ হৈছে জীৱনৰ সুখ- দুখ, জীৱনত ঈশ্ৱৰ চিন্তাৰ গুৰুত্ৱ , দেহৰ ক্ষণভংগুৰতা, দেৱ-দেৱীৰ প্ৰশাস্তি ইত্য়াদি।

৩৪। অসমৰ প্রাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষৰ উল্লেখ থকা তিনিখন গ্ৰন্থৰ নাম লিখা ।
উত্তৰঃ অসমৰ প্ৰচীন নাম কামৰূপ আৰু প্ৰাগজ্য়োতিষপুৰ উল্লখ কৰা তিনিখন গ্ৰন্থ নাম হ’ল-
(ক) ৰামায়ণ।
(খ) মহাভাৰত।
(গ) বিষ্ণু পুৰাণ।

দীঘল উত্তৰৰ প্রশ্নঃ

১। ভাৰতৰ সাংস্কৃতিক বহুত্ববাদৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ সাংস্কৃতিক বহুত্ৱবাদ আৰু ‘বৈচিত্ৰ্য়ৰ মাজত একতা’ৰ বাবে ভাৰত সুপৰিচিত। শ শ বছৰৰ সাংস্কৃতিক আত্মীকৰণ আৰু অভিযোজনৰ ফলস্ৱৰূপে ইয়াৰ সংস্কৃতি গঢ়ি উঠিছে। দেশখনত বিৰাজ কৰা সভ্য়তাৰ অধ্য়য়নৰ জৰিয়তে দেশখনত কেনেদৰে বহুসংস্কৃতিৰ অৱতাৰণা হ’ল সেয়া জানিব পাৰি । খ্ৰীষ্টপূৰ্ব ৪০০০ চনত গঢ়ি উঠা সিন্ধু- উপত্য়কাৰ সভ্য়তা এক প্ৰাচীন সভ্য়তা আৰু এই সভ্য়তাৰ বিকাশ সাধন কৰিছিল। দ্ৰাবিড়সকলে। পৰকৱৰ্তী পৰ্যায়ত খ্ৰীষ্টপূৰ্ব ১৫০০ চনৰ পৰা সূচনা হোৱা আদি বৈদিক, পৰৱৰ্তী বৈদিক যুগত বেদৰ লগতে ৰামায়ণ আৰু মহাভাৰত এই মহাকাব্য় দুখনৰ ৰচনা হয় যিয়ে ভাৰতৰ সংস্কৃতি নিৰ্ধাৰণ কৰাত গুৰুত্ৱপূৰ্ণ ভূমিকা পালন কৰিছে। ইয়াৰ পাছত আৰ্য সংস্কৃতিয়ে সমাজৰ প্ৰতিটো ক্ষেত্ৰতে যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছে। ৰীতি – নীতি, সামাজিক পৰম্পৰা, বিশ্ৱ, ধৰ্মীয় ক্ৰিয়া – কাণ্ড আদিৰ সংমিশ্ৰণৰ ফলস্ৱৰূপে অন্য়ান্য় সাংস্কৃতিক গোটৰ গঠন হৈছে। ভাৰতৰ ভিন ভিন শাসকে ধৰ্মীয় সহিষ্ণুতাৰ অনুশীলন কৰিছিল আৰু লাহে লাহে হিন্দু ধৰ্মৰ বাদে অন্য় ধৰ্মৰ লোকে ভাৰতত প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰিছিল। কলা, সংস্কৃতি, সাহিত্য় স্তাপত্য়, পৰম্পৰা, ধৰ্মীয় ক্ৰিয়া- কাণ্ড, উৎসৱ আৰু জীৱন নিৰ্বাহৰ শৈলীৰ ওপৰত ভিন ভিন ধৰ্মীয় বিশ্ৱাসে প্ৰভাৱ বিস্তা কৰে। তদুপৰি গ্ৰীক, শক, হুন, তুৰ্কী, আফগান, পৰ্টুগীজ, মোগল, গুলনন্দাজ, ফৰাচী আৰু ব্ৰিটিছসকলৰ সামৰিক আক্ৰমণে ভাৰতীয় সংস্কৃতিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। অৱশ্য়, উৎপত্তি আৰু জীৱন শৈলীত সাংস্কৃতিক বিভিন্নতা বিৰাজ কৰাৰ সত্ত্ৱেও ভঊাৰতৰ বিভিন্ন অঞ্চলত সাংস্কৃতিক একতা বিৰাজ কৰিছে। ইয়াকে সংস্কৃতিক বহুত্ৱবাদ বুলি জনা যায়। ভিন ভিন যুগৰ ৰাজনৈতিক সাম্ৰাজ্য়, ভাৰতৰ তদানীন্তন শাসকসকলৰ সাংস্কৃতিক সহিষ্ণুতা, সাংস্কৃতিক বিনিময় আৰু ৰামায়ণ, মহাভাৰতৰ দৰে মহাকাব্য়য়ো এই একতা স্থাপন কৰিছিল।

২। ভাৰতৰ প্রাচীন যুগত ৰচিত সংস্কৃত সাহিত্যৰাজিত ভাৰতীয় সভ্যতা – সংস্কৃতিৰ আত্মা নিহিত হৈ আছে । বুলি ক’লে সম্ভৱতঃ অতিৰঞ্জিত কৰা নহ’ব’- বাক্যশাৰীৰ ভাবার্থ আলােচনা কৰা ।

উত্তৰঃ ভাৰতৰ প্ৰাচীন সংস্কৃত সাহিত্য়ৰাজিক ভাৰতীয় সভ্য়তা-সংস্কৃতিৰ আত্মা নিহিত হৈ আছে বুলি বিবেচনা কৰিব পাৰি । বেদ,বেদাংগ, উপনিষদ, ব্ৰাহ্মণ, আৰণ্য়ক, ৰামায়ণ, মহাভাৰত,গীতা, পুৰাণ আদি হিন্দু ধৰ্মৰ গ্ৰন্থসমূহ সংস্কৃত ভাষাত লিখা হৈছিল। এই গ্ৰন্থসমূহত ধৰ্মীয় বিষয়বস্তু থকাৰ উপৰিও প্ৰাচীন কালৰ মানুহৰ জীৱন নিৰ্বাহৰ লগত জড়িত ধৰ্মবহিৰ্ভুত তথ্য়ও উপস্থাপন কৰা হৈছে।
এই গ্ৰন্থসমূহে প্ৰাচীন ভাৰতৰ ৰাজনৈতিক, সামাজিক, অৰ্থনাতিক আৰু সাংস্কৃতিক দিশত আলোকপাত কৰে। ৰাজনীতি, চিকিৎসা শাস্ত্ৰ, বিজ্ঞান, সাহিত্য় বিষয়ক প্ৰাচীন ভাৰতৰ অন্য়ান্য় গ্ৰন্থও সংস্কৃত ভাষাত লিখা হৈছিল। এনে কিছুমান গ্ৰন্থ হৈছে কৌটিল্য়ৰ অৰ্থশাস্ত্ৰ , চিকিৎসাবিষয়ক গ্ৰন্থ চৰক সংহিতা আৰু সুশ্ৰুত সংহিতা, কালিদাস, শূদ্ৰক, বাণভট্ট আদি লেখকৰ বিশুদ্ধ সাহিত্য়ৰাজি, কপিল, পতঞ্জলি, গৌতম, বাদৰায়ণ, ৰামানুজ, মাধৱাচাৰ্য আদিৰ দৰ্শন বিষয়ক গ্ৰন্থ কলহনৰ দ্ৱাৰা ৰচিত ইতিহাস বিষয়ক গন্ত ৰাজতৰংগিণী আৰু আৰ্যভট্ট, বৰাহমিহিৰ, ব্ৰহ্মগুপ্ত, প্ৰথম আৰু দ্ৱতীয় ভাস্কৰাচাৰ্য, মহিৰ্যি ভৰদ্ৱাজ আদিৰ দ্ৱাৰা ৰচিত বিজ্ঞান বিষয়ক গ্ৰন্থ। দক্ষিণ ভাৰতৰ সংগম সাহিত্য়ও সংস্কৃত ভাষাত লিখা হৈছিল। ওপৰত উল্লেখ কৰা গ্ৰন্থসমূহে ভাৰতীয় সংস্কৃতিৰ আত্ম আৰু উদ্য়ম নিহিত হৈ আছে। লিখনীসমূহত মানুহৰ জীৱন ধাৰা,ধৰ্মীয় অনুশীলন বৈজ্ঞানিক জ্ঞান, দৰ্শন সম্পৰ্কয় চিন্তাধাৰা, চিকিৎসা, সাহিত্য়-সম্ৱন্ধীয় জ্ঞান, কলাসন্মত অনুধাৱন, সাংস্কৃতিৰ অনুশীলন আদি উপস্থাপন কৰা হৈছে। এই ৰচনাৰাজিয়ে প্ৰাচীন কালত ভাৰতীয় দৃষ্টীভংগী আৰু চিন্তন প্ৰক্ৰিয়া যথেষ্ট প্ৰভাৱিত কৰিছিল। এই গ্ৰন্থসমূহে ভাৰতীয়সকলৰ প্ৰমূল্য়সমূহৰ ওপৰত আলোকপাত কৰিছে। হাজাৰ হাজডাৰ বছৰজুৰি ভাৰতীয় পৰিয়ালসমুহে এই মহান প্ৰমূল্য়সমূহ অনুসৰণ কৰি আহিছে। এই সাহিত্য় কৰ্মৰাজিয়ে ভাৰতৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক জীৱন সম্পৰ্কে পূংখাুনুপূংখভাৱ বৰ্ণনা আগবঢ়াইছে। সেয়ে, ভাৰতৰ প্ৰাচীন যুগত ৰচিত সংস্কৃত সাহিত্য়ৰাজিত ভাৰতীয় সভ্য়তা – সংস্কৃতিৰ আত্মা নিহিতৰ হৈ আছে বুলি অভিহিত কৰা হয়।

৩। ভাৰতৰ ধৰ্মীয় ঐতিহ্যৰ বিষয়ে লিখা ।

উত্তৰঃ খ্ৰীষ্টপূৰ্ব ৪০০০ চনৰ আশে-পাশে ভাৰতৰ উত্তৰ-পশ্চিম অংশত সিন্ধু উপত্য়কাৰ সভ্য়তাৰ বিকাশ ঘটিছিল বুলি অনুমান কৰা হৈছে। পৰৱৰ্তী পৰ্যায়ত আৰ্যভাষী নৰ্ডিকসকলে ১৫০০ খ্ৰীষ্টাব্দত ভাৰতলৈ প্ৰব্ৰজন কৰি আৰ্য সংস্কৃতিৰ বিকাশ সাধান কৰিছিল। খ্ৰীষ্টপূৰ্ব ৪০০ চনৰ ভিতৰত আৰ্য সংস্কৃতি ভাৰতৰ অধিকাংশ ছাইলৈ প্ৰসাৰিত হয়।
আৰ্য সংস্কৃতিয়ে ভাৰতত প্ৰসাৰিত হৈ থকা সময়তে বিভিন্ন অঞ্চলৰ সামাজিক আৰু ধৰ্মীয় পৰম্পৰাৰ সংমিশ্ৰণ ঘটে।ইয়াৰ ফলস্ৱৰূপে আৰ্য সংস্কৃতিৰ ৰূপান্তৰণ ঘটে। হিন্দু ধৰ্মৰ পৱিত্ৰ গ্ৰন্থসমূহ যেনে সংহিতা,ব্ৰহ্মণ, আৰণ্য়ক, ৰামায়ণ, মহাভাৰত,উপনিষদ, পুৰাণ, স্মৃতি, বেদাংগ আদিয়ে এই ৰূপান্তৰণৰ কথা ব্য়ক্ত কৰে।
প্ৰাচীন ভাৰতৰ ধৰ্মীয় ক্ষেত্ৰৰ এটা লক্ষ্য়ণীয় বৈশিষ্ট্য় হ’ল ধৰ্মীয় সহিষ্ণুতাৰ প্ৰাধান্য়। ভাৰতৰ প্ৰত্য়েক অংশত স্ৱকীয় উপাসনা প্ৰাণালী আৰু ধৰ্মীয় ক্ৰিয়া-কাণ্ডৰ বিকাশ সাধন হৈছিল। আৰ্যসকলে ভাৰতৰ অন্য়ান্য় অংশলৈ স্থানান্তৰিত হওঁতে অন্য়ান্য় অঞ্চলৰ ভাল উপাদানবোৰ আহৰণ কৰিছিল। প্ৰকৃততে আৰ্যসকলে মতুন উপাসনা পদ্ধতিৰ সংযোজন কৰিছিল। তেওঁলোকে স্থানীয় লোকৰ বহুতো ধৰ্মীয় ৰীতি – নীতি গ্ৰহণ কৰিছিল। অন্য়াৰ্থত আৰ্য আৰু অনাৰ্য জনগোষ্ঠীৰ মাজত সাংস্কৃতিক আৰু ধৰ্মীয় সংমিশণ ঘটে। সেয়ে হিন্দু ধৰ্মৰ লোকসকল আৰু বুদ্ধদেৱ বা মহাবীৰক অনুসৰণ কৰা লোকসকলৰ মাজত আমি সংঘাত প্ৰত্য়ক্ষ নকৰো। ধৰ্মীয় সহিষ্ণুতা কেৱল সাধাৰণ লোকৰ মাজতে সীমাবদ্ধ নাছিল, বৰং শাসকসকলৰ মাজতো ইয়াৰপৰিযীলম হৈছিল. সম্ৰাট অশোক ইয়াৰ উৎকৃষ্ট উদাহৰণ। খ্ৰীষ্টপুৰ্ব তৃতীয় শতিকাৰ এক শিলালেখত তেওঁ ভিন্ন ধৰ্মাৱলম্ৱী লোকৰ প্ৰতি সহিষ্ণুতা প্ৰদৰ্শনৰ বাবে জনসাধাৰণলৈ আহ্ৱান জনাইছিল। সকলো ধৰেমৰ সাৰভাগ গ্ৰহণ কৰি ঐক্য়বদ্ধভাৱে সহাৱস্থান কৰিবলৈ তেওঁলোকক নিৰ্দেশনা প্ৰদান কৰিছিল। গতিকে দেখা যায় যে প্ৰাচীন কালৰ পৰা মানুহে ধৰ্মীয় সহিষ্ণুতাৰ পৰিশীলন কৰিছিল। অৱশ্য়ে, মুছলমান আৰু খ্ৰীষ্টিয়ানসকলে মধ্য়যুগীয় ভাৰতবৰ্ষত বসতি স্থাপন কৰাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হৈছিল।

৪। উত্তৰ – পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় কেনেকৈ সৃষ্টি হৈছে ?

উত্তৰঃ উত্তৰ – পূৰ্বাঞ্চল শব্দটোৰ জৰিয়তে উত্তৰ – পূৰ্বাঞ্চলৰ সাতখন ৰাজ্য় অৰ্থাৎ অসম, মেঘালয় অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপূৰ, মিজোৰাম আৰু ত্ৰিপুৰাক সুচোৱা হয় এই অঞ্চলটোৰ কিছুমান সাধাৰণ বৈশিষ্ট্য়ৰ কাৰণে অঞ্চলটোৰ কিছুমান সাধাৰণ বৈশিষ্টৰ কাৰণে অঞ্চলটোৱে এক উমৈহতীয়া পৰিচয় অৰ্জন কৰিছে।
আটাইকেইখন ৰাজ্য়ৰ বহুতো সাধাৰণ কৰাক আছে। পথমে, ৰাজ্য়কেইখন ব্ৰহ্মপুত্ৰ আৰু বৰাকী নদী উপত্য়কাৰ সাৰুৱা সমতল ভুমিখণ্ডৰ চৌপাশে বিস্তৃত হৈ আছে। দ্ৱিতীয়তে,সমগ্ৰ অঞ্চলটো ভূটান, চীন, ম্য়ানমাৰ আৰু বাংলাদেশৰ দ্ৱাৰা পৰিবেষ্টিত। তৃতীয়তে, অসমৰ আটাইকেইখন চুবুৰীয়া ৰাজ্য়ই পাহাৰীয়া হোৱা হেতুকে পথ পৰিবহণৰ বাবে আটায়ে অসমৰ ওপৰত নিৰ্ভৰ কৰে। চতুৰ্থতে, মেঘালয়ৰ খাছীয়া লোকসকলৰ বাদে অঞ্চলটোৰ অধিকাংশ লোকেই সংগোলীয় গোষ্ঠীৰ অন্তৰ্ভুক্ত জনজাতীয় লোক।
শেষত, প্ৰাচীন কালত পাহাৰীয়া অঞ্চলসমূহৰ শাসক আৰু অসমৰ শাসকৰ মাজৰত ঘনিষ্ঠ সম্পৰ্ক আছিল। তেওঁলোকৰ মাজত বৈবাহিক সম্পৰ্ক স্থাপন হোৱাৰ উপৰিও বিপদৰ সময়ত সামৰিক সাহায্য়ৰ বিনিময় কৰা হৈছিল আৰু উৎপাদিত সামগ্ৰীৰ আদান – প্ৰদান কৰা হৈছিল। এই আটাইবোৰ কাৰকৰ প্ৰভাৱ ভিন্ন ৰাজ্য়ৰ অধিবাসী হোৱা সত্ত্ৱেও মানুহৰ মাজত একতা বিৰাজ কৰিছিল। অৱশ্য়ে, উমৈহতীয়া সুকীয়া পৰিচয় থকা সত্ত্ৱেও উত্তৰ – পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্য়ৰ স্ৱকীয় সুকীয়া পৰিচয় আছে। প্ৰতিখন ৰাজ্য়ৰ স্ৱকীয়তাবিশিষ্ট পৰম্পৰা আৰু সাংস্কৃতিক ঐতিহ্য় আছে আৰু লগতে ইয়াৰ এক অনন্য় ৰাজনৈতিক ইতিহাস আছে যিয়ে এখন ৰাজ্য়ক অন্য়ান্য় ৰাজ্য়ৰ পৰা পৃথক কৰিছে।

৫৷ উত্তৰ – পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ধর্মীয় বাতাৱৰণৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ প্ৰাচীন কালত উত্তৰ – পূৰ্বাঞ্চলৰ প্ৰধান ৰ্ধম আছিল হিন্দুধৰ্ম । অসম, ত্ৰিপুৰা আৰু মণিপুৰত হিন্দু ধৰ্মৰ অমুশীলন ঘটিছিল। অসমত পঞ্চদশ শতিকাত বৈষ্ণৱ ধৰ্মৰ বিকাশ ঘটিছিল আৰু শীঘ্ৰ ই মণিপুৰলৈ প্ৰসাৰিত হয়। ফলস্ৱৰূপে মণিপুৰৰ মেইটেই সম্প্ৰদায়ৰ সংখ্য়াগৰিষ্ঠ লোক চৈতন্য়পন্থী বৈষ্ণৱ ধৰ্মাৱলম্ৱী। বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ লোকনৃত্য়, লোকসংগীত, প্ৰকৃতি প্ৰাণবাদী বিশ্ৱাস চলি আছে। ত্ৰিপুৰাৰ অধিকাংশ লোক হিন্দু। ইয়াত বাংলাভাষী লোকৰ সমস্কৃতি পৰিলক্ষিত হয়। ব্ৰিটিছ শাসন কানত ১৮৩০ চনৰ পৰা খাছীয়া, গাৰো আৰু জয়ন্তীয়াসকলে খ্ৰীষ্টয়ান ধৰ্ম গ্ৰহণ কৰিছে। সম্প্ৰতি ৰাজ্য়খনৰ ৭০ শতাংশ লোক খ্ৰীষ্টিয়ান। একেদৰে, মিজোৰাম ৰাজ্য়ৰ অধিকাংশ লোক খ্ৰীষ্টিয়ান অৱশ্য়ে ইয়াত বৌদ্ধধৰ্ম আৰু হিন্দু ধৰ্ম অনুসৰণ কৰা লোকো আছে। কিন্তু দুৰ্ভাগ্য়বশতঃ খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰাৰ পাছত মিজো সম্প্ৰদায়ে উৎসৱ-পাৰ্বণকে ধৰি তেওঁলোকৰ পৰম্পৰাগত সংস্কৃতিৰ বহুতো উপাদান হেৰুৱাইছে। অৱশ্য়ে,১৯৭৩ চনৰ পৰা মিজোৰামত পৰম্পৰাগত উৎসৱ ‘চপচৰ কূট’ পুনৰায় উদযাপন কৰি অহা হৈছে।
অন্য়ান্য় বহুতো পৰম্পৰাগত নৃত্য়, সংগীত আৰু সামূহিক উৎসৱ পুনৰুদ্ধাৰৰ পদক্ষেপো তেওঁলোকে গ্ৰহণ কৰিছে। নাগালেণ্ডৰ সংখ্য়াগৰিষ্ঠ লোকেও খ্ৰীষ্টিয়ান ধৰ্ম অনুসৰণ কৰে কিন্তু তেওঁলোকে পৰম্পৰাগত ৰীতি- নীতি আৰু পৰিশীলন ত্য়াগ কৰা নাই। অৰুণাচল প্ৰদেশৰ লোকে হিন্দু ধৰ্ম, খ্ৰীষ্টিয়ান ধৰ্ম, বৌদ্ধ ধৰ্ম আদি অনুসৰণ কৰে। অৱশ্য়ে কিছুলোকে প্ৰকৃতি-প্ৰাণবাদী ধৰ্মপন্থা অনুশীলন কৰে। এনেদৰে, উত্তৰ- পূৰ্বাঞ্চলৰ ধৰ্মীয় বতাৱৰণত সমন্ৱয়ৰ প্ৰতিচ্ছবি পৰিস্ফুত হয়।

৬। অসমত আর্য – অনার্য সকলােৰে সমন্বিত অৱদানেৰে এক সংমিশ্রিত সংস্কৃতিৰ উৎপত্তি হৈছে ’ — এই প্ৰসংগটো চমুকৈ আলােচনা কৰা ।

উত্তৰঃ অসমক জনগোষ্ঠী, সংস্কৃতি আৰু ধৰ্মৰ বিচিত্ৰ সমাহাৰ হিচাপে গণ্য় কৰা হয়। সিন্ধু সভ্য়তাৰ ঘাই নিৰ্মাতা আছিল দ্ৰাবিড়সকল। সিন্ধু সভ্য়তাৰ বিভিন্ন স্থানত পশুপতি সদৃশ মূৰ্তি, শিৱলিংগ আৰ্হিৰ পোৰা মাটিৰ সামগ্ৰী, স্ৱস্তিকাৰ চিন থকা মোহৰ, মাতৃদেৱীৰ মূৰ্তি আদিৰ আৱস্কাৰ হৈছে। পৃথিৱীৰ প্ৰাচীনতম লিথিত ধৰ্মগ্ৰন্থ ঋকবেদৰ আনুমানিক ৰচনাকালৰ ওপৰত ভিত্তি কৰি খ্ৰীষ্টপূৰ্ব ১৫০০ চনৰপৰা খ্ৰীষ্টপূৰ্ব ১০০০ চন পৰ্যন্ত সময়ছোৱাক ঋকবৈদিক যুগ বা আদি বৈদিক যুগ আৰু খ্ৰীষ্টপৃৰ্ব ১০০০ ৰ পৰা খ্ৰীষ্টপূৰ্ব ৬০০ লৈ সময় ছোৱাক পৰৱৰ্তী বৈদিক যুগ বুলি কোৱা হয়। খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাৰ ভিতৰত সমগ্ৰ ভাৰতবৰ্ষত আৰ্য সংস্কতিৰ বিস্তাৰ ঘটিছিল। এক জনপ্ৰিয় তত্ত্ৱ অনুসৰি বৈদিক সংসেকৃতি মূল নিৰ্মাতা আছিল আৰ্যভাষী নৰ্ডক গোষ্ঠীৰ অন্তৰ্ভুক্ত লোকৰ এটা দল। দ্ৰাবিড়সকল আৰু এই নৰ্ডিক আৰ্যসকল ভাৰতত প্ৰৱেশ কৰাৰ আগতেই নিগ্ৰো গোষ্ঠী আৰু প্ৰট’ অষ্ট্ৰলয়ড অথবা অষ্ট্ৰিকসকল আৰু তাৰ পিছত ক্ৰমে মংগোলীয় গোষ্ঠী আৰু মধ্য় এচিয়াৰ পৰা পশ্চিমৰ প্ৰশস্ত মস্তিষ্কী গোষ্ঠীৰ লোক ভাৰতত প্ৰবেশ কৰি বসতি কৰিবলৈ লৈছিল। আৰ্যসকলৰ পূৰ্বৰ নৃ – গোষ্ঠী কেইটাই ভাৰতীয় সভ্য়তা – সংস্কৃতিলৈ আগবঢ়োৱা বহু গুৰুত্ৱপূৰিণ অৱদান পণ্ডিতসকলে চিনাক্ত কৰিছে। উদাহৰণস্ৱৰূপে ধান খেতি, কুঁহিয়াৰৰ পৰা গু তৈয়াৰ কৰা কৈশল, কপাহৰ পৰা সূতা উলিয়াই কাপোৰ বোৱা কৌশল অষ্ট্ৰিকসকলে সূচনা কৰিছিল। সেইদৰে ধৰ্মীয় পৰম্পৰাত সেন্দুৰৰ ব্য়ৱহাৰ হালধিৰ ব্য়ৱহাৰ আৰু হাতী পোহ মনোৱা কাৰ্যৰ উদ্ভৱন অষ্ট্ৰিকসকলেই কৰিছিল।
আৰ্য সংস্কৃতিৰ বিস্তাৰ ঘটি থকাৰ সময়ত ভাৰতৰ বিভিন্ন অঞ্চলৰ স্থানীয় ধৰ্মীয় আৰু সামাজিক ৰীতি – নীতিবোৰৰ সংমিশ্ৰণ ঘটিছিল।খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাতেই সম্ৰাট অশোকৰ গিৰ্ণাৰত থকা ১২নং বৃহৎ শিলালেখখনত থকা কিছু কথা বিশেষ মনকৰিবলগীয়া। এই লিপিত কোৱা হৈছে যে কোলোও একমাত্ৰ নিজৰ ধৰ্মটোকে মাত্ৰ প্ৰশংসা আৰু আনৰ ধৰ্মক হীন বুলিব নালাগে। বৰং সকলো ধৰ্মৰ সাৰ গ্ৰহণ কৰ সমন্ৱসৰ বাট অনুসৰণ কৰিব লাগে। সাহিত্য়, স্থাপত্য, ভাস্কাৰ্য, সংগীত, নৃত্য়, চিত্ৰকলা, নৈতিকতা, জীৱন আৰু জগত সম্পৰ্কে দৃষ্টিভংগী, সামাজিক ৰীতি – নীতি, উৎসৱ পাৰ্বন আদিত এই প্ৰভাৱ স্পষ্টভাৱে দেখা যায়। ভাৰতীয় সংস্কৃতিৰ অন্য় দুটা বিশেষ বৈশিষ্ট্য় হ’ল- সাংস্কৃতিক বহুত্ৱবাদ আৰু ‘বৈচিত্ৰ্য়ৰ মাজত একতা’। ভাৰতীয় সংস্কৃতিৰ ‘বিবিধতাৰ মাজত একতা’ বাক্য়াংশ স্ৱাধীনতা আন্দোনৰ সময়ত মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, আবুল কালাম আজাদ, সুভাষচন্দ্ৰ বসু আদি নেতাই জনপ্ৰিয় কৰি তুলিছিল।হিন্দুধৰ্মৰ স্ৱকীয় বহুত্ৱবাদীতা তথা উদাৰতা, বিভিন্ন সময়ত গঢ়ি উঠা সাম্ৰাজ্য়সমূহে সৃষ্টি কৰা ৰাজনৈতিক একতাৰ ইতিহাস; বিভিন্ন যুগৰ শাসকসকলৰ ধৰ্মীয় তথা সাংস্কৃতিক উদাৰতাই ইয়াত অৰিহণা যোগাই আহিছে। একেদৰে জনজাতীয় লোকৰ মাজত প্ৰচলিত ভালেমাল সাংস্কৃতিক বৈশিষ্ট্য় অসমীয়া সংস্কৃতিয়ে আহৰণ কৰিছে। গতিকে, এইটো সত্য় যে অসমত আৰ্য-অনাৰ্য সকলোৰে সমন্ৱিত অৱদানেৰে এক সংমিশ্ৰিত সংস্কৃতিৰ উৎপত্তি হৈছে।

৭। অসমৰ চিত্ৰ কলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ অসমত সপ্তদশ শতিকা পুথি-চিত্ৰ অনুৰূপ ৰজাঘৰীয়া সত্ৰীয়া সৃষ্টিৰে চিত্ৰকলাৰ এটা পৰম্পৰা আৰম্ভ হয়। এনে কেইখন মান সচিত্ৰ পুথি হ’ল আনন্দলহৰী, হস্তীবিদ্য়াৰ্ণৱ, চিত্ৰ ভাগৱত, গীত গোবিন্দ, কুমৰ হৰণ, শংখচুৰ বধ, লৱ-কুশৰ যুদ্ধ আদি সাঁচিপতীয়া পুথি। এই বহুৰঙীয়া চিত্ৰসমুহ স্থানীয়ভাৱে প্ৰাকৃতিক ৰঙেৰে অঁকা হৈছিল। চিত্ৰসমূহত ৰজা, ৰাজদৰবাৰ, দেৱীমুৰ্তি, যুদ্ধৰ চিত্ৰ, হাতী, জীৱ-জন্তু আদি সংশ্লিষ্ট পুথিৰ বিষয় বস্তু লগত সংগতি ৰাখি অঁকা হৈছে। সাধাৰণতে ৰঙা, সেউজীয়া, হালধীয়া আৰু ক’লা ৰঙৰ পয়োভৰ দেখা যায়। সমুখাংশ আৰু পাৰ্শ্ৱাংশ দুয়োধৰণৰ চিত্ৰ অংকন কৰা দেখা যায়। সুকুমাৰ বৰকাইথে ৰচনা কৰা হস্তীবিদ্য়াৰ্ণৱ পুথিখনত বিভিন্ন আকতাৰ আৰু বৰণৰ হাতীৰ ছবি আছে। দিলবৰ আৰু দোচাই নামৰে দুগৰাকী চিত্ৰকৰে এই চিত্ৰসমুহ অংকন কৰিছে। এই গ্ৰন্থসমুহ কেবাখনো ছপা আকাৰে ইতিমধ্য়ে প্ৰকাশ পাইছে। মধ্য়যুগীয় অসমত চিত্ৰকলাৰ বিকাশৰ এটা নেতিবাচক দিশ এয়ে যে এই সময়ছোৱাত কেৱল ব্য়াখ্য়ামুলক চিত্ৰ শৈলীৰহে বিকাশ সাধন হৈছিল, অন্য়ান্য় চিত্ৰশৈলীৰ এই সময়ছোৱাত অৱনতি ঘটিছিল।

৮। অসমৰ ধর্মীয় বিবিধতা আৰু সংহতিৰ বিষয়ে লিখা ।

উত্তৰঃ অসমৰ এক লক্ষ্য়ণীয় বৈশিষ্ট এয়ে যে ৰাজ্যখনত সাংস্কৃতি আৰু ধৰ্মীয় বৈচিত্ৰ্য় পৰিলক্ষ্য়ত হয়। আৰু অসমত অধিকাংশ লোক হিন্দু ধৰ্মাৱলম্ৱী। ইয়াৰ পিছতে বিভিন্ন ধৰ্মাৱলম্ৱী হৈছে ইছলাম, খ্ৰীষ্ট্ৰীয়ান, জৈন, বৌদ্ধ, শিখ আৰু জনজাতীয় লোক। হিন্দু ৰ্ধমৰ ভিতৰত ঘাইকৈ শাক্ত, শৈৱ, বৈষ্ণৱ আৰু সৌৰপন্থী লোক দেখা যায়। অসমৰ শক্তিপিঠ হৈছে কামাখ্য়া মন্দিৰ ই পৃথিৱীৰ ভিতৰতেই বিখ্য়াত। নৱ বৈষ্ণৱ আন্দোলনে অসমৰ বৃহৎ সংখ্য়ক লোকক বৈষ্ণৱী ভক্তিমাৰ্গত অনুগামী কৰিছিল।হাজোৰ পোৱামক্কা অসমৰ ইছলাম ধৰ্মৱলম্ৱী লোকসকলৰ এখন পবিত্ৰ তীৰ্থস্তান। স্ৱৰ্গদেউ গদাধৰ সিংহৰ দিনত অসমলৈ অহা চুফী সাধক আজানপীৰ নামে খ্য়াত চাহ মিলনে ৰচনা কৰা জিকিৰ আৰু জাৰি সমূহ অসমত প্ৰচলিত এবিধ জনপ্ৰিয় ধৰ্মীয় সংগীত। মানৰ আক্ৰমণৰ সময়ত ৰজা চন্দ্ৰকান্ত সিংহ সহায়ত কৰিবলৈ পাঞ্জাব ৰঞ্জিত সিংহৰ নিৰ্দেশ ক্ৰমে অহা শিখ সৈন্য়দল কিছুলোক অসমত নিগাজিকৈ থাকি গৈছিল। তেওঁলোকে এতিয়া শিখ ধৰ্ম ৰাখিও অসমীয়া ভাষা, সংস্কৃতি গ্ৰহণ কৰি জাতীয় জীৱনৰ অংগীভুত হৈ পৰিছে। অসমৰ পূৱ অংশত বাস কৰা টাই ফাকে, তুৰুং আইতম, খামটি,খাময়াং, নৰা (শ্য়াম) সকল বৌদ্ধ ধৰ্মাৱলম্ৱী। মধ্য়যুগত আহোম স্ৱৰ্গদেউ সকলে উদাৰ ধৰ্মনীতি গ্ৰহণ কৰে। দেখা যায় যে ভাৰতৰ অন্য়ান্য় অংশত অনুসৰণ কৰা প্ৰায় আটাইবোৰ ধৰ্ম অসমতো অনুসৰণ কৰা হয় যিয়ে ৰাজ্য়খনত বৃহৎ মাত্ৰাত ধৰ্মীয় বৈচিত্ৰ্য়ৰ সৃষ্টি কৰিছে।

৯। উত্তৰ – পূৰ্বাঞ্চলৰ অন্য ৰাজ্যকেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা , সংমিশ্রণ আৰু বিৱৰ্তন কিয় অধিকতৰ হৈছে ?

উত্তৰঃ উত্তৰ – পূৰ্বাঞ্চল শব্দটো— ঔপনিৱেশিক ব্ৰিটিছ শাসকসকলে উদ্ভাৱন কৰিছিল। এই শব্দটোৱে সামৰ লোৱা অৰুণাচল প্ৰদেশ, নগালেণ্ড,নণিপুৰ, মিজোৰাম,ত্ৰিপুৰা, মেঘালয় আৰু অসম প্ৰত্য়কৰে নিজা নিজা কৃষ্টি – সংস্কৃতি, ৰাজনৈতিক ইতিহাস আছে। উত্তৰ – পূৰ্বাঞ্চলৰ ৰাজ্য় কেইখনৰ ভিতৰত অসমত আৰ্যভাযা আৰু হিন্দুধৰ্মৰ প্ৰসাৰ অতি প্ৰাচীন কালতেই হিন্দুধৰ্মৰ প্ৰসাৰ ঘটিছিল স্ৱাধীনতা সংগ্ৰামী ৰাণী গাইডালুৱে নগালেণ্ডৰ পৰম্পৰাগত ধৰ্মবিশ্ৱাস তথা সংস্কৃতি সংৰক্ষণ তথা পুনৰ প্ৰৱৰ্তন কৰাৰ উদ্দেশ্য়ে ‘হেৰাকা’ নামৰ এক আন্দোলন গঢ়ি তুলিছিল। অসম ৰাজ্য়ত অনেক নৃগোষ্ঠী গোট থকা বিপৰীতে অন্য় ৰাজ্য়ত কম। অসমৰ সাজেৰে অধিকাংশ নৃগোষ্ঠীয়ে অগ্ৰসৰ হোৱা খাছীয়া, গাৰো আৰু জয়ন্তীয়াসকলে অসম ৰাজ্য়ৰে অতিক্ৰম কৰাৰ ৰাজ্য়খনত সংস্কৃতি সমৃদ্ধি ঘটিছে।অসমৰ প্ৰাকৃতিক সৌন্দৰ্য তথা নিৰ্জনতা আদিৰ বাবে সুদুৰ অতীতৰ পৰা বিভিন্ন নৃগোষ্ঠীৰ লোক সাৱাভাৱিক প্ৰব্ৰজনকাৰী হিচাপে, আক্ৰমণকাৰী হিচাপে, ব্য়ৱসায় বাণিজ্য় কৰিবলৈ আৰু তীৰ্থ ভ্ৰমণ, আধ্য়াত্মিক সাধনা আদি বিভিন্ন উদ্দেশ্য়ত অসমলৈ আহিছিল আৰু অসমত স্থায়ী ভাৱে বসবাস কৰিবলৈ লৈছিল। অসমত অৰ্থনৈতিকভাৱে বিভিন্ন সুবিধা, সম্পদ আছে। বিস্তীৰ্ণ সমভূমি, কৃষিকাৰ্যৰ সম্ভাৱনা, জলসম্পদৰ উপলব্ধতা এইবোৰে অৰ্থনৈতিক সাংস্কৃতিক ক্ষেত্ৰত উৎকৰ্ষ সাধন হয়। কিন্ত অন্য় ৰাজ্য়ত এনেকুৱা সম্পদ নাই।অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্য়কাৰ সাৰুৱা সমতল ভূমিখণ্ডক মাজভাগত লৈ উত্তৰ, পূব আৰু দক্ষিণ দিশত অন্য় ৰাজ্য় কেইখনে আগুৰি আছে। এই নদী দুখনৰ বাবে নৌপৰিবহণৰ উৎকৰ্ষ সাধন হোৱাৰ লগতে বয় – বস্তু আৰু মানুহৰ পৰিবহণ সহজসাধ্য় হৈ পৰিছে। অৱশ্য়ে বাণীকান্ত কাকতিদেৱে এই সংস্কৃতি ৰূপটো সৃষ্টি হোৱাৰ আগতে অষ্টিক ভাষাৰ অনুৰূপ ধৰণৰ শব্দৰ পৰা উৎপত্তি হৈছিল বুলি মতপোষণ কৰিছে। খ্ৰীষ্ট্ৰীয় ত্ৰয়োদশ শতিকাৰপৰা শাসন কৰিবলৈ লোৱা আহোমসকলৰ অথবা তেওঁলোকৰ পূৰ্বৰ বাসিন্দা বড়োসকলে সংস্কৃতি কৰণৰ জৰিয়তে অসম নামটোৰ উৎপত্তি হোৱা বুলি কিছুমান পণ্ডিতে মত পোষণ কৰে।

১০। ‘ লােক সংস্কৃতি অধ্যয়নৰ বাবে দৰাচলতে সমগ্ৰ সমাজখনেই এখন কিতাপৰ দৰে’— এই প্ৰসংগত তােমাৰ মন্তব্য আগবঢ়োৱা

উত্তৰঃ লোক- সংস্কৃতিৰ উমৈহতীয়া দিশসমূহৰ উপৰিও অসমৰ ভিন্ ভিন্ অঞ্চল, সম্প্ৰদায়, জাতি-জনজাতিৰ মাজত প্ৰচলিত কথিত ভাষা, লোকসাহিত্য়,গীত-মাত-নূত্য়-বাদ্য়, পোছাক-পৰিচ্ছদ, আ – অংলকাৰ, খোৱা – বোৱা, গৃহ নিৰ্মাণ, কৃষি, পশুপালন, মাছ ধৰা, বিভিন্ন উৎসৱ, বাঁহ – বেত ঈদিৰ ব্য়ৱহাৰ, পাৰিবাৰিক, সামাজিক সম্পৰ্ক, ৰীতি- নীতি আদি বিষয়ক অনেক ক্ষেত্ৰত মনকৰিবলগীয়া অনেক দিশ সিঁচৰতি হৈ আছে। এটা জাতি অথবা সমাজ এখনৰ স্ৱাভাৱিক ৰূপ-ৰং, সুখ – দুখ, শ্ৰম – বিনোদন আদি লোক সংস্কৃতিৰ জৰিয়তে প্ৰতিফলিত হয়।অসমত যেতিয়া সকলোৱে লোক-সংস্কৃতি পৰ্যবেক্ষণ কৰা হয় তেতিয়া ইয়াৰ বিভিন্নতা, সমৃদ্ধি আৰু সজীৱতা দ্ৱাৰা যথেষ্ট প্ৰভাৱিত হয়। অসমত বিভিন্ন ধৰণ লোক সংগীত প্ৰচলন আছে। কিছুমান লোক সংগীত প্ৰায় বিলুপ্ত হব ধৰিছে আৰু কিছুমান এতিয়াও প্ৰচলিত হৈ আছে। কেঁচুৱা টোপনি নিওঁৱা নিচুকণি গীত, বিয়ানাম, আইনাম, ধাইনাম, কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত, টোকাৰি গীত, দৰঙৰ চিয়াগীত, নাঙেলী নামৰ গৰখীয়া গীত আৰু চেৰা ঢেক আদি অসমত প্ৰচলিত কিছুমান নোকগীতৰ উদাহৰণ। এই দৰে অসমত লোক নৃত্য়ও প্ৰচলন আছে। এইবোৰৰ ভিতৰত দৃশ্য় – শ্ৰব্য় অনুষ্ঠান ওজাপালিৰ বিশেষ জনপ্ৰিয়তা আছে। ওজাপালি, ব্য়াসৰ ওজা আৰু সুকনান্নী ওজা নামেৰে দুটা ভাগত বিভক্ত। ব্য়াসৰ ওজাত মূলতঃ ৰামায়ণ মহাভাৰতৰ কাহিনীক লৈ বৈষ্ণৱী গীত গোৱা হয় আৰু মনসা দেৱীৰ তুষ্টিৰ বাবে গোৱা গীতেৰে সুকনান্নী ওজাপালি গোৱা হয়। ওজাপালি কামৰূপ, নলবাৰী, বৰপেটা, দৰং আদি জিলাত বিশেষভাৱে জনপ্ৰিয়। ওজাপালিত বিশেষভাৱে জনপ্ৰিয়। ওজাপালিত বিশেষ খ্য়াতি অৰ্জন কৰা দৰঙৰ ললিত চন্দ্ৰ নাথ আৰু কিনাৰাম নাথ সংগীত নাটক অকাদেমীৰ বঁটাৰে সন্মানিত হৈছিল।

চমুটোকা লিখাঃ

১। প্রাচীন ভাৰতৰ ভাস্কর্য শিল্প ।
উত্তৰঃ ভাস্কাৰ্য শিল্পৰ ভাৰতৰ উৎকৰ্ষৰ এক পৰিপক্ক পৰ্যায় প্ৰাচীন যুগতেই সৃষ্টি হৈছিল।গুপ্তযুগত ভাস্কৰ্য শিল্পৰ বিকাশ শীৰ্যতম স্থানত উপনীত হৈছিল। প্ৰাচীন ভাস্কৰ্যসমূহ পোৰা মাটি, শিল, ব্ৰঞ্জ, তাম, ৰূপ আৰু সোণেৰে নিৰ্মাণ কৰা হৈছিল। ভাস্কৰ্য প্ৰধান বিষয় বস্তু আছিল গৌতম বুদ্ধ, মহাবাৰ, হিন্দু দেৱ – দেৱী, যক্ষ – যক্ষিণী, অপেশ্ৱৰী, হিন্দু তথা বৌদ্ধ ধৰ্মৰ লগত জড়িত বিভিন্ন জীৱ – জন্তুৰ মূৰ্তি এই ভাস্কৰ্যসমূহৰ ভিতৰত দেখা যায়। বিভিন্ন পাথৰ্ক্য় আৰু বৈশিষ্ট্য়ৰ ভিত্তিত ভাৰতত গঢ়ি উঠা এই ভাস্কৰ্য শিল্পকলাক গান্ধাৰ(উত্তৰ- পশ্চিম পাকিস্তান তথা পূব আফগানিস্তান অঞ্চলত বিকশিত) শিল্পকলা, মথুৰা শিল্পকলা, অমৰাৱতী শিল্পকলা নামেৰে তিনিটা প্ৰধান ভাগত ভাগ কৰিব পাৰি। গান্ধাৰ শিল্পকলাই আটাইতকৈ জনপ্ৰিয় আছিল।

২। ভাৰতীয় চিত্রকলা ।
উত্তৰঃ প্ৰাচীন ভাৰতীয় চিত্ৰকলাৰ ঐতিহ্য়সমূহত দুটা প্ৰধান ভাগত বিভক্ত কৰিব পাৰি– বৃহদাকাৰ দেৱাল চিত্ৰ আৰু ক্ষুদ্ৰকাৰ চিত্ৰ। ক্ষুদ্ৰাকাৰ চিত্ৰসমূহ গ্ৰন্থসমূহ অলংকৃত কৰিবলৈ আৰু সচিত্ৰ বিৱৰণ দিবলৈ অংকন কৰা হৈছিল। দুয়োটা চিত্ৰশৈলী ভাৰতৰ বিভিন্ন স্থানত বৌদ্ধ, জৈন, হিন্দু ধৰ্মৰ বিষয়বস্তুক আলম কৰি অজন্তা (মহাৰাষ্ট্ৰ), বাঘ (মধ্য়প্ৰদেশ), চিত্তনাৱাচল (তামিলনাডু), আৰমামলাই (তামিলনাডু) আদিৰ গুহাৰ দেৱাল সমূহত অঁকা হৈছিল। এই অজন্তাৰ দেৱালৰ চিত্ৰসমূহ পৃথিৱী ভিতৰতেই বিখ্য়াত। খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাতে চিত্ৰ অংকনৰ বাবে প্ৰয়োজনীয় আকৃতি, জোখ – মাখ, আবেগ অনুভূতি প্ৰকাশক কৌশল, কলাত্মক উপস্থাপন, সাদৃশ্য় জ্ঞান আৰু তুলিকা ব্য়ৱহাৰৰ নিয়ম এই ষড়াগৰ চৰ্চা হৈছিল। মোগল সকলৰ দিনত আকবৰ, জাহাংগীৰ আৰু ছাহজাহানৰ পৃষ্ঠপোষকতাত ক্ষুদ্ৰাকাৰ চিত্ৰশিল্পৰ বহুল চৰ্চা হয়। বিশেষকৈ মোগল বাদছাহসকলৰ জীৱনী ভিত্তিক গ্ৰন্থসমূহত এনে চিত্ৰ অংকিত কৰা হৈছিল। পাদছাহনামা, তুতিনামা, জাহাংগীৰনামা, দাস্তান-ই-আমিৰ, খাম্দা আদি গ্ৰন্থ সচিত্ৰকৈ অঁকা হৈছিল।

৩। ভাৰতৰ সংগীত আৰু নৃত্যকলাৰ ঐতিহ্য ।
উত্তৰঃ সংগীতৰ ক্ষেত্ৰত ভাৰতৰ এক সমৃদ্ধশালী ঐতিহ্য় আছে। সামবেদ স্তোত্ৰসমূহ যজ্ঞত দেৱতাৰ সন্তুষ্টিকৰ অৰ্থে উদ্গাতা নামৰ পুৰোহিত সকলে গীত আকাৰে পাঠ কৰিছিল। ভাৰতৰ ধ্ৰুপদী সংগীতৰ পৰম্পৰা গুৰু শিষ্য় অনুক্ৰমে বৰ্তমান সময়লৈ সবল ৰূপত বৰ্তি আছে। সংগীতৰ লগতে বাঁহী, চেহনাই, তবলা, চন্তুৰ, চেতাৰ বিভিন্ন প্ৰকাৰৰ বীণা আদি বাদ্য়যন্ত্ৰ ধ্ৰুপদী সংগীত আৰু লোক সংগীতৰ লগত সংগত কৰিবলৈ প্ৰস্তুত কৰিছিল। সংগীতৰ দৰে নৃত্য়ও ভাৰতবৰ্ষৰ সমৃদ্ধিশালী পৰম্পৰা আছে। দেশৰ চুকে- কোণে থকা লোকনৃত্য়ৰ উপৰি চৰকাৰে আঠবিধ ধ্ৰুপদী নৃত্য় স্কীকৃতি দিছে । সেই আঠবিধ নৃত্য় হ’ল — কথাকলি, ( মালায়ালম, কেৰেলা), মাহিনী আট্টম (কেৰেলা), ভাৰতনাট্য়ম ( তামিলনাডু), কুচিপুড়ী (অন্ধ্ৰপ্ৰদেশ), অ’ডিছি (ওড়িশা), কথক (উত্তৰ ভাৰত), সত্ৰীয়া (অসম) আৰু মণিপুৰী (মণিপুৰি)।

৪। অসমৰ ভাস্কর্য শিল্প ।
উত্তৰঃ মধ্য়যুগত অসমত ভাস্কৰ্য শিল্পৰ বিকাশ সাধন হৈছিল। শিলৰ বাহিৰে হাতী দাঁত, সোণ, ৰূপ, তাম, কাঠ আদিৰেও মূৰ্তি নিৰ্মাণ কৰা হৈছিল। এই মূৰ্তিসমুহৰ ভিতৰত দেৱী মূৰ্তি, আৱিস্কৃত হোৱা ঠাই কিছুমান হ’ল– তেজপুৰ দ- পৰ্বতীয়া, বামুণী পাহাৰ, মদনকামদেৱ, আমবাৰী, ডবকা, গোৱালপাৰাৰ পাগলাটেক, সূৰ্য পাহাৰ, বৰগংগা, নুমলীগড়, দেওপানী, হোজাই, ডিব্ৰুগড়, শুক্ৰশ্ৱ, মঙ্গলদৈ আদি। ভাস্কাৰ্য গুপ্ত যুগৰ প্ৰভাৱত খ্ৰীষ্টীয় ষষ্ঠ শতিকাত নিৰ্মিত হৈছিল বুলি ঠাৱৰ কৰিছে। মদন কামদেৱ মন্দিৰত দেখিবলৈ পোৱা মৈথুন মুৰ্তিবোৰ কোনো তান্ত্ৰিক উদ্দেশ্য়ত নিৰ্মিত হৈছিল বুলি কিছুমান পণ্ডিতে মত পোষণ কৰিছে। নৃত্য়ৰতা আৰু প্ৰেম প্ৰকাশ ভংগিমাৰে পুৰুষ-নাৰী, জীৱ- জন্তু আৰু ভৈৰৱ,সূৰ্য, বিষ্ণুৰ মূৰ্তি আদি ইয়াত দেখা পোৱা যায়।

৫। অসমৰ স্থাপত্য শিল্প ।
উত্তৰঃ স্থাপত্য় শিল্পৰ যিবোৰ নিৰ্দেশন দেখিবলৈ পোৱা সেইবোৰৰ মধ্য়যুগৰ আৰু আহোম ৰাজবংশৰ অথবা কোচ ৰজাসকলৰ পৃষ্ঠপোষকতাত নিৰ্মিত হৈছিল। অসমৰ স্থাপত্য় সমূহৰ ভিতৰত আহোম ৰাজত্ৱ কালত নিৰ্মিত ৰংপুৰৰ ৰংঘৰ, কাৰেংঘৰ আৰু গড়গাঁৱৰ তলাতৰ ঘৰ আৰু ভালেমান মন্দিৰ এতিয়াও উল্লেখ যোগ্য়। এই সময়ছোৱা নিৰ্মিত প্ৰাচীন মন্দিৰবোৰ হ’ল কামাখ্য়া মন্দিৰ উগ্ৰতাৰা মন্দিৰ, উমানন্দ মন্দিৰ, নৱগ্ৰহ মন্দিৰ, শিৱদ’ল, জয়দ’ল দেৱীদ’ল, ফাকুৱাদ’ল, নেঘেৰিটিঙৰ শিৱৱদ’ল, হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ, শুক্লেশ্ৱৰ মন্দিৰ দেৱালয়, দেৰগাঁও আৰপ বিশ্ৱনাথৰ শিৱমন্দিৰ আদি। মন্দিৰসমূহ সাধাৰণতে দুটা অংশ দেখা যায়— গৰ্ভগৃহ আৰু মণ্ডপ। এই স্থাপত্য় সমূহ ইটা আৰু শিলেৰে তৈয়াৰ কৰা হৈছিল। মঠ-মন্দিৰ, ৰাস্তা-ঘাট, প্ৰাসাদ, ঘৰ-দুৱাৰ আদিৰ নিৰ্মাণ কাৰ্য কৰিবলৈ চাংৰুং ফুকন নামৰ এজন বিষয়া নিয়োগ কৰা হৈছিল।

৬। অসমৰ বৈষ্ণৱী সাহিত্য ।
উত্তৰঃ

৭। অসমৰ লােক সংগীত ।
উত্তৰঃ

৮। অসমৰ ধর্মীয় সংহতি ।
উত্তৰঃ

৯। অসমৰ বুৰঞ্জী সাহিত্য ।
উত্তৰঃ

১০। বিহু উৎসৱ ।
উত্তৰঃ