চৰকাৰৰ প্ৰকাৰ আৰু শ্ৰেণীবিভাগ । অধ্যায় ২ ৰাজনীতি । Class 9 Social Science Political Lesson 2 Question and Answer | SEBA Class 9 Social Science (Political Science) Chapter 2 Solution | নৱম মান শ্ৰেণীৰ সমাজ বিজ্ঞান ৰাজনীতি চৰকাৰৰ প্ৰকাৰ আৰু শ্ৰেণীবিভাগ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

Lesson: 2

চৰকাৰৰ প্ৰকাৰ আৰু শ্ৰেণীবিভাগ

অতি চম উত্তৰৰ

১ । চৰকাৰৰ শ্ৰেণীবিভাজন কৰা প্ৰথমগৰাকী ৰাজনৈতিক দার্শনিক কোন ?

উত্তৰঃ চৰকাৰৰ শ্ৰেণীবিভাজন কৰা প্ৰথমগৰাকী ৰাজনৈতিক দাৰ্শনিকজন হ’ল- প্লেটো ।

২ । বর্তমান বিশ্বৰ আটাইতকৈ জনপ্রিয় চৰকাৰ কোনবিধ ?

উত্তৰঃ
বৰ্তমান বিশ্বৰ আটাইতকৈ জনপ্ৰিয় চৰকাৰ বিধ হ’ল- সংসদীয় চৰকাৰ ।

৩ । সংসদীয় পদ্ধতিৰ চৰকাৰ থকা ৰাষ্ট্র এখনৰ নাম লিখা ।

উত্তৰঃ
সংসদীয় পদ্ধতিৰ চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম হ’ল- ইংলেণ্ড ।                              

৪ । সংসদীয় পদ্ধতিৰ চৰকাৰৰ চৰকাৰ প্রধান আৰু ৰাষ্ট্রপ্রধান কোন ?

উত্তৰঃ
 ৰাষ্ট্ৰপতি ।

৫। ক্ষমতাৰ পৃথকীকৰণ নীতি কেনে প্রকাৰৰ চৰকাৰৰ থাকে ?

উত্তৰঃ

৬ । ৰাষ্ট্রপতীয় চৰকাৰ থকা এখন ৰাষ্ট্রৰ নাম লিখা ।

উত্তঃ 
ৰাষ্ট্ৰপতীয় চৰকাৰ থকা এখন ৰাষ্ট্ৰ হ’ল- আমেৰিকা যুক্তৰাষ্ট্ৰ

৭ । এককেন্দ্ৰীয় চৰকাৰ থকা ৰাষ্ট্র এখনৰ নাম লিখা ।

উত্তৰঃ
 ইটালী ।

৮ । যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত থকা দুবিধ চৰকাৰ কি কি ?

উত্তৰঃ
আমেৰিকা, ছুইজাৰলেণ্ড ।

৯। ছুইজাৰলেণ্ডত কোন পদ্ধতিৰ চৰকাৰ আছে

উত্তৰঃ
ছুইজাৰলেণ্ডত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ আছে ।

১০ । ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে ?

উত্তৰঃ  
ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই ।

চমু  উত্তৰৰ প্ৰশ্ন ঃ

১ । বর্তমান সময়ত প্রচলিত বিশ্বৰ বিভিন্ন প্ৰকাৰৰ চৰকাৰ কি কি ?

উত্তৰঃ 
বৰ্তমান সময়ত প্ৰচলিত বিশ্বৰ বিভিন্ন প্ৰকাৰৰ চৰকাৰ হ’ল- এককেন্দ্ৰীয়, যুক্তৰাষ্ট্ৰীয়, সংসদীয় আৰু ৰাষ্ট্ৰপতীয় ।

২ । সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা বৈশিষ্ট্য হ’ল-

(১) মন্ত্ৰীপৰিষদ বিধানমণ্ডলৰ ওচৰত দায়বদ্ধঃ সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকা সকলো কাম কৰাৰ বাবে বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ থাকে । বিধানমণ্ডলে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰিলে মন্ত্ৰীপৰিষদে পদত্যাগ কৰিবলৈ বাধ্য হয় ।

(২) মন্ত্ৰীপৰিষদৰ সামূহিক দায়বদ্ধতাঃ এই চৰকাৰত মন্ত্ৰীপৰিষদখন সামূহিকভাৱে বিধানমণ্ডলৰ ওপৰত দায়বদ্ধ হয়। মন্ত্ৰীপৰিষদৰ এজন সদস্যৰ ব্যৰ্থতাৰ বাবে সকলো সদস্য দায়বদ্ধ হয় ।

৩ । সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা দোষ আৰু দুটা গুণ চমুকৈ লিখা । .
উত্তৰঃ
সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা দোষ আৰু দুটা গুণ হ’ল-

দোষঃ (১) সংসদীয় পদ্ধতিৰ চৰকাৰত যদি কোনো এটা ৰাজনৈতিক দলেও বিধানমণ্ডলত সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিব নোৱাৰে, তেতিয়া মৰ্চা চৰকাৰ গঠিত হয় । মৰ্চা চৰকাৰ অস্থায়ী আৰু যিকোনো সময়তে ৰাজনৈতিক সংকট সৃষ্টি হ’ব পাৰে ।

(২) এই চৰকাৰত মন্ত্ৰীসকল বিভাগীয় কাম-কাজত প্ৰায়েই অনভিজ্ঞ হোৱাৰ বাবে বহু সময়ত আমোলাসকলৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় । ফলত চৰকাৰৰ কাম-কাজত আমোলাসকলৰ প্ৰভাৱ বেছি হয় আৰু চৰকাৰখনে আমোলাতান্ত্ৰিক চৰকাৰৰ ৰূপ লয় ।

৪ । ক্ষমতাৰ পৃথকীকৰণ নীতি মানে কি ? 

উত্তৰঃ

৫ । ৰাষ্ট্ৰপতীয় চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা । 

উত্তৰঃ ৰাষ্ট্ৰপতীয় চৰকাৰৰ দুটা বৈশিষ্ট্য হ’ল-

(১) ৰাষ্ট্ৰপ্ৰধানৰ নিৰ্দিষ্ট কাৰ্যকালঃ ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপতিজন এক নিৰ্দিষ্ট কাৰ্যকালৰ বাবে নিৰ্বাচিত হয় । সংবিধান অৱমাননাৰ দোষত তেওঁৰ বিৰুদ্ধে মহাভিযোগ প্ৰস্তাৱ গৃহীত হোৱাৰ বাহিৰে আন কোনো কাৰণত ৰাষ্ট্ৰপতিজনক মহাভিযোগ প্ৰস্তাৱৰ জৰিয়তে ক্ষমতাৰ পৰা নাযায় । এজন ৰাষ্ট্ৰপতিক মহাভিযোগ প্ৰস্তাৱৰ জৰিয়তে ক্ষমতাৰ পৰা আঁতৰ কৰা প্ৰক্ৰিয়া অতি জটিল ।

(২) বিধানমণ্ডলৰ নিৰ্দিষ্ট কাৰ্যকালঃ ৰাষ্ট্ৰপতীয় চৰকাৰত বিধানমণ্ডলৰ নিৰ্দিষ্ট কাৰ্যকাল শেষ হোৱাৰ আগতে কোনো কাৰণত ভংগ নহয় । ৰাষ্ট্ৰপতিয়ে বিধানমণ্ডল ভংগ কৰাৰ ক্ষমতা এই চৰকাৰত নাই ।

৬ । এককেন্দ্ৰীয় চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ চমুকৈ লিখা । 

উত্তৰঃ এককেন্দ্ৰীয় চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ হ’ল-

গুণঃ ১। এককেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশৰ বাবে একেধৰণৰ প্ৰশাসন ব্যৱস্থা প্ৰয়োগ আৰু কাৰ্যকৰী কৰাৰ বাবে প্ৰশাসন শক্তিশালী হয় । ইয়াত জটিলতা নাথাকে ।

২। যিহেতু কেন্দ্ৰীয় চৰকাৰেই সমগ্ৰ দেশৰ শাসন চলায় সেইবাবে যিকোনো ভূলৰ বাবে কেন্দ্ৰীয় চৰকাৰ দায়ী হয় । কেন্দ্ৰীয় চৰকাৰে স্থানীয় চৰকাৰক নিজৰ ভূলৰ বাবে জগৰীয়া কৰিব নোৱাৰে ।

দেষঃ ১। এখন মাত্ৰ চৰকাৰ থকা বাবে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত অধিক কামৰ বোজা পৰে । ফলত আঞ্চলিক সমস্যাসমূহে গুৰুত্ব নাপায় । যদিও স্থানীয় প্ৰশাসনিক গোট থাকে তথাপি এই গোটবিলাকে স্বতন্ত্ৰতাৰ অভাৱত সমস্যা সমাধানত ব্যৰ্থ হয় ।

২। এককেন্দ্ৰীয় চৰকাৰ স্বেচ্চাচাৰী হোৱাৰ আশংকা প্ৰৱল । যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ দৰে এনে চৰকাৰত কেন্দ্ৰ আৰু অংগ চৰকাৰৰ মাজত ক্ষমতাৰ বিতৰণ ব্যৱস্থা নথকাত এনে চৰকাৰে নিজ ইচ্ছাৰে শাসন চলায় ।

দীঘল উত্তৰৰ প্রশ্ন ঃ

১ । ৰাষ্ট্রপতীয় চৰকাৰৰ গুণ আৰু দোষসমূহ লিখা । 

উত্তৰঃ ৰাষ্ট্ৰপতীয় চৰকাৰৰ গুণ আৰু দোষসমূহ হ’ল-

গুণঃ (১) ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপতিজন এটা নিৰ্দিষ্ট কাৰ্যকালৰ বাবে নিৰ্বাচিত হোৱা বাবে আৰু সহজে তেওঁক পদবীৰ পৰা আঁতৰ কৰিব নোৱাৰাৰ বাবে চৰকাৰখন স্থায়ী হয় । ইয়াত বিধানমণ্ডলৰো নিৰ্দিষ্ট কাৰ্যকাল থাকে ।

(২) ক্ষমতাৰ পৃথকীকৰণ ব্যৱস্থাৰ বাবে চৰকাৰৰ তিনিওটা অংগই স্বাধীনভাৱে কাম কৰাৰ সুযোগ পায় । উল্লেখযোগ্য যে এই চৰকাৰত ‘অৱৰোধন আৰু সন্তুলন’ (Checks and balance) নীতি থকা বাবে চৰকাৰৰ কোনো অংগই স্বেচ্চাচাৰী হ’ব নোৱাৰে ।

(৩) এনে চৰকাৰ জৰুৰীকালীন অৱস্থাৰ বাবে অতি উপযোগী । যিহেতু চৰকাৰৰ প্ৰকৃত ক্ষমতা ৰাষ্ট্ৰপতিৰজনৰ ওচৰত কেন্দ্ৰীভূত সিদ্ধান্ত ক্ষিপ্ৰভাৱে লোৱাতো সহজ হয় ।

(৪) কাৰ্যপালিকা শক্তিশালী হোৱা বাবে এনে চৰকাৰে দেশৰ ঐক্য আৰু সংহতি সহজে ৰক্ষা কৰিব পাৰে ।

(৫) যুক্তৰাষ্ট্ৰীয় চৰকাৰ ৰাজনৈতিক দলৰ প্ৰভাৱৰ পৰা মুক্ত হোৱা বাবে ৰাষ্ট্ৰপতিজনে কাৰ্য্য সম্পাদন কৰাৰ ক্ষেত্ৰত সংসদৰ সংখ্যা গৰিষ্ঠতাৰ সমৰ্থনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে ।

দোষঃ (১) ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপতিজনক বিধানমণ্ডলে নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে চৰকাৰ স্বেচ্চাচাৰী হোৱাৰ আশংকা থাকে ।

(২) ক্ষমতাৰ পৃথকীকৰণ নীতিৰ বাবে ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সহযোগিতা নাথাকে । সামগ্ৰিকভাৱে ই দেশৰ প্ৰশাসনত বিৰূপ প্ৰভাৱ পেলায় ।

(৩) ৰাষ্ট্ৰপতীয় চৰকাৰৰ অন্যতম বৈশিষ্ট্য হৈছে ইয়াৰ অনমনীয় সংবিধান । সংবিধানখন অনমনীয় হ’লে পৰিৱৰ্তিত পৰিৱেশ আৰু পৰিস্থিতিত সংবিধানখন সংশোধন কৰাত জটিলতা আহে ।

(৪) ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডল ভিন্ন ৰাজনৈতিক দলৰ হ’লে ৰাজনৈতিক সংকট সৃষ্টিৰ সম্ভাৱনা অধিক ।

(৫) এই চৰকাৰত মন্ত্ৰীত্ব (ছেক্ৰেটাৰী/সচিব) লাভৰ ক্ষেত্ৰত ব্যক্তিগত আনুগত্যই যোগ্যতা আৰু অভিজ্ঞতাতকৈ অধিক গুৰুত্ব লাভ কৰাৰ সম্ভাৱনা থাকে ।

২ । সংসদীয় পদ্ধতিৰ চৰকাৰৰ বৈশিষ্ট্যসমূহ লিখা । 

উত্তৰঃ সংসদীয় পদ্ধতিৰ চৰকাৰৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’ল-

(১) দুজন মুৰব্বীঃ এই চৰকাৰৰ দুজন মুৰব্বীৰ ব্যৱস্থা আছে । এজন প্ৰকৃত কাৰ্যপালিকা আৰু আনজন নামমাত্ৰ কাৰ্যপালিকা । প্ৰধানমন্ত্ৰীৰ নেতৃত্বত মন্ত্ৰী পৰিষদখন হ’ল প্ৰকৃত কাৰ্যপালিকা আৰু ৰাষ্ট্ৰপ্ৰধানজন (ৰজা/ ৰাণী/ ৰাষ্ট্ৰপতি) নামমাত্ৰ কাৰ্যপালিকাহে । (২) কাৰ্যপালিকাৰ সদ্যসকল বিধানমণ্ডলৰো সদস্যঃ এই চৰকাৰত কাৰ্যপালিকা অৰ্থাৎ মন্ত্ৰীপৰিষদৰ সদস্যসকল বিধানমণ্ডলৰো সদস্য ।

(৩) বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ ওচৰ সম্বন্ধঃ সংসদীয় পদ্ধতিৰ চৰকাৰৰ বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ সম্পৰ্ক নিবিড় ।

(৪) মন্ত্ৰীপৰিষদ বিধানমণ্ডলৰ ওচৰত দায়বদ্ধঃ সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকা সকলো কাম কৰাৰ বাবে বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ থাকে । বিধানমণ্ডলে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰিলে মন্ত্ৰীপৰিষদে পদত্যাগ কৰিবলৈ বাধ্য হয় ।

(৫) মন্ত্ৰীপৰিষদৰ সামূহিক দায়বদ্ধতাঃ এই চৰকাৰত মন্ত্ৰীপৰিষদখন সামূহিকভাৱে বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ হয় । মন্ত্ৰীপৰিষদৰ এজন সদস্যৰ ব্যৰ্থতাৰ বাবে সকলো সদস্য দায়বদ্ধ হয় ।

৪ । এককেন্দ্রীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ লিখা । 

উত্তৰঃ এককেন্দ্ৰীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ হ’ল-

(১) শক্তিশালী কেন্দ্ৰীয় চৰকাৰঃ এনে চৰকাৰত সংবিধানে সকলো ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ ওপৰত ন্যস্ত কৰে । ফলত ইয়াত কেন্দ্ৰীয় চৰকাৰৰ স্থিতি অতি শক্তিশাশী ।

(২) লিখিত অথবা অলিখিত সংবিধানঃ এককেন্দ্ৰীয় চৰকাৰত সংবিধানখন লিখিত বা অলিখিত হ’ব পাৰে । উদাহৰণস্বৰূপে ইংলেণ্ডৰ সংবিধানখন অলিখিত আৰু নেদাৰলেণ্ড সংবিধানখন লিখিত ।

(৩) একক নাগৰিকত্বঃ একক নাগৰিকত্ব এককেন্দ্ৰীয় চৰকাৰৰ প্ৰধান বৈশিষ্ট্য । যুক্তৰাষ্টত থকাৰ দৰে দ্বি-নাগৰিকত্বৰ ব্যৱস্থা ইয়াত নাই ।

(৪) দুৰ্বল ন্যায়পালিকাঃ এককেন্দ্ৰীয় চৰকাৰত আইন সভাৰ প্ৰাধান্য পৰিলক্ষিত হয় । আইন সভাই প্ৰস্তুত কৰা আইন সমগ্ৰ দেশৰ বাবে প্ৰযোজ্য হয় আৰু তেনে আইনৰ ওপৰত ন্যায়িক পুনৰীক্ষাৰ ব্যৱস্থা নাথাকে । আইন সভাই প্ৰণয়ন কৰা আইনক ন্যায়পালিকাই অসাংবিধানিক বুলি ঘোষণা কৰিব নোৱাৰে ।

(৫) নমনীয় সংবিধানঃ এককেন্দ্ৰীয় চৰকাৰৰ সংবিধান সাধাৰণতে নমনীয় হয় । কেন্দ্ৰীয় চৰকাৰে নিজৰ প্ৰয়োজনত সংবিধানখন সংশোধন কৰিব পাৰে ।

৫ । এককেন্দ্রীয় চৰকাৰ প্ৰকৃততে গণতান্ত্রিকনে ? সমালােচনা আগবঢ়োৱা ।

উত্তৰঃ