অন্তঃস্ৰাৱী গ্ৰন্থি আৰু কৈশোৰ প্ৰাপ্তি | অধ্যায় ১০ | Glands and adolescence | Chapter 10 Question Answer Assam | Class 8 Science2 Notes And Suggestion

অন্তঃস্ৰাৱী গ্ৰন্থি আৰু কৈশোৰ প্ৰাপ্তি

পাঠ ১০

1. শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

a) আমাৰ দেহৰ বিভিন্ন অংগসমূহৰ কাৰ্য্যৰ সমন্বয় কোনে নিয়ন্ত্ৰণ কৰে?

i) স্নায়ুতন্ত্ৰ আৰু পৰিবহন তন্ত্ৰ    ii) স্নায়ুতন্ত্ৰ আৰু অন্তঃস্ৰাৱী তন্ত্ৰ

iii) পৰিবহম তন্ত্ৰ আৰু ৰেচন তন্ত্ৰ    iv) অন্তঃস্ৰাৱী তন্ত্ৰ আৰু পৰিবহন তন্ত্ৰ

উত্তৰঃ স্নায়ুতন্ত্ৰ আৰু অন্তঃস্ৰৱী তন্ত্ৰ।

b) মধুমেহ ৰোগ কোনবিধ হৰম’নৰ কম নিঃসৰণৰ ফলত হয়?

i) ইনচুলিন    ii) এষ্ট্ৰ’জেন    iii) টেষ্ট’ষ্টেৰ’ন    iv) প্ৰ’জেষ্টৰ’ন

উত্তৰঃ ইনচুলিন।

c) পুৰুষৰ গৌণ লৈগিংক চৰিত্ৰবোৰ কোনবিধ হৰম’নৰ প্ৰভাৱত হয়?

i) ইনচুলিন    ii) এড্ৰিনেলিন    iii) এষ্ট্ৰ’জেন    iv) টেষ্ট’ষ্টেৰ’ন

উত্তৰঃ টেষ্ট’ষ্টেৰ’ন।

d) ল’ৰাৰ মাত কৈশোৰ প্ৰাপ্তিৰ ফলত গম্ভীৰ হোৱাৰ কাৰণ হ’ল

i) জিভাৰ আয়তন বৃদ্ধি    ii) হাঁওফাঁও বৰ্দ্ধিত ক্ৰিয়া    iii) মুখ গহ্বৰৰ পৰিসৰ বৃদ্ধি    iv) স্বৰযন্ত্ৰৰ আকাৰ বৃদ্ধি

উত্তৰঃ স্বৰযন্ত্ৰৰ আকাৰ বৃদ্ধি।

e) কিশোৰীসকলে কোন ধৰণৰ খাদ্য বেছিকৈ গ্ৰহণ কৰা উচিত?

i) আইৰন, কেলছিয়াম,জিংক সমৃদ্ধ    ii) পুষ্টিহীন খাদ্য    iii) কাৰ্বহাইড্ৰেট সমৃদ্ধ    iv) তৈলাক্ত

উত্তৰঃ আইৰন, কেলছিয়াম,জিংক সমৃদ্ধ।

2. খালী ঠাই পূৰ কৰাঃ

a) অন্তঃস্ৰাৱী গ্ৰন্থিয়ে হৰ’মন নিঃসৰণ কৰে।

b) বিশ্ব স্বাস্থ্য সংস্থাৰ মতে জীৱনৰ 10 বছৰৰ পৰা 19 বছৰ বয়স কালক কৈশোৰ কাল বোলে।

c) এড্ৰিনেলিন ক জৰুৰী হৰম’ন বোলে।

d) মধুমেহ ৰোগ ইনচুলিন হৰম’নৰ ক্ষৰণৰ অভাৱত হয়।

e) এইডছ ৰোগ HIV নামৰ এবিধ ভাইৰাছৰ সংক্ৰমণৰ ফলত হয়।

3. অগ্ন্যাশয়ক কিয় মিশ্ৰ গ্ৰন্থি বোলা হয়?

উত্তৰঃ অগ্নাশয়ৰ প্ৰধান অংশটোৰ পৰা উৎসেচকপূৰ্ণ অগ্নাশয় ৰস ক্ষৰণ কৰে। অগ্নাশয় ৰস অগ্নাশয় নলীৰে ক্ষুদ্ৰান্ত্ৰৰ ডিঅ’ডেনাম অশলৈ যায়। গতিকে অগ্নাশয় এবিধ বহিঃস্ৰাৱী গ্ৰন্থি। আকৌ বহিঃস্ৰাৱী অংশৰ মাজে মাজে এক বিশেষ ধৰণৰ কোষপুঞ্জ থাকে। এই কোষপুঞ্জই হৰম’ন নিঃসৰণ কৰে। এই দ্বীপপুঞ্জ হ’ল অগ্নাশয়ৰ অন্তঃস্ৰাৱী অংশ। সেয়েহে অগ্ন্য়াশয় এবিধ মিশ্ৰ গ্ৰন্থি বুলি কোৱা হয়।

4. বহিঃস্ৰাৱী আৰু অন্তঃস্ৰাৱী গ্ৰন্থিৰ পাৰ্থক্য লিখা।

উত্তৰঃ বহিঃস্ৰাৱী আৰু অন্তঃস্ৰাৱী গ্ৰন্থিৰ পাৰ্থক্য হৈছে 一

বহিঃস্ৰাৱী গ্ৰন্থিঅন্তঃস্ৰাৱী গ্ৰন্থি
ই নলীযুক্ত।ই নলীবিহীন।
ইহঁতৰ ক্ষৰণ বিভিন্ন ধৰণৰ হ’ব পাৰে।ইহঁতৰ ক্ষৰণ হ’ল হৰম’ন।
ইয়াৰ ক্ষৰণ নলীৰ দ্বাৰা নিৰ্দিষ্ট স্থানলৈ যায়।ইয়াৰ ক্ষৰণ তেজৰ দ্বাৰা লক্ষ্য়স্থানলৈ যায়।

5. পুৰুষ আৰু মহিলাৰ গৌন যৌন চৰিত্ৰসমূহ উল্লেখ কৰা।

উত্তৰঃ পুৰুষ আৰু মহিলাৰ গৌণ যৌন  চৰিত্ৰসমূহ হৈছে –

১) যৌনাংগৰ বিকাশ আৰু পূৰ্ণতা প্ৰাপ্তিঃ ছোৱালীৰ ডিম্বাশয় পৰিপক্ক হয় আৰু ডিম্বানু নিঃসৰণ হয়। একে ধৰণে ল’ৰাৰ লিংগ আৰু শুক্ৰাশয়ৰ বিকাশ সম্পূন্ন হয় আৰু শুক্ৰানুৰ সৃষ্টি আৰম্ভ হয়।

২) উচ্চতা আৰু ওজন বৃদ্ধিঃ যৌৱনাৰম্ভত দ্ৰুত গতিত উচ্চতা আৰু দেহৰ ওজন বৃদ্ধি পায়।এই কালত হাত আৰু ভৰিৰ দীঘল হাড়বোৰ বৃদ্ধি পায়।

৩) দেহৰ আকৃতি পৰিৰ্ৱতনঃ ল’ৰাৰ কান্ধ পেশীময় আৰু বুকু বহল আৰু ডাঙৰ হয়। ছোৱালীৰ ক্ষেত্ৰত শ্ৰোণি বহল হয়।

৪) দৈহিক নোমৰ বিকাশঃ যৌৱনাৰম্ভত কাষলতিত, হাত, ভৰিত নোমৰ আৰু যৌনাংগৰ কাষত গুপ্তকেশৰ গজে।

৫) মাতৰ পৰিৱৰ্তনঃ কৈশোৰত উপনীত হোৱাত মাতৰ লক্ষণীয় পৰিৱৰ্তন হয়। এই পৰিৱৰ্তনত স্বৰযন্ত্ৰৰ আকাৰ বৃদ্ধিৰ বাবে হয়।

৬) গৌণ লৈংগিক চৰিত্ৰৰ বিকাশঃ কৈশোৰ পাপ্তিৰ লগে লগে গৌণ লৈংগিক চৰিত্ৰবোৰ প্ৰকাশ পায়। পুৰুষৰ ক্ষেত্ৰত দাড়ি, গোঁফ, বুকুৰ নোম গজে। মহিলাৰ ক্ষেত্ৰত স্তনৰ বিকাশ হয়।

৭) ঘৰ্ম গন্থি আৰু তৈল গন্থিৰ বৰ্দ্ধিত কাৰ্য্য়ঃ যৌৱনাৰম্ভত ঘৰ্ম গন্থি আৰু তৈল গন্থি অতি সক্ৰিয় হৈ পৰে। তৈল গন্থিৰ অধিক সক্ৰিয়তাৰ বাবে কিশোৰ-কিশোৰীৰ মুখমণ্ডলত ব্ৰ’ন ওলায়।

৮) মানসিক, আবেগিক আৰু বৌদ্ধিক বিকাশঃ কৈশোৰ কালত মস্তিকৰ বৃদ্ধি আৰু বিকাশ খৰতকীয়া হয়। ইয়াৰ ফলত বৌদ্ধিক বিকাশ, জ্ঞানৰ পৰিধি আৰু অনুসন্ধিৎসা বৃদ্ধি পায়।

6. আকৰ্ষণীয় কিন্তু পুষ্টিহীন খাদ্য কিয় পৰিহাৰ কৰা উচিত ব্যাখ্যা কৰা।

উত্তৰঃ আকৰ্ষণীয় কিন্তু পুষ্টিহীন খাদ্য় পৰিহাৰ কৰিব লাগে। কাৰণ এইবোৰ খাদ্য় সুস্বাদু হ’লেও, এইবোৰত পুষ্টিৰ এক বা একাধিক উপাদান নাথাকে। ছোৱালীবোৰে এইটো সময়ত ঋতুস্ৰাৱ হয় বাবে, তেওঁলোকে আইৰন, কেলছিয়াম আৰু জিংক সমৃদ্ধ খাদ্য় গ্ৰহণ কৰা উচিত।

7. কিশোৰ-কিশোৰীৰ পূৰ্ণতা প্ৰাপ্তিৰ পিছত সম্ভাৱ্য উচ্চতা কেনেকৈ নিৰ্ণয় কৰিব পাৰি?

উত্তৰঃ কিশোৰ-কিশোৰীৰপূৰ্ণতা প্ৰাপ্তিৰ পিছত সম্ভাব্য় উচ্চতা, উচ্চতাৰ শতাংশৰ পৰা নিৰ্ণয় কৰিব পাৰি।

পূৰ্ণতা প্ৰাপ্তিৰ পিছত সম্ভাব্য় উচ্চতা = 

8. কৈশোৰ কালত হোৱা পৰিৱৰ্তনসমূহৰ বিৱৰণ দিয়া।

উত্তৰঃ কৈশোৰ কালত হোৱা পৰিবৰ্তনসমূহ হৈছে 一 

(i) যৌনাংগৰ বিকাশ আৰু পূৰ্ণতা প্ৰাপ্তিঃ ছোৱালীৰ ডিম্বাশয় পৰিপক্ক হয় আৰু ডিম্বাণু নিঃসৰণ আৰম্ভ হয়। একে ধৰণে ল’ৰাৰ লিংগ আৰু শুক্ৰাশয়ৰ বিকাশ সম্পূৰ্ণ হয় আৰু শুক্ৰাণৰ সৃষ্টি আৰম্ভ হয়।

(ii) উচ্চতা আৰু ওজন বৃদ্ধিঃ য়ৌৱনাৰম্ভত দ্ৰুত গতিত উচ্চতা আৰু দেহৰ ওজন বৃদ্ধি পায়। এই কালত হাত আৰু ভৰিৰ দীঘল হাড়বোৰ বৃদ্ধি পায়। প্ৰাথমিক অৱস্থাত ছোৱালীৰ উচ্চতা বৃদ্ধি ল’ৰাতকৈ বেছি হয়। কিন্তু উভয়ে 18 বছৰ মান বয়সতদৈহিক উচ্চতাৰ সৰ্বাধিক সীমা পায়গৈ।

(iii) দেহৰ আকৃতিৰ পৰিৱৰ্তনঃ ল’ৰাৰ কান্ধ পেশীময় আৰু বুকু বহল আৰু ডাঙৰ হয়। ছোৱালীৰ ক্ষেত্ৰত শ্ৰোণি বহল হয়।

(iv) দৈহিক নোমৰ বিকাশঃ যৌবনাৰম্ভত কাষলতিত, হাত, ভৰিত নোম আৰু যৌনাংগৰ কাষত গুপ্তকেশৰ গজে। ইয়াৰ উপৰি ল’ৰাৰ গোঁফ আৰু দাড়িৰ বিকাশ আৰম্ভ হয়।

(v) মাতৰ পৰিৱৰ্তনঃ কৈশোৰত উপনীত হোৱাত মাতৰ লক্ষনীয় পৰিৱৰ্তন হয়। এই পৰিৱৰ্তন স্বৰযন্ত্ৰৰ আকাৰ বৃদ্ধিৰ বাবে হয়। ল’ৰাৰ স্বৰযন্ত্ৰৰ বৃদ্ধি বেছি হয়। ল’ৰাৰ স্ৰযন্ত্ৰ বৃদ্ধিপ্ৰাপ্ত হৈ গ্ৰীবা অঞ্চলত বাহিৰলৈ, টেমুনাৰ নিচিনা ওলাই আহে।

(vi) গৌণ লৈংগিক চৰিত্ৰৰ বিকাশঃ যৌনাংগৰ উপস্থিতিৰ বাহিৰে যিবোৰ লক্ষণৰে ল’ৰা-ছোৱালী পাৰ্থক্য় কৰিব পাৰি, সেইবোৰক লৈংগিক চৰিত্ৰ বোলে। কৈশোৰ প্ৰাপ্তিৰ লগে লগে গৌণ লৈমগিক চৰিত্ৰবোৰ প্ৰকাশ পায়। পুৰুষৰ ক্ষেত্ৰত দাড়ি, গোঁফ, বুকুৰ নোম গজে। মহিলাৰ ক্ষেত্ৰত স্তনৰ বিকাশ হয়।

(vii) ঘৰ্ম গ্ৰন্থি আৰু তৈল গ্ৰন্থৰ বৰ্দ্ধিত কাৰ্য্যঃ যৌৱনাৰম্ভত ঘৰ্ম গ্ৰন্থি আৰু তৈল গ্ৰন্থি অতি সক্ৰিয় হৈ পৰে। তৈলগ্ৰন্থিৰ অধিক সক্ৰিয়তাৰ বাবে কিশোৰ-কিশোৰীৰ মুখমণ্ডলত ব্ৰ’ন বা শালমন ওলায়।

(viii) মানসিক, আৱেগিক আৰু বৌদ্ধিক বিকাশঃ কৈশোৰ কালত মস্তিষ্কৰ বৃদ্ধি আৰু বিকাশ খৰতকীয়া হয়। ইয়াৰ ফলত বৌদ্ধিক বিকাশ, জ্ঞানৰ পৰিধি আৰু অনুসন্ধিৎসা বৃদ্ধি হয়। চিন্তা শক্তিৰ বিকাশ আৰু যুক্তিবাদী মন গঠন হয়। একে সময়তে নিজস্বতা আৰু স্বকীয় বিবেচনা গঢ় লৈ উঠে।

9. মানুহৰ প্ৰধান অন্তঃস্ৰাৱী গ্ৰন্থিসমূহ কাৰ্য্যৰ সৈতে বৰ্ণনা কৰা।

উত্তৰঃ মানুহৰ প্ৰধান অন্তঃস্ৰাৱী গ্ৰন্থিসমূহ হৈছে 一 

পিটুইটেৰী গ্ৰন্থিঃ এই গ্ৰন্থি আকাৰত এটি মটৰ গুটিৰ সমান। ই মস্তিষ্কৰ অঙ্কীয় ভাগত অৱস্থিত। পিটুইটেৰীয়ে দেহৰ বৃদ্ধি আৰু আন অন্তঃস্ৰাৱী গ্ৰন্থিৰ ক্ষৰণ আৰু ক্ৰিয়া নিয়ন্ত্ৰণ কৰে।সেয়ে ইয়াক মাষ্টাৰ গ্ৰন্থি বোলে।

থাইৰয়ড গ্ৰন্থিঃ ই মানুহৰ আটাইতকৈ ডাঙৰ অন্তঃস্ৰাৱী গ্ৰন্থি। ই গ্ৰীবাৰ সন্মুখ ভাগত, শ্বাসনলীৰ ওপৰত অৱস্থিত। থাইৰয়ড গ্ৰন্থিৰ হৰম’নে সাধাৰণ বিপাক আৰু বৃদ্ধি নিয়ন্ত্ৰণ কৰে।

অধিবৃক্ক গ্ৰন্থিঃ এই অন্তঃস্ৰাৱী গ্ৰন্থি টুপীৰ দৰে বৃক্কৰ ওপৰত অৱস্থিত। এই গ্ৰন্থিৰ হৰম’নসমূহে বিপাকীয় ক্ৰিয়া নিয়ন্ত্ৰণ কৰে। ইয়াৰ উপৰি এই গ্ৰন্থিৰ পৰা ক্ষৰণ হোৱা এড্ৰিনেলিন নামৰ হৰম’নে আকস্মিক প্ৰতিকূল অৱস্থাত দেহক যুঁজ দিবলৈ সক্ষমতা প্ৰদান কৰে। সেয়ে এড্ৰিনেলিন হৰম’নক জৰুৰী হৰম’ন বুলি কোৱা হয়। খং, উত্তেজনা আদি এই হৰম’নৰ প্ৰভাৱত হয়।

জনন গ্ৰন্থিঃ পুৰুষৰ শুক্ৰাশয় আৰু স্ত্ৰীৰ ডিম্বাশয় হ’ল জনন গ্ৰন্থি। উভয় জনন গ্ৰন্থিয়ে জননকোষ শুক্ৰাণু আৰু ডিম্বাণু সৃষ্টি কৰাৰ উপৰিও বিভিন্ন হৰম’ন নিঃসৰণ কৰে।

10. কৈশোৰপ্ৰাপ্তিত হৰম’নৰ প্ৰভাৱৰ বিষয়ে বহলাই লিখা।

উত্তৰঃ যৌৱনাৰম্ভত তাৎপৰ্যপূৰ্ণ পৰিৱৰ্তনসমূহ যেনে – প্ৰজনন ক্ষমতা লাভ, শাৰীৰিক বৃদ্ধি, মানসিক বিকাশ আদি হৰম’নৰ প্ৰভাৱত হয়। যৌৱনাৰম্ভত পিটুইটাৰী গ্ৰন্থিৰ হৰম’নৰ প্ৰভাৱত দেহৰ আন আন অন্তঃস্ৰাৱী গ্ৰন্থিবোৰ সক্ৰিয় হৈ পৰে। জনন অংগ, শুক্ৰাশয় আৰু ডিম্বাশয়, পিটুইটাৰী হৰম’নৰ প্ৰভাৱত পূৰ্ণতা প্ৰাপ্ত হয় আৰু নিজা হৰম’ন নিঃসৰণ কৰে। গৌণ লৈংগিক চৰিত্ৰবোৰ যৌন হৰম’ন, টেষ্ট’ষ্টেৰণ শুক্ৰাশয়ৰ পৰা আৰু এষ্ট্ৰ’জেন ডিম্বাশয়ৰ পৰা নিঃসৰণৰ ফলত উদ্ভৱ হয়। যৌন হৰম’নেকৈশোৰ অৱস্থাত মনৰ ভাৱ, আৱেগ, মনৰ উদ্বেগ প্ৰবৃতি আদি নিয়ন্ত্ৰণ কৰে।

    কৈশোৰ প্ৰাপ্তিৰ প্ৰধান লক্ষণ হ’ল প্ৰজনন কৰিব পৰা ক্ষমতা লাভ কৰা। পুৰুষৰ শুক্ৰাণু উৎপাদন টেষ্ট’টেৰণ হৰম’নৰ প্ৰভাৱত হয়। ছোৱালীও এষ্ট্ৰ’জেন আৰু প্ৰজেষ্ট্ৰ’জেন হৰম’নৰ প্ৰভাৱত ডিম্বাণু নিঃসৰণ, ভ্ৰূণৰ প্ৰতিস্থাপন আৰু নিয়ন্ত্ৰণ আদি কাৰ্য্য় সম্পাদন কৰে।

11. নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ এইবোৰ দ্ৰব্য় শৰীৰৰ বাবে অতি হানিকৰ। ইয়াৰ উপৰিও সুৰা, চিগাৰেট, গুটকা, পান মচলা আদিৰ ব্য়ৱহাৰ স্বাস্থ্য়ৰ বাবে ক্ষতিকাৰক। এই সকলো দ্ৰব্য়ৰ নিয়মিত ব্য়ৱহাৰে নিচাত পৰিণত হয়। সেয়েহে নিচাযুক্ত আটাইবোৰ দ্ৰব্ বিশেষকৈ ড্ৰাগছৰ পৰা আঁতৰি থাকিব লাগে।

– Hiru Moni Bora