ভাৰতৰ ৰাজনৈতিক দল । Lesson 1 Political Science | Class 9 Social Science Political Science Lesson 1 Question and Answer Assam | SEBA Class 9 Social Science Political Lesson 1 Solution | নৱম মান শ্ৰেণীৰ সমাজ বিজ্ঞান ৰাজনীতি অধ্যায় ১ ভাৰতৰ ৰাজনৈতিক দল পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

ভাৰতৰ ৰাজনৈতিক দল

অতি চমু পশ্নঃ

১.  একদলীয় শাসন ব্য়ৱস্থাৰ থকা এখন দেশৰ নাম লিখা।
উত্তৰঃ একদলীয় শাসন ব্যৱস্থাৰ থকা এখন দেশৰ নাম হ’ল- চীন ।

২. আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্য়ৱস্থাটো কি ?
উত্তৰঃ
আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো হ’ল- দ্বিদলীয় ব্যৱস্থা ।

৩.  ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য় লিখা ।
উত্তৰঃ
ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য হ’ল- (ক) ক্ষমতা দখলৰ বাবে আকাংক্ষা, (খ) জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান ।

৪.  ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য উল্লেখ কৰা ।
উত্তৰঃ
 

৫. অসমৰ এটা আঞ্চলিক  দলৰ নাম লিখা ।
উত্তৰঃ
অসম গণ পৰিষদ ।

৬. ঝাৰখন্দৰ মুখ্য় আঞ্চলিক দলটো কি ?
উত্তৰঃ
ঝাৰখণ্ড ।

৭. ইউ পি এ (UPA) ৰ সম্পূৰ্ণ অথ লিখা । 
উত্তৰঃ
 ইউ পি এ (UPA) ৰ সম্পূৰ্ণ অৰ্থ হ’ল- United Progressive Alliance .

৮.  ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল কোনটো  ?
উত্তৰঃ
ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দলটো হ’ল- ভাৰতীয় জাতীয় কংগ্ৰেছ দল ।

৯. কাৰ নেতৃত্বত ‘দি ইণ্ডিয়ান এছ’চিয়েচন গঠন হৈছিল ?
উত্তৰঃ 
১৮৭৬ চনত এছ. এন. বেনাৰ্জীৰ নেতৃত্বত ‘দি ইণ্ডিয়ান এছ’চিয়েচন গঠন হৈছিল ।

১০.  ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল ?
উত্তৰঃ 
ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি উমেশ চন্দ্ৰ বেনাৰ্জী আছিল ।

চমু উত্তৰৰ প্ৰশ্নঃ
১. ভাৰতবৰ্ষৰ দলীয় ব্য়ৱস্থাটোৰ প্ৰধান বৈশিষ্ট্য় কি ?
উত্তৰঃ

২.গণতান্তিক ৰাষ্ট্ৰ এখনৰ বাবে কি দলীয় ব্য়বস্থা বিশেষভাবে উপযোগী ?
উত্তৰঃ 

৩. ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য় চাৰিটা উল্লেখ কৰা ।
উত্তৰঃ ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য চাৰিটা হ’ল-

(ক) সংগঠন,

(খ) নীতি-আদৰ্শ আৰু আঁচনি,

(গ) ক্ষমতা দখলৰ বাবে আকাংক্ষা,

(ঘ) জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান ।

4. পাচঁটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা।
উত্তৰঃ পাচঁটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম হ’ল-

(১) আকালি দল (পাঞ্জাৱ),

(২) তেলেগু দেশম (অন্ধ্ৰপ্ৰদেশ),

(৩) অসম গণ পৰিষদ (অসম),

(৪) শিৱসেনা (মহাৰাষ্ট্ৰ),

(৫) নাগালেণ্ড পিপুল্চ কনফাৰেঞ্চ (নাগাৰেণ্ড) ।

5.মৰ্চা চৰকাৰ বুলিলে কি বুজা ?
উত্তৰঃ যেতিয়া কোনো এটা বিশেষ ৰাজনৈতিক দলে একক সংখ্যা গৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰি চৰকাৰ গঠন কৰিবলৈ অপাৰগ হয় তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে । এনে চৰকাৰকে মৰ্চা চৰকাৰ বোলা হয় ।

দীঘল উত্তৰৰঃ

১.সংযুক্ত চৰকাৰ বুলিলে কি বুজা ? সংযুক্ত চৰকাৰ কি পৰিস্থিতিত গঠিত হয়?

উত্তৰঃ যেতিয়া কোনো এটা বিশেষ ৰাজনৈতিক দলে একক সংখ্যা গৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰি চৰকাৰ গঠন কৰিবলৈ অপাৰগ হয় তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে । এনে চৰকাৰকে মৰ্চা চৰকাৰ বা সংযুক্ত চৰকাৰ বোলা হয় ।

যেতিয়া কোনো ৰাজনীতি দলে একক সংখ্যা গৰিষ্ঠা লাভ নকৰে তেতিয়া সংযুক্ত চৰকাৰ গঠন হয় ।

২. সংযুক্ত অথবা মচা  চৰকাৰ দুটা গুণ আৰু দুটা দোষ আলোচনা কৰা?

উত্তৰঃ সংযুক্ত অথবা মৰ্চা চৰকাৰ দুটা গুণ আৰু দুটা দোষ হ’ল-

দোষঃ ১। ক্ষণস্থায়ী অথবা অস্থিৰঃ মৰ্চা চৰকাৰৰ আটাইতকৈ ডাঙৰ দোষটো হৈছে ইয়াৰ অস্থিৰতা । মৰ্চাত অংশ গ্ৰহণ কৰা দলসমূহৰ নিজা স্বাৰ্থত আঘাত পৰিলে তেনে দলে যিকোনো সময়তে সমৰ্থন উঠাই লোৱাৰ সম্ভাৱনা থকে । ফলত কাৰ্যকালে সম্পূৰ্ণ হোৱাৰ আগেয়ে এনে চৰকাৰৰ পতন ঘটে ।

২। ব্যয়বহুলঃ মৰ্চা চৰকাৰ বহু ক্ষেত্ৰত ব্যয়বহু হয় । বিশেষকৈ সকলো অংশীদাৰ দলক মন্ত্ৰী সভাত স্থান দিয়াৰ স্বাৰ্থত প্ৰয়োজনহীনভাৱে মন্ত্ৰীসভাৰ কলেৱৰ বৃদ্ধি কৰিবলগীয়া হয় আৰু যিয়ে ৰাজহুৱা ধনৰ অপচয় ঘটায় ।

গুণঃ ১। পৰিস্থিতি আৰু সময় সাপেক্ষঃ মৰ্চা চৰকাৰ পৰিস্থিতি আৰু সময় সাপেক্ষ । পৰিৱৰ্তিত ৰাজনৈতিক পৰিৱেশ আৰু পৰিস্থিতিত মৰ্চা চৰকাৰ গঠন ভাৰতবৰ্ষৰ দৰে বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত সুস্থিৰতা বজাই ৰখাৰ ক্ষেত্ৰত অতীব প্ৰয়োজন ।

২। ৰাজহুৱা ধনৰ অপব্যৱহাৰ হ্ৰাসঃ এটা নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পিছত চৰকাৰ গঠনত জটিলতা আহিলে দেশে আকৌ এটা নিৰ্বাচনৰ সন্মুখীন হোৱাৰ পৰা মৰ্চা চৰকাৰ গঠনে দেশক ৰক্ষা কৰে । এইদৰে মৰ্চা চৰকাৰ গঠনৰ প্ৰক্ৰিয়াই ৰাজহুৱা ধনৰ অপব্যয় ৰোধ কৰে ।

৩. গণতন্তত বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা আলোচনা কৰা ।

উত্তৰঃ (১) জনসাধাৰণৰ আৰু দেশৰ স্বাৰ্থক সুৰক্ষা দিয়াত আৰু সংবিধানৰ পবিত্ৰতা ৰক্ষা কৰাত বিৰোধী দলে অতন্দ্ৰ প্ৰহৰীৰ দৰে কাম কৰিব লাগে ।

(২) শাসনত থকা দলটোৱে যাতে জাতীয় স্বাৰ্থৰ বিপৰীতে গৈ কোনো কাৰ্য্য কৰিব নোৱাৰে তাৰ প্ৰতি চকু ৰখা ।

(৩) চৰকাৰৰ আঁচনি আৰু পৰিকল্পনাবিলাক পৰ্য্যবেক্ষণ কৰি প্ৰয়োজন হ’লে চৰকাৰক সংসদৰ মজিয়াত সমালোচনা কৰা ।

(৪) জনসাধাৰণৰ অভাৱ-অভিযোগ, আশা-আকাংক্ষাক সংসদৰ মজিয়াত দাঙি ধৰা ।

(৫) প্ৰয়োজন সাপেক্ষে বিকল্প চৰকাৰ গঠনৰ বাবে সাজু থকা ।

(৬) জনমত গঠন কৰা ।

(৭) চৰকাৰ আৰু জনসাধাৰণৰ মাজত থকা পাৰ্থক্য দূৰ কৰা ।

(৮) জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা ।

(৯) জনমতৰ প্ৰতি চৰকাৰক সজাগ, দায়বদ্ধ আৰু জবাবদিহী কৰা ।

(১০) চৰকাৰে যাতে স্বেচ্চাচাৰীভাৱে শাসন চলাব নোৱাৰে সেইক্ষেত্ৰত চোকা নজৰ ৰখা ।

(১১) প্ৰয়োজন সাপেক্ষে উচিত দিহা পৰামৰ্শ আৰু গঠনমূলক সমালোচনাৰে চৰকাৰৰ কাম-কাজক গতিশীলতা প্ৰদান কৰা ।

৪. আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণ কেইটা আলোচনা কৰা ।

উত্তৰঃ আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণ কেইটা হ’ল-

(ক) সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ বৈষম্যমূলক নীতি,

(খ) দেশখনৰ বিভিন্ন ভাষিক আৰু ধৰ্মীয় গোষ্ঠীৰ মাজত থকা ভিন্নতা,

(গ) সংখ্যালঘুসকলৰ মাজত থকা নিৰাপত্তাহীনতাৰ ভাৱ,

(ঘ) কেন্দ্ৰীয় চৰকাৰৰ অধিক কেন্দ্ৰীকৰণৰ প্ৰৱণতা আৰু ৰাজ্যিক সম্পদসমূহৰ ওপৰত অধিক কৰ্তৃত্ব লাভৰ প্ৰচেষ্টা,

(ঙ) সকলো ৰাজ্যৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সমদৃষ্টিৰ অভাৱ,

(চ) ৰাষ্ট্ৰীয় দলৰ বা কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক নেতাৰ দুৰ্বলতা আদি ।

৫. গণতান্তিক ৰাষ্ট্ৰত ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা সম্পকে লিখা ।

উত্তৰঃ

৬. ৰাজনৈতিক দলৰ বৈশিষ্ট্য় আৰু কাযাৱলী উল্লেখ কৰা ।

উত্তৰঃ ৰাজনৈতিক দলৰ বৈশিষ্ট্য হ’ল-

(ক) সংগঠন,

(খ)নীতি-আদৰ্শ আৰু আঁচনি,

(গ) ক্ষমতা দখলৰ বাবে আকাংক্ষা,

(ঘ) জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান,

(ঙ) জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে শিক্ষিত কৰা,

(চ) জনগণৰ মনত ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা,

(ছ) জনমত গঠন কৰা,

(জ) জনমতক সু-সংগঠিত ৰূপ দিয়া ।

৭) সংযুক্ত চৰকাৰ ব্যৱস্থাটোয়ে বৰ্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ কাৰণ কেইটা আলোচনা কৰা।

উত্তৰঃ সংযুক্ত চৰকাৰ ব্যৱস্থাটোয়ে বৰ্তমান সময়ত বিশেষ গুৰুত্ব কৰাৰ কাৰণ কেইটা হ’ল-

(১) ৰাজনৈতিক দলৰ সংখ্যা বৃদ্ধি,

(২) একক ৰাজনৈতিক দলৰ প্ৰাধান্য হ্ৰাস,

(৩) এটা নিৰ্বাচনত কোটি টকা খৰচ হোৱাৰ পিছত যদি চৰকাৰ গঠনত জটিলতা আহে তেন্তে পুনৰ নিৰ্বাচন পাতি চৰকাৰী ধনৰ অপব্যয় হ’বলৈ নিদিয়াৰ চেষ্টাত মৰ্চা চৰকাৰ গঠন হয় ।

(৪) চৰকাৰত আঞ্চলিক প্ৰতিনিধিত্বৰ বিষয়টোৱেও মৰ্চা চৰকাৰ গঠনত গুৰুত্ব পায় ।