গ্রাহকৰ সজাগতা ,অধিকাৰ আৰু সুৰক্ষা । অধ্যায় ২০ / Chapter 20 | Class 8 Social Science Lesson 20 Question and Answer Assam | SCERT Class 8 S.Science Chapter 20 Solution | Assamese Medium Class 8 Social Science Chapter 20 Answer | অষ্টম মান শ্ৰেণীৰ সমাজ বিজ্ঞান অধ্যায় ২০ গ্রাহকৰ সজাগতা ,অধিকাৰ আৰু সুৰক্ষা পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

গ্রাহকৰ সজাগতা ,অধিকাৰ আৰু সুৰক্ষা

১) উত্তৰ লিখা-

ক) গ্ৰাহকৰ সজাগতাৰ আৱশ্যকতা আছেনে? তোমাৰ উত্তৰৰ সপক্ষে দুটা যুক্তি আগবঢ়োৱা ǀ

উত্তৰ- 

খ) গ্ৰাহকক শোষণ কৰাৰ কৌশল সমূহ কি কি ?

উত্তৰ- গ্ৰাহকক শোষণ কৰাৰ কৌশল সমূহ হ’ল- (ক) বস্তুৰ ওজন সঠিকভাৱে নকৰা । (খ) বস্তু বা সেৱা উপযুক্ত মানবিশিষ্ট নোহোৱা । (গ) ক্ৰয় কৰা বস্তু বা সেৱাৰ ৰচিদ নিদিয়া বা অশুদ্ধকৈ দিয়া । (ঘ) মানসূচক চিহ্নসমূহ নকল কৰা ।

গ) গ্ৰাহক হিচাপে তোমাৰ কৰ্তব্য কি ? বজাৰলৈ গৈ বস্তু ক্ৰয় কৰাৰ সময়ত কোনবিলাক কথা মনযোগ দিয়া উচিত

উত্তৰ- গ্ৰাহক হিচাপে আমাৰ কৰ্তব্য হ’ল- দোকানৰ পৰা কোনো বস্তু কিনা আগতে চালি-জাৰি চব লাগে । বজাৰলৈ গৈ বস্তু ক্ৰয় কৰাৰ সময়ত (ক) বস্তু বা সেৱা ক্ৰয় কৰোতে তাৰ গুণাগুণ, দাম, ওজন, বিশুদ্ধতা আদি সম্পৰ্কে নিশ্চিত হোৱা । (খ) যিকোনো বস্তু কিনাৰ পিছত বস্তুৰ বিৱৰণ আৰু মূল্য লিখা থকা ৰচিদ বিচৰা । (গ) দীৰ্ঘস্থায়ী সামগ্ৰীৰ ক্ষেত্ৰত বিক্ৰেতাৰ পৰা গেৰাণ্টি বা ৱাৰেণ্টি কাৰ্ড বিচৰা । (ঘ) পেকেটযুক্ত বস্তু কিনাৰ ক্ষেত্ৰত উৎপাদনৰ তাৰিখ, ম্যাদ উকলা তাৰিখ, MRP ( সৰ্বোচ্চ খুচুৰা মূল্য ) লক্ষ্য কৰা আদি ।

ঘ) গ্ৰাহকৰ অধিকাৰ মানে কি ? কেইটামান এনে অধিকাৰৰ বিষয়ে চমুকৈ আলোচনা কৰা ǀ

উত্তৰ- 

ঙ)চৰকাৰে গ্ৰাহকৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা ǀ

উত্তৰ-

২) চমু টোকা লিখা

ক) গ্ৰাহক সুৰক্ষা আইন খ) গ্ৰাহক সজাগতা গ) গ্ৰাহক প্ৰতাৰণা ঘ) গ্রাহকৰ অধিকাৰ

ঙ) গ্ৰাহক আদালত

উত্তৰঃ (ক) গ্ৰাহক সুৰক্ষ আইনঃ ১৯৮৫ চনতে ৰাষ্ট্ৰসংঘই গ্ৰাহকৰ সুৰক্ষাৰ বাবে কিছুমান নীতি-নিৰ্দেশনা নিৰ্ণয় কৰি দিছিল। এই নীতি-নিৰ্দেশনাৰ আধাৰত গ্ৰাহকৰ অধিকাৰসমূহ সুনিশ্চিত কৰাৰ বাবে ১৯৮৬ চনৰ ২৪ ডিচেম্বৰত ভাৰতীয় সংসদৰ যুটীয়া সদনে গ্ৰাহক সুৰক্ষা আইন গৃহীত কৰিছে। এই আইনৰ অধীনত গ্ৰাহকৰ স্বাৰ্থত তিনিটা পৰ্যায়ত গ্ৰাহক সুৰক্ষা সংস্থা গঠন কৰা হৈছে । সেইবোৰ হ’ল-

(ক) জিলা পৰ্যায়তঃ জিলা গ্ৰাহক সুৰক্ষা সংস্থা

(খ) ৰাজ্যিক পৰ্যায়তঃ ৰাজ্যিক গ্ৰাহক সুৰক্ষা সংস্থা

(গ) ৰাষ্ট্ৰীয় পৰ্যায়তঃ ৰাষ্ট্ৰীয় গ্ৰাহক সুৰক্ষা সংস্থা

অকল ভাৰতেই নহয় সম্প্ৰতি বিশ্বৰ ১০০ খনৰো অধিক ৰাষ্ট্ৰই গ্ৰাহকৰ সুৰক্ষাৰ বাবে আইন প্ৰণয়ন কৰিছে ।

(খ) গ্ৰাহক সজাগতাঃ গ্ৰাহক হিচাপে বস্তু বা সেৱা ক্ৰয় কৰাৰ সময়ত আমি কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগে, নহ’লে চকুৰ পচাৰতে বিক্ৰেতাই প্ৰতাৰণা কৰাৰ সুযোগ পায় । গ্ৰাহকে ল’বলগীয়া কেতবোৰ সাৱধানতাৰ বিষয়ে উল্লেখ কৰা হ’ল-

(ক) বস্তু বা সেৱা ক্ৰয় কৰোতে তাৰ গুণাগুণ, দাম, ওজন, বিশুদ্ধতা আদি সম্পৰ্কে নিশ্চিত হোৱা ।

(খ) বস্তুৰ ওজন বা জোখ লওতে জোখ-মাখৰ আহিলা ( যেনে দগা-পাল্লা, মিটাৰ কাঠি আদি ) সমূহ সঠিক আৰু বিজ্ঞানসন্মত হয় নে নহয় তাক পৰীক্ষা কৰি চোৱা ।

(গ) যিকোনো বস্তু কিনাৰ পিছত বস্তুৰ বিৱৰণ আৰু মূল্য লিখা থকা ৰচিদ বিচৰা ।

(ঘ) বিভিন্ন ক্ষেত্ৰৰ উৎপাদিত সামগ্ৰীসমূহৰ বাবে চৰকাৰে নিৰ্ণয় কৰা মানসূচক চিহ্নসমূহ যেনে এগমাৰ্ক, আই এছ আই মাৰ্ক, হলমাৰ্ক, এফ পি অ’ আদি চিহ্ন ক্ৰয় কৰা সামগ্ৰীত আছে নে নাই তাক পৰীক্ষা কৰি চোৱা ।

(ঙ) দীৰ্ঘস্থায়ী সামগ্ৰীৰ ক্ষেত্ৰত বিক্ৰেতাৰ পৰা গেৰাণ্টি বা ৱাৰেণ্টি কাৰ্ড বিচৰা

(চ) পেকেটযুক্ত বস্তু কিনাৰ ক্ষেত্ৰত উৎপাদনৰ তাৰিখ, ম্যাদ উকলা তাৰিখ, MRP ( সৰ্বোচ্চ খুচুৰা মূল্য ) লক্ষ্য কৰা আদি ।

(গ) গ্ৰাহক প্ৰতাৰণাঃ (ক) বস্তুৰ ওজন সঠিকভাৱে নকৰা ।

(খ) ভেজাল বস্তু বিক্ৰী কৰা ।

(গ) বস্তু বা সেৱা উপযুক্ত মানবিশিষ্ট নোহোৱা ।

(ঘ) ক্ৰয় কৰা বস্তু বা সেৱাৰ ৰচিদ নিদিয়া বা অশুদ্ধকৈ দিয়া ।

(ঙ) সামগ্ৰী প্ৰস্তুতকৰণৰ প্ৰকৃত তাৰিখ মচি পেলোৱা বা নকল তাৰিখ লগোৱা ।

(চ) প্ৰকৃত মূল্যৰ ওপৰত নকল মূল্যৰ লেবেল লগোৱা ।

(ছ) মানসূচক চিহ্নসমূহ নকল কৰা ।

(জ) নামী-দামী কোম্পানীৰ দ্বাৰা উৎপাদিত সামগ্ৰী হুবহু নকল কৰা ।

(ঞ) ডাকসেৱা, টেলিফোন বা ইণ্টাৰনেটযোগে অৰ্ডাৰ কৰা বস্তু সময়মতে আদায় নিদিয়া আদি ।

(ঘ) গ্ৰাহকৰ অধিকাৰঃ

(ক) যিকোনো বস্তু কিনোতে বস্তুৰ মূল্য, ওজন, বিশুদ্ধতা, গুণাগুণ আদিৰ বিচাৰ কৰিব পৰা ।

(খ) গ্ৰাহকৰ সুৰক্ষা সমিতি গঠন কৰা ।

(গ) গ্ৰাহকৰ অভাৱ-অভিযোগ আদি গ্ৰাহক সুৰক্ষা সমিতি বা গ্ৰাহক আদালতত দাখিল কৰা ।

(ঘ) প্ৰয়োজন সাপেক্ষে গ্ৰাহক সুৰক্ষা আইনৰ সহায় লোৱা ।

(ঙ) প্ৰতাৰণা কৰা বিক্ৰেতাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থৰ দাবী কৰা ।

(চ) গ্ৰাহক শিক্ষা লাভ কৰাৰ অধিকাৰ আদি ।

(ঙ) গ্ৰাহক আদালতঃ গ্ৰাহকৰ বিবাদ নিষ্পত্তিকৰণৰ বাবে ‘গ্ৰাহক বিবাদ নিষ্পত্তিকৰণৰ ফ’ৰাম‘ গঠন কৰা চৰকাৰৰ এক উল্লেখযোগ্য পদক্ষেপ । ইয়াক গ্ৰাহক আদালত বুলিও কোৱা হয় । ইয়াত সকলো শ্ৰেণীৰ গ্ৰাহকে উপযুক্ত তথ্য প্ৰমাণ দাখিল কৰি অভিযোগ

৩)শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা –

(ক) গ্ৰাহক সুৰক্ষা আইন কেৱল দোকানত ক্ৰয় কৰা বস্তুৰ ক্ষেত্ৰতহে প্রযোজ্য ।

উত্তৰ- অশুদ্ধ

(খ)গ্ৰাহকৰ সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতেই একমাত্র  ৰাষ্ট্ৰ  যিখনে আইন প্রণয়ন কৰিছে।

উত্তৰ-শুদ্ধ

(গ) শোষণৰ বলি হোৱা গ্রাহকে জিলা বিবাদ নিষ্পত্তিকৰণ ফ’ৰামত গোচৰ তৰিব লাগে।

উত্তৰ-শুদ্ধ

(ঘ) কেৱল মূল্যবান আৰু দামী বৰ ক্ষেত্ৰতহে গ্রাহক সুৰক্ষা আইন প্রযোজ্য।

উত্তৰ- অশুদ্ধ

(ঙ) কৃষিজাত সামগ্ৰীৰ মানবিশিষ্টতাৰ প্রমাণ হিচাপে হলমার্ক চিহ্ন ব্যৱহাৰ কৰা হয়।

উত্তৰ-অশুদ্ধ

(চ) বিক্রেতাৰ পৰা বস্তু বা সেৱাৰ ক্ষেত্ৰত লাভ কৰা প্ৰতাৰণাৰ ফলত হোৱা ক্ষতিৰ বাবে গ্ৰাহকে ক্ষতিপূৰণ পোৱাটো আইনগত অধিকাৰ ǀ

উত্তৰ-শুদ্ধ