এন্ ফ্রাঙ্কৰ ডায়েৰি । অধ্যায় ৩ । Class 8 Assamese Lesson 3 Question and Answer | SCERT Class 8 Assamese Chapter 3 Solution | অষ্টম মান শ্ৰেণীৰ অধ্যায় ৩ এন্ ফ্রাঙ্কৰ ডায়েৰি পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।  


    এন্ ফ্রাঙ্কৰ ডায়েৰি    

১) তলৰ প্ৰশ্নবিলাকৰ উত্তৰ লিখাঃ
ক) জন্মসুত্ৰে এন ফ্রাঙ্ক কোন সম্প্ৰদায়ৰ ছোৱালী আছিল?

উত্তৰ:- জন্মসুত্ৰে এন ফ্ৰাঙ্ক ইহুদী সম্প্ৰদায়ৰ ছোৱালী আছিল ।

খ) নাজীবাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক কত লুকাই আছিল?

উত্তৰ:- নাজীবাহিনীনৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক দুবছৰকাল এটা পণ্যাগাৰত আত্মগোপন কৰি আছিল ।

গ) এন ফ্রাঙ্কৰ দেউতাকৰ নাম কি আছিল?

উত্তৰ:- এন ফ্ৰাঙ্কৰ দেউতাকৰ নাম অট’ফ্ৰাঙ্ক আছিল ।

ঘ) দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম কি? এই সেনাধ্যক্ষজনে ইহুদীসকলক কি কৰিছিল

উত্তৰ:- দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম হ’ল- এডলফ হিট্লাৰ । এই সেনাধ্যক্ষজনে ইহুদীসকলক বৰ্বৰ অত্যাচাৰ কৰিছিল ।

ঙ) এন ফ্রাঙ্কে কিয় দিনলেখা লিখিবলৈ ইচ্ছা কৰিছিল?

উত্তৰ:- এন ফ্ৰাঙ্কৰ কোনো প্ৰকৃত বন্ধু নাছিল সেইবাবে তাই দিনলেখা লিখিবলৈ ইচ্ছা কৰিছিল ।

চ) দিনলেখাসমূহ এন ফ্রাঙ্কে কিয় সম্পাদনা কৰিছিল?

উত্তৰ:- এন ফ্ৰাঙ্কে দিনলেখা সমূহ সম্পাদনা কৰিব বিচৰা কাৰণ হ’ল- যাতে ভৱিষ্যতে নতুন প্ৰজন্মই সেই সময়ত ঘটা ঘটনাবোৰৰ কথা আৰু সেই সময়ত হোৱা মনৰ ভাৱৰ কথা তাই ডায়েৰিখনৰ পৰাই জনিব পাৰে।

ছ) অট’  ফ্রাঙ্কে পৰিয়ালসহ কিয় পণ্যাগাৰত আত্মগোপন কৰি আছিল?

উত্তৰ:- নাজীবাহিনীৰ বৰ্বৰ অত্যাচাৰ ফলত অট’ফ্ৰাঙ্কে পৰিয়ালসহ পণ্যাগাৰত আত্মগোপন কৰি আছিল ।

জ) `মানুহতকৈ কাগজৰ ধৈৰ্য বেছি’ বুলি এন ফ্রাঙ্কে উপলব্ধি কৰিছিল। কিয়? বুজাই লিখা।

উত্তৰ:- মানুহতকৈ কাগজৰ ধৈৰ্য বেছি বুলি সেইদিনা উপলব্ধি কৰিছিল য়িদিনা এনৰ কৰিবলৈ একো কাম নথকাৰ বাবে হতাশাত ভুগিছিল। তেতিয়া তাই দেখিছিল যে তাইৰ সন্মুখত টেবুল এখনত একদম কাগজ পৰি আছে। কাগজৰ দমটো বছৰ বছৰ ধৰি সেই টেবুলখনতে পৰি আছিল তথাপিও সিহঁতৰ আপত্তি নাছিল।তেতিয়া তাই অনুভৱ কৰিছিল যে মানুহতকৈ কাগজৰ ধৈৰ্য বেছি।

ঝ) এন ফ্রাঙ্কে নিজকে কিয় অকলশৰীয়া বুলি অনুভৱ কৰিছিল?

উত্তৰ:- এন ফ্ৰাঙ্কে নিজকে অকলশৰীয়া বুলি অনুভৱ কৰিছিল কাৰণ- এন ফ্ৰাঙ্কৰ প্ৰকৃত বন্ধু নাছিল । তাইক এনেকুৱা এজন বন্ধু লাগে যাৰ লগত তাই মনৰ কথা প্ৰকাশ কৰিব পাৰে ।

প্ৰশ্ন নং ২। তলৰ শব্দসমূহৰ অৰ্থ শব্দ সম্ভাৰত চাই নিজৰ বহীত লিখা।

উত্তৰ:-  শব্দ অৰ্থ

গণ্য লেখতলবলগীয়া

গতানুগতিক নতুনত্ববিহীন

অস্ত্ৰোপচাৰ অপাৰেচন, ৰোগ চিকিৎসাৰ কৰাৰ বাবে অস্ত্ৰৰ প্ৰয়োগ

বৰ্বৰ নীচ , অসভ্য

পৰিত্যক্ত এৰা, ত্যাগ কৰা

প্ৰবাদ প্ৰবচন, মানুহৰ মুখে মুখে চলি অহা আগৰ দিনৰ কথা

অধিগৃহীত আইনৰ সহায়েৰে দখল কৰা

থিৰাং নিশ্চিত

উৎসৰ্গা দান কৰা

আড়ম্বৰ জাক – জমকতা

প্ৰত্য়াশিত আশা কৰা

ভাবমূৰ্তি কোনো ব্য়ক্তি বা বিষয়ৰ প্ৰতি কৰা ধাৰণা

পুঞ্জীভূত থূপ খাই থকা

শামকটা উপশম হোৱা

সন্নিৱষ্ট অন্তৰ্ভূক্ত

প্ৰশ্ন নং ৩। `কিটি’ কোন? এন ফ্রাঙ্কে কিটিক বন্ধু হিচাপে কিয় গণ্য কৰিছিল বুজাই লিখা।

উত্তৰ:- ‘কিটি’ হৈছে এন ফ্ৰাঙ্কৰ ডায়েৰিখনৰ নাম ।

এন ফ্ৰাঙ্কে তেওঁৰ জীৱনত এজন প্ৰকৃত বন্ধুৰ অভাৱ অনুভৱ কৰিছিল। তেওঁৰ বহুতো লগ-লগৰীয়া আছিল যদিও হিয়া উজাৰি মনৰ ভাৱ প্ৰকাশ কৰিবলৈ এজন বন্ধুৰ অভাৱ আছিল। সেয়েহে তেওঁ মনৰ কথাবোৰ ডায়েৰিখনতে লিপিবদ্ধ কৰিছিল আৰু ডায়েৰি খনকে প্ৰকৃত বন্ধু বুলি গণ্য কৰিছিল আৰু নাম ৰাখিছিল ‘কিটি’ । এনেদৰে তেও ছুটী জীৱন কালত কিটি নামৰ কাল্পনিক বন্ধুগৰাকীলৈ সম্বোধন কৰি ডায়েৰি পাততে নিজৰ মনৰ কথা হিয়া উজাৰি প্ৰকাশ কৰিছিল।

প্ৰশ্ন নং ৪। এন্ ফ্রাঙ্কৰ ডায়েৰিখন পুথি আকাৰে প্ৰকাশ হোৱাত কোনে আগভাগ লৈছিল? তেখেতে এই ডায়েৰিখন কিয় পুথি আকাৰে প্ৰকাশ কৰিছিল?

উত্তৰ:- এন ফ্ৰাঙ্কৰ ডায়েৰিখন পুথিৰ আকাৰে প্ৰকাশ হোৱাত তাইৰ দেউতাক অট’ ফ্ৰাঙ্কে আগভাগ লৈছিল।

এন ফ্ৰাঙ্কে ১৯৪২ চনৰ ১২ জুনৰ পৰা ডায়েৰি লিখা কামটো আৰম্ভ কৰিছিল। আৰম্ভণিতে তেওঁ এই ডায়েৰি সম্পূৰ্ণ নিজৰ বাবেহে লিখিছিল। ১৯৪৪ চনৰ্ কোনোবা এদিন হলেণ্ড চৰকাৰৰ এজন বিষয়াই লণ্ডৰ পৰা অনাতাঁৰযোগে ঘোষণা কৰিলে যে যুদ্ধ শাম কটাৰ পিছত তেওঁ জাৰ্মান অধিগৃহীত অঞ্চলত বাস কৰা যিসকল হলেণ্ডৰ লোক যুদ্ধৰ সময়ত দুখ-যন্ত্ৰনা ভোগ কৰিছিল তেওঁলোকৰ সাক্ষ্য গ্ৰহণ কৰিব আৰু এইবোৰ জনসাধাৰণৰ বাবে প্ৰচাৰ কৰিব। তেওঁ বিশেষ কৈ চিঠি-পত্ৰ আৰু ডায়েৰিৰ কথা উল্লেখ কৰিছিল।

বিষয়াজনৰ কথাত অনুপ্ৰাণিত হৈ এন্ ফ্ৰাঙ্কে সিদ্ধান্ত ল’লে যে যুদ্ধ শেষ হোৱাৰ পাছত তেওঁ তেওঁৰ ডায়েৰিখনৰ ভিত্তিত এখন পুথি প্ৰকাশ কৰিব। অনতিপলমে তেওঁ ইতিমধ্য লিখা কথাবোৰ কিছু সম্পদনা কৰি পুনৰ লিখি উলিয়ালে। এনেদৰে এন্ ফ্ৰাঙ্কে ১৯৪৪ চনৰ ১ আগষ্টলৈকে ডায়েৰি লিখে আৰু ৪ আগষ্ট তাৰিখে এন্ আৰু তেওঁৰ পৰিয়ালৰ সদস্য সকলক লুকাই থকা স্থানৰ পৰাই নাজীবাহিনীৰ লোকে আটক কৰি নিয়ে।নাজীবাহিনৰ হাতত ধৰা পৰা পাছত বন্দী অৱস্থাত অনাহাৰ,অনিদ্ৰা আৰু অস্বাস্থ্যকৰ পৰিৱেশত মাক বাপেক আৰু এনৰ মৃত্যু হৈছিল। একমাত্ৰ দেউতাকে নাজীবাহিনীৰ কবলৰ

প্ৰশ্ন নং ৫। এন্ ফ্ৰাঙ্কৰ আৰু আইতাকৰ সম্বন্ধ কেনে আছিল ? আইতাকৰ স্মৃতিৰ বাবে তেওঁ কি কৰিছিল ?

উত্তৰ:– এন ফ্ৰাঙ্ক আৰু আইতাকৰ সম্বন্ধ মধূৰ আছিল। তাই আইতাকক খুব ভাল পাইছিল।

আইতাকৰ স্মৃতিৰ বাবে তেওঁৰ জন্মদিনত জ্বলোৱা মমবাতিবোৰৰ লগতে আইতাকৰ বাবেও এডাল মমবাতি জ্বলাইছিল।

প্ৰশ্ন নং ৬। পাঠটো পঢ়ি এন ফ্রাঙ্কৰ সেই সময়ত হোৱা মনৰ ভাবৰ বিষয়ে লিখা।

উত্তৰ:- পাঠটো পঢ়ি এজনী তেৰ বছৰীয়া ছোৱালীৰ মনৰ কথা বুজিব পৰা যায়। তাই জীৱনৰ সৰু কালছোৱা অতি দুষ কষ্টৰ মাজেৰে পাৰ কৰিবলগীয়া হৈছিল।

প্ৰশ্ন নং ৭। পাঠটোত অধি, অনু, প্ৰতি – এইকেইটা উপসৰ্গ যোগ হৈ হোৱা শব্দকেইটা বিচাৰি লিখা।

উত্তৰ:- অধি + গৃহীত = অধিগৃহীত

অনু + প্ৰানিত = অনুপ্ৰানিত

প্ৰতি + দিন = প্ৰতিদিন

প্ৰশ্ন নং ৮। তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ লিখা।         

স্থায়ী – অস্থায়ী     প্ৰকাশ – গোপন, অপ্ৰকাশ      ভোগ – ত্যাগ, দুৰ্ভোগ       স্মৃতি – পাহৰণি, বিস্মৃতি    সমাপ্ত – আৰম্ভনি, অসমাপ্ত আড়ম্বৰ – অনুষ্টুপীয়া, অনাড়ম্বৰ     ভাগ্য – দুৰ্ভাগ্য      ধৈৰ্য – অধৈৰ্য।

প্ৰশ্ন নং ৯। তলৰ শব্দবোৰৰ প্ৰতিশব্দ লিখা।         

যন্ত্ৰণা       কৰুন    কিশোৰী        মৃত্যু

উত্তৰ:- যন্ত্ৰণা = যাতনা

কৰুন = কাতৰ

কিশোৰী = বালিকা

মৃত্যু = মৰণ