গুৰুদক্ষিণা । অধ্যায় ৫ । Class 6 Assamese Lesson 5 Question and Answer Assam | SCERT Class 6 Assamese Chapter 5 Solution | ষষ্ঠ মান শ্ৰেণীৰ অসমীয়া অধ্যায় ৫ গুৰুদক্ষিণা পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

গুৰুদক্ষিণা

(খ) লুইতৰ দাঁতিৰ কোন ঠাইত এখন বিশ্ববিদ্যালয় আছিল?

উত্তৰঃ লুইতৰ দাঁতিৰ বৰ্তমান নগাওঁ জিলাৰ শিলঘাট অঞ্চলত এখন বিশ্ববিদ্যালয় আছিল।

(গ) বশিষ্ঠ আশ্ৰমৰ টোলৰ অধ্যাপকজনৰ নাম কি?

উত্তৰঃ বশিষ্ঠ আশ্ৰমৰ টোলৰ অধ্য়াপকজনৰ নাম আছিল- বেদকণ্ঠ।

(ঘ) ছাতৰসকলে বছৰত একোবাৰ নগৰলৈ কিয় যাব লগা হৈছিল?

উত্তৰঃছাতৰসকলে খুজি মাগি যি পাইছিল তাকেই আনি গুৰুক দক্ষিণা হিচাপে নিবেদন কৰিবলৈ বছৰত একোবাৰকৈ নগৰলৈ গৈছিল।

(ঙ) গুৰুৰ পৰামৰ্শ কোনজন ছাতৰে গ্ৰহণ কৰিব নোৱাৰিলে?

উত্তৰঃগুৰুৰ পৰামৰ্শ সত্য়ব্ৰত নামৰ ছাতৰজনে গ্ৰহণ কৰিব নোৱাৰিলে।

(চ) প্ৰকৃত গুৰুদক্ষিণা কোনে দিব পাৰিলে?

উত্তৰঃ প্ৰকৃত গুৰুদক্ষিণা সত্য়ব্ৰত নামৰ ল’ৰাজনে দিব পাৰিলে।

৫। চমু উত্তৰ দিয়া-

(ক) গুৰুৱে ছাতৰসকলক ওচৰলৈ মাতি আনি কি কৈছিল?

উত্তৰঃ গুৰুৱে ছাতৰসকলক ওচৰলৈ মাতি আনি মৰমৰ মাতেৰে ক’লে – “বাছাহঁত। মই বুঢ়া হৈ আহিছোঁ।উপাৰ্জনো টুটি আহিছে। তহঁতক ইমানদিনে পঢ়াই শুনাই খুঁটি খাব পৰা কৰিবলৈ সদায় যত্ন কৰিছোঁ। এতিয়া তহতে তাৰ সলনি মোক ধন-সোণ আনি দেহঁক। জানই নহয় ভগৱন্ত শ্ৰীকৃষ্ণয়ো সান্দীপনি মুনিক কেনেদৰে গুৰুদক্ষিণা দিছিল ।”

(খ) ছাতৰসকলক গুৰুৱে কি উপায়েৰে ধন গোটাই অনাৰ পৰামৰ্শ দিছিল?

উত্তৰঃ ছাতৰসকলক গুৰুৱে ধনী মানুহৰ পৰা ডকা-হকা দি ধনৰ টোপোলা সৰকাবলৈ চেষ্টা কৰিবলৈ কৈছিল। কোনেও নেদেখাকৈ প্ৰত্যেকজনে গছৰ আঁৰত লুকাই থাকি কাষেদি কোনো ধনী সাউদ গ’লে ততালিকে তেওঁৰ পৰা যি পাৱ কাঢ়ি লবলৈ পৰামৰ্শ দিছিল।

(গ) গুৰুৰ পৰামৰ্শ পাই ছাতৰসকলে কি কৰিলে?

উত্তৰঃ গুৰুৰ পৰামৰ্স পাই ছাতৰসকলে কিৰীলি পাৰি যাবলৈ ওলাল।

(ঘ) গুৰুৰ অনুমতি পাই সত্যব্ৰতে কি কলে?

উত্তৰঃ গুৰুৰ অনুমতি পাই সত্যব্ৰতে কলে – ”আপোনাৰ পৰাই আমি জানিব পাৰিছোঁ গুৰুদেৱ, পৃথিৱীত এনে ঠাই নাই, য’ত ঈশ্বৰ নাই। আমি এনে একো কাম কৰিব নোৱাৰোঁ, যি কাম ঈশ্বৰে দেখা নোপোৱাকৈ থাকে। ঈশ্বৰৰ বিষয়ে পুথিতো পঢ়িছোঁ।

সকলোতে থাকে তেওঁ প্ৰভু ভগৱান,

সকলোকে দেখে তেওঁ সৰ্বশক্তিমান।

সকলোকে জানে তেওঁ জ্ঞানৰ আকৰ,

সত্য তেওঁ, শিৱ তেওঁ, পৰম সুন্দৰ।

সেই কাৰনেই গুৰুদেৱ । মই কি শক্তিৰে কোনেও নেদেখা ঠাই বিচাৰি উলিয়াম ? আনে নেদেখিলেও ঈশ্বৰে দেখিব। লোকৰ ধন-সোণ চুৰ কৰি ডকা-হকা দি আনিলে সেই কথা আনে নাজানিলেও ঈশ্বৰে জানিব। তেওঁ মোৰ অন্তৰতে বহি, মই কৰা সকলো ভাল-বেয়া কাম চাই আছে। মানুহক ঠগিব পাৰিলেও ঈশ্বৰৰ চকুত কেনেকৈ ধূলি দিম? সেয়েহে গুৰুদেউ মই এনে অসৎ উপায়েৰে গুৰুদক্ষিণা গোটাব নোৱাৰোঁ। মোক আন সজ বাট দেখুৱাই দিয়ক গুৰুদেউ।

(৬) কোনে কাক কেতিয়া কৈছিল লিখা।

(ক) ”বাছাহঁত। মই বুঢ়া হৈ আহিছোঁ। উৰ্পাজনো টুটি আহিছে। তহঁতক ইমানদিনে পঢ়ায় শুনাই খুঁটি খাব পৰা কৰিবলৈ সদায় যত্ন কৰিছোঁ।”

উত্তৰঃ উক্ত কথাষাৰ গুৰু বেদকণ্ঠই ছাতৰসকলক গুৰুদক্ষিণা আনিবৰ বাবে দিহা দিয়াৰ সময়ত কৈছিল।

(খ) ”আপুনি মাথোন আমাক কৰ্তব্যহে সোঁৱৰাই দিছে। এতিয়া আমি কি উপায়েৰে ধন-সোণ গোটাই আনিম, অনুগ্ৰহ কৰি আমাক দিহা লগাই দিয়ক।”

উত্তৰঃ যেতিয়া পণ্ডিত বেদকণ্ঠই ছাতৰসকলক গুৰুদক্ষিণাৰ কথা কৈছিল তেতিয়া ছাতৰসকলে আনন্দত কিৰিলি পাৰি গুৰুদেৱক ওপৰৰ কথাফাঁকি এজন বয়সিয়াল ছাতৰে কৈছিল।

(গ) ”আপোনাৰ পৰাই আমি জানিব পৰিছোঁ, পৃথিৱীত এনে ঠাই নাই, য’ত ঈশ্বৰ নাই।”

উত্তৰঃ যেতিয়া গুৰুৱে ছাতৰসকলক গুৰুদক্ষিণাৰ বাবে ধন-সোণ গোটাই অনাৰ উপায় দিছিল, তেতিয়াই সত্য়ব্ৰতে গুৰুক উক্ত কথাষাৰ কৈছিল।

৮। তলৰ কথাৰখিনিৰ মুলভাব লিখা-

সকলোতে থাকে তেওঁ প্ৰভু ভগৱান,

সকলোকে দেখে তেওঁ সৰ্বশক্তিমান।

সকলোকে জানে তেওঁ জ্ঞানৰ আকৰ,

সত্য় তেওঁ, শিৱ তেওঁ, পৰম সুন্দৰ।

উত্তৰঃ প্ৰশ্নোল্লিখিত কথাখিনিৰ দ্বাৰা ইয়াকে বুজাইছে ভগৱান সকলোতে থাকে। তেখেত থকাৰ কোনো নিৰ্দিষ্ট ঠাই নাই। তেৱেঁই হৈছে সৰ্বশক্তিমান। এই বিশ্বব্ৰক্ষ্মাণ্ডত তেওঁতকৈ আৰু শক্তিশালী কোনো নাই। তেওঁ সকলোকে চিনি পায় বা জানে। তেৱেঁই সত্য আৰু তেৱেঁই সুন্দৰ।

৯। পাঠৰ পৰা যুৰীয়া শব্দবোৰ বিচাৰি উলিয়াই লিখা

উত্তৰঃ খুজি-মাগি,চৈত-ফুৰি, ধন-সোন, আমন-জিমন, থোকা-থুকি, ডকা-হকা, ভাল-বেয়া ।

১০। তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা-

ধনী – চহকী

দক্ষিণা – দান

উজু – সহজ

টুটি যোৱা – কমি যোৱা

ডাঙৰ – বৃহৎ

১১। বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা-

আনন্দ – বিষাদ

ধনী – দুখীয়া

গুৰু – ছাত্ৰ

উজু – কঠিন

প্ৰাচীন – নবীন

Answer by Himashri kakati