মই অসমীয়া । অধ্যায় ৪ । Lesson 4 | Class 10 Assamese Chapter 4 Question and Answer | SEBA Class X Assamese Lesson 4 Solution | দশম মান শ্ৰেণীৰ অসমীয়া অধ্যায় ৪ মই অসমীয়া পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

মই অসমীয়া

ভাব – বিষয়ক ।

১। চমু উত্তৰ দিয়াঃ

ক) চৈয়দ আব্দুল মালিকৰ কবিতা – পুথি এখনৰ নাম লিখা।

উত্তৰঃ চৈয়দ আব্দুল মালিকৰ কবিতা – পুথি এখনৰ নাম হ’ল – বেদুইন।

খ) মােগলসকলে অসমৰ ক’ত ভৰি দিছিল ?

উত্তৰঃ মোগলসকলে অসমৰ সেউজীয়া দুবৰি বনত ভৰি দিছিল।

গ) অসমৰ হেংদাং কত জিলিকিছিল ?

উত্তৰঃ ভৰদুপৰীয়া সূৰুযৰ ৰক্তিম আভাত হেংদাং পূৰ্ণ আলোকত জিলিকিছিল।

ঘ) অসমীয়াসকলে কিহেৰে তৈয়াৰী পেপা বজাইছিল ?

উত্তৰঃ অসমীয়াসকলে ম’হৰ শিঙেৰে তৈয়াৰী পেপা বজাইছিল।

ঙ) অসমৰ স্বৰ্গদেরে কিহেৰে দেউল সাজিছিল ?

উত্তৰঃ অসমৰ স্বৰ্গদেৱে হাঁহ-কণী আৰু চাউলেৰে দেউল সাজিছিল।

২। “ অসমৰ হেংদাং জিলিকিল

দুপৰৰ পূর্ণ আলােকত’– কথাখিনিৰ তাৎপর্য ব্যাখ্যা কৰা।

উত্তৰঃ বিদেশী মোগলে বৃহৎ সৈন্যদল লৈ অসমৰ মাটিত ভৰি দিছিল। অভিপ্ৰায় আছিল আহোমৰাজ্য হস্তগত কৰি মোগলৰাজ মোগলৰাজ স্থাপন কৰাৰ। শস্যে-মৎস্যে নদন – বদন অসমৰ সৰ্বাংগসুন্দৰ ৰূপ দেখি মোগলৰ চকু কপালত উঠিছিল। হাতে – হাতে হেংদাং, ঢাল – তাৰোৱাল লৈ অসীম সাহসেৰে যুঁজা পুৰুষ-নাৰীৰ বিক্ৰম দেখি বিদেশী মোগলে ছত্ৰভঙ্গ দিছিল। দুপৰীয়াৰ সূৰুযৰ আভাত চিক্ মিকাই উঠা হেংদাং দেখি তেওঁলোকে বুজিছিল আহোমসেনাক পৰাস্ত কৰাটো একেবাৰেই অসম্ভৱ।

৩। অসমৰ পুৰুষ – নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা ।

উত্তৰঃ বিদেশী মোগলে অসম জয়ৰ লক্ষ্যৰে অসমৰ সেউজীয়া দুবৰিত ভৰি দিছিল। তেওঁলোকে অসমৰ অপৰূপ সৌন্দৰ্য দেখি মুগ্ধ হৈছিল। অতি পুৰণিকালৰে পৰা অসম আছিল ফলে – ফুলে জাতিষ্কাৰ আৰু শস্যে – মৎস্যে নদন – বদন। মোগলক প্ৰতিৰোধ কৰিবলৈ অসমৰ পুৰুষ – নাৰীয়ে হাতে – হাতে হেংদাং আৰু ঢাল – তৰোৱাল লৈ ৰণাংগণলৈ ওলাই অহাৰ কথা বুৰঞ্জীৰ পাতত সোণালী আখৰেৰে লিপিবদ্ধ হৈ আছে। মোগলৰ সেনাপতি ৰামসিংহই অসমীয়া সৈন্যৰ ভূয়সী প্ৰশংসা কৰি গৈছে।

৪। কত অত বল পালে অসমৰ সেনানীয়ে

শুকান সান্দহ আৰু পানী আজলিত ।

-কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা ।

উত্তৰঃ

৫। মই অসমীয়া কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্রতিফলিত হৈছে বুজাই লিখা ।

উত্তৰঃ

৬। কবি চৈয়দ আব্দুল মালিকৰ চমু পৰিচয় দিয়া ।

উত্তৰঃ চৈয়দ আব্দুল মালিকৰ জন্ম হৈছিল ১৯১৯ চনত গোলাঘাট জিলাৰ নাহৰণিত। তেওঁ অসমীয়া গল্প আৰু উপন্যাস সাহিত্যলৈ এক নতুন তৰংগ কঢ়িয়াই আনিছিল। গল্পসম্ৰাট বুলি কোৱা হয়। তেওঁৰ একমাত্ৰ কবিতা পুথিখনৰ নাম হৈছে ‘বেদুইন’। তেওঁৰ কবিতাত শব্দৰ সুষম আৰু অৰ্থৱহ ব্যৱহাৰ দেখা যায়। তেওঁ ‘অঘৰী আত্মাৰ কাহিনী’ নামৰ উপন্যাসখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে। ‘সূৰুযমুখীৰ স্বপ্ন’ তেওঁৰ আন এখন বিখ্যাত উপন্যায়। গল্প – উপন্যাসৰ পৰা ‘জেতুকা পাতৰ দৰে’, ‘মমতাজ’ আদি চলচ্চিত্ৰ নিৰ্মিত হৈছে। মুঠতে কবি, গল্পকাৰ আৰু ঔপন্যাসিক চৈয়দ আব্দুল মালিকে অসমীয়া সাহিত্যলৈ যাউতিযুগীয়া অৱদান আগবঢ়াইছে। তেওঁৰ আন আন ৰচনাৰাজি হল – ‘পৰশমণি’, ‘আধাৰশিলা’, ‘মৰহা ফুল’, ‘ৰূপতীৰ্থৰ যাত্ৰী’, ‘ধন্য নৰতনু ভাল’, ‘স্বাক্ষৰ’, ‘ছবিঘৰ’, ‘ৰঙাগৰা’, ‘ৰজনীগন্ধাৰ চকুলো’ ইত্যাদি। তেওঁ ১৯৭৭ চনৰ অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনৰ সভাপতি আসনো অলংকৃত কৰিছিল। তেখেতৰ মৃত্যু হৈছিল ২০০০ চনত।

৭। অসমলৈ যুদ্ধ কৰিবলৈ আহি মােগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা ।

উত্তৰঃ অসমৰ সাৰুৱা মাটিত ভৰি থৈ মোগলসকলে অসমৰ অপৰূপ সৌন্দৰ্য দেখি তবধ মানিছিল। ভাৰতৰ পূৰ্বদিশৰ সূৰ্য্য উঠা দেশ ৰূপহী অসম। প্ৰকৃতি ৰাণীয়ে অকৃপণ হাতেৰে সীমাহীন ৰূপলাৱণ্য ঢালি, অসমীৰ ৰূপত সোণত সুৱগা চৰাইছে। মুকুতাৰ মালা পিন্ধা সেউজীয়া দুবৰি, চৌদিশে ধূসৰ পাহাৰ, জাংফাইবুলীয়া বন – বননি, মীনাকৰা অৰুণ্যানী, হাতীৰ দাঁতেৰে তৈয়াৰ কৰা খৰমৰ চুলা, প্ৰবালেৰে নিৰ্মিত ভৰি ধোৱা দলং ইত্যাদিৰ বৰ্ণনাৰে শত্ৰুৰূপে অহা মোগলেও অসমৰ প্ৰাকৃতিক সৌন্দৰ্য বখানিবলৈ পাহৰা নাই।

৮ | ব্যাখ্যা কৰা ?

(ক) মােগলে এবাৰ পালে শকতিৰ নৱ পৰিচয়

দেশ – প্রাণ , মুক্ত – প্রাণ , অসমৰ স্বদেশ ভকতি ।

উত্তৰঃ প্ৰসংগঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি অন্তৰ্গত চৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত ‘মই অসমীয়া’ নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে।

সংগতিঃ কবিতাফাকিৰ মাজেদি প্ৰতিফলিত হৈছে প্ৰবল পৰাক্ৰমী, স্বাধীনতাপ্ৰিয় অসমীয়া জাতিৰ শৌৰ্য্য-বীৰ্য্য।

ব্যাখ্যাঃ অসমত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাৰ আশা বুকুত বান্ধি অসমলৈ অহা মোগলক লাৱে লাৱে পানী খুৱাই অসমীয়া সৈন্যই পৰাভূত কৰিছিল। পুৰুষতো বাদেই অসমীয়া নাৰীয়েও ৰণাংগনত প্ৰচণ্ড – প্ৰতাপেৰে যুদ্ধ কৰিছিল। স্বদেশক ভাল পোৱাৰ তাড়নাত তৰিলে দেশ মৰিলে স্বৰ্গ এই বাণীৰে উদ্বুদ্ধ হৈছিল প্ৰতিজন অসমীয়া। সেয়ে শত্ৰুৰূপে অহা মোগলসকলেও ভূয়সী অসমীয়া নৰ – নাৰীৰ প্ৰশংসা কৰিছিল।

(খ) দুৱৰিৰ পাতে পাতে মুকুতাৰ থােপা গচকত ভাগে মৰকত , হাতীৰ দাঁতেৰে কৰে খৰমৰ চুলা , ভৰি থােৱে পােৱালৰ ভৰা দলঙত ।

উত্তৰঃ প্ৰসংগঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি অন্তৰ্গত চৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত ‘মই অসমীয়া’ নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে।

সংগতিঃ কবিতাফাকিৰ মাজেদি চৈয়দ আব্দুল মালিকদেৱে অসমৰ অপৰূপ সৌন্দৰ্য আৰু প্ৰাচুৰ্যৰ প্ৰতিফলন কৰিছে।

ব্যাখ্যাঃ অসম যে কেৱল সৌন্দৰ্যশালী আছিল এনে নহয়। অসমৰ নদীৰ বালিতো বিচাৰিলে পোৱা গৈছিল সোণৰ চেকুৰা। দুবৰি বনত নিয়ৰৰ টোপালবোৰ মুকুতাৰ দৰে জলিকি থাকে। অসমৰ ধূলিয়ে – বালিয়েও ধুনীয়া বাখৰৰ দৰে মূল্যবান বস্ত পৰি থাকে। মানুহৰ ভৰিৰ গচকত যেন সেইবোৰ ভাঙি – চিঙি পৰে। হাতীৰ দাঁতৰ দৰে মূল্যৱান সামগ্ৰী ভৰিত পিন্ধা খৰমত ব্যৱহাৰ কৰে।

(গ) মােহ গ’ল দূৰণিৰ বিদেশী মােগল

অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দীয়া ,

অসমত বন্দী হ’ল , অসমৰ ৰূপ – মুগ্ধ

দূৰৰ মােগল আহি হ’ল অসমীয়া ।।

উত্তৰঃ

(ঘ) জীৱনে মৰণে মই চিৰদিন অসমীয়া

অসমীয়া দেহ – প্রাণ মন ;

জীয়াই থাকোতে মই অসমৰে অসমীয়া ,

মৰিলেও বৰি ল’ম অসমৰ অমিয়া মৰণ ।

উত্তৰঃ প্ৰসংগঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি অন্তৰ্গত চৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত মই অসমীয়া নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

সংগতিঃ কবিতাফাকিৰ মাজেদি দেশপ্ৰেমিক কবি চৈয়দ আব্দুল মালিকদেৱে স্বদেশৰ প্ৰতি থকা তেখেতৰ অকপট ভালপোৱাৰ ভাৱ প্ৰকাশ কৰিছে।

ব্যাখ্যাঃ এইখন অসমদেশৰ বায়ু – পানী সেৱন কৰি কবি ডাঙৰ – দীঘল হল। সুৰীয়া অসমীয়া ভাষাৰ গীত – মাত শুনি হীদয় জুৰ পেলালে। এইখন দেশৰ লাহি – শালি চাউলৰ তেলেতীয়া ভাত মুঠি উদয় পূৰাই খাই তৃপ্তি লভিলে। এয়া গছ – লতা, ফুলেভৰা, ধুনীয়া অসমদেশ। অসমীয়া বাহিৰে কবিয়ে অন্য কথা ভাবিবই নোৱাৰে। সেয়েহে এনেহেন অসমদেশত কৰিছে। এয়া দেশপ্ৰেমিক কবিজনাৰ দেশৰ প্ৰতি থকা অফুৰন্ত ভাল পোৱাৰ চানেকি।

৯। মই অসমীয়া কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক কিয় প্রশংসা কৰিছে , তােমাৰ কথাৰে বুজাই লিখা

উত্তৰঃ

১০। কবিয়ে কিয় মৰাৰ পাছতাে পুনৰ অসমতে জনম ল’ম বুলি ভাবিছে বুজাই লিখা ।

উত্তৰঃ সুজলা – সুফলা – শস্য – শ্যামলা প্ৰকৃতিৰ ৰম্যভূমি অসম অসমীয়া ভাষা সুৱদী সুৰীয়া। পৃথিৱীৰ কতো এনে মৌবৰষা ভাষা বিচাৰি পাবলৈ নাই। অসমীয়া গীত – মাত, অসমীয়া – কৃষ্টি – সংস্কৃতি, মাতৃক মৰমতে মতা আই সম্বোধন এই সকলোবোৰ দেশপ্ৰেমিক কবিজনাৰ হীদয়ৰ তলিত সঞ্চিত হৈ আছে। মৃত্যুৰ শেষ মুহূৰ্তলৈকে কবিয়ে মাতৃভূমিৰ ছবিখন মনৰ মাজত ধৰি ৰাখিছে। সেয়ে জন্মান্তৰবাদত বিশ্বায়ী দেশপ্ৰেমিক কবিজনাই মৰাৰ পিছতো অসমী আইৰ বুকুতে পুনৰ জনম লোৱাৰ সপোন দেখিছে।

১১। মই অসমীয়া কবিতাটোৰ সাৰাংশ লিখা ।

উত্তৰঃ

১২। মই অসমীয়া কবিতাটোত অসমৰ অতীত গৌৰৱৰ চানেকি কিদৰে ফুটি উঠিছে বুজাই লিখা ।

উত্তৰঃ

ভাষাবিষয়কঃ

(১) ব্যাসবাক্যসহ সমাসৰ নাম লিখা ?

স্বর্ণপুৰী ; মুক্তগীত ; অনিৰুদ্ধ ; নিষ্কর্মা ।

উত্তৰঃ

(২) তলৰ শব্দবােৰৰ নিচিনা পাঁচোটা শব্দ সাজা ?

বাঘনখ , হাঁহ – কণী , মহ – শিং।

উত্তৰঃ কল-বাৰী, মৌ-জোল, ঔ-টেঙা, হাতী-দাঁত, বাঁহ-গাজ।

(৩) বিপৰীত শব্দ লিখা ?

গৌৰৱ ; আলােক ; স্বাধীনতা ; পৰাজিত ; সপােন ; মৰণ ।

উত্তৰঃ

গৌৰৱ – কালিমা,

আলোক – আন্ধাৰ,

স্বাধীনতা – পৰাধীনতা,

পৰাজিত – বিজয়ী,

সপোন – দিঠক,

মৰণ – জীৱন