ভক্ত প্ৰহ্লাদ । Class 8 Assamese Lesson 5 Question and Answer | SCERT Class 8 Assamese Chapter 5 Solution | অষ্টম মান শ্ৰেণীৰ অসমীয়া অধ্যায় ৫ ভক্ত প্ৰহ্লাদ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

পাঠ – ৫

ভক্ত প্ৰহ্লাদ

১/ উত্তৰ দিয়া –
ক) ‘ভক্ত প্ৰহ্লাদ’ নাটিকাখনৰ মুখ্য চৰিত্ৰকেইটাৰ নাম লিখা।

উত্তৰ – ‘ভক্ত প্ৰহ্লাদ’ নাটিকাখনৰ মূখ্য চৰিত্ৰকেইটাৰ নাম হ’ল-

হৰি ( ত্ৰিজগতৰ ত্ৰাণকৰ্তা, ভক্তবৃন্দৰ উপাস্য দেৱতা )

হিৰণ্যকশিপুৰ (দৈত্যৰাজ, হৰিৰ চিৰবৈৰী )

প্ৰহ্লাদ ( হিৰণ্যকশিপুৰ পুত্ৰ, ভগৱানৰ একান্ত ভক্ত )

ষণ্ডামৰ্ক ( দৈত্য-গুৰু )

মহাৰাণী ( হিৰণ্যকশিপুৰ পত্নী, দৈত্যৰাণী )

খ) নাটিকাখনি কেইটা দৃশ্যত বিভক্ত?

উত্তৰ– নাটিকাখনি পাঁচ টা দৃশ্যত বিভক্ত ।

গ) প্ৰহ্লাদৰ পিতৃৰ নাম কি?

উত্তৰ- প্ৰহ্লাদৰ পিতৃৰ নাম হিৰণ্যকশিপু ।

ঘ) হিৰণ্যকশিপুৰ ভাতৃৰ নাম কি আছিল?

উত্তৰ– হিৰণ্যকশিপুৰ ভাতৃৰ নাম হিৰণ্যাক্ষ ।

ঙ) হৰিৰ প্ৰতি প্ৰহ্লাদৰ কেনেকুৱা ভক্তি আছিল?

উত্তৰ-হৰিৰ প্ৰতি প্ৰহ্লাদৰ একান্ত ভক্তি আছিল।

চ) প্ৰহ্লাদক অসুৰৰ শাস্ত্ৰজ্ঞান দিবলৈ কাক নিযুক্তি দিয়া হৈছিল?

উত্তৰ – প্ৰহ্লাদক অসুৰৰ শাস্ত্ৰজ্ঞান দিবলৈ ষণ্ডামৰ্ক নিযুক্তি দিয়া হৈছিল ।

ছ) ত্ৰিজগতৰ প্ৰতি বুলি প্ৰহ্লাদে কাক কৈছিল?

উত্তৰ– ত্ৰিজগতৰ প্ৰতি বুলি প্ৰহ্লাদে হৰিক কৈছিল ।

জ) স্ফটিক স্তম্ভটোৰ পৰা ওলাই অহা আধা মানুহ আধা সিংহটোৰ নাম কি আছিল?

উত্তৰ– স্ফটিক স্তম্ভটোৰ পৰা ওলাই অহা আধা মানুহ আধা সিংহটোৰ নাম হ’ল- নৰসিংহ, যি বিষ্ণুৰ অন্য ৰূপ বা অৱতাৰ ।

ঝ) অসুৰৰ শাস্ত্ৰখনৰ নাম কি?

উত্তৰ– অসুৰৰ শাস্ত্ৰখনৰ নাম হ’ল বামানয় শাস্ত্ৰজ্ঞান ।

২/ ক) কি ভাৱত তন্ময় হৈ আছা প্ৰহ্লাদ? তোমাৰ কাষত আহি মই ৰৈছোহি, তুমি গমেই পোৱা নাইনে?

— এই কথাষাৰ প্ৰহ্লাদক কোনে কৈছিল? সেই সময়ত প্ৰহ্লাদ কি ভাৱত তন্ময় হৈ আছিল?

উত্তৰ– এই কথাষাৰ প্ৰহ্লাদৰ জেষ্ঠ ভাতৃয়ে প্ৰহ্লাদক কৈছিল। সেই সময়ত প্ৰহ্লাদ এই সুন্দৰ প্ৰকৃতিৰ সৃষ্টিকৰ্তা হৰিৰ মপিমাৰ ভাবত তন্ময় হৈ আছিল।

খ) স্ফটিক স্তম্ভ ভাঙি ওলাই আহি প্ৰভু নৰসিংহ ই কি কৰিছিল? তেওঁৰ গৰ্জনত দৈত্যাসুৰৰ কেনেকুৱা অৱস্থা হৈছিল?

উত্তৰ– স্ফটিক স্তম্ভ ভাঙি ওলাই আহি প্ৰভু নৰসিংহই হিৰণ্যকশিপুক সামান্য এক পতংগৰ দৰে বধ কৰি উৰুত বহুৱাই নখেৰে বিদাৰি বধ কৰি পেলালে।

তেওঁৰ গজনত সকলো দৈত্যই ভয়ত কম্পমান হৈছিল।

গ) প্ৰহ্লাদে হৰি ভক্তিৰ মহিমাৰ বিষয়ে দেখুওৱা যুক্তিবোৰ একাদিক্ৰমে লিখা।

উত্তৰ– প্ৰহ্লাদে হৰিক ত্ৰিজগতৰ পতি, সৃষ্টিকৰ্তা, পালনকৰ্তা আৰু ত্ৰাৰ্নকৰ্তা বুলি কৈছে। তেওঁ কৈছে যে- ” ৰাখে হৰি মাৰে কোনে ” অৰ্থাৎ হৰিয়ে ৰক্ষা কৰিলে আন কোনেও মাৰিব নোৱাৰে। হৰি হ’ল সকলোৰে প্ৰভু। এই ধৰীত্ৰীৰ আকাশ, বতাহ, বায়ু, পানী, মাটি সকলোৰে পিতা হৰি সুপ্ত হৈ আছে। হৰি নোহোৱা ঠাই নাইয়ে।

ঘ) বামানয় শাস্ত্ৰজ্ঞান লʼবলৈ প্ৰহ্লাদে কিয় আপত্তি কৰিছিল?

উত্তৰ– বামানয় শাস্ত্ৰজ্ঞান ল’বলৈ প্ৰহ্লাদে আপত্তি কৰাৰ কাৰণ হ’ল এই বামানয় শাস্ত্ৰ হৰি ভক্তিৰ বিৰুদ্ধ। পৰমপিতাৰ শ্ৰী চৰণত শৰণ লৈছিল।

গ) হৰিক দৈত্যসৱৰ চিৰবৈৰী  বুলি হিৰণ্যকশিপুয়ে কিয় কৈছিল?

উত্তৰ- হৰিক দৈত্যবংশৰ চিৰবৈৰী বুলি হিৰণ্যকশিপুয়ে কৈছিল কাৰণ কিয়নো হৰিয়ে হিৰম্যকশিপুৰ ভায়েক হিৰণাক্ষ্যক দাঁতেৰে খুচি হত্যা কৰিছিল।

ঘ) পিতৃক ক্ষমা কৰি দিবলৈ প্ৰহ্লাদে নৰসিংহৰূপী হৰিক কি বুলি কাকূতি কৰিছিল?

উত্তৰ-পিতৃক ক্ষমা কৰি দিবলৈ প্ৰহ্লাদে নৰসিংহৰূপী হৰিক এই বুলি কাকূতি কৰিছিল যে- ” হে হৰি আমাৰ সকলোকে শুভ বুদ্ধি দি আপুনি আমাক ক্ষমা কৰক। পিতৃৰ দোষ মাৰ্জনা কৰক।”

ঙ) ষণ্ডামৰ্ক  ই প্ৰহ্লাদক বামানয় শাস্ত্ৰজ্ঞান দিবলৈ কি কি বুজনি দিছিল?

উত্তৰ-ষণ্ডামক ই প্ৰহ্লাদক বামানয় শাস্ত্ৰজ্ঞান দিবলৈ এইদৰে বুজনি দিছিল যে – ৰাজকুমাৰ প্ৰহ্লাদৰ কণ্ঠত হৰি নামে শুভা নাপায়। প্ৰহ্লাদ হ’ল দৈত্য বংশৰ পুত্ৰ।হৰিৰ নাম লোৱাতো প্ৰহ্লাদৰ বাবে উচিত হোৱা নাই। সেয়েহে ষণ্ডামৰ্কে প্ৰহ্লাদক বামানয় শাস্ত্ৰজ্ঞান ল’বলৈ বুজনি দিছিল।

চ) প্ৰহ্লাদে গুৰুদ্বয়ৰ বুজনি কিয় মানি লোৱা নাছিল?

উত্তৰ– প্ৰহ্লাদে গুৰুদ্বয়ৰ বুজনি মানি লোৱা নাছিল কিয়নো বামানয় শাস্ত্ৰ হৰি ভক্তিৰ বিৰূদ্ধ আছিল আৰু প্ৰহ্লাদে পৰমপিতাৰ শ্ৰী চৰণত শৰণ লৈছিল।

প্ৰশ্ন-৪/ বাখ্যা কৰা- ‘ ভাৰতীয় ভক্তিধাৰাৰ ঐতিয্যত প্ৰহ্লাদৰ কাহিনী হʼল এক গৌৰৱময় সংযোজন।’

উত্তৰ– ভাৰতীয় ভক্তি সাহিত্যৰ ইতিহাসত প্ৰহ্লাদ এক উল্লেখযোগ্য নাম। নিজ পিতৃৰ কঠোৰ বাধা নিষেধক যুক্তিৰে আওকান কৰি প্ৰহ্লাদে সবৰ্দা আৰু ন্যায়ৰ সপক্ষে থিয় দি পৰমাজনাৰ মহাত্ম্য শ্ৰৱণ কীৰ্তন কৰিছিল। শাৰীৰক আৰু মানসিক নিৰ্যাতন হেলাৰঙে মূৰপাতি লোৱা প্ৰহ্লাদ হ’ল নিষ্ঠাৰ প্ৰতীক আৰু বিনয়ৰ প্ৰতিমূৰ্তি। শুদ্ধ আৰু চিৰন্তন সত্যৰ মূল্যবোধত বিশ্বাসী প্ৰহ্লাদে দেউতাকৰ অন্যায়, আদেশ নম্ৰভাৱে প্ৰত্যাখ্যান কৰি আত্মবিশ্বাসৰ পথত অনগ্ৰসৰ হৈছিল। ভাৰথীয ভক্তিৰ ধাৰা ঐতিয্যত প্ৰহ্লাদৰ কাহিনী হ’ল এক গৌৰৱময় সংযোজন।