তাপ । অধ্যায় ৪ । Class 7 General Science Lesson 4 Question and Answer | SCERT Class 7 G.Science Chapter 4 Solution | Assamese Medium Class 7 Science Chapter 4 Answer | সপ্তম মান শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৪ তাপ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

তাপ

১। পৰীক্ষাগাৰৰ তাপমেতা আৰু জ্বৰ জোখা তাপমে।তাৰ সাদৃশ্য আৰু পার্থক্যসমূহ উল্লেখ কৰা ।

উত্তৰঃ

সাদৃশ্যঃ দুয়োটাৰেই এটা মূৰত বাল্ব এটা থাকে । দুয়োটাৰেই বাল্বটো পাৰাৰে পূৰ্ণ হয় থাকে। দুয়োটাৰেই গাত ছেলছিয়াছ স্কেল থাকে  ।

পাৰ্থক্যঃ  জ্বৰ জোখা তাপমেতাৰ 35 ডিগ্ৰী  C ৰ পৰা 5 ডিগ্ৰী  লৈ উষ্ণতা জোখিব পাৰি । কিন্তুু পৰীক্ষাগাৰৰ তাপমেতাৰৰ পৰিসৰ সাধাৰণতে  10 ডিগ্ৰী C ৰ পৰা 110  ডিগ্ৰী C লৈ থাকে  ।পৰীক্ষাগাৰৰ তাপমেতাৰ ডালেৰে উষ্ণতা জোখোতে থিয় কৰি ৰাখিব লাগে কিন্তু জ্বৰজোখা তাপমেতাৰ ডালেৰে জোখোতে হেলনীয়া কৰি ধৰি ৰাখিব লাগে।

 ২ ) তাপৰ পৰিবাহী আৰু অপৰিবাহী বস্তুৰ দুটাকৈ উদাহৰণ দিয়া । 

উত্তৰঃ

তাপৰ পৰিবাহী  হ’ল-  লো , তাম 
তাপৰ অপৰিবাহী  হ’ল-   প্লাষ্টিক , কাঠ  ।

৩। খালী ঠাই পূৰ কৰা।
(ক ) কোনাে এটা বস্তুৰ উত্তাপ ইয়াৰ   উষ্ণতাৰ  দ্বাৰা নির্ণয় কৰা হয় ।

(খ)  উতলা পানীৰ উষ্ণতা  ক্লিনিকেল তাপমেতাৰে জোখিব নােৱাৰি । 

(গ) ডিগ্ৰী  C  এককত উষ্ণতা জোখা হয় ।

(ঘ)  বিকিৰণ  প্রক্রিয়াৰে তাপৰ সঞ্চালনত মাধ্যমৰ প্ৰয়ােজন নহয় । 

(ঙ) এখন চেঁচা ষ্টীলৰ চামুচ গৰম গাখীৰৰ পিয়লাত ডুবাই ৰখা হৈছে । ই  পৰিবহণ  প্রক্রিয়াৰে আনটো মূৰলৈ তাপ সঞ্চালিত কৰে।

(চ) পাতল ৰঙৰ বস্তুতকৈ গাঢ়  ৰঙৰ বস্ত্ৰই অধিক তাপ শোষণ কৰে।

(৪) তলৰ বাক্য়বোৰ মিলোৱাঃ

উত্তৰঃ

(ক) স্থলবতাহ বলে (ঘ) ৰাতি

(খ) জলবতাহ বলে (গ) দিনত

(গ) গাঢ় ৰঙৰ বস্ত্ৰ পচন্দ কৰা হয় (খ) শীতকালত

(ঘ) পাতল ৰঙৰ বস্ত্ৰ পচন্দ কৰা হয় (ক) গীষ্মকালত

৫) শীতকালত মাত্ৰ এখন ডাঠ কাপোৰৰ সলনি একাধিক তৰপৰ কাপোৰ পিন্ধিলে আমাৰ শৰীৰ কিয় গৰম হৈ থাকে ।

উত্তৰঃ  শীতকালত মাত্ৰ এখন ডাঠ কাপোৰৰ সলনি একাধিক তৰপৰ কাপোৰ পিন্ধিলে আমাৰ শৰীৰ গৰম হৈ থাকে কাৰণ হ’ল দুখন কাপোৰৰ মাজত এটা বায়ুৰ তৰপ থাকে এই বায়ুৱে আমাৰ শৰীৰৰ তাপ চৌপাশৰ শীতল অঞ্চললৈ ওলাই যোৱাত বাধা দিয়ে সেইবাবে একাধিক তৰপৰ কাপোৰ পিন্ধিলে আমাৰ শৰীৰ গৰম হৈ থাকে।

(৭) উষ্ণ জলবায়ু অঞ্চলৰ ঘৰ বোৰৰ বহিঃবেৰত বগা ৰং দিবলৈ পৰামৰ্শ দিয়া হয়। ব্য়াখ্য়া কৰা।

উত্তৰঃ

৮) ৩০° C ত থকা এক লিটাৰ পানী ৫০° C ত থকা এক লিটাৰ পানীৰ লগত মিহলি কৰা হ’ল । মিশ্রণৰ উষ্ণতা হ’ব – 
(ক) ৮০° C(খ) ৫০° C ত কৈ বেছি কিন্তু ৮০° C তকৈ কম(গ) ২০° C (ঘ) ৩০° C আৰু ৫০° C ৰ মাজত

উত্তৰঃ (ঘ) ৩০° C আৰু ৫০° C ৰ মাজত

৯। মগ এটাত থকা ৪০° C উষ্ণতাৰ পানীত ৪০° C উষ্ণতাৰ বােৰ বল এটা ডুবাই দিয়া হ’ল । তাপ

 (ক) লােৰ বলৰপৰা পানীলৈ সঞ্চালিত হ’ব । (খ) লােৰ বলৰপৰা পানীলৈ সঞ্চালিত নহয় বা পানীৰ পৰাও লােৰ বললৈ সঞ্চালিত নহয় । (গ) পানীৰ পৰা লােৰ বললৈ সঞ্চালিত হব । (ঘ) দুয়ােৰে উষ্ণতা বৃদ্ধি হ’ব ।

উত্তৰঃ  (খ) লােৰ বলৰপৰা পানীলৈ সঞ্চালিত নহয় বা পানীৰ পৰাও লােৰ বললৈ সঞ্চালিত নহয় ।

 ১০। আইছ ক্রীমেৰে পূৰ্ণ কাপ এটাত কাঠৰ চামুচ এখন ভৰাই থােৱা হৈছে । চামুচখনৰ আনটো মূৰ

(ক) পৰিবহণ প্রক্রিয়াৰে চেঁচা হ’ব । (খ) পৰিচলন প্রক্রিয়াৰে চেঁচা হ’ব । (গ) বিকিৰণ প্ৰক্ৰিয়াৰে চেঁচা হয় । (ঘ) চেঁচা নহয় ।

উত্তৰঃ- (ঘ) চেঁচা নহয় ।

১১। নিষ্কলংক তীখা ( stainless steel ) ৰ কেৰাহীৰ তলিভাগ সাধাৰণতে তামেৰে নির্মিত হয় । ইয়াৰ কাৰণ  ( ক ) তামৰ তলিয়ে কেৰাহীৰ আয়ুস বঢ়ায় । 

( খ ) কেৰাহীটো দেখাত ৰং বিৰঙৰ হয় ।( গ ) নিষ্কলংক তীখাতকৈ তাম অধিক পৰিবাহী ।( ঘ ) নিষ্কলংক তীখাতকৈ তাম চাফা কৰা সুবিধাজনক ।

উত্তৰঃ ( গ ) নিষ্কলংক তীখাতকৈ তাম অধিক পৰিবাহী ।