পৰিকল্পনা, বাজেট আৰু উন্নয়ন । অধ্যায় ১৯ । Class 7 Social Science Lesson 19 Question and Answer Assam | SCERT Class 8 S.Science Chapter 19 Solution | সপ্তম মান শ্ৰেণীৰ সমাজ বিজ্ঞান অধ্যায় ১৯ পৰিকল্পনা, বাজেট আৰু উন্নয়ন পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

পৰিকল্পনা, বাজেট আৰু উন্নয়ন

১। চমু উত্তৰ লিখা— 

(ক) সঞ্চয়ৰ অর্থ কি? 

উত্তৰঃ কোনো এটা বস্ত ক্ৰয় কৰাৰ পিছত ৰাহি অংশ জমা কৰাকে সঞ্চয় বোলে।

(খ) পৰিকল্পনা কাক বােলে?

উত্তৰঃ কোনো এটা কাম কৰিবলৈ যিখিনি কামৰ কামৰ চিন্তা আগতীয়া কৈ কৰা হয়, সেয়াই হৈছে পৰিকল্পনা।

(গ) বাজেট মানে কি?

উত্তৰঃ পৰিকল্পনা মতে কাম কৰিবলৈ কিমান অৰ্থ বা চকা-পইচাৰ প্ৰয়েজন হ’ব, সেই অৰ্থ ক’ৰ পৰা পাব, কেনেকৈ খৰচ কৰিব আদিৰ হিচাপ যিদৰে কৰা হয় সেয়াই হৈছে বাজেট ।

(ঘ) কল্যাণমূলক কাম কাক বােলে? 

উত্তৰঃ যিবোৰ কাম কৰিলে দেশৰ জনসাধাৰণৰ সুবিধা হয় আৰু ৰাইজৰ মংগল হয়। সেইবোৰ কামক কল্যানমূলক কাম বোলে।

(ঙ) কোনবোৰ ব্যক্তিক মানৱ সম্পদ বুলি কোৱা হয়? 

উত্তৰঃ কাৰ্যক্ষম ব্যক্তিক মানৱ সম্পদ বোলি কোৱা হয়। যিহেতু সিহঁতে নিজৰ লগতে আনৰো উপকাৰ সাধন কৰে।

২। উত্তৰ লিখা—

(ক) কোনাে এখন দেশৰ পৰিকল্পনাত কোনবােৰ কামক গুৰুত্ব দিয়া হয়? কামবােৰ কৰিবলৈ চৰকাৰে কেনেদৰে, অর্থ আহৰণ কৰে?

উত্তৰঃ

(খ) পাঠত উল্লেখ কৰাৰ উপৰি চৰকাৰে আৰু কি কি ক্ষেত্ৰত ৰাহি ধন খৰচ কৰে? (শিক্ষকৰ সহায়ত লিখা)

উত্তৰঃ  

৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা—
(ক) নীতি আয়ােগৰ অধ্যক্ষ

(i) ৰাষ্ট্রপতি          (ii) বিত্তমন্ত্রী     (iii) প্রধানমন্ত্রী    (iv) গৃ হমন্ত্রী ।  

উত্তৰঃ (iii) প্রধানমন্ত্রী।

(খ) পঞ্চবার্ষিক পৰিকল্পনাৰ কাৰ্যকাল— 

(i) ৪ বছৰ      (ii) ৬ বছৰ     (iii) ৮ বছৰ     (iv) ৫ বছৰ 

উত্তৰঃ (iv) ৫ বছৰ।

(গ) পৰিকল্পনাৰ কাম-কাজ ৰূপায়ণৰ বাবে চৰকাৰক প্রয়ােজন হয়-

(i) কৃষি      ( ii ) উদ্যোগ     (iii) অর্থ      (iv) বাণিজ্য  

উত্তৰঃ (iii) অর্থ

(ঘ) চৰকাৰৰ উপাৰ্জনৰ ৰাহি অংশ জমা হয়—

(i) বেংকত (ii) প্রধানমন্ত্রীৰ হাতত (iii) ৰাজকোষত ( iv ) বিত্তমন্ত্রীৰ হাতত।

উত্তৰঃ (iii) ৰাজকোষত।

(ঙ) বিনিয়ােগ মানে- 

(i) দূর্গতসকলক দিয়া সাহায্য         (ii) বিদেশলৈ পঠোৱা সাহায্য   (iii) অধিক উৎপাদনৰ বাবে কৰা ব্যয়   (iv) বানপীড়িতৰ বাবে কৰা ব্যয়।

উত্তৰঃ(iii) অধিক উৎপাদনৰ বাবে কৰা ব্যয়।

৪। খালী ঠাই পূৰ কৰা-

(ক) পৰিয়ালটো সুখে সন্তোষে থাকিবলৈ হ’লে পৰিয়ালৰ আটাইৰে  সদিচ্ছাবােৰক গুৰুত্ৱদিব লাগে।

(খ) অৰুণিমা এগৰাকী মৃতব্যয়ী মহিলা।

(গ) প্ৰতিটো পৰিয়ালৰে মাহিলী কৰিবলগীয়া কামৰ এক নির্দিষ্ট বাজেট থাকে।

(ঘ) চৰকাৰী পৰিকল্পনামতে কাম কৰিবলৈ। চৰকাৰী বাজেট প্রস্তুত কৰি লােৱা হয় ।

(ঙ) দেশৰ উপাৰ্জনৰ এটা বুজন অংশ কৃষি ,উদ্যোগসেৱাৰ পৰা সংগ্রহ হয়।

Jyotish kakati