শস্য উৎপাদণ আৰু ব্য়ৱস্থাপনা । অধ্যায় ১ । Class 8 General Science Lesson 1 Question and Answer Assam | SCERT Class 8 General Science Chapter 1 Solution | Assamese Medium Class 8 Science Lesson 1 Answer | অষ্টম মান শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১ শস্য উৎপাদণ আৰু ব্য়ৱস্থাপনা  পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

শস্য উৎপাদণ আৰু ব্য়ৱস্থাপনা 

১) তলত দিয়া তালিকাৰ পৰা শুদ্ধ শব্দবোৰ বাছি উলিওৱা আৰু খালি ঠাই পূৰ্ণ কৰা।
ওপঙি,  পানী, শস্য, পোষক দ্ৰব্য,  চহোৱা

(ক)  একে বিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক শস্য বুলি কোৱা হয়।

(খ) শস্য সিঁচাৰ আগতে মাটি ডৰা চহোৱা হয়। 

(গ) নষ্ট হোৱা বীজৱোৰ পানীত ওপঙি থাকে। 

(ঘ)  শস্যৰ  বৃদ্ধিৰ বাবে প্ৰচুৰ সূৰ্যৰ পোহৰ আৰু মাটিৰ  পৰা পোষকদ্ৰব্য   আৰু পানী   প্ৰয়োজন হয়। 

২) ‘ক’ স্তম্ভৰ ‘খ’ স্তম্ভ  মিলোৱা- 

উত্তৰ ঃ  

(ক)                               (খ)

(i) খাৰিফ শস্য —- ঙ) ধান আৰু যৱ
(ii) ৰবি শস্য    —  ঘ) ঘেঁহু, বুট, মটৰ মাহ
(iii) ৰাসায়নিক সাৰ — খ) ইউৰিয়া আৰু ছুপাৰ ফছফেট

(iv) জৈৱিক সাৰ   —- গ) প্ৰাণীৰ বৰ্জিত দ্ৰব্য, গৰুৰ গোবৰ , গো-মূত্ৰ আৰু উদ্ভিদৰ অৱশিষ্ট দ্ৰব্য

৩)  প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া –

ক) খাৰিফ শস্যঃ ধান আৰু যৱ। 

খ) ৰবি শস্যঃ ঘেঁহু আৰু বুটমাহ। 

৪) তলত দিয়া সমূহৰ বিষয়ে নিজা শব্দৰে একোটাকৈ দফা লিখা।

ক) মটি চহোৱা (খ) বীজ সিঁচা

গ) বনবাত নিৰোৱা (ঘ) মৰণা মৰা

উত্তৰঃ (ক) মাটি চহোৱাঃ মাটি চহোৱা শস্য উৎপাদনৰ প্ৰথম কাম । কৃষি কাৰ্যৰ প্ৰথম আৰু অতি প্ৰয়োজনীয় কাম হ’ল- মাটিডৰা ঢিলা কৰা । মাটিয়েহে উদ্ভিদৰ বৃদ্ধিত সহায় কৰে, সেয়েহে মাটি চহাই অধিক ঢিলাকৰিব লাগে যাতে মাটিখিনি তল ওপৰ হৈ পুষ্টিকৰ দ্ৰব্যবোৰ মাটিৰ সকলো অংশত মিহলি হয় । উদ্ভিদে তেতিয়া সহজেই এই পোষক দ্ৰব্য গ্ৰহণ কৰিব পাৰে । সেয়েহে মাটি চহাই ঢিলা কৰা কাৰ্য শস্য উৎপাদনৰ বাবে অতি প্ৰয়োজন ।মাটি চহ কৰা আৰু ঢিলা কৰা পদ্ধতিটোকে মাটি চহোৱা বা হাল বোৱা বোলে ।

(খ) বাজী সিঁচাঃ বীজ সিঁচাটো হ’ল শস্য উৎপাদনৰ আটাইতকৈ প্ৰয়োজনীয় কাম । বীজ সিঁচাৰ আগতে, উন্নত জাতৰ বীজ বাছি ল’ব লাগে । উন্নত জাতৰ বীজ সাধাৰণতে চাফাকৈ ৰখা তথা নিৰোগী ভাল সঁচৰ পৰা গোটোৱা হয়। খেতিয়কে সাধাৰণতে অধিক উৎপাদনক্ষম বীজহে নিৰ্বাচন কৰে । বীজ সাধাৰণতে ফোপোলা আৰু পাতল হয় । সেয়ে এই বীজবোৰ পানীত ওপঙি উঠে । ভাল বীজবোৰ বেয়া বীজৰ পৰা পৃথক কৰা এইটোৱে ভাল পদ্ধতি । বীজ সিঁচাৰ আগতে, বীজ সিঁচোতে ব্যৱহাৰ কৰা সঁজুলিৰ বিষয়ে জনাটো অতি প্ৰয়োজন ।

(ক) পৰম্পৰাগত সঁজুলিঃ ই এবিধ চুপি আকৃতিৰ বীজ সিঁচা সঁজুলি । দেশৰ আন কিছুমান ৰাজ্যত এইবিধ সঁজুলি বীজ সিঁচাৰ বাবে পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰি আহিছে । সঁজুলিৰ চুপিটো বীজৰ দ্বাৰা পূৰ্ণ কৰা হয় । বীজবোৰ চুপিৰ লগত সংলগ্ন আগজোঙা দুই বা তিনিডাল পাইপৰ সহায়ত তললৈ নামি আহি । এই পাইপৰবোৰৰ জোঙা আগবোৰ মাটিৰ ভিতৰলৈ সোমাই যায় আৰু বীজবোৰ মাটিত সোমাই পৰে ।

(খ) বীজ সিঁচা যন্ত্ৰঃ আজি-কালি টেক্টৰৰ সহায় বীজ সিঁচা যন্ত্ৰৰ দ্বাৰা বীজ সিঁচা হয় । সমভাৱে সমান দূৰত্ব আৰু গভীৰতাত, এই সঁজুলিয়ে বীজবোৰ সিঁচে । বীজ সিঁচা যন্ত্ৰৰ দ্বাৰা বীজ সিঁচিলে খেতিয়কৰ শাৰীৰি শ্ৰম কমে আৰু সময়ো ৰাহি হয় ।

(ঘ) মৰণাঃ শস্য চপোৱা এটি অতি দৰকাৰী কাম । পৈণত শস্য কাটি, উঘালি ৩ ৰ পৰা ৪ মাহ সময় লাগে । আমাৰ দেশত মানুহে কাচিৰ দ্বাৰা বা শস্য চপোৱা যন্ত্ৰৰ সহায়ত শস্য চপায় । চপোৱা শস্যৰ বীজবোৰ শীহ্ আৰু গা-গছৰ পৰা পৃথক কৰা প্ৰক্ৰিয়াক মৰণা মৰা হয় । গৰু, ম’হ, ট্ৰেক্টৰৰ দ্বাৰা মৰণা মৰা হয় । আধুনিক পদ্ধতিত অৱশ্যে শস্য চপোৱা আৰু মৰণা মৰা দুয়োটা কাম ‘কমবাইন’ মেচিনৰ দ্বাৰা কৰা হয় ।

৫)জৈৱিক সাৰৰ লগত ৰাসায়ণিক সাৰৰ প্ৰভেদ কি বৰ্ণণা কৰা। 

উত্তৰঃ 

৬)জলসিঞ্চন কি  পানী সংৰক্ষণ  কৰা জলসিঞ্চনৰ দুটা পদ্ধতি বণণা কৰা ।

উত্তৰ ঃ জলসিঞ্চন হ’ল- সময়ত বিভিন্ন ব্যৱধানত শস্যৰ পথাৰত পানী যোগান ধৰাকে জলসিঞ্চন বোলে ।

পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি হ’ল-

 (ক) পানী ছটিওৱা ব্যৱস্থাঃ পানীৰ পৰিমাণ কম থকা অসমান ভূমিত এই ব্যৱস্থা অতি উপযোগী । পানী অহা মূল নলীডালত এটা নিৰ্দিষ্ট দূৰত্বৰ ব্যৱধানত আগমূৰত ঘূৰ্ণনশীল বিন্ধা থকা নলী লম্বভাৱে লগোৱা হয় । পাম্পৰ চাপযুক্ত পানী যেতিয়া মূল নলীডালেদি প্ৰবাহিত হয় তেতিয়া ঘূৰ্ণনশীল বিন্ধাৰে পানী জোৰেৰে ওলাই যায় । বৰ ষুণৰ পানীৰ দৰেই শস্যৰ ওপৰত পানীৰ ছিটিকনি পৰে । পানী ছটিওৱা পদ্ধতি বালীয়া মাটিৰ বাবে অতি উপযোগী ।

(খ) পানী নিগৰোৱা ব্যৱস্থাঃ এই ব্যৱস্থাত পানী নিগৰাই টোপ টোপকৈ উদ্ভিদৰ গুৰিত পেলোৱা হয় । সেয়ে এই ব্যৱস্থাক পানী নিগৰোৱা ব্যৱস্থা বোলে । ফলৰ গছ, বাগিছা আৰু ডাঙৰ গছত পানী যোগানৰ ই এক উত্তম ব্যৱস্থা । এই ব্যৱস্থাই উদ্ভিদক টোপ-টোপকৈ পানীৰ যোগান ধৰে । 

৭)  বৰ্ষা  ঋতুত  যদি ঘেহুঁ সিঁচা হয়, তেতিয়া কি  হ’ব আলোচনা কৰা । 

উত্তৰ ঃ 

৮) একে লেথাৰিয়ে শস্য় উৎপাদন কৰিলে মাটিৰডৰাত কেনে প্ৰভাৱ পৰে, বৰ্ণনা কৰা।

উত্তৰ ঃ

৯) অপতৃণ কি ? সিহতঁক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি ?

উত্তৰ ঃ খেতি পথাৰত সাধাৰণতে শস্যৰ বাহিও স্বাভাৱিকভাৱেই কিছুমান অপ্ৰয়োজনীয় উদ্ভিদো গজে । এই অনাৱশ্যকীয় উদ্ভিদসমূহকে অপতৃণ বোলে । অপতৃণ নিয়ন্ত্ৰ কৰিবলৈ অপতৃণনাশক বা বননাশক ৰাসায়নিক দ্ৰব্য যেনে 2,4- D ব্যৱহাৰ কৰা হয় ।

১০) তলত দিয়া বাকচসমূহ এনেদৰে সজোৱা যাতে কুঁহিয়াৰ উৎপাদনৰ এখন ক্ৰম তালিকা পোৱা যায় –

উত্তৰ ঃ 1. মাটি চহোৱা 2. পথাৰত হাল বোৱা 3. বীজ সিঁচা/ ৰোৱা 4. সাৰ প্ৰয়োগ 5. জলসিঞ্চন 6. খেতি চপোৱা
7. চেনিৰ কাৰখানালৈ শস্য পঠোৱা

১১) তলত দিয়া সংকেতৰ সহায়ত শব্দ শৃংখল সমূহ সম্পূৰ্ণ কৰা।

উত্তৰ ঃ

পথালিকৈ ঃ১) গুটি = বীজ ২) মাহ জাতীয় উদ্ভিদৰ শিপাৰ টেমুনাত থকা বেক্টেৰিয়া = ৰাইজ’বিয়াম

তললৈ ঃ

২) পথাৰত পানী যোগান ধৰা ব্যবস্থা = জলসিঞ্চন

৩) শীতকালত খেতি কৰা শস্য = ৰবিশস্য

৫) এবিধ ৰাসায়নিক সাৰ = ইউৰিয়া 

৬) চপোৱা শস্যৰ পৰা ধান পৃথক কৰা কাম =মৰণা