চৰিত্ৰঃ Lesson 3 । Class 8 । Assamese Question Answer Jatiya Bidyalay। Assamese Medium Question Answer Free। Class VIII Question Answer।

১। অতি চমু উত্তৰ দিয়াঃ

ক) উদগতি পথৰ প্ৰৱল সহায় কি ?

উত্তৰঃ সৎ চৰিত্ৰ উদগতি পথৰ প্ৰবল সহায় ।

খ) ধনৱন্ত আৰু বিদ্য়াৱন্ত মানুহো কিহৰ দোষত ৰাসতলে যায় ?

উত্তৰঃ ধনাৱন্ত আৰু বিদ্য়াৱন্ত মানুহো চৰিত্ৰৰ দোষত ৰসাতললৈ যায় ।

গ) চৰিত্ৰ মূল কি ?

উত্তৰঃ চৰিত্ৰৰ মূল হ’ল– অভ্য়াস।

ঘ) মানুহে চৰিত্ৰ গঠন কৰা কামক কি নাম দিছে ?

উত্তৰঃ মানুহে চৰিত্ৰ গঠন কৰা কামক অভ্য়াস নাম দিছে ।

ঙ)মানুহৰ অন্তৰত কি কি দুই শ্ৰেণীৰ বৃত্তি আছে ?

উত্তৰঃ মানুহৰ অন্তৰত ভাল আৰু বেয়া দুই শ্ৰেণীৰ বৃত্তি আছে ।

২। ভাবাৰ্থ লিখাঃ

ক) চৰিত্ৰৱান মানুহ পৱিত্ৰ জলৰ নিচিনা ।

উত্তৰঃ চৰিত্ৰৱান মানুহ পৱিত্ৰ জলৰ নিচিনা । সিহঁত নিজেও পৱিত্ৰ, আৰু আনকো পৱিত্ৰ কৰে । চৰিত্ৰৱন্ত মানুহক চৰিত্ৰহীন মানুহে পেটে পেটে ভয় কৰে, আৰু সিহঁতৰ আগত বেয়া কাম কৰিবলৈ সংকুচিত হয় । ধন আৰু বিদ্য়াৰ পৰা মানুহে ক্ষমতা লাভ কৰে, কিন্তু চৰিত্ৰৰ পৰা মহত্ত্ব প্ৰাপ্ত হয় । কুচৰিত্ৰই মানুহক পশুত্বলৈ নমায়, কিন্তু সুচৰিত্ৰই দেৱত্বলৈ তোলে ।

খ) চৰিত্ৰৰ মূল অভ্য়স ।

উত্তৰঃ চৰিত্ৰৰ মূল অভ্য়স । কোনো এটা কাম সদায় কৰি থাকিলে তাক পাছত গৈ এৰিব নোৱৰা হয় । আৰু এৰিব নোৱৰা হ’লেই সেই কামটো অভ্য়স হোলৱা বোলে । মানুহে পতি একোটা অভ্য়াস আছে । কোনো মানুহৰ পুৱাই উঠা অভ্য়াস, কোনো মানুহৰ বেলিকৈ উঠা অভ্য়াস, কোনো মানুহৰ এসাঁজ খোৱা অভ্য়াস, কোনো মানুহৰ তিনি সাঁজ খোৱাৰ অভ্য়াস । অনেবিলাক কামত যেনেকৈ মানুহৰ একোটা অভ্য়াস জন্মে, আচাৰ-ব্য়ৱহাৰ সম্বন্ধেও সেইদৰে মানুহে মানুহে একোটা ভিন ভিন অভ্য়াস জন্মে । কোনো মানুহৰ খিয়াল কৰা অভ্য়াস হয়, অৰ্থাৎ সি খিয়াল নকৰি থাকিব নোৱাৰে। এইদৰে আচাৰ-ব্য়ৱহাৰ সম্বন্ধে যিবোৰ অভ্য়াস জন্মে, সেইবোৰ গোট খাই মানুহৰ চৰিত্ৰ হয় ।

গ) কোমলতে ভাঁজ দিলেহে বস্তুৱে ভাঁজ লয়

উত্তৰঃ আদিতে সকলো মানুহৰ চৰিত্ৰ বেয়া থাকে, পাছত জ্ঞানবুদ্ধি উপজিলে তাক শুধৰাই লয়। কিন্তু বেয়াক ভাল কৰা বা অপৱিত্ৰক পৱিত্ৰ কৰা বৰ টান কথা। আৰম্ভতে সজ বাট লগাই দিবলৈ সুজু, কিন্তু অসজ বাটত চলি থকা মানুহক তাৰ পৰা ওভতাই অনা টান। সেইদেখি সংসাৰত সৎ মানুহৰ সংখ্য়াতকৈ অসৎ মানুহৰ সংখ্য়া সৰহ। আগৰ পৰা অসৎ পথত প্ৰবৰ্তাৰ নিমিত্তে তাত মানুহৰ ৰাপ জন্মে, পাছত জ্ঞানৰ পোহৰত তাৰ কুন্ধচাালি দেখিলেও সিহঁতে তাক এৰি দিব নোৱাৰে। এতেকে কোমল বয়সতে চৰিত্ৰ শুধৰাই নল’লে পাছত শুধৰোৱা টান। কোমলত ভাঁজ দিলেহে বস্তুৱে ভাঁজ লয়। যি মানুহে কুকাম কৰি হাড় পকাইছে তাৰ চৰিত্ৰ সংশোধন কৰা কদাপি সম্ভৱ নহয়।

৩। ধন আৰু বিদ্য়াৰ পৰা মানুহে ক্ষমতা লাভ কৰে, কিন্তু চৰিত্ৰৰ পৰা কিদৰে মহত্ত্ব প্ৰাপ্ত হয় ?

উত্তৰঃ ধন আৰু বিদ্যাৰ পৰা মানুহে ক্ষমতা লাভ কৰে, কিন্তু চৰিত্ৰৰ পৰা মানুহে মহত্ব পায়। এজন চৰিত্ৰৱান মানুহে কেতিয়াও নিজেও বেয়া কাম নকৰে আৰু আনকো কৰিব নিদিয়ে। চৰিত্ৰহীন মানুহে পেটে পেটে চৰিত্ৰৱান মানুহক ভয় কৰে। আৰু চৰিত্ৰৱান মানুহৰ আগত বেয়া কাম কৰিবলৈ সংকোচিত হয়। সুচৰিত্ৰ মনুষ্য়ত্বৰ সাৰ। সি উন্নতিৰ মেৰুদণ্ডৰ নিচিনা।

৬। বিপৰীত শব্দ লিখাঃ

উদ্গতি -অধগতি

সৎ -অসৎ

অভ্য়াস- অনভ্য়াস

উজু – কঠিন

সহজ – টান

শত্ৰু – মিত্ৰ

স্বৰ্গ – মৰ্ত্য়

৭। সমার্থক শব্দ লিখাঃ

সৰহ      – বহুত।

বিপদ     – সংকট, শংকা।

পুৰুষাৰ্থ – প্ৰয়াস, যত্ন।

পৃথিৱী   –   ধৰিত্ৰী, ধৰা, বসুমতি, মেদিনী, পৃথ্বী আদি।

৯। সন্ধি ভাঙাঃ

হিতাহিত = হিত + অপিত ।

কদাপি = কদ + আপি ।

পৰোপকাৰ = পৰ + অপকাৰ ।

সম্ভৱ = সম + ভৱ।

নমস্কাৰ = নমঃ + কাৰ ।

নয়ন = নে + অন ।

গণেশ = গণ + ঈশ ।

সূৰ্য্য়োদয় = সূৰ্য + উদয় ।

১০। সমাৰ্থক শব্দ লিখাঃ

ক্ৰিয়া, লোভ, পশু, তেজ, আলয়, কদাপি, উজু, প্ৰথম,শেষ, গাখীৰ, পুখুৰী ।

ক্ৰিয়া = কৰ্ম ।

লোভ = লালসা ।

পশু = জন্তু ।

তেজ = ৰক্ত ।

আলয় =ঘৰ ।

কদাপি = কেতিয়াও ।

উজু = সহজ ।

প্ৰথম = পহিলা ।

শেষ = অন্তিম ।

গাখীৰ = দুগ্ধ ।

পুখুৰী = খাল।

১১। বাক্য় ৰচনা কৰাঃ

পানীৰ তলৰ কাঁইটঃ জীবনত আগবঢ়াৰৰ সময়ত বহুতো পানী তলৰ কাঁইট পোৱা যায় ।

আঁঠুৱাৰ তলৰ মহঃ ৰাম, ৰাজুৰ কাৰনে আঁঠুৱাৰ তলৰ মহ সি তাৰ দ্বাৰা যি মন জাই তাকে কৰাব পাৰে ।

আলাই আথানিঃ মাক নুহোৱাৰ ফলত টিনাৰ আলাই আ্ৰথানি হব লগা হৈছে ।

ঘৰ গোনাঃ ৰহিম ঘৰ গোনা সি বেলেগৰ আগত একো কথা কব নাজানে ।

ওভত গোৰে নাচঃমাঁ কৰ কথা নামানি ৰামে ওভত গোৰে নাচিছে ।