ভাৰতবৰ্ষলৈ  ইউৰোপীয়সকলৰ আগমন । অধ্যায় ১ / Lesson 1 / | Class 9 Social Science History Lesson 1 Question and Answer Assam | SEBA Class 9 Social Science History Chapter 1 Solution | নৱম মান শ্ৰেণীৰ সমাজ বিজ্ঞান ইতিহাস অধ্যায় ১ ভাৰতবৰ্ষলৈ  ইউৰোপীয়সকলৰ আগমন পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

Lesson: 1

ভাৰতবৰ্ষলৈ  ইউৰোপীয়সকলৰ আগমন

অতি চমু /চমু উত্তৰৰ প্ৰশ্ন:

১.  ভাৰত আৰু পাশ্চাত্য়ৰ মাজত সাগৰিয় পথ আবিষ্কাৰ কৰা প্ৰথম পতুগীজ নাৱিকজন কোন ? তেওঁ কেতিয়া আৰু ভাৰতৰ কত পোন প্ৰথমে উপস্থিত হৈছিল ?

উত্তৰঃ ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাৱিকজন হল ভাস্ক’-ডা-গামা। তেওঁ ১৪৯৮ খ্ৰীষ্টাব্দত ভাৰতৰ কালিকট বন্দৰত উপস্থিত হৈছিল।

বা

পতুৰ্গীজ নাৱিকজন হল ভাস্কো ডা গাামা। তেওঁ ১৪৯৫ খ্ৰীষ্টাব্দত ভাৰতৰ কলিকট বন্দৰত উপস্থিত হৈছিল।

২. জলপথেৰে পৃথিৱী প্ৰদক্ষিন কৰিবলৈ সক্ষম হোৱা  ইংৰাজ নাৱিকজন কোন আছিল ?

উত্তৰঃ জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাৱিকজনৰ নাম হ’ল ফ্ৰান্সিছ ড্ৰেক।

বা

ইংৰাজ নাৱিকজন হ’ল ফ্ৰন্সিছ ড্ৰেক।

৩. ভাৰত ভূমিত পোন  প্ৰথমে কোন ইংৰাজ নাৱিকে অনুমতিপত্ৰ লৈ কেতিয়া প্ৰৱেশ কৰিছিল  ?

উত্তৰঃ ভাৰত ভূমিত পোন প্ৰথমে জন মিলডেন হল নামৰ ইংৰাজ নাৱিক জনে অনুমতিপত্ৰ লৈ ১৫৯৯ খ্ৰীষ্টাব্দত প্ৰৱেশ কৰিছিল। 

বা 

১৫৯৯ ফ্ৰীষ্টাব্দত ইংৰাজ নাৱিক জেমছ মিলডেল হলে প্ৰৱেশ কৰিছিল।

৪. ইংলিছ  ইষ্ট ইণ্ডিয়া কোম্পানিৰ কেতিয়া কত গঠন হৈছিল  ?

উত্তৰঃ  ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানি ১৬০০ খ্ৰীষ্টাব্দত লণ্ডনত গঠন কৰিছিল।

৫. ইষ্ট ইণ্ডিয়া কোম্পানিৰ ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য় লিখা  ?

উত্তৰঃ ইষ্ট ইণ্ডিয়া কোম্পানিৰ ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য আছিলঃ

ক) বেহা-বেপাৰ কৰা।

খ) ইংৰাজ শাসন প্ৰতিষ্ঠা কৰা।

বা

বেহা-বেপাৰ কৰা আৰু ইংৰাজ শাসন প্ৰতিষ্ঠা কৰা।

৬. ইংৰাজৰ প্ৰথম বাণিজ্য় কেন্দ্ৰটো ভাৰতৰ কত কেতিয়া হৈছিল ?

উত্তৰঃ ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ মছলিপট্টমত ১৬১১ খ্ৰীষ্টাব্দত স্থাপন কৰা হৈছিল।

বা

মছলিপট্টমত ১৬১১ খ্ৰীষ্টাব্দত স্থাপন কৰা হৈছিল।

৭. ফট উইলিয়াম কি ?

উত্তৰঃ ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানাৰ্থে কলিকতা বাণিজ্য কেন্দ্ৰটোৰ নাম  `ফৰ্ট উইলিয়াম’ ৰখা হৈছিল।

বা

কলিকতা বাণিজ্য কেন্দ্ৰটোৰ নাম ‘ফৰ্ট উইলিয়াম’।

৮. পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক কোন দুটা মূল ভাগত ভগাব পাৰি সময় উল্লেখ কৰি লিখা । 

উত্তৰঃ পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক দুটা ভাগত ভাগ কৰিব পাৰিঃ  

ক) প্ৰথমটো হৈছে মোগল সাম্ৰাজ্যৰ পতনৰ পৰা আৰম্ভ কৰি ১৮৫৭ খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহলৈকে।

খ) দ্বিতীয়টো হৈছে ১৮৫৮ খ্ৰীষ্টাব্দৰ পৰা ১৯৪৭ খ্ৰীষ্টাব্দত ভাৰতীয়ৰ হাতত ক্ষমতা হস্তান্তৰলৈকে।

বা

দুটা ভাগত ভাগ কৰিব পাৰিঃ

ক) প্ৰথমটো হৈছে মোগল সাম্রাজ্যৰ পতনৰ  পৰা আৰম্ভ কৰি ১৮৫৭ গধ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহলৈকে।

৯. ভাৰত চৰকাৰ আইন কোনে কেতিয়া কি উদ্দেশ্য়ত প্ৰণয়ন কৰিছিল  ? 

উত্তৰঃ ব্ৰিটিছ সংসদে ১৮৫৮ খ্ৰীষ্টাব্দৰ ২ আগষ্ট তাৰিখে `’ভাৰত চৰকাৰ আইন’ প্ৰণয়ন কৰিছিল। এই আইনে ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিছিল।

বা

ব্ৰিটিছ সংসদে ১৮৫৮ খ্ৰীষ্টাব্দৰ ২ আগষ্ট তাৰিখে  ইংলেণ্ডৰ চৰকাৰক পোনপতীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতাউদ্দেশ্যত ভাৰত চৰকাৰ আইন’ প্ৰণয়ন কৰিছিল।

১০ ভাৰতীয় পৰিষদ আইন কেতিয়া আৰু কি উদ্দেশ্য় প্ৰণয়ন কৰা হৈছিল ?

উত্তৰঃ ১৮৬১ খ্ৰীষ্টাব্দত ব্ৰিটিছ সংসদে `ভাৰতীয় পৰিষদ আইন’  প্ৰণয়ন কৰিছিল। এই আইনখনৰ উদ্দেশ্য আছিল আধুনিক প্ৰশাসন ব্যৱস্থাটোৰ সৈতে শিক্ষিত ভাৰতীয়ক চিনাকি কৰি দিয়া।

বা

১৮৬১ খ্ৰীষ্টাব্দত ব্ৰিটিছ সংসদে ‘ভাৰতীয় পৰিষদ আইন’ প্ৰণয়ন কৰিছিল। আধুনিক প্ৰশাসন ব্যৱস্থাটোৰ সৈতে শিক্ষিত ভাৰতীয়ক চিনাকি কৰি দিয়া এই আইনখনৰ উদ্দেশ্য আছিল।

চমু  /দীঘল উত্তৰৰ প্ৰশ্ন:
১. ইংৰাজে ভাৰতৰ লগত বাণিজ্য় চুক্তি কৰিবলৈ কৰা প্ৰচেষ্টা কেতিয়া সম্পূণ হৈছিল, তাৰ পদক্ষেপসমূহ সংক্ষেপে লিখা । 

উত্তৰঃ ১৬০৮ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্ৰথম জেমচে ভাৰতৰ সৈতে বেহা বেপাৰ কৰাৰ উদ্দেশ্যে কেপ্টেইন উইলিয়াম হকিন্স নামৰ এজন ব্ৰিটিছ সদাগৰৰ যোগেদি মোগল সম্ৰাট জাহাংগীৰলৈ এখন আবেদন পত্ৰ প্ৰেৰণ কৰিছিল। হকিন্সে তাপ্তী নদীৰ মোহনাৰে চুৰাট বন্দৰত উপস্থিত হৈছিল। 

কেপ্টেইন হকিন্সে প্ৰায় দুই বছৰকাল মোগল সাম্ৰাজ্যত থাকি সম্ৰাটৰ পৰা বেহা বেপাৰৰ কিছু সা – সুবিধা আদায়ৰ চেষ্টা চলাইছিল। কেপ্টেইন হকিন্সে আগবঢ়োৱা বাণিজ্য চুক্তিৰ আবেদন সম্ৰাট জাহাংগীৰে নামঞ্জুৰ কৰিছিল। ১৬১৫ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্ৰথম জেমছে ছাৰ টমাচ ৰ’ নামৰ আন এজন ইংৰাজক পুনৰ জাহাংগীৰৰ ওচৰলৈ প্ৰেৰণ কৰিছিল। টমাচ ৰ’ৱে কোনোধৰণৰ বাণিজ্যিক চুক্তি কৰিব পৰা নাছিল যদিও সম্ৰাট জাহাংগীৰে ইংৰাজ সদাগৰসকলক চুৰাটত বাণিজ্যিক কুঠি স্থাপনৰ অনুমতি প্ৰদান কৰিছিল।

১৭১৫ খ্ৰীষ্টাব্দত জন ছাৰমানৰ নেতৃত্বত ইংৰাজ লোকৰ এটা সঁজাতী দলে মোগল সম্ৰাট ফাৰুখছিয়াৰক সাক্ষাৎ কৰি পুনৰ বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ আগবঢ়াইছিল। সেই সময়ত সম্ৰাট ফাৰুখছিয়াৰ কঠিন ৰোগত ভুগি আছিল। ৰোগাক্ৰান্ত সম্ৰাট ফাৰুখছিয়াৰক সঁজাতী দলটোৰ চিকিৎসক ডাঃ হেমিলটনে চিকিৎসা আগবঢ়াই তেওঁৰ ব্যাধি নিৰাময় কৰিছিল। সঁজাতী দলটোৰ প্ৰতি সম্ৰাটে সদয়ৰ ভাব দেখুৱাইছিল। এই সুযোগতে সম্ৰাটৰ পৰা ইংৰাজ সদাগৰসকলে তিনিখন ফৰমান আদায় কৰে আৰু ইষ্ট ইণ্ডিয়া কোম্পানিয়ে সমগ্ৰ ভাৰতবৰ্ষত নিৰ্বিঘ্ন বেহা-বেপাৰ কৰাৰ ৰাজকীয় অনুমতি লাভ কৰে। ইয়াৰ লগতে ভাৰতৰ মাটিত কোম্পানিয়ে নিজৰ ভৱিষ্যৎ সুদৃঢ় কৰাৰ ফালে অগ্ৰসৰ হৈছিল।

২. ইষ্ট ইণ্ডিয়া কোম্পানিয়ে কেনেকৈ ভাৰতৰ তিনিটা মূল স্থানত বাণিজ্য় কেন্দ্ৰ স্থাপন কৰিছিল তাৰ তিনিতা মূল কৌশল সম্পকে লিখা । 

উত্তৰঃ ১৬১১ খ্ৰীষ্টাব্দত গোলকুণ্ডা ৰাজ্যৰ চুলতানৰ পৰা অনুমতি লৈ কোম্পানিয়ে মছলিপট্টমত এটা বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল। ১৬৩৬ খ্ৰীষ্টাব্দত কোম্পানিয়ে আৰমাগাঁৱত দ্বিতীয়টো বাণিজ্য কেন্দ্ৰ মুকলি কৰিছিল। ১৬৩৯ খ্ৰীষ্টাব্দত চন্দ্ৰগিৰিৰ ৰজাৰ লগত চুক্তি কৰি মাদ্ৰাজৰ কাষৰীয়া ঠাই এটুকুৰালৈ আৰমাগাঁৱৰ বাণিজ্য কেন্দ্ৰটো তুলি নি এই কেন্দ্ৰটোৰ নতুন নাম দিয়া হৈছিল ফৰ্ট ছেন্ট জৰ্জ।

 ১৬৯০ খ্ৰীষ্টাব্দত জন চাৰ্ণক নামৰ কোম্পানিৰ এজন বিষয়াই বংগৰ নবাবৰ লগত কৰা এখন চুক্তিৰ যোগেদি বছৰি বাৰশ টকাৰ খাজনাৰ বিনিময়ত কালী ঘাট (কলিকতা), সুতানুটি, আৰু গোবিন্দপুৰ নামৰ তিনিখন গাঁৱৰ জমিদাৰী স্বত্ত্ব কােম্পানিয়ে লাভ কৰি ইয়াত এটা বাণিজ্য কেন্দ্ৰ আৰম্ভ কৰিছিল।

ইষ্ট ইণ্ডিয়া কোম্পানিৰ সাধাৰণ কৰ্মচাৰী ৰবাৰ্ট ক্লাইৱে ভাৰতত ঔপনিৱেশিক সাম্ৰাজ্য গঢ়ি তোলাৰ কূটনৈতিক কলা – কৌশল অতি কম দিনৰ ভিতৰতে আয়ত্ত কৰিবলৈ সক্ষম হৈছিল। ক্লাইৱে নিজৰ কােম্পানিৰ স্বাৰ্থত আনবোৰ বিদেশী ইউৰোপীয়ান কোম্পানিক ভাৰতৰ পৰা বহিষ্কাৰ কৰাৰ আঁচনি লৈছিল। তেওঁ যুদ্ধ নতুবা মিত্ৰতাৰ পাশেৰে দেশীয় ৰজাসকলক কোম্পানিৰ ফলীয়া কৰিবলৈ প্ৰচেষ্টা চলাইছিল। বংগৰ নবাব, হায়দৰাবাদৰ নিজাম, আৱাধৰ নবাব, ৰাজপুতনাৰ  ৰজা আদিয়ে কোম্পানিৰ সৈতে মিত্ৰতা কৰি প্ৰত্যেকেই নিজৰ নিজৰ কৰ্তৃত্ব বিসৰ্জন দিব লগা হৈছিল।

৩. ভাৰতত ব্ৰিটিছ সাম্ৰাজ্য়বাদ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তোলা ইষ্ট ইণ্ডিয়া কোম্পানিয়ে আটাইতকৈ উল্লেখযোগ্য় ব্য়ক্তিজন কোন ? তেওঁ কি কি কৌশলেৰে ব্ৰিটিছ সাম্ৰাজ্য়ৰ লাইখুঁটা স্থাপন কৰিছিল চাৰিটা যুক্তিৰে লিখা

উত্তৰঃ ৰবাৰ্ট ক্লাইবে ১৭৫৭ খ্ৰীষ্টাব্দত পলাচীৰ যুদ্ধত বংগ, বিহাৰ আৰু উৰিষ্যাৰ নবাব চিৰাজ উদদৌল্লাক পৰাস্ত কৰি ভাৰতত ব্ৰিটিছ  সাম্ৰাজ্যত লাইখুঁটা স্থাপন কৰে।

তেওঁ কি কি কৌশলেৰে ব্ৰিটিছ সাম্ৰাজ্য়ৰ লাইখুঁটা স্থাপন কৰিছিল তলত চাৰিটা যুক্তিৰ দিয়া হ’লঃ

ক) ৰবাৰ্ট ক্লাইবে নিজৰ কোম্পানিৰ স্বাৰ্থত আনবোৰ বিদেশী ইউৰোপীয়ান কোম্পানিক ভাৰতৰ পৰা বহিষ্কাৰ কৰাৰ আঁচনি লৈছিল।

খ) তেওঁ যুদ্ধ নতুবা মিত্ৰতাৰ পাশেৰে দেশীয় ৰজাসকলক কোম্পানিৰ ফলীয়া কৰিবলৈ প্ৰচেষ্টা চলাইছিল । 

গ) বংগৰ নবাব, হায়দৰাবাদৰ নিজাম, আৱাধৰ নবাব, ৰাজপুতনাৰ ৰজা আদিয়ে কোম্পানিৰ সৈতে মিত্ৰতা কৰি প্ৰত্যেকেই নিজৰ নিজৰ কৰ্তৃত্ব বিৰ্সজন দিব লগা হৈছিল ।

ঘ) ব্ৰিটিছ ৰাজশক্তিয়ে ভাৰতবৰ্ষত ইংৰাজ শাসন সু-সংবদ্ধ কৰি ৰখাৰ স্বাৰ্থত স্থায়ী চৰকাৰ গঠন কৰি কিছুমান জনকল্যাণমূলক ব্যৱস্থা হাতত লৈছিল । 

৪. চিপাহী বিদ্ৰোহ সৃষ্টিৰ কাৰণবোৰ লিখা ।

উত্তৰঃ চিপাহী বিদ্ৰোহ সৃষ্টিৰ চাৰিটা কাৰণ তলত উল্লেখ কৰা হ’লঃ

১) ৰাজকীয় শ্ৰেণী আৰু জনগণৰ অশান্তিয়ে বিদ্ৰোহৰ পৰিৱেশ সৃষ্টি কৰিছিল।

২) ১৮৩৫ খ্ৰীষ্টাব্দত কোম্পানিৰ মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ নামটো আঁতৰাই দিয়া হৈছিল।

৩) একে সময়তে ৰাজকীয় পাৰ্চী ভাষাক উচ্ছেদ কৰি শাসনযন্ত্ৰত ইংৰাজী ভাষা প্ৰচলন কৰাৰ প্ৰতিক্ৰিয়া হিচাপে ভাৰতীয়ৰ মনত অশান্তি-অসন্তুষ্টিৰ পৰিমাণ বাঢ়ি গৈছিল।

৪) লৰ্ড ডেলহাউছীৰ প্ৰতিক্ৰিয়াশীল শাসনে সকলো ধৰ্মাৱলম্বী ভাৰতীয়ৰ মনত অশান্তিৰ পৰিমাণ দুগুণ বঢ়াই তুলিছিল।

ওপৰত উল্লেখিত কাৰণবোৰৰ ফলস্বৰূপে বিখ্যাত চিপাহী বিদ্ৰোহৰ সূচনা হৈছিল।

৫. চিপাহী বিদ্ৰোহ চাৰিটা  উল্লেখযোগ্য় ফলাফল উল্লখ কৰা ।

উত্তৰঃ  ১) চিপাহী বিদ্ৰোহৰ ভয়ানক হেন্দোলনিয়ে ইংলেণ্ডবাসীৰ মনত ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানিৰ প্ৰতি তীব্ৰ বিতৃষ্ণাৰ ভাব সৃষ্টি কৰিছিল। বিদ্ৰোহৰ মাজেদি প্ৰকট হৈ উঠা ভাৰতীয়ৰ ক্ষোভ, যন্ত্ৰণা, বিদেশী শাসকৰ বিৰুদ্ধে ভাৰতীয়ৰ মনত গঢ়ি উঠা গভীৰ আস্থাহীনতাৰ মনোভাব আৰু আক্ৰমণ-প্ৰতি আক্ৰমণৰ ঘটনাই সৃষ্টি কৰা ভয়ানক হত্যাকাণ্ডই ইংলেণ্ডবাসীক চিন্তিত কৰি তুলিছিল। ভৱিষ্যতে এনে ভয়ানক পৰিস্থিতিৰ যাতে পুনৰ উদগীৰণ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাটোৰ ওপৰত একাণপতীয়াকৈ মনোযোগ দিবলৈ বাধ্য হৈছিল। 

২) ব্ৰিটিছ সংসদে ১৮৫৮ খ্ৰীষ্টাব্দৰ ২ আগষ্ট তাৰিখে `ভাৰত চৰকাৰ আইন’ প্ৰণয়ন কৰিছিল। এই আইনে ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন কৰা ক্ষমতা দিছিল।

৩) সামাজিক পৰিবৰ্তন স্বৰূপে ভাৰতীয় সমাজত সমান্তযুগীয় সহবিৰতা আঁতৰি আধুনিক পাশ্চাত্য শিক্ষাৰ প্ৰতি ভাৰতীয় সকল আকৰ্ষিত হৈছিল।

৪) চিপাহী বিদ্ৰোহৰ পিছত, ব্ৰিটিছ চৰকাৰৰ প্ৰত্যক্ষ শাসনে ভাৰতীয়ৰ মনত ক্ৰমান্বয়ে একতাৰ ভাব জগাই তুলিছিল।

৬. ভাৰত চৰকাৰ আইনৰ জৰিয়তে হোৱা চাৰিটা প্ৰশাসনীয় পৰিৱতন উল্লেখ কৰা । 

উত্তৰঃ ১) ভাৰত শাসনৰ সকলো দায়িত্ব ইংলেণ্ড চৰকাৰৰ হাতত ন্যস্ত কৰাৰ ফলস্বৰূপে কোম্পানিৰ আমোলত ভাৰতৰ সৈতে জড়িত হৈ থকা নিয়ন্ত্ৰণ পৰিষদ আৰু সঞ্চালক সভাৰ কৰ্তৃত্বৰ অৱসান ঘটাইছিল।

২) নতুন আইন অনুসৰি ভাৰত শাসন সম্বন্ধীয় সকলো দায়িত্ব আৰু ক্ষমতা ব্ৰিটিছ মন্ত্ৰীসভাৰ এজন সদস্যৰ হাতত অৰ্পন কৰা হয়। ভাৰত শাসনৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হোৱা মন্ত্ৰীজনক `ভাৰত সচিব’ বোলা হয়।

৩) ‘ভাৰত চৰকাৰ আইন’ অনুসৰি ভাৰতবৰ্ষৰ সৰ্বোচ্চ শাসনকৰ্তা হিচাপে গৱৰ্ণৰ জেনেৰেল থাকিল যদিও তেওঁক ভাইচৰয় অৰ্থাৎ ৰাজপ্ৰতিনিধিৰ খিতাপ প্ৰদান কৰা হয়।

৪) এই আইনে ভাইচৰয় আৰু প্ৰাদেশিক মুৰব্বী (গৱৰ্ণৰ) জনক নিযুক্তি দিয়াৰ ক্ষমতা ইংৰাজ চৰকাৰৰ হাতত ন্যস্ত কৰাৰ লগতে কোম্পানিৰ সামৰিক বাহিনীক ব্ৰিটিছ চৰকাৰৰ তলতীয়া কৰিছিল।

৭. লড কেনিঙৰ দুটা প্ৰধান সংষ্কাৰৰ বিষয় লিখা । 

উত্তৰঃ লৰ্ড কেনিঙৰ দুটা প্ৰধান সংষ্কাৰৰ বিষয়ে তলত দিয়া হ’ল-

 ১) লৰ্ড কেনিঙে  শিক্ষা ব্যৱস্থাটোৰ উন্নতিৰ বাবে `উডৰ শিক্ষা সংস্কাৰ আঁচনি’ খন ভাৰতত প্ৰৱৰ্তন কৰি প্ৰত্যেক প্ৰদেশতে এজন সচিবৰ তলত শিক্ষা বিভাগ এটা মুকলি কৰিছিল।

২) পৰীক্ষামূলকভাৱে বাৰ্ষিক পাঁচশ টকা বা ততোধিক উপাৰ্জন কৰা লোকৰ ওপৰত আয়কৰ বহুৱাইছিল।

৮. ভাৰতীয় পৰিষদ আইনৰ দুটা গুণ আৰু দুটা দোষ লিখা ।

উত্তৰঃ ভাৰতীয় পৰিষদ আইনৰ দুটা গুণঃ

 ১) ভাৰতবৰ্ষৰ আধুনিক প্ৰশাসনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে দেশীয় প্ৰতিনিধিৰ অন্তৰ্ভুক্তিৰ শুভাৰম্ভ ১৮৬১ খ্ৰীষ্টাব্দৰ ভাৰতীয় পৰিষদ আইনৰ যোগেদি হৈছিল।

 ২) এই আইনে ভাইচৰয়ক তেওঁৰ কেন্দ্ৰীয় বিধানমণ্ডলৰ সদস্যৰ সংখ্যা সৰ্বনিম্ন ছয়জনৰ পৰা সৰ্বাধিক বাৰজন পৰ্যন্ত মনোনীত কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিছিল।

ভাৰতীয় পৰিষদ আইনৰ দুটা দোষঃ

১) এই আইনে নৱগঠিত প্ৰাদেশিক বিধান পৰিষদসমূহক নিজাকৈ কিছু আইনী ক্ষমতা দিছিল যদিও প্ৰকৃতপক্ষে এই ক্ষমতা আছিল কেৱল নামমাত্ৰহে।

২) গৱৰ্ণৰ জেনেৰেলৰ হাতত নিজাকৈ অধ্যাদেশ জাৰি কৰিব পৰা ক্ষমতা দিয়া হৈছিল। তেওঁ পৰিষদৰ সৈতে কোনো সম্পৰ্ক নকৰাকৈ যিকোনো ধৰণৰ ক্ষমতা প্ৰয়োগ কৰিব পাৰিছিল।

৯. ইংৰাজৰ সময়ত স্থানীয় স্বায়ত্ত শাসনৰ জৰিয়তে  হোৱা পৰিৱতনসমূহ আলোচনা কৰা ।

উত্তৰঃ ১৮৭০ খ্ৰীষ্টাব্দৰ ১৪ ডিচেম্বৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱা বিত্তীয় বিকেন্দ্ৰীকৰণৰ প্ৰস্তাৱৰ যোগেদি শিক্ষা, স্বাস্থ্য, পঞ্জীয়ন, জেল, পুলিচ আদি বিভাগৰ দায়িত্ব প্ৰদেশ বিলাকক দিয়া হৈছিল। লৰ্ড ৰিপণে স্থানীয় প্ৰশাসন ব্যৱস্থাত এনে এক পৰিৱৰ্তনৰ পোষকতা কৰিছিল য’ত প্ৰশাসনীয় দক্ষতা বৃদ্ধিৰ লগতে স্থানীয় শাসনক ৰাজনৈতিক শিক্ষাৰ এক মাধ্যম হিচাপেও গ্ৰহণ কৰাৰ সুবিধা থাকে। ভাৰতীয়ৰ মাজত শিক্ষা বিস্তাৰ আৰু ভাৰতীয়ক আধুনিক প্ৰশাসনৰ লগত চিনাকি কৰি দিয়াৰ লগতে সমাজৰ বুদ্ধিমান ব্যক্তিসকলক তেওঁলোকৰ প্ৰাথমিক কাম বিলাক তেওঁলোকৰ হতুৱাই সম্পন্ন কৰাৰ ওপৰত গুৰুত্ব দিছিল।

লৰ্ড ৰিপনে ১৮৮২ খ্ৰীষ্টাব্দত ঐতিহাসিক প্ৰস্তাৱ মৰ্মে প্ৰত্যেকটো মহকুমাত একোখনকৈ লোকেল ব’ৰ্ড গঠন কৰে।

লৰ্ড ৰিপনে স্বায়ত্ত শাসনৰ প্ৰস্তাৱসমূহ সমগ্ৰ ভাৰতবৰ্ষতে কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছিল। তেওঁৰ এই নিৰ্দেশসমূহ প্ৰদেশসমূহৰ মুখ্য শাসনকৰ্তাসকলে দুই ধৰণেৰে কাৰ্যকৰী কৰিছিল। কিছুমান প্ৰদেশত জিলা পৰ্যায়ত আৰু কিছুমান প্ৰদেশত মহকুমা পৰ্যায়ত লোকেল ব’ৰ্ডসমূহ গঠন কৰিছিল। উল্লেখ্য যে অসমত মহকুমা পৰ্যায়ত লোকেল ব’ৰ্ডসমূহ গঠন হৈছিল।

গ্ৰামাঞ্চলৰ দৰে নগৰাঞ্চলসমূহো স্থানীয় স্বায়ত্ত শাসনৰ তলতীয়া হৈছিল। ১৮৮২ খ্ৰীষ্টাব্দৰ স্থানীয় স্বায়ত্ত শাসনৰ প্ৰস্তাৱ মৰ্মে নগৰীয়া এলেকাসমূহত নগৰপালিকা আৰু পৌৰসভা গঠন হৈছিল। ১৮৮৫ খ্ৰীষ্টাব্দৰ স্বায়ত্ত শাসন আইনখনে জিলা উপায়ুক্তসকলকহে লোকেল ব’ৰ্ডৰ সভাপতিত্ব কৰাৰ ক্ষমতা দিছিল।

১০. অসামৰিক সেৱাত কেনেকৈ ভাৰতীয়সকল অন্তভুত হৈছিল ? এই সেৱাৰ বিকাশ সম্পকে আলোচনা কৰা ।

উত্তৰঃ ১৮৩৩ খ্ৰীষ্টাব্দৰ চনদে ভাৰতীয় লোকক শাসনৰ উচ্চ পদবিত মকৰল কৰাৰ ক্ষেত্ৰত সন্মতি জনাইছিল। আইনখনে ভাৰতীয়ক লোকসেৱাৰ পদবিত নিযুক্তিৰ ক্ষেত্ৰত অৰ্হতা নিৰ্ধাৰণৰ ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিছিল। ১৮৩৩ খ্ৰীষ্টাব্দত ডেপুটি মেজিষ্ট্ৰেট আৰু ১৮৪৩ খ্ৰীষ্টাব্দত ডেপুটি কালেক্টৰ নামৰ দুটা পদবিৰ সৃষ্টি কৰি দুয়োটা পদবিৰ বাবে ভাৰতীয় ব্যক্তি উপযুক্ত হ’ব বুলি জানিবলৈ দিছিল।

১৮৫৩ খ্ৰীষ্টাব্দৰ চনদে লোকসেৱাৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশ দিছিল। ভাৰতীয় লোককো এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে অনুমতি দিছিল। এই পৰীক্ষা ইংলেণ্ডত অনুষ্ঠিত হোৱা বাবে অতি সামান্যসংখ্যক ভাৰতীয়ইহে ইয়াত অৱতীৰ্ণ হ’ব পাৰিছিল।

১৮৬৫ খ্ৰীষ্টাব্দলৈকে লোকসেৱা পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সৰ্বোচ্চ বয়সৰ সীমা আছিল ২২ বছৰ। কিন্তু ১৮৬৬ খ্ৰীষ্টাব্দত এই সৰ্বোচ্চ বয়সৰ সীমা ২১ বছৰ কৰা হৈছিল। ইয়াৰ ফলস্বৰূপে অতি কমসংখ্যক ভাৰতীয়ইহে এই পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিছিল।

ভাইচৰয় লৰ্ড লিটনৰ কাৰ্যকালত ভাৰতীয় লোকসেৱাৰ পৰীক্ষাৰ্থীৰ বয়স ২১ বছৰৰ পৰা ১৯ বছৰলৈ হ্ৰাস কৰিছিল। লোকসেৱা পৰীক্ষাৰ্থীৰ বয়সৰ সীমা সমন্ধে ভাৰতীয়ৰ মতামত জনাবলৈ সুৰেন্দ্ৰ নাম বন্দোপাধ্যায়ে লালমোহন ঘোষ নামৰ এজন আইনবিদক ইংলেণ্ডলৈ পঠাইছিল। ইংলেণ্ডৰ চৰকাৰে ঘোষৰ যুক্তি মানি লৈ ভাৰতীয় লোকসেৱাত পৰীক্ষাৰ্থীৰ বয়স পুনৰ ২২ বছৰ কৰিবলৈ বাধ্য হৈছিল।

লৰ্ড লিটনৰ কাৰ্যকালত ব্ৰিটিছ চৰকাৰে ভাৰতীয় লোকসেৱা সম্বন্ধীয় এখন বিধি তৈয়াৰ কৰিছিল। এই বিধি অনুসৰি যি এক ষষ্ঠাংশ লোকসেৱাৰ পদবি অংগীকাৰবদ্ধ ইংৰাজ ব্যক্তিৰ কাৰণে সংৰক্ষিত আছিল সেই পদবিসমূহ স্থানীয় চৰকাৰৰ মনোনীত ভাৰতীয় লোকৰ দ্বাৰা পূৰণ কৰাৰ ব্যৱস্থা কৰা হৈছিল।

মণ্টেগু – চেমচফোৰ্ড প্ৰতিবেদনে ইংলেণ্ড আৰু ভাৰতত একেলগে লোকসেৱাৰ পৰীক্ষা অনুষ্ঠিত কৰাটো চৰকাৰৰ এটা ঘোষিত নীতি বুলি প্ৰকাশ কৰিছিল।

মণ্টেগু – চেমচফোৰ্ড প্ৰতিবেদন আৰু ১৯১৯ খ্ৰীষ্টাব্দৰ ভাৰত চৰকাৰ আইনৰ নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ ১৯২৩ খ্ৰীষ্টাব্দত ব্ৰিটিছ চৰকাৰে লী আয়োগ গঠন কৰিছিল। লী আয়োগে তাৎক্ষণিকভাৱে ভাৰতবৰ্ষত লোকসেৱা আয়োগ গঠনৰ প্ৰস্তাৱ আগবঢ়াইছিল আৰু ১৫ টা বছৰৰ ভিতৰত লোকসেৱাৰ পদবিত ভাৰতীয় লোকৰ নিযুক্তিৰ পৰিমাণ ৫০ শতাংশলৈ বৃদ্ধি কৰিবলৈ উপদেশ দিছিল।

১১. ব্ৰিটিছ অধীন ভাৰত আৰু স্বাধীন ভাৰতৰ অসামৰিক লোকসেৱা সম্পকে তিনিটা পাথক্য় উল্লেখ কৰা।

উত্তৰঃ ব্ৰিটিছ অধীন ভাৰত আৰু স্বাধীন ভাৰতৰ অসামৰিক লোকসেৱা সম্পেৰ্কে তিনিটা পাৰ্থক্য তলত উল্লেখ কৰা হ’ল-

১) ব্ৰিটিছ অধীন ভাৰতত লোকসেৱা পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সৰ্বোচ্চ বয়সৰ সীমা আছিল ২২ বছৰ। কিন্তু স্বাধীন ভাৰতত পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সৰ্বনিম্ন বয়সৰ সীমা ২১ বছৰ।

২) ভাৰত স্বাধীন হোৱাৰ আগত অৰ্হতাৰ ভিত্তিত লোকসেৱাত নিয়োগৰ পদ্ধতি আছিল।

ভাৰত স্বাধীন হোৱাৰ পিছত সৰ্বভাৰতীয় পৰ্যায়ত মুকলি প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হ’ল।

৩) ভাৰত স্বাধীন হোৱাৰ পূৰ্বে ইয়াত কোনো লোকসেৱা আয়োগ গঠন কৰা হোৱা নাছিল আৰু ভাৰতীয় মানুহে ইংলেণ্ডলৈ গৈ লোকসেৱা পৰীক্ষাত অৱতীৰ্ণ হৈছিল>

কিন্তু ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত সৰ্বভাৰতীয় লোকসেৱা আয়োগ আৰু প্ৰাদেশিক পৰ্যায়ত ৰাজ্যিক লোকসেৱা আয়োগ গঠন কৰা হ’ল ফলস্বৰূপে ভাৰতীয় মানুহে ভাৰতত থাকি লোকসেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিছে।

Answer Type – Boby Bora