প্ৰাণীৰ প্ৰজনন | অধ্যায় ৯ | Reproduction In Animals | Chapter 9 | Class 8 Question Answer Assam | Class 8 Science 2 Notes And Suggestion

প্ৰাণীৰ প্ৰজনন

পাঠ ৯

1) শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

i) অযৌন প্ৰজননত অপত্য প্ৰাণীৰ সৃষ্টি হয় 一

a) যোজনকোষৰ পৰা     b) ডিম্বাণুৰ পৰা     c) দেহকোষৰ পৰা    d) জননকোষৰ পৰা

উত্তৰঃ দেহকোষৰ পৰা।

ii) শুক্ৰাণু আৰু ডিম্বাণুৰ মিলনত

a) যোজনকোষৰ সৃষ্টি হয়    b) জননকোষৰ সৃষ্টি হয়    c) মুকুলৰ সৃষ্টি হয়    d) ক্ল’ন সন্ততি প্ৰাণীৰ সৃষ্টি হয়

উত্তৰঃ যোজনকোষৰ সৃষ্টি হয়।

iii) মুকুলোদগ্মৰে তলত দিয়া কোন প্ৰাণীৰ প্ৰজনন কৰে?

a) এমিবা    b) কেঁচু    c) জেঠী    d) হাইড্ৰা

উত্তৰঃ হাইড্ৰা।

iv) এটা কোষেৰে গঠিত স্ত্ৰীজনন একক হ’ল-

a) শুক্ৰাণু    b) ডিম্বাণু    c) যোজনকোষ    d) মুকুল

উত্তৰঃ ডিম্বাণু।

v) তলত দিয়া কোন প্ৰাণীত বহিঃনিষেচন হয়?

a) ভেকুলী    b) সাপ    c) কাছ    d) এন্দুৰ

উত্তৰঃ ভেকুলী।

2. খালী ঠাই পূৰ কৰাঃ

a) অযৌন প্ৰজনন একজনকীয়।

b) ভিন্নতা যৌন প্ৰজননৰ দ্বাৰা উপলব্ধ হয়।

c) অন্তঃনিষেচন স্ত্ৰী দেহৰ অভ্যন্তৰত হয়।

d) ৰূপান্তৰ বিভিন্ন পতংগত দেখা যায়।

e) মানুহৰ ভ্ৰূণ মাতৃদেহ ত বিকশিত হয়।

3. তলত দিয়া বাক্যবোৰ শুদ্ধ নে ভুল উল্লেখ কৰাঃ 

a) ডাক বিলড্ প্লেটিপাছ জৰায়ুজ প্ৰাণী।

উত্তৰঃ ভুল।

b) কুকুৰাত অন্তঃনিষেচন হয়।

উত্তৰঃ শুদ্ধ।

c) এমিবা বিভাজনৰে প্ৰজনন কৰে।

উত্তৰঃ শুদ্ধ।

d) শুক্ৰাণুৰ লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’মে সন্তানৰ লিংগ নিৰ্ধাৰণ কৰে।

উত্তৰঃ শুদ্ধ।

e) মেকুৰী ডিম্বজ প্ৰাণীৰ উদাহৰণ।

উত্তৰঃ ভুল।

4. এটা বাক্যত উত্তৰ লিখাঃ

a) ভেকুলীৰ ৰূপান্তৰিত অপৈণত পলুক কি বোলে?

উত্তৰঃ ভেকুলীৰ অপৈণত পলুক লালুকী বোলে।

b) পিতৃ চৰিত্ৰ বহনকাৰী জনন এককটো কি?

উত্তৰঃ পিতৃ চৰিত্ৰ বহনকাৰী জনন এককটো হৈছে শুক্ৰাণু।

c) স্ত্ৰীজনন কোষ উৎপাদনকাৰী অংগটোৰ নাম কি?

উত্তৰঃ স্ত্ৰীজনন কোষ উৎপাদনকাৰী অংগটোৰ নাম ডিম্বাশয়।

d) মানুহৰ লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’মবোৰ কি?

উত্তৰঃ মানুহৰ লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’মবোৰ হৈছে X আৰু Y।

5. উত্তৰ লিখাঃ

a) পৰীক্ষানলীত শিশু সৃষ্টি কৰা প্ৰক্ৰিয়াটো লিখা।

উত্তৰঃ এই প্ৰক্ৰিয়াত নাৰীৰ ডিম্বাশয়ৰ পৰা এটা পৈণত ডিম্ব সংগ্ৰহ কৰা হয়। এই ডিম্ব দেহৰ বাহিৰত কৰ্ষণ মাধ্য়মত শুক্ৰাণুৰে নিষেচন কৰোৱা হয়।এই গোটেই প্ৰক্ৰিয়াটো দেহৰ বাহিৰত হয় বুলি ইয়াক বহিঃস্থিত নিষেচন বা ইন ভিট্ৰো নিষেচন বোলে। পিছত ভ্ৰূণটো জৰায়ুত সংস্থাপন কৰা হয়। সংস্থাপিত ভ্ৰূণ জৰায়ুত বৃদ্ধি আৰু বিকাশেৰে আন শিশুৰ দৰে জন্ম লাভ কৰে। এই কৌশলত কোন সময়ত ভ্ৰূণৰ সৃষ্টি বা বিকাশ পৰীক্ষানলীত হয়। কিন্তু ই প্ৰচলিতভাৱে পৰীক্ষানলী বুলি জনাজাত।

b) মানুহৰ স্ত্ৰী জনন তন্ত্ৰৰ বিভিন্ন অংগসমূহৰ নাম লিখা।

উত্তৰঃ মানুহৰ স্ত্ৰীজনন অংগসমূহৰ নাম হৈছে 一 এযোৰ ডিম্বাশয়, এযোৰ ডিম্বনলী বা ফেল’পিয়াল নলী, জৰায়ু আৰু যোনি।

c) অযৌন আৰু যৌন প্ৰজননৰ পাৰ্থক্য লিখা।

উত্তৰঃ অযৌন আৰু যৌন প্ৰজননৰ পাৰ্থক্য হৈছে 一

(১) অযৌন প্ৰজননত কোনোধৰণৰ জননকোষৰ সৃষ্টি নহয় আনহাতে যৌন প্ৰজননত পুং আৰু স্ত্ৰী জননকোষ যথাক্ৰমে শুক্ৰাশয় আৰু ডিম্বাশয় সৃষ্টি হয়।

(২) অযৌন প্ৰজনন একজনকীয় প্ৰজনন আনহাতে যৌন প্ৰজনন দ্বিজনকীয় প্ৰজনন।

(৩) অযৌন প্ৰজননত দেহকোষৰ পৰা সন্ততি প্ৰণীৰ সৃষ্টি হয় আনহাতে পুং আৰু স্ত্ৰী জননকোষৰ মিলনক সন্ততি প্ৰাণীৰ সৃষ্টি হয়।

d) নিষেচন প্ৰক্ৰিয়া বৰ্ণনা কৰা।

উত্তৰঃ শুক্ৰাণু পুচ্ছৰ সহায়ত দ্ৰুতগতিত সাঁতুৰি ডিম্বনলীত উপনীত হয়। ইয়াতে শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন ঘটে। ইয়াকে নিষেচন বোলে। নিষেচনৰ সময়ত শুক্ৰাণুৰ কোষকেন্দৰ ডিম্বাণু সোমাই পৰে। পিছত দুটা কোষকেন্দ্ৰৰ মিলন হৈ এটা যোজনকোষ বা নিষিক্ত কণীৰ সৃষ্টি হয়।

6. বিৱৰণ দি উত্তৰ লিখাঃ

a) মানুহৰ ভ্ৰূণ বিকাশ কেনেকৈ হয় লিখা।

উত্তৰঃ নিষেচিত ডিম্ব বাৰে বাৰে বিভাজিত হৈ এটা কোশপিণ্ড গঠন কৰে। এই কোষপিণ্ডটো ডিম্বনলীৰে আহি জৰায়ুত উপস্থিত হয়। প্ৰায় ৪ সপ্তাহত কোষপিণ্ডটো ৰায়ুৰ বেৰত সংস্থাপিত হয়। প্ৰতিষ্ঠাপিত কোষপিণ্ডটোক এতিয়া ভ্ৰূণ বোলে। এই সময়ৰ পৰা ভ্ৰূণটোৱে পোনে পোনে জনন ফুলৰ দ্বাৰা খাদ্য় সংগ্ৰহ কৰি বৃদ্ধি আৰু বিকশিত হয়। পৰ্যায়ক্ৰমে ইয়াৰ বিভিন্ন বহিঃ আৰু অন্তঃ অংগবোৰ যেনে, হাত, ভৰি, মূৰ, হৃদযন্ত্ৰ, চকু আদি গঠন হয়।

b) লিংগ নিৰ্ধাৰণ সম্বন্ধে চমুকৈ লিখা।

উত্তৰঃ মানুহৰ কোষত 23 যোৰ ক্ৰম’জ’ম থাকে। প্ৰতিযোৰৰ এডাল ক্ৰম’জ’মহে জননকোষত অৱস্থান কৰে। প্ৰতিটো ডিম্বাণুৰ লিংগ নিৰ্ণায়ক ক্ৰম’জ’মৰ ফালৰ পৰা ডিম্বাণুবোৰ অনুৰূপ। কিন্তু শুক্ৰাণুত X নাইবা Y লিংগ নিৰ্ণায়ক ক্ৰম’জ’ম থাকে। শুক্ৰাণু, লিংগ ক্ৰম’জ’মৰ ভিত্তিত দুই প্ৰকাৰৰ হয়। X বহনকাৰী আৰু Y বহনকাৰী। শিশুৰ লিংগ নিষেচনৰ সময়তে শুক্ৰাণুৰ দ্বাৰা নিৰ্ধাৰিত হয়। যদি X বহনকাৰী শুক্ৰাণুৱে ডিম্বাণু নিষেচন কৰে, তেনেহ’লে শিশু স্ত্ৰীলিংগৰ হয়। কাৰণ শিশুৰ লিংগ ক্ৰম’জ’মযোৰ XX হ’ব। Y বহনকাৰী শুক্ৰাণু নিষেচনত অংশগ্ৰহণ কৰিলে শিশুটো পুৰুষ হ’ব। কিয়নো শিশুটোৰ লিংগ ক্ৰম’জ’মযোৰ হ’ব XY।

c) ৰূপান্তৰ কি? উদাহৰণৰ সৈতে ব্যাখ্যা কৰা।

উত্তৰঃ কিছুমান প্ৰাণীত কণী ফুটি পলু বা লাৰ্ভা ওলায়। এই লাৰ্ভা দৈহিক আৰু শৰীৰতত্বৰ  আমূল পৰিবৰ্তনেৰে পূৰ্ণাঙ্গ অৱস্থা পায়। লাৰ্ভা আৰু পূৰ্ণাঙ্গ দেখাত সম্পূৰ্ণ বেলেগ হয়। এই পৰিবৰ্তনকে ৰূপান্তৰ বোলে। ৰেচম পলুৰ জীৱন চক্ৰত চাৰিটা পৰ্যায় থাকে 一 কণী, পলু, লেটা, চকৰী বা মথ। ইয়াৰ পলু বা লাৰ্ভাটে কৃমিৰ দৰে দেখাত হয় আৰু পূৰ্ণাঙ্গ  হ’ল চকৰী বা মথ। মথ, পখিলা আৰু বিভিন্ন পতঙ্গত ৰূপান্তৰ হয়।

– Dikha Bora