ভোকেন্দ্ৰ বৰুৱা | Class 8 Assamese Chapter 10 Question and Answer Assam Jatiya Bidyalay | AJB Class 8 Assamese Lesson 10 Solution |

পাঠ ১০

ভোকেন্দ্ৰ বৰুৱা

১। চমু উত্তৰ লিখাঃ

(ক) ভোকেন্দ্ৰ বৰুৱাৰ আচল নাম কি?

উত্তৰঃ ভোকেন্দ্ৰ বৰুৱাৰ আচল নাম হ’ল-ভোকোন্দি ।

(খ) ভোকেন্দ্ৰ বৰুৱাৰ দেউতাক কি বৃত্তিৰ সৈতে জড়িত আছিল?

উত্তৰঃ ভোকেন্দ্ৰ বৰুৱাৰ দেউতাক গুৱাল বৃত্তিৰ সৈতে জড়িত আছিল ।  

(ঘ) ভোকোন্দিয়ে উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ ক’লৈ গৈছিল?

উত্তৰঃ ভোকোন্দিয়ে উচ্চ সিক্ষা গ্ৰহণ কৰিবলৈ কলিকতালৈ গৈছিল ।

(ঙ) ভোকেন্দ্ৰ বৰুৱাই ভনীয়েকলৈ জন্মদিনৰ উপহাৰ হিচাপে কি পঠাইছিল?

উত্তৰঃ ভোকেন্দ্ৰ বৰুৱাই ভনীয়েকলৈ জন্মদিনৰ উপহাৰ হিচাপে ভ্ৰমৰিণী নামটো পঠাইছিল ।

(ঙ) গল্পটোত উল্লেখ থকা ডাকোৱালজনৰ নাম কি?

উত্তৰঃ গল্পটোত উল্লেখ থকা ডাকৱালজনৰ নাম হ’ল

(চ) প্রথম অসমীয়া চুটিগল্পটোৰ নাম কি?

উত্তৰঃ প্ৰথম অসমীয়া চুটিগল্গটো নাম – কন্য়া ।

(ছ) ভোকোন্দিয়ে নিজৰ মাক-দেউতাকক নতুনকৈ দিয়া নাম দুটা কি কি?

উত্তৰঃ ভোকোন্দিয়ে নিদৰ মাক-দেউতাকক নতুনকৈ দিয়া নাম দুটা হল- ক্ৰমে যতিকেশ্বৰী আৰু গোন্ধেশ্বৰ ।

২। ভোকোন্দিয়ে নিজৰ নামটো সলাই ভোকেন্দ্ৰ বৰুৱা কৰাৰ কাৰণ কি?

উত্তৰঃ ভোকোন্দি নামটো হেনো বৰ অসভ্য় নাম । সেয়হে কলেজৰ ল’ৰাবিলাকে তাক জোকাবলৈ লৈছিল । সেয়েহে সি ভোকোন্দি নামটো সলাই ভোকেন্দ্ৰ বৰুৱা কৰিলে ।

৩।ভোকোন্দিয়ে দেউতাকৰ ‘গুৱাল’ বৃত্তিটো এৰিবলৈ কিয় অনুৰোধ কৰিছিল?

উত্তৰঃ ভোকোন্দিৰ মতে গোৱালৰ বৃত্তিতো এটা লাজ লগা বৃত্তি । ভোকোন্দিৰ দেউতাক আগত যি আছিল, কিন্তু এটিয়া তেওঁ সেই বৃত্তি এৰি ভদ্ৰলোকৰ দৰে চলিব লাগিব । সেই ভাবিয়েই ভোকোন্দিয়ে দেউতাকক গুৱালৰ বৃত্তিটো এৰিবলৈ অনুৰোধ কৰিছিল ।

৪।ভোকোন্দিৰ চিঠিখন পাই মাক-দেউতাকৰ মনত কেনে প্রতিক্রিয়া হৈছিল বুজাই লিখা।

উত্তৰঃ ভোকেন্দিৰ চিঠিখন পাই মাক-দেউতাকৰ আন্দত সীমা হেৰাই গৈছিল । তেওঁ আছিল নিৰক্ষৰ লোক । চিঠিখন পঢ়িবলৈ তেওঁলোকে গাঁৱৰে বগীৰাম ডাকবাবু বোলা মানুহ জনক লগ ধৰিছিল ।

৫।ভোকোন্দিয়ে দেউতাকলৈ লিখা চিঠিখনৰ মূল কথাখিনি নিজৰ ভাষাৰে লিখা।

উত্তৰঃ ভোকোন্দিয়ে চিঠিখনত লিখিছিল যে তেওঁ সৰোতে ৰখা যি ভোকোন্দি নাম, সেইটো বৰ অসভ্য় নাম । সেয়েহে তেওঁ ভোকোন্দি নাম সলাই ভোকেন্দ কৰি লৈছে । আৰু তেওঁলোকৰ কোনো উপাধি নথকাটো বৰ লাজৰ কথা । সেয়েহে তেওঁ নিজৰ ইচ্ছা মতে বৰুৱা উপাধি লৈ নিজৰ নামটো ভোকেন্দ্ৰ বৰুৱা কৰি লৈছে । তেওঁ সেই নাম অনুযায়ী দেউতাককো গোন্ধাই নামৰ পৰিৱতে গোন্ধেশ্বৰ বৰুৱা কৰি লৱলৈ কলে । আৰু কলে দেউতাকে যাতে তেওঁৰ সেই লাজ লগা গুৱালৰ বৃত্তিটো এৰি ভদ্ৰ লোকৰ দৰে চলে । আৰু মাককো কলে যে তেওঁ ঘৰে ঘৰে ঢেং ঢেং কৰি নুফুৰে । তেওঁ এটিয়াৰ পৰা নিজৰ মান-সন্মান ৰাখি ফুৰিব লাগিব ।

৬। ভোকোন্দিয়ে দেউতাকক কিয় এখন ফটো তোলাৰ কথা কৈছিল? ফটো তোলাৰ খৰচ উলিয়াবৰ বাবে দেউতাকক কি উপদেশ দিছিল?

উত্তৰঃ ভোকোন্দিয়ে দেউতাকক কৈছিল যে তোমাৰ বিস্তৃত জীৱনচৰীত্ৰ এখন লেখা নিতান্ত প্ৰয়োদন হৈ উঠিছে । ভোকোন্দিয়ে তাৰ যো-জা কৰিছে । কিন্তু সেই কিতাপৰ সমুখৰ পাতত দেউতাকৰ ফটো দিয়াৰ বৰ দৰ্কাৰ, সেই বাবে ভোকোন্দিয়ে দেউতাকক এখন ফটো তোলাৰ কথা কৈছিল ।

ফটো তোলাৰ খৰচ উলিয়াবৰ বাবে ভোকোন্দিয়ে দেউতাকক উপদেশ দিছিল — গাখীৰতী বগী ম ‘হজনী বেচি দিবলৈ কৈছে । তাৰ উপৰিও যদি টকা কমে আৰু এজনী ম ‘হ বেচিবলৈ কৈছে ।

৭। গল্পটোৰ মাজেৰে উচ্চশিক্ষিত লোকৰ ফোপোলা মানসিকতা কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা।

উত্তৰঃ ভোকোন্দিয়ে উচ্চশিক্ষাৰ বাবে কলিকতালৈ গৈ নিজৰ নামটোক লৈ লাজ পাবলৈ ল’লে, সেয়েহে নিজৰ নাম উন্নত কৰি ল’লে । মাক-দেউতাক আৰু ভনীয়েকৰ নামো সলনি কৰি ল’বলৈ ক’লে । জীৱনী লিখো বুলি কৈ ভোকেন্দিয়ে দেউতাকক ফটো বনাবলৈ কৈছে । ফটো বনাবৰ বাবে টকা যোগাৰ কৰিবলৈ মাক-দেউতাকৰ জীৱন নিবাহৰ মূল ভটি ম’হকেইজনীয়ো বেচিবলৈ কৈছে । ভোকোন্দি ইমান ডাঙৰ মানু হৈ গ’ল যে দেউতাকৰ গোৱালৰ বৃত্তিটোক লৈয়ো লাজ পাব ধৰিলে ।

৮। গল্পকাৰ হিচাপে বেজবৰুৱাদেৱৰ সম্যক আলোচনা দাঙি ধৰা।

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাদেৱে গল্পকাৰ হিচাপে খ্য়াতি অৰ্জন কৰিছে। তেওঁ আধুনিক চুটিগল্পৰ পুথিসমূহ হৈছে- সুৰভি,জোনবিৰি, কেহোঁকলি,আদি । চুটিগল্প লিখাত বেজবৰুৱা পাকৈত আছিল । ভদৰী, মুক্তি, লোভ, আদি গল্পযোগে মানুহৰ জীৱনৰ সুখ-দুখ, হাঁহি-কান্দোন, অনুভূতি আদি সুন্দৰভাৱে দাঙি ধৰিছিল ।  

৯। চুটিগল্পৰ সাধাৰণ লক্ষণবোৰৰ চমু আভাস দিয়া।

উত্তৰঃ চুটিগল্পৰ সাধাৰণ লক্ষণবোৰ হল –

ক) চুটিগল্পত কম পৰিসৰৰ মাজত মানব জীৱনৰ এটা পৰিস্থিতি বৰ্ণনা কৰা হয় । ভাব, পৰিকল্পনা আৰু গঠন প্ৰণালিয়ে চুটিগল্পক চুটি ৰূপ দিয়ে ।

খ) চুটিগল্প আৰম্ভণি আকস্মিকভাৱে হয় আৰু পৰিসমাপ্তি নাটকীয় ধৰনৰ হয় । চুটিগল্প শেষ হোৱাৰ পাছতো শেষ হোৱা যেন নালাগে ।

গ) চুটিগল্প এটা নিৰ্দিষ্ট বিষয়ত কেন্দ্ৰ কৰিয়েই আগুৱাই নিয়া হয় ।

ঘ) ইংগিতধৰ্মী ভাষা ব্য়ৱহাৰ কৰাটো চুটি গল্পৰ আন এক লক্ষণ । কম পৰিসৰৰ ভিতৰত এটা পৰিস্থিতি সমাপ্ত কৰিব বাবে ই অতি প্ৰয়োজনীয় ।

ঙ) চুটিগল্পৰ লেখকে পাঠকক আকৰ্ষিত কৰিবৰ বাবে চুটি চুটি বাক্য়ৰ ওপৰত গুৰুত্ব দিয়া হয় ।

১০। গল্পটোৰ কাহিনীভাগ তোমাৰ নিজৰ ভাষাৰে চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ গোন্ধাই আৰু জেতুকী নামৰ এহাল মানুহ আছিল । সিহতৰ এহাল ল’ৰা ছোৱালি আছিল ভোকেন্দি আৰু ভুৰ্ভৰী । ভোকেন্দি সৰুৰে পৰা পঢ়াত চোকা আছিল । তাকে দেখি ভোকেন্দি দেউতাকে তাক পঢ়া খালিত নাম লগাই দিছিল । সি পঢ়াত ভাল আছিল বাবে এণট্ৰেচ পৰীক্ষাত ভাল ফলাফল দেখুৱাই কলিকতা মেট্ৰ’পলিটান ইনষ্টিটিউটত পঢ়িবলৈ সুবিধা পলে । সি তাত পঢ়ি নিজকে বহুত দাঙৰ মানুহ বোলি ভাবিব ললে । তাৰ নিদজৰ ভোকোন্দি নামটোৰ বাবে বৰ লাজ পাইছে, সেয়েহে সি তাৰ নামটো সলনি কৰি ভোকেন্দ্ৰ কৰি ললে আৰু সিহঁতৰ নামৰ পিছত একো উপাধি নথকাৰ বাবে সি নিজে ভাবি বৰুৱা উপাধি দি ল’লে । সি বাপেককো নিজৰ নামটো উন্নতি সাধনৰ বাবে গোন্ধাই নামটো সলনি কৰি গোন্ধেশ্বৰ বৰুৱা কৰি লবলৈ কলে । আৰু কলে তেওঁ গোৱালৰ বৃত্তিটো এৰি ভদ্ৰলোকৰ দৰে থাকিবলৈ লয়। পিছত সি তাৰ ভনীয়েকৰ নামটো ভুৰ্ভুৰী নামটো সলাই ভ্ৰমৰিণী কৰিবলৈ ক’লে । সি ভনীয়েকক জন্মদিন বোলি নামটো উপহাৰ দিলে । আৰু কলে যে মাকৰ নামটো জেতুকিৰ পৰা যতিকেশ্বৰী কৰি লয় । আৰু কলে মাকে যাতে ঘৰে ঘৰে ঢেং ঢেং কৰি নুফুৰি নিজৰ মান সভ্ৰম বজাই ৰাখে । ভোকেন্দি়যে হেনু তাৰ আৰু দেউতাকৰ জীৱনীও লিখিব তাৰ সমুখৰ পাতৰ বাবে দেউতাকৰ ফটো প্ৰয়োজন হৈছে । সেই ফটোখন দেউতাকক অতি সোনকালে পঠাবলৈ কলে । যদি ফটো পঠাবলৈ তেওঁ হাতত টকাৰ অভাৱ হৈছে তেন্তে গাখীৰতী ম’হজনীকে বেচি টকা অলপ যোগাৰ কৰিবলৈ ক’লে । তথাপি যদি টকা কম হয়, তেন্তে আৰু এজনি ম’হ বেছি দিবলৈ কলে । পোতেকৰ এনেধৰনৰ কথা শুনি বাপেক গোন্ধাইৰ খং উঠি কলে যে আমি মহ গৰু দুটামান পুহিয়েই যেনেতেনে ভাত এগাল খাই আছো । সি তাকো বেছি দিবলৈ কৈছে । তেনেকৈ কোৱা শুনি মাকে কলে যে সি হাড়-মূৰ ভাঙি বৰুৱা হৈছে । লাহে লাহে মহাৰানীয়ে মনচূপ সদৰমিনো পাতিব । মই মোৰ বোপাইৰ বাবে একাদশীতে থানত নাম গোৱাম । এইবোৰ শুনি গোন্ধাই কলে পুতেৰৰ লগতে তইয়ো বলিয়া হৈছে নেকি ?

১১। তলত দিয়া চৰিত্ৰকেইটাৰ বিষয়ে চমুকৈ লিখাঃ

গোন্ধাইঃ এজন লিখা-পঢ়া নজনা নিৰক্ষৰ লোক । তেওঁ গোৱালৰ বৃত্তিৰ সৈতে জড়িত । তেওঁৰ দুটা ল’ৰা-ছোৱালী- ভোকোন্দি আৰু ভুৰ্ভুৰী । তেওঁ পত্নিৰ নাম হৈছে জেতুকী । গোন্ধাইয়ে পিছলৈ পুতেক ভোকেন্দিৰ কথা মতে গন্ধেশ্বৰ বৰুৱাৰ নাম লয় ।

জেতুকীঃ জেতুকী হৈছে নিৰক্ষৰ তিৰোতা । তেখেতৰ স্বামীৰ নাম গোন্ধাই আৰু লৰা-ছোৱালী দুটা – ভোকেন্দি আৰু ভুৰ্ভুৰী পিছলৈ তেওঁ পুতেকৰ কথামতে যতিকেশ্বৰী বৰুৱা নাম গ্ৰহন কৰে ।

ভোকোন্দিঃ ভোকেন্দি হৈছে এজন লিখা-পঢ়া জনা ফোপোলা মানসীকতাৰ এজন যুৱক । তেওঁ উচ্চ শিক্ষাৰ বাবে কলিকটালৈ গৈছিল । তাৰ পাই তেওঁ নিজকে দাঙৰ মানুহ বোলি ভাবিবলৈ ধৰিলে ।তেওঁ নিজৰ নাম ভোকোন্দিৰ পৰা ভোকেন্দ বৰুৱা বোলি সলনি কৰি ললে ।  

১২। কোনে, কাক, কি প্ৰসংগত কৈছিল?

(ক) “ৰাইজে তোৰ মুখত চূণ সানি মূৰত ঘোল ঢালিব চাবি।”

উত্তৰঃ ভোকোন্দিয়ে অলপ পঢ়া শুনা কৰিয়ে নিজকে দাঙৰ মানুহ বুলি ভাবিব ধৰিলে । সি নিজৰ আৰু দেউতাকৰ জীৱনী লিখিম বোলি ভাবি দেউতাকক এখন ফটো বিছাৰি ক’লে যদি ফটো উঠিবলৈ হাতত টকা নাই তেন্তে তেওঁ গাখীৰতী ম’হজনীকে বেছি দিবা আৰু তথাপি যদি টকা কম হয়, তেন্তে আৰু এজনি ম’হ বেচি দিবা । মুঠতে এইকাম অতিজৰুৰী গতিকে জীমান পাৰি সোনকালে ফটোখন পঠাই যাতে । পুতেকৰ এনেধৰণৰ কথা শুনি বাপেকৰ খং উঠি মাকক ক’লে যে আমি গুৰুজনাৰ কৃপাত ম’হ-গৰু দুটামান ৰাখি যেন-তেনে এগাল ভাত খাই আছো, এটিয়া সি তাকো বেছিবলৈ কৈছে । বাপেকৰ মুখত এনে কথা শুনি মাকে ক’লে যে মোৰ বোপাই হাড়-মূৰ ভাঙি পঢ়ি তেজ-পানী কৰি বৰুৱা হৈছে তেনেকৈ এদিন তাক মহাৰাণীয়ে মনচূপ সদাৰমিনো পাতিব । তেনেকৈ কোৱাত বাপেকে খংত ক’লে যে পুতেৰে নচুৱাব খুজিছে আৰু তইয়ো তাৰ তলে তলে নাচিব খুজিছ ।নাচিব খুজিছ নাচ । কিন্তু ৰাইজে তোৰ মুখত চূণ সানি মূৰত ঘোল ঢালিব চাবি ।

(খ) “ আমাৰ কলিকতীয়া ল’ৰাটোৰ পৰা এই চিঠিখন আহিছে আমাৰ তাইক এবাৰ কিপা কৰি চিঠিখন পঢ়ি শুনাই দিয়কচোন।”

উত্তৰঃ পঢ়া-শুনা কৰিবৰ বাবে ভোকোন্দিয়ে কলিকতাত থাকিবলৈ লৈছে । সি তাৰ পৰা মাক-দেউতাকলৈ চিঠি পঠাইছে । চিঠিৰ মাজত দুই-এটা ইমৰাজীয়ো লিখিছে । ভোকোন্দিৰ মাক দেউতাক হৈছে নিৰক্ষৰ লোক । তেওঁ পদুলিতে ৰৈ চিঠখন পঢ়িবৰ বাবে এজন লিখা-পঢ়া মানুহ বিচাৰি আছিল । তেনেকুৱাতে ডাকবাবু বোলা লিখা-পঢ়া জনা ডাকোৱালজন সেইফালেদি পাৰ হৈ যোৱাত ভোকোন্দিৰ বাপেকে মাতি উক্ত কথাষাৰ কলে ।  

(গ) “মোৰ বোপাই ভালে আছে নে? মোৰ বোপাই ভালে আছে বুলি শুনিলেই মোৰ বুকুখন শীতল পৰি যায়।”

উত্তৰঃ ভোকেন্দিয়ে কলিকতাত থাকি পঢ়িবলৈ লৈ মাত-দেউতাকলৈ চিঠি পঠাইছে । চিঠিখন পাই দেউতাক গোন্ধাইয়ে মাক জেতুকীক চিঞৰি চিঞৰি মাতিছে । তেতিয়া জেতুকীয়ে উছাহত মতলীয়া হৈ কলে- “মোৰ বোপাই ভালে আছে নে? মোৰ বোপাই ভালে আছে বুলি শুনিলেই মোৰ বুকুখন শীতল পৰি যায়।”  

(ঘ) “বুজিছো, মোৰ বোপায়ে হাড়-মূৰ ভাঙি দুখকৈ পঢ়িছে দেখি মহাৰাণীয়ে তাক বৰুৱা পাতিছে।”

উত্তৰঃ ভোকোন্দিৰ পৰা পোৱা চিঠিখন পঢ়াই আনি ভোকোন্দিৰ দেউতাকে মাক জেতুকীক কলে যে আমাৰ ভোকোন্দিয়ে হেনু নিজৰ নামটো ভোকোন্দিৰ পৰা ভোকেন্দ্ৰ কৰি ললে । আৰু লগত হেনু বৰুৱা কথাষাৰু যোৰা লগাই ল’ব । তেতিয়া নজনা-নুশুনা মাক জেতুকীয়ে আনন্দত মহাৰাণীয়ে ভোকোন্দিক বৰুৱা পতা বোলি ভাবি উক্ত কথাষাৰ কৈছে ।

(ঙ) “তুমিও আজিৰ পৰা তোমাৰ নামটোৰ উন্নতি বিধান কৰি তাক গোন্ধেশ্বৰ কৰিবা আৰু তাত বৰুৱা কথাষাৰ লগাই দিবা।”

উত্তৰঃ ভোকোন্দিয়ে নিজৰ নামটো সলাই ভোকেন্দ্ৰ কৰি লৈছে । সি নিজকে ,তেতিয়া দাঙৰ মানুহ বোলি ভাবি লৈছিল । সি দেউতাকৰ গোন্ধাই নামতো উন্নতি সাধন কৰি গোন্ধেশ্বৰ কৰি লোৱাৰ কথা ক’বলৈ উক্ত কথাষাৰ কৈছে ।

(ক) ভোকোন্দিৰ অদৃষ্ট সু-প্রসন্ন; গতিকে বুদ্ধিৰ সু বতাহ তেওঁৰ বিদ্যাৰ পালত লাগি, পাল ফুলি উঠি দোপতদোপে স্কুলীয়া জীৱন-নাও আগবাঢ়ি এণ্ট্ৰেচ পৰীক্ষা পাৰ হৈ গ’ল।

উত্তৰঃ

উক্ত কথাষাৰ অষ্টম শ্ৰেণীৰ অসমায়া পাঠ্য়পুথি আপেন পাঠৰ অন্তৰ্গত ভোকেন্দ্ৰ বৰুৱা শীৰ্ষক পাঠতিৰ পৰা তোলি দিয়া হৈছে ।

ভোকোন্দিয়ে কিনেদৰে কলিকতা মেট্ৰ’পলিটান ইনষ্টিটিউটত পঢ়িবলৈ গ’ল তাকে বুজাবলৈ উক্ত কথা ফাকি অৱতাৰণা কৰিছে ।

ভোকোন্দি সৰুৰে পৰা পঢ়া-শুনাত ভাল আছিল । তাকেদেসি দেউতাকে তাক স্কুলত নাম লগাই দিলে । ভালকৈ পঢ়ি-শুনি ভাল ফলাফল দখুৱালে । সি পিছত এণ্ট্ৰেচ পৰীক্ষা দি তাতো ভাল ফলাফল দেখুৱই কলিকতা মেট্ৰ’পলটান ইনষ্টিটিউটত পঢ়িবলৈ সুবিধা পালে ।

(খ) তাৰ হেনো ভোকোন্দি নামটো কিবা অসইভ হৈছিল, সেইদেখি সি সেইটো নাম ঘঁহি-মাজি সইভ কৰিলে।

উত্তৰঃ

উক্ত কথাষাৰ অষ্টম শ্ৰেণীৰ অসমায়া পাঠ্য়পুথি আপেন পাঠৰ অন্তৰ্গত ভোকেন্দ্ৰ বৰুৱা শীৰ্ষক পাঠতিৰ পৰা তোলি দিয়া হৈছে ।

ভোকোন্দি নিজৰ নামতো সলনি কৰি লোৱাৰ কাৰমটো বুজিবলৈ গৈ গোন্ধায়ে জেতুকিক কৈছিল ।

ভোকেন্দি নামতো হেনো বৰ অসভ্য় নাম, এইনামতো লৈ তাক কলেজৰ লৰা বিলাকে জোকাই । সেয়েহে সি তাৰ অসভ্য় ভোকোন্দি নামতো সলনি কৰি ভোকেন্দ্ৰ কৰি ললে । আৰু তাৰ নামৰ পিছত কোনো উপাধি নথকাৰ বাবে সি নিজে ভাবি বৰুৱা উপাধি লৈছে ।

১৪। ভাব বহলাই লিখাঃ

সাত পুৰুষত নহ’ল গাই, কঁৰীয়া লৈ খীৰাবলৈ যায়।

উত্তৰঃ

১৫। বাক্য ৰচনা কৰাঃ

উছাহত উতলাঃ ককায়েকৰ বিয়াৰ খবৰটো পাই ৰীণা উছাহত উতলা হৈ পৰিল।

উখল-মাখলঃ  বিয়া ঠিক হোৱা দিনাৰ পৰাই ৰমেনৰ ঘৰত উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে।

চুপতা-চুপতিঃঘৰতে চুপতা-চুপতি লাগি থকাতকৈ পথাৰলৈ গৈ মাটিখিনিকে অলপ চিকুণাই থাক যা।

হাড়-মূৰ ভাঙঃমেট্ৰিক পৰীক্ষাৰ সময়ত হাড়-মূৰ ভাঙি পঢ়াৰ পিছতো ভাল ফলাফল দেখুৱাব নোৱাৰিলো।

মুখত চূণ সনাঃ  হেনাই তেওঁৰ পুতেকে বাহিৰত থাকি ভাল চাকৰি কৰে বুলি গৰ্ব কৰি ফুৰিছিল, পিছত সি ঘৰলৈ অহাত ৰাইজে গম পাই হেনাৰ মুখত চূণ সানিলে।

ৰাও জোৰাঃ ধুমুহাই ঘৰ-দুৱাৰ উৰুৱাই নিয়া দেখি নীলিমাই ৰাও জুৰি কানিছে।

Type By – Kishor Nath

Author By- Rajashree Bora