অনুজীৱ ঃ মিত্ৰ আৰু শত্ৰু । অধ্যায় ২ । Class 8 General Science Lesson 2 Question and Answer Assam | SCERT Class 8 General Science Chapter 2 Solution | Assamese Medium Class 8 Science Chapter 2 Answer | অষ্টম মান শ্ৰেণীৰ বিজ্ঞান অধ্যায় ২ অনুজীৱ ঃ মিত্ৰ আৰু শত্ৰু পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

অনুজীৱ ঃ মিত্ৰ আৰু শত্ৰু 

১) খালী ঠাই পূৰ কৰা  – 

ক) অনুজীৱবোৰ অনুবীক্ষন যন্ত্ৰৰ সহায়ত দেখা পোৱা যায়। 

খ) নীল সেউজ শেলাইয়ে বায়ুৰ পৰা পোনপটীয়াকৈ নাইট্ৰ’জেন গ্ৰহন কৰি মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে। 

গ) ইষ্ট ৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয়। 

ঘ) বেক্টেৰিয়াৰ দ্বাৰা কলেৰা হয়। 

২) শুদ্ধ উত্তৰত ‘✓’ চিন দিয়া। 

উত্তৰ 

ক) সুৰা প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয়। 

খ)ষ্ট্ৰেপ্ট’মাইছিল এবিধ এন্টিবায়’টিক। 

গ) মাইকী  এন’ফিলিছ মহ মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰট’জ’ৱাৰ বাহক। 

ঘ) মাখি সংক্ৰামক ৰোগৰ বাহক। 

ঙ)ইষ্টকোষৰ বাবে পাউৰুটি বা ইজলিৰ লডা ওফন্দি  উছে। 

চ) শৰ্কৰাৰ পৰা সুৰা প্ৰস্তুত হোৱা প্ৰক্ৰিয়াক কিন্বন বোলা হয়। 

৩) ‘A’ অংশত থকা অনুজীৱ বোৰক  ‘B’ অংশৰ ক্ৰিয়াৰ লগত মিলোৱা – 

(A)                                (B)
i) বেক্টেৰিয়া ⟶     e) কলেৰা ৰোগৰ সৃষ্টি 

ii) ৰাইজ’বিয়াম ⟶ a) নাইট্ৰ’জেন যৌগীকৰন 

iii) লেক্ট’বেছিলাছ ⟶b) দৈ প্ৰস্তুত কৰনত 

iv) ইষ্ট ⟶  c) পাউৰুটিৰ প্ৰস্তুত কৰনত   

v) প্ৰট’জ’ৱা ⟶ d) মেলেৰিয়া ৰোগৰ স

iv) ভাইৰাছ ⟶ f) এইডছ ৰোগ সৃষ্টিত 

৪) অনুজীৱবোৰ খালী চকুৰে দেখা পোৱা যায়নে  সিহঁতক কেনেকৈ দেখা পাব পাৰি ? 

উত্তৰঃ অনুজীৱবোৰ খালী চকুৰে দেখা পোৱা নাযায়ে কাৰণ- অণুজীৱবোৰ ইমানে ক্ষুদ্ৰ যে ইহঁতক খালী চকুৰে দেখা পোৱা নাযায় ইহঁতক অনুবীক্ষণ যন্ত্ৰ দ্বাৰা হে দেখা পোৱা যায় ।

৫) অনুজীৱৰ ডাঙৰ ভাগবোৰ কি কি ? 

উত্তৰঃ অনুজীৱৰ ডাঙৰ ভাগবোৰ হ’ল- বেক্টেৰিয়া, ভেঁকুৰ, প্ৰট’জ’ৱা আৰু শেলাই ।

৬) মাটিত বায়ুমণ্ডলীয় নাইট্ৰ’জেন যৌগী-কৰণ  পৰা অনুজীৱসমূহৰ নাম লিখা। 

উত্তৰঃ মাটিত থকা কিছুমান বেক্টেৰিয়া আৰু নীলা সেউজীয়া শেলাইয়ে বায়ুুমণ্ডলৰ নাইট্ৰ’জেন যৌগীকৰণ কৰি নাইট্ৰ’জেনৰ যৌগলৈ পৰিৱৰ্তন কৰে । ৰাইজ’বিয়াম এই বেক্টেৰিয়াই উৰহীজাতীয় ( মাহ ) উদ্ভিদত নাইট্ৰ’জেন যৌগীকৰণ কৰিব পাৰে । ৰাইজ’বিয়াম যে উৰহীজাতীয় উদ্ভিদৰ শিপাৰ টেমুনাত থাকে আৰু ইহঁতে যেনে উৰহী আৰু মটৰ লগত সহজীৱী হিচাপে কাম কৰে ।

৭) আমাৰ জীৱনত অনুজীৱৰ উপকাৰিতাৰ বিষয়ে ৫ শাৰী লিখা। 

উত্তৰঃ আমাৰ জীৱনত অনুজীৱৰ উপকাৰিতাৰ বিষয়ে ৫ শাৰী হ’ল-

(১) অনুজীৱবোৰ বহুতো কামত ব্যৱহাৰ কৰা হয় । যেনে- দৈ, পাউৰুটি আৰু কেক্ আদি প্ৰস্তুতকৰণত অণুজীৱ ব্যৱহাৰ কৰা হয় ।

(২) পৰিৱেশ চাফা কৰিবলৈ অনুজীৱ ব্যৱহাৰ কৰা হয় ।

(৩) অনুজীৱবোৰৰ দ্বাৰা ঔষধ প্ৰস্তুকৰণত ব্যৱহাৰ কৰা হয় ।

(৪) অনুজীৱবোৰে কৃষিক্ষেত্ৰত নাইট্ৰ’জেন যৌগীকৰণ কৰি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰাত সহায় কৰে ।

(৫) সুৰা, মদ, আৰু এছিটিক এছিড প্ৰস্তুত কৰাৰ বাবেও অণুজীৱ ব্যৱহাৰ কৰা হয় ।

৮) অনুজীৱৰ অপকাৰিতাৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ অণুজীৱৰ অপকাৰিতাৰ হ’ল- কিছুমান অণুজীৱই মানুহ, উদ্ভিদ আৰু প্ৰাণীৰ ৰোগ সৃষ্টি কৰে । এনে ৰোগকাৰী অণুজীৱসমূহক ৰোগকাৰক বুলি কোৱা হয় । কিছুমান অণুজীৱই খাদ্যবস্তু, বস্ত্ৰ আৰু চামৰা নষ্ট কৰে । ৰোগকাৰী অণুজীৱসমূহ উশাহৰ লগত, খোৱা পানীৰ লগত বা খোৱা আহাৰৰ লগত আমাৰ দেহৰ ভিতৰলৈ সোমায় । আক্ৰান্ত লোকৰ পোনপটীয়া সংস্পৰ্শত বা প্ৰাণীৰ জৰিয়তেও ইহঁতৰ সৰবৰাহ হয় । এই অণুজীৱৰ পৰা হোৱা ৰোগসমূহ বায়ু, পানী, আহাৰ বা ইজন সিজনৰ সংস্পৰ্শৰ দ্বাৰা ৰুগীয়া লোকৰ পৰা সুস্থ লোকলৈ বিয়পে বাবে ইহঁতক সংক্ৰামক ৰোগ বোলা হয় । কলেৰা, চৰ্দি, মাজু আই আৰু যক্ষ্মা হৈছে এনে ৰোগৰ উদাহৰণ ।

৯) এন্টিবায়’টিক কি? এন্টিবায়টিক গ্ৰহন কৰোঁতে কি কি সাৱধানতা ল’বলাগে?

উত্তৰঃ বেমাৰ সৃষ্টিকাৰী অণুজীৱবোৰক ধ্বংস কৰে বা সিহঁতৰ বৃদ্ধিত বাধা জন্মায় । এনে ঔষধবোৰক এণ্টিবায়’টিক বোলা হয় । এণ্টিবায়’টিক টেবলেট, কেপছুল বা পেননিছিলিনৰ নিচিনা বেজি দিয়ে । এই ঔষধবোৰৰ উৎস হৈছে অণুজীৱসমূহ । আজি-কালি বেক্টেৰিয়া আৰু ভেঁকুৰৰ পৰা বহুতো এণ্টিবায়’টিক প্ৰস্তুত কৰা হয় । ষ্ট্ৰেপট’মাইছিন, টেট্ৰাছাইক্লিন আৰু এৰিথ্ৰ’মাইছিন হৈছে ভেঁকুৰ আৰু বেক্টেৰিয়াৰ পৰা প্ৰস্তু কৰা সাধাৰণতে জনা কিছুমান এণ্টিবায়’টিক ।