প্ৰাচীন নগৰীয় সভ্যতা । অধ্যায় ১২ । Class 6 Social Science Lesson 12 Question and Answer Assam | SCERT Class 6 S.Science Chapter 12 Solution | ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞান অধ্যায় ১২ প্ৰাচীন নগৰীয় সভ্যতা পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

প্ৰাচীন নগৰীয় সভ্যতা 

(১) উত্তৰ লিখা-

(ক) কি কি নদীৰ পাৰত প্ৰাচীন সভ্যতা গঢ় লৈ উঠিছিল?

উত্তৰঃ সিন্ধু নদীৰ পাৰত সিন্ধু উপত্যকাৰ সভ্যতা। নীল নদীৰ পাৰত মিছৰীয় সভ্যতা, ইউফ্ৰেটিছ আৰু টাইগ্ৰীছ নদীৰ পাৰত বেবিলনীয় সভ্যতা, হোৱাংহো আৰু ইয়াং – চিকিয়াং নদীৰ পাৰত চীনা সভ্যতা গঢ় লৈ উঠিছিল।

(খ) পাঠত উল্লেখ থকা প্ৰাচীন সভ্যতাসমূহৰ ভিতৰত কোনটো সভ্যতাৰ বিস্তৃতি আটইতকৈ বেছি?

উত্তৰঃ সিন্ধু সভ্যতাৰ বিস্তৃতি আটাইতকৈ বেছি।

(গ) কিহৰ ওপৰত ভিত্তি কৰি সিন্ধু উপত্যকাৰ সভ্য়তাৰ লগত মেছ’পতেমিয়া সভ্যতাৰ সম্পৰ্ক আছে বুলি ক’ব পাৰি

উত্তৰঃ বেপাৰ-বাণিজ্যৰ উপৰত ভিত্তি কৰি।

(ঘ) সিন্ধু উপত্যকাৰ মানুহৰ বিভিন্ন ঠাইৰ লগত বেপাৰ-বাণিজ্যৰ কথা কিহে প্ৰমাণ কৰে পাঠটোৰ আলমত লিখা।উত্তৰঃ সিন্ধু সভ্যতাৰ বেপাৰ-বাণিজ্য কৰা লোকসকলে কেঁচা সামগ্ৰী বিশেষকৈ ধাতু, বিভিন্ন ধৰণৰ মণি আদি আন ঠাইলৈ ৰপ্তানি কৰা হৈছিল। সিন্ধু সভ্যতাত ব্যবহৃত মোহৰ, মণি আদি মেছ’পতেমিয়াত পোৱা গৈছে। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে, সিন্ধু উপত্যকাৰ সভ্যতাৰ লগত মেছ’পতেমিয়া আৰু অন্যান্য সমসাময়িক সভ্যতাৰ মাজত বাণিজ্যিক সম্পৰ্ক আছিল। বেপাৰ বাণিজ্যত নাৱেই প্ৰধান আছিল।

(ঙ) লোথাল আৰু কালিবাগান বৰ্তমান কোন ৰাজ্যত অৱস্থিত?

উত্তৰঃ ৰাজস্থান ৰাজ্যত অন্তৰ্গত।

৩। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা-

‘ক’    –    ‘খ’
(১) সিন্ধু উপত্য়কাৰ সভ্য়তাৰ মানুহে – ইৰাকৰ লগত বেপাৰ-বাণিজ্য় কৰিছিল।

(২) মোহৰবোৰ আছিল – চতুৰ্ভুজ, ঘুৰণীয়া আৰু চুঙা আকৃতিৰ 

(৩) সিন্ধু উপত্য়কাৰ মানুহে বস্তু কঢ়িয়াবলৈ – উট আৰু গাধ ৰাখিছিল।

(৪) সিন্ধু উপত্য়কাৰ সভ্য়তাৰ ভঁৰালবোৰ ব্য়ৱহাৰ কৰা হৈছিল – শস্য় ৰাখিবৰ বাবে।

(৫) সিন্ধু উপত্য়কাৰ সমসাময়িক সভ্য়তা – মেছ’পটেমিয়া সভ্য়তা।

৫। সত্য়াসত্য় বিচাৰ কৰা-

(ক) মহেঞ্জোদাৰো নগৰৰ ৰাস্তাবোৰ পোন আছিল।

উত্তৰঃ সত্য।

(খ) মহেঞ্জোদাৰো নগৰৰ কোনো পৰিকল্পনা নাছিল।

উত্তৰঃ অসত্য।

(গ) সিন্ধু উপত্য়কাৰ সভ্য়তাৰ ঘৰবোৰত একোটাকৈ কুঁৱা আৰু স্নানাগাৰ আছিল।

উত্তৰঃ সত্য়।

(ঘ) সিন্ধু উপত্য়কাৰ সভ্য়তাৰ মানুহে লিপি ব্য়ৱহাৰ কৰিছিল।

উত্তৰঃ 

(ঙ) হৰপ্পা সংস্কৃতিৰ সামগ্ৰীসমূহৰ প্ৰায়ভাগে টিন আৰু তাম ধাতুৰ সংমিশ্ৰণত তৈয়াৰী।

উত্তৰঃ সত্য।

৬। সিন্ধু উপত্য়কাৰ সভ্য়তাৰ নগৰ পৰিকল্পলাৰ বিষয়ে লিখা।

উত্তৰঃ 

৭। হৰপ্পা সংস্কৃতিৰ মানুহে ব্য়ৱহাৰ কৰা আচবাব-পত্ৰ, ঘৰ সজা প্ৰণালী আদিৰ ওপৰত এটি টোকা প্ৰস্তুত কৰা।
উত্তৰঃ