সীতানাথ ব্ৰক্ষচৌধুৰী | Chapter 14 | Class 7 Assamese Chapter 14 Question And Answer Jatiya Bidyalay | Class 7 Assamese Chapter 14 Solution AJB |

অধ্যায়ঃ১৪

সীতানাথ ব্ৰক্ষচৌধুৰী

১) একোটিকৈ বাক্যত উত্তৰ লিখাঃ

ক) বিদ্যালয়খনলৈ অহা ওখ-পাখ,শকত-আৱত মানুহজন কোন আছিল?

উত্তৰঃ বিদ্যালয়খনলৈ অহা ওখ-পাখ, শকত-আৱত মানুহজন অসমৰ মন্ত্ৰী ছাৰ ছৈয়দ ছাদুল্লা আছিল।

খ)সীতানাথ ব্ৰহ্মচৌধুৰীয়ে ভাইচ চেয়াৰমেনৰ দায়িত্ব লৈ কি কৰিছিল?

উত্তৰঃ সীতানাথ ব্ৰহ্মচৌধুৰীয়ে ভাইচ চেয়াৰমেনৰ দায়িত্ব লৈয়েই এখন বিদ্যালয়ৰ বাহিৰে ধুবুৰী মহকুমাৰ সকলোবোৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ মাধ্যম অসমীয়া কৰালে। তদুপৰি সেই সময়ত বড়ো অধ্যুষিত অঞ্চলসমূহত বহুতো লোক শিক্ষাৰ পৰা বঞ্চিত হৈ আছিল তেখেতৰ প্ৰচেষ্টাত এই অঞ্চলবোৰত বহুতো বিদ্যালয় স্থাপিত হয় উঠিল। তেখেতে ৰাস্তা-ঘাটৰ নিৰ্মাণৰ কামো হাতত ল’লে।

গ) ব্ৰক্ষচৌধুৰীয়ে ৰচনা কৰা যুক্তাক্ষৰবিহীন কিতাপখনৰ নাম কি ?

উত্তৰঃ ব্ৰক্ষচৌধুৰীয়ে ৰচনা কৰা যুক্তাক্ষৰবিহীন কিতাপখনৰ নাম হল ‘গাওঁ সংগঠন’।

ঘ) ১৯৫২ চনত হোৱা অসমৰ সাধাৰণ নিৰ্বাচনত ব্ৰহ্মচৌধুৰীয়ে কোন সমষ্টিৰপৰা আৰু কি সভাৰ সদস্যৰুপে নিৰ্বাচিত হৈছিল?

উত্তৰঃ ১৯৫২ চনত হোৱা অসমৰ সাধাৰণ নিৰ্বাচনত ব্ৰহ্মচৌধুৰীয়ে গোৱালপাৰা-গাৰোপাহাৰ সংসদীয় সমষ্টিৰপৰা লোকসভাৰ সদস্যৰূপে নিৰ্বাচিত হৈছিল।

ঙ) তেওঁ কোন চনত বঙাইগাঁৱত কলেজ প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ তেওঁ ১৯৬৪ চনত বঙাইগাঁৱত কলেজ প্ৰতিষ্ঠা কৰিছিল।

চ) তেওঁ কবিতা পুথিখনৰ নাম কি?

উত্তৰঃ তেওঁ কবিতা পুথিখনৰ নাম- ‘কদম কলি’ ।

ছ) ‘মিলন’ত কি ছদ্মনামত ব্ৰহ্মচৌধুৰীয়ে কবিতা লিখি আলোড়নৰ সৃষ্টি কৰিছিল?

উত্তৰঃ ‘মিলন’ত তেওঁ ‘তিলোত্তমা বৰুৱা’ ছদ্মনামত কবিতা লিখি আলোড়নৰ সৃষ্টি কৰিছিল।

জ) সীতানাথ ব্ৰহ্মচৌধুৰী পঢ়া বিদ্যালয়খনত ইংৰাজী শিকোৱা শিক্ষকজনৰ নাম কি?

উত্তৰঃ সীতানাথ ব্ৰহ্মচৌধুৰী পঢ়া বিদ্যালয়খনত ইংৰাজী শিকোৱা শিক্ষকজনৰ নাম ‘হাৰান সেন’।

২) সীতানাথ ব্ৰহ্মচৌধুৰীৰ মনত মন্ত্ৰী বুলি কওঁতে সৰুকালত কি ধাৰনা আছিল?

উত্তৰঃ সীতানাথ ব্ৰহ্মচৌধুৰীৰ মনত মন্ত্ৰী বুলি কওঁতে সৰুকালত এনেকুৱা ধাৰণা হৈছিল যে- মন্ত্ৰীয়ে গাত চকা-মকা, কলা-বগা ফুলৰ পোছাক আৰু মূৰত জিলমিলিয়া মুকুট আদি পৰিধান কৰে।।

৩) সীতানাথ ব্ৰহ্মচৌধুৰীৰ সমাজসেৱাৰ বিষয়ে লিখা?

উত্তৰঃ সীতানাথ ব্ৰহ্মচৌধুৰীয়ে সৰুৰে পৰা মন্ত্ৰী হোৱাৰ ইচ্ছা ব্যক্ত কৰি ডাঙৰ হোৱাৰ পাছত এজন প্ৰকৃত সমাজ সেৱক হৈ পৰে। সৰুৰে পৰাই মহাত্মা গান্ধীৰ স্বাধীনতা আন্দোলনত সহযোগ আগবঢ়োৱা ব্ৰহ্মচৌধুৰীয়ে শিক্ষা শেষ কৰিয়েই সমাজসেৱা কৰিবলৈ আগবাঢ়ি আহে। তেওঁৰ যত্নতেই ১৯৩৯ চনৰ ৮ মাৰ্চত বীৰঝৰা হাইস্কুল প্ৰতিষ্ঠা হয়। ১৯৪৬ চনত তেওঁ লোকেল ব’ৰ্ডৰ ভাইছ চেয়াৰমেনৰ দায়িত্ব লৈয়েই এখন ধুবুৰী মহকুমাৰৰ সকলোবোৰ প্ৰথমিক বিদ্যালয়ত শিক্ষাৰ মাধ্যম অসমীয়া কৰালে। এই অঞ্চলৰ ৰাস্তা-ঘাটৰ অৱস্থাও একেবাৰে বেয়া আছিল। ব্ৰহ্মচৌধুৰীয়ে ৰাস্তা-ঘাটৰ নিৰ্মাণৰ কামো হাতত ল’লে। লোকসভাৰ সদস্য হৈয়ে তেওঁ গোৱালপাৰা তথা অসমৰ উন্নয়নৰ কাৰণে মনোনিৱেশ কৰে। গোৱালপাৰাৰ জনজাতীয় অঞ্চলৰ উন্নয়নৰ কাৰণে বিভিন্ন আঁচনি ল’বলৈ তেওঁ চৰকাৰক বাধ্য কৰাইছিল। কৃষি উন্নয়নৰ ক্ষেত্ৰতো তেওঁ যথেষ্ট মনোযোগ দিছিল।অসমৰ প্ৰতিটো সমস্যাৰ সমাধানৰ ক্ষেত্ৰতে তেওঁ সক্ৰিয় ভূমিকা লৈছিল।ৰেলৱেৰ মুখ্য কাৰ্যাল, ব্ৰহ্মপুত্ৰৰ ওপৰেৰে ৰেলৰ দলং নিৰ্মাণ, অসমত তেল শোধনাগাৰ স্থাপন, অসমীয়া ৰাজ্যভাষা আন্দোলন আৰু বিশ্ববিদ্যালয়ৰ মাধ্যম আন্দোলন আদি প্ৰতিটো ক্ষেত্ৰতে সহযোগ আৰু উপদেশে আন্দোলনকাৰীসকলক প্ৰেৰণা যোগাইছিল। ১৯৬৪ চনত তেওঁ বঙাইগাঁৱত এখন কলেজ প্ৰতিষ্ঠা কৰে। এইদৰে ব্ৰহ্মচৌধুৰীয়ে বিভিন্ন প্ৰকাৰে সমাজসেৱা কৰিছিল।

৪) সীতানাথ ব্ৰহ্মচৌধুৰীৰ সাহিত্যিক জীৱনৰ বিষয়ে লিখাঁ ।

উত্তৰঃ সীতানাথ ব্ৰহ্মচৌধুৰী এজন কবি, সাহিত্যিক আছিল। তেওঁৰ প্ৰথম কবিতাপুথি ‘কদম কলি’ প্ৰকাশ হৈছিল ১৯২৫ চনত। তাৰ চাৰি বছৰৰ পাছত ‘আবেগ’ আৰু ‘চকুলো’ নামৰ দুখন কবিতা সংকলনো প্ৰকাশ পায়। ১৯৭৬ চনত তেওঁৰ আন এখন কবিতা সংকলন ‘ফুলেশ্বৰী দৈমাৰী’ প্ৰকাশ পায়। তেওঁৰ এই সংকলনকেইটাৰ কবিতাসমূহৰ বেছিভাগেই পূৰ্বতে ‘বাঁহী’, ‘চেতনা’ আৰু ‘মিলন’ আদি মাহেকীয়া আলোচনী প্ৰকাশ পাইছিল। ‘মিলন’ত তেওঁ ‘তিলোত্তমা বৰুৱা’ ছদ্মনামত কবিতা লিখি আলোড়নৰ সৃষ্টি কৰিছিল।

৫) অসমীয়া কোন- এই সম্পৰ্কে ব্ৰহ্মচৌধুৰীয়ে কি মন্তব্য কৰিছিল?

উত্তৰঃ অসমীয়া কোন- এই সম্পৰ্কে মন্তব্য় কৰি ব্ৰহ্মচৌধুৰীয়ে কৈছিল যে ব্ৰাহ্মণ, কলিতা, বড়ো, ৰাভা, মিচিং আদি জনগোষ্ঠীৰ লগতে আহোম, কোচ আদি সকলোৰে একতাৰ ফলতহে বলিষ্ঠ অসমীয়া জাতি গঠন হৈছে। সেয়েহে সকলোৱে এক হৈ অসমৰ সামগ্ৰিক উন্নতিৰ কাৰণে কাম কৰা উচিত।

৬) প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা।

ক) তেওঁ সাহিত্যক জাতিক সাৰ্বিক কল্যাণৰ অংগ বুলি অনুভৱ কৰিছিল।

উত্তৰঃ প্ৰসংগঃ- উক্ত কথাশাৰী আমাৰ পাঠ্যপুথি আপোন পাঠৰ অন্তৰ্গত সীতানাথ ব্ৰহ্মচৌধুৰী নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে।

সংগতিঃ- এই কথাশাৰী জৰিয়তে ইয়াকে বুজাইছে যে ব্ৰহ্মচৌধুৰীৰ সাহিত্য়িকৰ জৰিয়তে এটা জাতিৰ সকলো প্ৰকাৰ উন্নতি সাধন কৰিব পাৰি বুলি বিশ্বাস কৰিব পৰা যায়।

ব্যাখ্যাঃ- সাহিত্যৰ যোগেদি একোজন সাহিত্যিকে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে। এটা জাতিৰ উন্নতি কৰিবলৈ হলে সাহিত্যৰ সমান এনেকুৱা দ্বিতীয় এনে মাধ্যম নাই যাৰ জৰিয়তে জনসাধাৰনৰ মাজত জাগৰন আনিব পাৰি। সেইবাবে ব্ৰহ্মচৌধুৰীয়ে সাহিত্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। তেওঁৰ ৰচনাসমূহৰ জৰিয়তে অসমৰ বিভিন্ন জাতি-জনজাতিৰ মাজত সমন্বয় সাধন কৰিবলৈ চেষ্টা কৰিছিল। সাহিত্যৰ জৰিয়তে মানুহৰ মাজৰ ভূল বুজাবুজি, শুদ্ধ পথত আগবাঢ়ি যোৱা আদি দেখুৱাই দিব পৰা গৈছিল। যাতে একোখন পুথি পঢ়ি সৰ্বসাধাৰন মানুহে দেশৰ উন্নতিৰ বাবে শুদ্ধ পথ বাছি লব পাৰে।

খ) তেওঁ যি সমন্বয়ৰ ভেটি গঢ়ি থৈ গল সিয়ে তেওেঁক সমন্বয়ৰ প্ৰতীকৰুপে আমাৰ মাজত চিৰস্মৰণীয় কৰি ৰাখিব ।

উত্তৰঃ প্ৰসংগঃ- উক্ত কথাশাৰী আমাৰ পাঠ্যপুথি আপোন পাঠৰ অন্তৰ্গত সীতানাথ ব্ৰহ্মচৌধুৰী নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে।

সংগতিঃ- এই কথাষাৰৰ জড়িয়তে ব্ৰহ্মচৌধুৰীয়ে সমন্বয়ৰ বাবে কৰা কামে যে তেওঁক সদায় মানুহৰ মাজত চিৰস্মৰণীয় কৰি ৰখিব সেই কথা প্ৰকাশ কৰিছে।

ব্যাখ্যাঃ- সীতানাথ ব্ৰহ্মচৌধুৰী এনেকুৱা এজন ব্যক্তি আছিল যিয়ে আৰম্ভনিৰে পৰা নিজৰ জাতিৰ মঙ্গলৰ হকে কাম কৰি আহিছিল। অসমৰ ভিতৰুৱা অঞ্চলবোৰত ৰাস্তা-ঘাট নিৰ্মান কৰা, স্কুল-কলেজ স্থাপন কৰা আদি কাম তেওঁ হাতত লৈছিল। জনহিতকৰ কামবোৰ কৰি যোৱাৰ লগে লগে তেওঁ সাহিত্য চৰ্চাও কৰি গৈছিল। গোৱালপাৰা-গাৰোপাহাৰ সংসদীয় সমষ্টিৰ পৰা তেওঁ লোকসভাৰ সদস্যৰূপে নিৰ্বাচিত হয়। অসমৰ প্ৰতিটো সমস্যাৰ সমাধানৰ ক্ষেত্ৰত তেওঁ সক্ৰিয় ভূমিকা গ্ৰহন কৰিছিল। সকলোৰে উন্নতিৰ কথা চিন্তা কৰা এইজন মহান ব্যক্তি সদায় মানুহৰ মাজত চিৰস্মৰনীয় হৈ থাকিব।

৭) ‘বাহী’, ‘চেতনা’ আৰু ‘মিলন’ এই তিনিখন আলোচনীৰ বিষয়ে শিক্ষকৰ সহায়ত জানি লোৱাঁ।

উত্তৰঃ বাঁহী- বাঁহী হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পাদনত প্ৰকাশিত হোৱা এখন অসমীয়া মাহেকীয়া আলোচনী। ১৯০৯ চনৰ নৱেম্বৰ মাহত প্ৰথম প্ৰকাশিত হোৱা এই আলোচনীখনে অসমীয়া ভাষা-সাহিত্যৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। বেজবৰুৱাৰ সম্পাদনত প্ৰথমে কলিকতাৰ পৰা প্ৰকাশ পোৱা আলোচনী খন পিছত ডিব্ৰগড় আৰু তাৰ পিছত গুৱাহাটীৰ পৰা প্ৰকাশিত হয়। বেজবৰুৱাৰ পিছত অমীয় কুমাৰ দাসে বাহীঁ সম্পাদনৰ দায়িত্ব ললে। ১৯৩৮ চনত বেজবৰুৱাৰ মৃত্যুৰ পাছত তেওঁৰ ভতিজা মাধৱ চন্দ্ৰ বেজবৰুৱাই বাঁহীৰ সম্পাদনৰ ভাৰ লৈছিল।

চেতনা- ১৯১৫ চনত অম্বিকাগিৰি ৰায়চৌধুৰীৰ সম্পাদনাত ‘চেতনা’ প্ৰকাশ পায়। ১৯২৬ চনলৈ এই আলোচনীখন প্ৰকাশ পাইছিল। এই আলোচনীৰ জড়িয়তে জনসাধাৰনৰ মাজত স্বাধীনতাৰ চেতনা আনিবলৈ চেষ্টা কৰা হৈছিল। সীতানাথ ব্ৰহ্মচৌধুৰীয়েও চেতনাৰ জৰিয়তে ৰাইজৰ মাজত চেতনা আনিবলৈ চেষ্টা কৰিছিল।

মিলন- ‘মিলন’ নামৰ আলোচনীখন আছিল অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰ। গৰ্গৰাম চৌধুৰী, ডিম্বেশ্বৰ নেওগ, বিনন্দ চন্দ্ৰ বৰুৱা, অতুল চন্দ্ৰ হাজৰিকা আদিৰ দাৰা ‘মিলন’ সম্পাদিত কৰা হৈছিল।

৮) পঢ়াঁ, বুজা আৰু লিখাঁঃ

চাকৰ+ই= চাকৰি

ডাক্তৰ+ই= ডাক্তৰি

মাষ্টৰ+ই= মাষ্টৰি

বদমাচ+ই= বদমাচি

৯) বুজা আৰু লিখাঁঃ

বিদ্যাৰ আলয় = বিদ্যালয়

দেৱৰ আলয় = দেৱালয়

জুইৰ শাল = জুইশাল

মৌৰ চাক = মৌচাক

পুথিৰ ভ্ঁৰাল = পুথিভঁৰাল

ৰজাৰ হাউলী = ৰজাহাউলী

১০) বাক্য ৰচনা কৰাঁঃ

ঘামি-জামি= শ্ৰমিলসকলে গৰমত ঘামি-জামি কাম কৰি আছে।

পিছে-পৰে= যি কোনো কাম এটা পিছে-পৰে কৰিম বুলি কেতিয়াওঁ থৈ দিব নালাগে।

কওঁ-নকওঁ = ছাত্ৰী গৰাকীয়ে শিক্ষকক কওঁ-নকওঁ কৈ উত্তৰটো দিলে।

১১) পঢ়া আৰু লিখাঁঃ

সেউজ + ঈয়া = সেউজীয়া

নগৰ + ঈয়া = নগৰীয়া

চহৰ + ঈয়া = চহৰীয়া

উজন + ঈয়া = উজনীয়া

নোমল + ঈয়া = নোমলীয়া

নিয়ম + ঈয়া = নিয়মীয়া

পাহাৰ + ঈয়া = পাহাৰীয়া

পুৰুষ + ঈয়া = পুৰুষীয়া

Answer by Himashri kakati