অসমৰ আ-অলংকাৰ। Lesson 4। Class 8 Assamese Question Answer Jatiya Bidyalay l Assamese Medium Question Answer Free। Class VIII Question Answer।

১। একোচিকৈ বাক্য়ত উত্তৰ লিখাঃ

ক) খনন কাৰ্য্য়ত অলংকাৰৰ নমুনা উদ্ধাৰ হোৱা প্ৰচীন সভ্য়তা দুটাৰ নাম কি ?

উত্তৰঃ খনন কাৰ্য্য়ত অলংকাৰৰ নমুনা উদ্ধাৰ হোৱা প্ৰচীন সভ্য়তা দুটাৰ নাম হ’লঃ মহেঞ্জোদাৰো আৰু হৰপ্পা ।

২। পুৰণি অসমৰ অলংকাৰৰ চানেকি ক’ত ক’ত খোদিত হৈ আছে ?

উত্তৰঃপুৰণি অসমৰ অলংকাৰৰ চানেকি মঠ-মন্দিৰ, অট্ৰালিকা, মূৰ্তি আদি খোদিত হৈ আছে ।

গ) কোনখন পুৰণি সচিত্ৰ পুথিত কৃষ্ণ, গন্ধৰ্ব আদিৰ চিত্ৰ অংকিত হৈছে ?

উত্তৰঃ চিত্ৰ ভাগৱতৰ পুথিত কৃষ্ণ, গন্ধৰ্ব আদিত চিত্ৰ অংকিত হৈছে ।

ঘ) মাধৱ কন্দলি কোন শতিকাৰ কবি ?

উত্তৰ মাধৱ কন্দলি চতুৰ্দশ শতিকাৰ কবি ।

ঙ) হিউৱেন চং কোন শতিকাত অসমলৈ আহিছিল ?

উত্তৰঃ হিউৱেন চং খ্ৰীষ্টীয় সপ্তম শতিকাত অসমলৈ আপিছিল ।

চ) অসমৰ কোনখন নদীৰ বালিত সোণৰ চেঁকুৰা পোৱা গৈছিল ?

উত্তৰঃ অসমত সোৱণশিৰিত নদীতৰ বালিত সোণৰ চেঁকুৰা পোৱা গৈছিল ।

২। চমু উত্তৰ লিখাঃ

ক) অসমীয়া আ-অলংকাৰসমূহ বিচিত্ৰ আৰু চালে চকুৰোৱা হোৱাৰ কাৰণ কি ?

উত্তৰঃ কাৰণ অসমীয়া আ-অলংকাৰসমূহ সোণ,ৰূপ, নানা বৰণৰ মণি-মুকমতা অদিৰে গঢ়া হৈছিল ।

খ) কি কি মাধ্য়মৰ সহায়ত পুৰণি অসমৰ আ-অলংকাৰসমূহৰ বিষয়ে জানিব পাৰি ?

উত্তৰঃ পুৰণি অসমৰ সাঁচিপাতৰ সচিত্ৰ পুথিসমূহৰ পৰাও অতীতৰ নানা প্ৰকাৰৰ আ-অলংকাৰৰ বিষয়ে জানিব পাৰি । কালিকা পুৰাণ, যোগিনীতন্ৰ আদি শাস্ত্ৰত জৰিয়তে জানিব পাৰি ।

গ) আহোম ৰজাসকলৰ দিনত অসমৰ অলংকাৰ শিল্পই অধিক প্ৰাণ পাই উঠাৰ উমান আমি কিদৰে পাব পাৰোঁ ?

উত্তৰঃ আহোম ৰজা সকলৰ দিনত অসমত আ-অলংকাৰ শিল্পই অধিক প্ৰান পাই উথিছিল । বুৰনঞ্জীসমূহৰ পাতত বিবিধ অলংকাৰবোৰৰ নাম পোৱা যায় । এখন বুৰঞ্জীত আহোম ৰজা ৰুদ্ৰসিংহই কছাৰী ৰজালৈ মেত্ৰতাৰ হাত আগবঢ়াই উপহাৰ হিচাপে দিয়া অলংকাৰবোৰৰৰ নাম এনোধৰণে পোৱা যায়—- বাখৰাম শিৰস্ত্ৰাণ, বাখৰ খটুৱাই ডুগডুগীৰ সৈতে কন্ঠমালা, বাজৰা, সোণৰ কাণখসা, শোণৰ আঙঠি, সোণৰ চাৰিপটিয়া ডলা, ডিঙিৰ চেওমণি, নওধৰীয়া সোনৰ খাৰু, বোখৰাম থুৰীয়া আদি ।

ঘ) আমাৰ পুৰণি আ-অলংকাৰৰসমূহৰ বিষয়ে আমি কিয় জনা উচিত ?

উত্তৰঃ দেহৰ বিভিন্ন অংগ শোভা বঢ়াবৰ বাবে ব্য়ৱহাৰ কৰা বিবিধ নামৰ আৰু বিবিধ প্ৰকাৰৰ এই অলংকাৰবোৰ আমাৰ গৌৰৱৰ চিন । এই অলংকাবোৰৰ বিষয়ে আমি জনাটো উচিত ।

৩। পুৰনি অসমৰ স্থাপত্য়-ভাস্কৰ্য্য়, সাঁচিপাতৰ পুথি আৰু বিভিন্ন সময়ৰ অসমীয়া লিখিত সাহিত্য়ৰ দ্বাৰা আমি অসমৰ পুৰণি আ-অলংকাৰৰ বিষয়ে কিদৰে জানিব পাৰোঁ ?

উত্তৰঃ পুৰনি অসমৰ লিখিত সাহিত্য়বোৰত অলমিয়া আ-অলংকাৰৰ নাম বহু পৰিমানে উল্লেখ আছে । কালিকা পুৰান, যোগিনীতন্ত্ৰ আদি শাস্ত্ৰত ত্ৰিছবিধমান অলংকাৰ নাম আছে । মাধৱ কন্দলীৰ ৰচনা মাজতো বিবিধ আ-অলংকাৰৰ নাম আছে । এইবোৰৰ ভিতৰত ঘাঘৰী, কেয়ূৰা, কুণ্ডল, মুকুট, ৰত্নগুলী আদি ।

৫। তলৰ শব্দবোৰ জোৰা লগোৱাঃ

তল + অতল = তলাতল ।

অলম্ + কাৰ = অলংকাৰ ।

সম্ + কৃতি = সংকৃতি ।

৬। চমুটোকা লিখাঃ

অলংকাৰঃ মানুহৰ দেহৰ সৌন্দৰ্য বৃদ্ধি কৰিবলৈ ব্য়ৱহাৰ কৰা সামগ্ৰীয়ে হৈছে অলংকাৰ । পুৰনি কালত পুৰুষ মহিলা উভয়ে অলংকাৰ পৰিধান কৰিছিল । মানুহৰ এই সাজোন-কাচোনৰ অভ্য়াসৰ ফলতে নানাবিধ মনোমোহা আ-অলংকাৰ সৃষ্টি হৈছে । হাজাৰ হাজাৰ বছৰৰ আগতে গুহাত বাস কৰা মানুহেও ৰঙীন শিল, জন্তুৰ হাড়, চৰাইৰ পাখি আদিক অলংকাৰ হিচাপে ব্য়ৱহাৰ কৰিছিল । মানৱ সভ্য়তাৰ বিকাশৰ লগে লগে নানা ধাতুৰ আৱিষ্কাৰ হয় আৰু ধাতুৰ অলংকাৰৰ ব্য়ৱহাৰ বাঢ়ি যাবলৈ ধৰে । অলংকাৰে মানুহৰ সামাজিক মৰ্য্য়াদা, ৰুচিবোধ, আথিক অৱস্থা আদিৰো পৰিচয় দিবলৈ ধৰে । অসমৰ আ-অলংকাবোৰ সোণ, ৰূপ,মণি, মুকুটাৰে গঢ়িত আছিল ।

সোৱণশিৰি নদীঃ

বিপৰীত অৰ্থবোধক শব্দ লিখাঃ

মনোমোহা = কুৎচিত ।

চহকী = দুখীয়া

মিত্ৰতা = শত্ৰুতা

গৌৰৱ = সজ্জা

১০। উদাহৰণৰ দৰে লিখাঃ

সাত সৰীৰ সমাহাৰ = সাতসৰী ।

পঞ্চ নদীৰ সমাহাৰ =পঞ্চনদী ।

বাৰ মাহৰ সমাহাৰ = বাৰমাহ।

সপ্ত অহৰ সমাহাৰ =সপ্তাহ ।

তিনি কালৰ সমাহাৰ = তিনিকাল ।